ভাৰতত ইংৰাজৰ শাসন ( বংগদেশত )
অধ্যায় – ৬
১। একোটিকৈ বাক্যত উত্তৰ লিখা :
ক. পলাচী যুদ্ধ কোন চনত হৈছিল ?
উত্তৰঃ পলাচী যুদ্ধ ১৭৫৭ চনত হৈছিল।
খ. পলাচী যুদ্ধত বংগৰ কোনজন নবাব পৰাস্ত হৈছিল?
উত্তৰঃ চিৰাজউদ্দৌলা।
( গ ) বক্সাৰ যুদ্ধত সন্মিলিত বাহিনীত কোন কোন ৰজা আছিল ?
উত্তৰঃ বংগৰ নবাব মীৰকাচিম, অযোধ্যাৰ নবাব চুজাউদ্দৌলা আৰু মোগল সাম্ৰাজ্যৰ ৰজা দ্বিতীয় ছাহ আলম।
ঘ. বংগদেশত দ্বৈত শাসন কোনে প্ৰৱৰ্তন কৰিছিল ?
উত্তৰঃ বংগদেশত দ্বৈত শাসন ক্লাইৱে প্ৰৱৰ্তন কৰিছিল।
ঙ. কোনখন যুদ্ধৰ পিছত বংগদেশত ইংৰাজৰ আধিপত্য স্থায়ী হৈছিল ?
উত্তৰঃ ব্ৰক্সাৰ যুদ্ধৰ পিছত বংগদেশত ইংৰাজৰ অধিপত্য স্থায়ী হৈছিল।
২. চমু উত্তৰ লিখা :
( ক ) ক্লাইৱৰ দ্বৈত শাসন মানে কি বুজা ?
উত্তৰঃ দুতৰপীয়া শাসন ব্যৱস্থাই হ’ল দ্বৈত শাসন। এই শাসন ব্যৱস্থা প্ৱৰ্তন কৰিছিল ক্লাইৱে।
খ. ভাৰতীয় ইতিহাসলৈ বক্সাৰ যুদ্ধৰ যি কোনাে দুটা গুৰুত্ব উল্লেখ কৰাঁ ।
উত্তৰঃ ভাৰতীয় ইতিহাসলৈ ব্ৰক্ৰাৰ যুদ্ধৰ যিকোনো দুটা গুৰুত্ব হ’ল-
(i) ব্ৰক্সাৰ যুদ্ধত সন্মিলিত শক্তি পৰাজয় ঘটিছিল।
(ii) ব্ৰক্সাৰ যুদ্ধত সামৰিক বাহিনীৰ দৰে সামৰিক বাহিনীত ষড়যন্ত্ৰ বা বিশ্বাসঘাটকতা হোৱা নাছিল।
গ ) পলাচী যুদ্ধত যুদ্ধ কৰা সেনাপতি দুজনৰ নাম কি আছিল ?
উত্তৰঃপলাচী যুদ্ধত যুদ্ধ কাৰ সেনাপতি দুজনৰ নাম হ’ল-
(i) সেনাপতি মিৰজাফৰ আৰু
(ii) ঘাচিতি বেগম।
৩. চমু টোকা লিখা :
(ক) মীৰজাফৰঃ মিৰদাফৰে ১৭৫৭ খ্ৰি.ৰ পৰা ১৭৬০ খ্ৰি.ৰ লৈ ইংৰাজৰ হাতৰ পুতলা নবাব হিচাপে কাৰ্যনিৰ্বাহ কৰে।ইংৰাজক কৰ দিব নোৱাৰি তেওঁ ইংৰাজৰো অপ্ৰিয়ভাজন হয়। ১৭৬০ খ্ৰি.ত ক্লাইৱ নিজদেশলৈ ঘূৰি যোৱাৰ লগে লগে মীৰজাফৰক পদচ্যুত কৰি জোঁৱায়েক মীৰতকাচিমক বংগৰ নবাব পাতে।
( খ )মীৰকাচিমঃ মীৰকাচিম আছিল স্বাধীনচিতীয়া মনোবৃত্তিৰ ব্যক্তি।মাৰকাচিমে লাহে লাহে ইংৰাজৰ কবলৰ পৰা মুক্ত হ’বলৈ চেষ্টা কৰিছিল।তেওঁ ৰাজধানী মুৰ্চিদাবাদৰ পৰা মংগেৰলৈ তুলি নিয়ে আৰু ৰাজধানী চহৰ মংগেৰ সুৰক্ষিত কৰে।
( গ ) চিৰাজউদ্দৌলাঃ চিৰীজদৌল্লা ১৭৫৬ খ্ৰি.ত নংগৰ নবাব হয়।তেওমৰ পুত্ৰীৰ নাম আছিল ঘাচিতি বেগম।আৰু পুত্ৰৰ নাম আছিল চৌক্যজঙে।চিৰীজউদ্দোল্লা পাটনাৰ বাসিন্দা আছিল।
৪. উত্তৰ লিখা :
ক. পলাচী যুদ্ধৰ কাৰণ আৰু ফলাফল বর্ণনা কৰাঁ ।
উত্তৰঃ পলাচী যুদ্ধৰ কাৰণ হ’ল- চিৰাজজউদ্দৌল্লা নবাব হোৱাত বংগৰ সকলো বিষয়া কৰ্মচাৰী সন্ত্তষ্ট হোৱা নাছিল।এই বিষয়াবিলাক একেলগে হৈ নবাবৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ ধৰিবলৈ।লগতে হাট উজান দিলে ইংৰাজ গৱৰ্ণৰ ৰবাৰ্ট ক্লাইৱে।
খ ) বংগদেশত ইংৰাজৰ আধিপত্য স্থাপনত ৰ’বার্ট ক্লাইৱৰ অৱদানৰ বিষয়ে চমুকৈ লিখা ।
উওৰ :- চেন্নাইৰ গৱৰ্ণৰ ৰবাৰ্ট ক্লাইব আৰু চাৰ্লছ ৱাটছনৰ নেতৃত্বত এদল সৈন্য বাহিনীয়ে নবাবৰ পৰা পুনৰ ফ’ৰ্ট উইলিয়াম দুৰ্গ অধিকাৰ কৰে। ৰবাৰ্ট ক্লাই বু আৰু চিৰাজউদ্দৌলাৰ মাজত ১৭৫৭ খ্ৰীঃত অনিল নগৰত এক সন্ধি হয়। সন্ধিৰ চৰ্তমতে চিৰাজউদ্দৌলাই ব্ৰিটিছে ভোগ কৰি অহা সুবিধাবোৰ পুনৰ প্ৰদান কৰে। কিন্তু ৰবাৰ্ট ক্লাইবে চিৰাজউদ্দৌলাৰ পৰা ভৱিষ্যতে বিপদ হ’ব বুলি ভাবি নতুন নবাব পতাৰ চক্ৰান্ত কৰে। ৰবাৰ্ট ক্লাইবে মীৰজফৰৰ লগত গোপন বুজাবুজিও কৰে।ৰবাৰ্ট ক্লাইবে চুক্তি ভংগৰ অজুহাত দেখুৱাই ১৭৫৭ খ্ৰীঃত নবাবৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। পলাচী নামে ঠাইত দুয়োপক্ষৰ মাজত যুদ্ধ হয়। যুদ্ধত চিৰাজউদ্দৌলাৰ মুখ্য সেনাপতি মীরজাফৰে বিশ্বাসঘাতকতা কৰা বাবে চিৰাজউদ্দৌলাই যুদ্ধত পৰাজয়বৰণ কৰে। ৰবাৰ্ট ক্লাইবে নিজৰ সুবিধাৰ বাবে নিজৰ হাতৰ পুতলা মীৰ্জাফৰক বংগৰ নবাব পাতে। লগে লগে ৰবাৰ্ট ক্লাইবে বংগদেশত ইংৰাজৰ প্রতিপত্তি নিগাজী কৰে।ৰবাৰ্ট ক্লাইবৰ বুদ্ধিমত্তাৰ ফলতে ইংৰাজে বংগত ৰাজনৈতিক হস্তক্ষেপ কৰিবলৈ সমৰ্থ হৈছিল আৰু নিজৰ সুবিধা মতে নবাব ভঙা পতা কৰিছিল।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post