AJB Class 6 Assamese Chapter 15 পুতলা নাচ

পুতলা নাচ

পাঠঃ পোন্ধৰ

ক্ৰিয়া-কলাপ

◯ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ

উত্ৰাৱল = কি কৰোঁ কি নকৰোঁ অৱস্থ

আগভাগ = প্ৰথম বা শ্ৰেষ্ঠ ভাগ; কোনো কামত প্ৰথমে আগ বাঢ়ি যোৱা

একান্তমনে = আন কোনো ফালে মন নকৰাকৈ; একমনে

মুখিয়াল = মুৰব্বী

বিশাৰদ = জনা-বুজা; পাৰ্গত

শলি = বাঁহ, কাঠ,লো আদিৰ সৰু সৰু গোটা দীঘল কাঠী

[ ১] একোটিকৈ বাক্যত উত্তৰ লিখাঁঃ

ক) কমলপুৰ গাঁৱত কিমান বছৰ মূৰত পুতলা নাচ অনষ্ঠিত হৈছিল?

উত্তৰঃ প্ৰায় দহ বছৰ মূৰত।

খ) গাঁওবুঢ়াৰ নাতিয়েকৰ নাম কি?

উত্তৰঃ ৰতন ।

গ) প্ৰাচীন ভাৰতবৰ্ষত পুতলা-নাচ প্ৰচলনৰ কথা উল্লেখ থকা গ্ৰন্থ দুখনৰ নাম কি?

উত্তৰঃ মহাভাৰত আৰু কথাসৰিৎসাগৰ।

ঘ) পুতলাক সংস্কৃত ভাষাত কি বোলা হয়?

উত্তৰঃপুতলাক সংস্কৃত ভাষাত পাঞ্চালিকা বোলা হয়।

ঙ) অসমত প্ৰচলিত কাঠ পুতালাবোৰ কিহৰ সহায়ত গঢ়া হয়?

উত্তৰঃ অসমত প্ৰচলিত কাঠ পুতলাবোৰ কুঁহিলাৰ সহায়ত গঢ়া।

চ) একোটা পুতলা নাচৰ দলত কিমানজনকৈ মানুহ থাকে?

উত্তৰঃ একোটা-পুতলা নাচৰ দলত ছয়-সাতগৰাকীকৈ মানুহ থাকে।

[ ২] তিনি-চাৰিটামান বাক্যত হোৱাকৈ উত্তৰ লিখাঁঃ

ক) পুতলা নাচৰ ইতিহাসৰ বিষয় চমুকৈ লিখাঁ।

উত্তৰঃ পুতলা নৃত্য অসমৰ অতি প্ৰাচীন সাংস্কৃতিক অনুষ্ঠান। অৱশ্যে ইয়াৰ উৎপত্তি কেতিয়া হৈছিল সেইটোহে সঠিককৈ কোৱা টান। সমগ্ৰ পৃথিৱীতেপুতলাৰ নাচৰ প্ৰচলন আছে। ভাৰতবৰ্ষটো প্ৰাচীন কালৰে পৰা এই নাচৰ প্ৰচলন থকাৰ কথা জানিব পাৰি। আকৌ ভাৰতৰ প্ৰাচীন ৰাজ্য পাঞ্চালতে পুতলাৰ উৎপত্তি হোৱা বুলি ভাৰতীয় লোকতে বিশ্বাস কৰে।

খ) পুতলা নাচক মূলতঃ কেইটাভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা কি কি?

উত্তৰঃ পুতলা নাচ মূলতঃ চাৰিটা ভাগত ভাগ কৰা হৈছে। আৰু ভাগকেইটা হল- কাঠ পুতলা, হাত পুতলা, মাৰি পুতলা আৰু ছাঁ পুতলা।

গ) পুতলা নাচৰ পুতলা কেনেকৈ নচুওৱা হয়?

উত্তৰঃ পুতলাবোৰ বিভিন্ন অংগত কলা সূতাৰে বান্ধি দিয়ে। এই কলা সূতাৰ জৰীৰ সহায়ত পুতলাবোৰ নচুৱাই।

ঘ) পুতলা নাচত দৰ্শক আৰু অভিনেতাৰূপী পুতলাৰ মাজত কোনে, কেনেকৈ সম্পৰ্ক স্থাপন কৰে লিখাঁ।

উত্তৰঃ পুতলা নাচত দৰ্শক আৰু অভিনেতাৰূপী পুতলাৰ মাজত পৰিচালকে, পুতলাই অভিনয় কৰিবলগীয়া আখ্যানটো গীতৰ মাজেৰে পৰিৱেশন কৰি সম্পৰ্ক স্থাপন কৰে।

[ ৩] চমুটোকা লিখাঁঃ

মহাভাৰত, কথাসৰিৎ সাগৰ, পুতলা নাচৰ সূত্ৰধাৰ।

[ ৪] বিপৰীত শব্দ লিখাঁঃ

ছাঁ,

সৃষ্টি- ধ্বংস

জন্ম- মৃত্যু

ক’লা-বগা

জীৱ- জড়

অভিনেতা-অভিনেত্ৰী

[ ৫] উদাহৰণ চাই বাকীকেইটা কৰাঁঃ

উদাহৰণঃ বস্ত্ৰ — বসন

নাচ —- ……………..

পুতলা — …………

পাত — ………………

নাট —- ………………

পেংপা —- ………………

[ ৬] কি বুলি কোৱা হয়ঃ

ক) যিয়ে নাটক ৰচনা কৰে — নাট্যকাৰ

খ) যিয়ে নৃত্য কৰে — নৃত্যশিল্পী

গ) যিয়ে অভিনয় কৰে — অভিনেতা

ঘ) যিয়ে গীতত সুৰ দিয়ে — সুৰকাৰ

ঙ) যিয়ে বাদ্য বজায় — বাদ্যকাৰ

চ) মঞ্চৰ পিছফাল — ..

[ ৭] লোকনাট্য অনুষ্ঠান বুলিলে কি বুজা? তুমি জনা কেইবিধমান লোকনাট্য অনুষ্ঠানৰ নাম লিখাঁ।

[৮] নাটক মঞ্চস্থ কৰা দেখিচানে? নাটক এখন মঞ্চস্থ কৰোঁতে মঞ্চ এখন কেনেকৈ সজায় চমুকৈ লিখাঁ।

[৯] বাক্য ৰচনা কৰাঁঃ

গাঁওবুঢ়া, গায়ন-বায়ন, সূত্ৰধাৰ, কুঁহিলা, হেঙুল-হাইতাল, আ-অলংকাৰ।

Type Nayan Moni Deka

Post ID : DABP005944

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top