ভীমৰ কাণ্ড
পাঠঃ ষোল
ক্ৰিয়া-কলাপ
◯ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ
উদ্ধাৰ = ৰক্ষা; আপদৰ পৰা ৰক্ষা কৰা
কৰ্তব্য = কৰিবলগীয়া; দায়িত্ব
এচাৰি = চেকনি
আচল = প্ৰকৃত; সঁচা
ভক্ষণ = খোৱা কাৰ্য; ভোজন
ক্ৰমাৎ = অনুক্ৰমে; এটাৰ পাছত এটাকৈ
বধ = হ্যা; বিনাশ
প্ৰকাণ্ড = বৰ ডাঙৰ; বিশাল; বৃহৎ
[ ১] প্ৰথমে কোৱা তাৰ পাছত লিখাঁঃ
ক) পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ কাৰ নাতিয়েক আছিল?
উত্তৰঃ পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ শান্তনুৰ নাতিয়েক আছিল।
খ) পাণ্ডৱসকলৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ পাণ্ডৱ সকলৰ পিতৃৰ নাম পাণ্ডু আছিল।
গ) পাণ্ডৱসকলে কি মেলা চাবলৈ গৈছিল?
উত্তৰঃ পাণ্ডৱসকলে শিৱ মেলা চাবলৈ গৈছিল।
ঘ) শিৱৰ মেলা হোৱা ঠাইখনৰ নাম কি আছিল?
উত্তৰঃ শিৱ মেলা হোৱা ঠাইখনৰ নাম বাৰণাৱত আছিল।
ঙ) বাৰণাৱতত গৈ পাণ্ডসকল ক’ত থাকিবলৈ লৈছিল?
উত্তৰঃ বাৰমাৱত গা পাণ্ডৱসকল জতু গৃহত থাকিবলৈ ললে।
চ) পাণ্ডৱসকলে কেনেদৰে জতুগৃহৰপৰা বাহিৰলৈ ওলাই প্ৰাণৰক্ষা কৰিছিল?
উত্তৰঃ পাণ্ডৱসকলে আগতেই খান্দি থোৱা সৰংগৰে বাহিৰলৈ ওলায় প্ৰাণৰক্ষা কৰিছিল।
ছ) পলাই গৈ পাণ্ডৱসকলে ক’ত থাকিবলৈ লৈছিল?
উত্তৰঃ পলাই গৈ পাণ্ডৱসকল একচক্ৰা নামৰ ঠাইত এঘৰ ব্ৰাহ্মণৰ ঘৰত থাকিবলৈ লৈছিল।
জ) একচক্ৰা নগৰত পাণ্ডৱসকলে কেনেদৰে জীৱন-যাপন কৰিছিল?
উত্তৰঃ একচক্ৰা নগৰত পাণ্ডৱসকলে ভিক্ষা মাগি জীৱন যাপন কৰিছিল।
ঝ) ব্ৰাহ্মণৰ ঘৰত কিহৰ বাবে কন্দ-কটা লাগিছিল?
উত্তৰঃ ব্ৰাহ্মণৰ ঘৰত ৰাক্ষসৰ আহাৰ দিবলৈ যোৱা লগতে কন্দ-কটা লাগিছিল।
ঞ) অসুৰটোৰ নাম কি আছিল?
উত্তৰঃ অসুৰটো নাম বক।
ট) নগৰবাসীয়ে অসুৰটোক প্ৰতিদিনে ভোজনৰ বাবে কি দিবলগীয়া হৈছিল?
ঠ) অসুৰটোৱে ক’ত বাস কৰিছিল?
উত্তৰঃ পৰ্বতৰ গুহাত বাস কৰিছিল।
ড) বকাসুৰক কোনে, কেনেদৰে মাৰিছিল?
উত্তৰঃ বকাসুৰক ভীমে, এটা পাথৰে মূৰত মাৰিছিল।
[ ২] বাক্য ৰচনা কৰাঁঃ
চল-চক্ৰান্ত- কৌৰৱে পাণ্ডৱক চল-চক্ৰান্ত কৰি মাৰিব বিচাৰিছিল।
চলহী কথা- পাণ্ডৱসকল কৌৰৱৰ চলাহী কথাত ভূল গৈ শিৱ মেলা চাবলৈ গৈছিল।
ৰান্ধি-বাঢ়ি- পাচঁ পাণ্ডৱে ভিক্ষা কৰি যি পায় তাকে মাকক দিয়েহি আৰু মাকে ৰান্ধি-বাঢ়ি তেওঁলোকক খাবলৈ দিয়ে।
কন্দা-কটা- সেইদিনা ব্ৰাহ্মণৰ ঘৰত কন্দা-কটা লাগিছিল।
পোহপাল দিয়া- ৰমেনৰ দেউতাকে খেতি কৰি তেওঁলোকৰ পৰিয়ালটো পোহ-পাল দিছিল।
[ ৩] বুজা আৰু লিখাঁঃ
গুণ —- গুণী
জ্ঞান — জ্ঞানী
নিৰ্মাণ — নিৰ্মাণী
উপকাৰ — উপকাৰী
বল —-বলী.
শত্ৰু — ….
পৃথিৱী — …………….
দুখ — দুখী
অসুৰ — .অসুৰী
হাঁহি — …………….
সুখ —- ..সুখী
ভিক্ষা — .ভিক্ষাৰী
বিপদ —- …………….
Type: Nayan Moni Deka
Post ID : DABP005956
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post