Might Learn Logo Might Learn

AJB Class 8 Assamese Chapter 3 Question Answer | Class 8 Assames Chapter 3 চৰিত্ৰ Question Answer | 2026 Update

পাঠ ৩

চৰিত্ৰ 

১। অতি চমু উত্তৰ দিয়া।

ক) উদ্গতি পথৰ প্ৰৱল সহায় কি?

উত্তৰঃ  সৎ চৰিত্ৰ হৈছে উদগতিৰ পথৰ প্ৰৱল সহায়।

খ) ধনৱন্ত আৰু বিদ্যাৱন্ত মানুহাে কিহৰ দোষত ৰসাতলে যায়?

উত্তৰঃ ধনৱন্ত আৰু বিদ্যাৱন্ত মানুহাে চৰিত্ৰৰ দোষত ৰসাতলে যায়।

গ) চৰিত্ৰৰ মূল কি?

উত্তৰঃ  চৰিত্ৰৰ মূল অভ্য়াস।

ঘ) মানুহে চৰিত্ৰ গঠন কৰা কামক কি নাম দিছে?

উত্তৰঃ মানুহে চৰিত্ৰ গঠন কৰা কামক অভ্য়াস নাম দিছে। 

ঙ) মানুহৰ অন্তৰত কি কি দুই শ্ৰেণীৰ বৃত্তি আছে?

উত্তৰ: মানুহৰ অন্তৰত ভাল আৰু বেয়া দুই শ্ৰেণীৰ বৃত্তি আছে।

২। ভাবার্থ লিখা:

ক) চৰিত্ৰৱান মানুহ পবিত্র জলৰ নিচিনা।

উত্তৰঃ  চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ নিচিনা। সিহঁত নিজেও পবিত্ৰ, আৰু আনকো পবিত্ৰ কৰে। চৰিত্ৰৱন্ত মানুহক চৰিত্ৰৱান মানুহক চৰিত্ৰহীন মানুহে পেটে পেটে ভয় কৰে। কাৰণ, চৰিত্ৰহীন মানুহে চৰিত্ৰৱান মানুহৰ আগত বেয়া কাম কৰিবলৈ সংকোচিত হয়। ধন আৰু বিদ্য়াৰ পৰা মানুহে ক্ষমতা লাভ কৰে। কিন্তু চৰিত্ৰৰ পৰা মানুহে মহত্ব পায়। কুচৰিত্ৰই মানুহক পশুত্বলৈ নমায়, কিন্তু সুচৰিত্ৰই মানুহক দেৱত্বলৈ তোলে। 

খ) চৰিত্ৰৰ মূল অভ্যাস।

উত্তৰঃ চৰিত্ৰৰ মূল অভ্য়াস। কোনো এটা কাম সদায় কৰি থাকিলে তাক পাছ এৰাব নোৱাৰা হয়। আৰু এৰিব নোৱাৰা হ’লেই সেই কামটো অভ্য়াস হোৱা বোলে। মানুহে প্ৰতি একোটা অভ্য়াস আছে। কোনো মানুহৰ পুৱাই উঠা অভ্য়াস, কোনো মানুহৰ বেলিকৈ উঠা অভ্য়াস, কোনো মানুহৰ এসাঁজ খোৱাৰ অভ্য়াস। এনেবিলাক কামত যেনেকৈ মানুহৰ একোটা অভ্য়াস জন্মে, আচাৰ-ব্য়ৱহাৰ সম্বন্ধেও সেইদৰে মানুহে একোটা ভিন ভিন অভ্য়াস জন্মে। কোনো মানুহৰ খিয়াল কৰা অভ্য়াস হয়, অৰ্থাৎ সি খিয়াল নকৰি থাকিব নোৱাৰে। কোনো মানুহৰ চুৰ কৰা অভ্য়াস হয়, অৰ্থাৎ সি চুৰ নকৰি থাকিব নোৱাৰে। এইদৰে আচাৰ-ব্য়ৱহাৰ সম্বন্ধে যিবোৰ অভ্য়াস জন্মে, সেইবোৰ গোট খাই মানুহৰ চৰিত্ৰ হয়।

গ) কোমলতে ভাজ দিলেহে বস্তুৱে ভাজ লয়।

উত্তৰঃ আদিতে সকলো মানুহৰ চৰিত্ৰ বেয়া থাকে, পাছত জ্ঞানবুদ্ধি উপজিলে তাক শুধৰাই লয়। কিন্তু বেয়াক ভাল কৰা বা অপৱিত্ৰক পৱিত্ৰ কৰা বৰ টান কথা। আৰম্ভতে সজ বাট লগাই দিবলৈ সুজু, কিন্তু অসজ বাটত চলি থকা মানুহক তাৰ পৰা ওভতাই অনা টান। সেইদেখি সংসাৰত সৎ মানুহৰ সংখ্য়াতকৈ অসৎ মানুহৰ সংখ্য়া সৰহ। আগৰ পৰা অসৎ পথত প্ৰবৰ্তাৰ নিমিত্তে তাত মানুহৰ ৰাপ জন্মে, পাছত জ্ঞানৰ পোহৰত তাৰ কুন্ধচাালি দেখিলেও সিহঁতে তাক এৰি দিব নোৱাৰে। এতেকে কোমল বয়সতে চৰিত্ৰ শুধৰাই নল’লে পাছত শুধৰোৱা টান। কোমলত ভাঁজ দিলেহে বস্তুৱে ভাঁজ লয়। যি মানুহে কুকাম কৰি হাড় পকাইছে তাৰ চৰিত্ৰ সংশোধন কৰা কদাপি সম্ভৱ নহয়।

৩। ধন আৰু বিদ্যাৰ পৰা মানুহে ক্ষমতা লাভ কৰে, কিন্তু চৰিত্ৰৰ পৰা কিদৰে মহত্ত্ব প্রাপ্ত হয়?

উত্তৰঃ ধন আৰু বিদ্যাৰ পৰা মানুহে ক্ষমতা লাভ কৰে, কিন্তু চৰিত্ৰৰ পৰা মানুহে মহত্ব পায়। এজন চৰিত্ৰৱান মানুহে কেতিয়াও নিজেও বেয়া কাম নকৰে আৰু আনকো কৰিব নিদিয়ে। চৰিত্ৰহীন মানুহে পেটে পেটে চৰিত্ৰৱান মানুহক ভয় কৰে। আৰু চৰিত্ৰৱান মানুহৰ আগত বেয়া কাম কৰিবলৈ সংকোচিত হয়। সুচৰিত্ৰ মনুষ্য়ত্বৰ সাৰ। সি উন্নতিৰ মেৰুদণ্ডৰ নিচিনা।

৪। ভাল-বেয়া দুয়ােবিধ বৃত্তিকে মানুহে কেনেকৈ কম-বেছি কৰিব পাৰে?

উত্তৰঃ  বৃত্তি ভাল হওক বা বেয়া হওক দুয়োবিধকে মানুহে চেষ্টাৰ দ্বাৰা কম বেছি কৰিব পাৰে। চেষ্টা কৰ সদায় এটা কাম কৰি থাকিলে লাহে লাহে সি অভ্য়াসত পৰিণত হয়। এই অভ্য়াসৰ জৰিয়তে ভাল বেয়া দুয়োবিধ বৃত্তিকে মানুহে কম বেছি কৰিব পাৰে। 

৫। প্রসংগ – সংগতি দর্শাই ব্যাখ্যা কৰাঃ

ক) সুচৰিত্ৰ মনুষ্যত্বৰ সাৰ, এতেকে সি উন্নতিৰ মেৰুদণ্ডৰ নিচিনা। 

উত্তৰঃ প্ৰসংগ – এই  কথাশাৰী আমাৰ পাঠ্য়পুঠি আপোন পাঠৰ চৰিত্ৰ নামৰ সত্য়নাথ বৰাদেৱে ৰচনাকৰা প্ৰবন্ধৰ পৰা তুলি দিয়া হৈছে।

সংগতি– সুচৰিত্ৰই যে মানুহক সমাজত এখন বিশেষ আদান প্ৰদান কৰি মোহত্বলৈ যায় সেই কথা প্ৰকাশ কৰিছে।

ব্য়াখ্য়া– মানুহৰ চৰিত্ৰ সৎ হলে উন্নতিৰ পথত সহজে আগবাঢ়িব পাৰে। যিবোৰ মানুহ চৰিত্ৰহীন সেইবোৰ মানুহ সৰহ। গতিকে সংসাৰত বিপদো সৰহ। কিন্তু চৰিত্ৰবান বা সুচৰিত্ৰৰ মানুহে আনক ভয় কৰি চলিব নালাগে। তেওঁলোকে সৎচৰিত্ৰক সাৰথি কৰি উন্নতিৰ পথত যাত্ৰা কৰি পাৰে । অন্য় গুণ তেনেকৈ নাথাকিলেও অকল সৎ চৰিত্ৰৰ বলতেই উদগতি সাধন কৰিব পাৰি। সুচৰিত্ৰই তেওঁলোকক সমাজত শ্ৰেষ্ঠতা আনি দিয়ে। সুচৰিত্ৰক আলম কৰি তেওঁলোকে উন্নতিৰ জখলাত আগবাঢিব পাৰে। নেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি যি দৰে পৃথিৱী ঘূৰি থাকে সেইদৰে সুচৰিত্ৰৰ মানুহে তেওঁলোকৰ চৰিত্ৰ ওপৰত নিৰ্ভৰ কৰিয়ে সংসাৰত উচ্চ শিৰে জীয়াই থাকিব পাৰে।

খ) মানুহৰ বেয়া বৃত্তিবােৰ কৰ্ষণ নকৰাকৈ আপােনা – আপুনি ফুটি ওলায় , কিন্তু ভালবােৰ জ্ঞান বুদ্ধি থিৰ হ’লেহে দেখা দিয়ে । 

উত্তৰঃ– প্ৰসংগঃ– এই কথাষাৰ আমাৰ পাঠ্য়পুথি আপোন পাঠ নামৰ চৰিত্ৰ নামৰ প্ৰবন্ধৰ পৰা তুলি দিয়া হৈছে। লেখক সত্য়নাথ বৰা।

সংগতিঃ– মানুহে বেয়া বৃত্তিবোৰ তোনেও নিশিকালেও যে সহজে গ্ৰহণ কৰে আৰু ভাল বৃত্তিবোৰ জ্ঞান-বুদ্ধি হলেহেপ্ৰকাশ পায় সেই প্ৰসংগতে এই কথাষাৰ কোৱা হৈছে।

ব্য়াখ্য়াঃ– সৰুকালত মানুহে লোভ, মোহ আদি বেয়া বৃত্তিবোৰ সহজে গ্ৰহণ কৰি সেইবোৰৰ অধীন হৈ থাকে। তেতিয়া যিমান শিকালেও ভাল বৃত্তি গ্ৰহণ কৰিবলৈ আগনাবাঢ়ে। বেয়া বৃত্তিৰ পতি মানুহৰ আকৰ্ষণ বেছি। বেয়া বৃত্তিৰ জৰিয়তে মানুহে সহজতে লোভনীয় বস্তু পাব পাৰে। বেয়া বৃত্তিৰ ফলত মনুষ্য় জাতিৰ অশেষ অপকাৰ হলেও তাৰ প্ৰতিহে আকৰ্ষিত হয়। কিন্তু যেতিয়া মানুহৰ মনত জ্ঞান উদয় হয় বুদ্ধি বাঢ়ে তেতিয়া বেয়া বৃত্তিবোৰ এৰাই চলা সহজ কাম নহয় । সৎ চৰিত্ৰ গঠন কৰি লৈহে তাক শুধৰাই লহ পাৰি। বেয়াক ভাল কৰা বা অপবিত্ৰক পবিত্ৰ কৰা অতি টান কাম। কিন্তু নেৰা-নেপেৰা চেষ্টাৰ ফলত সংশোধন কৰি ভাল বৃত্তি গ্ৰহণ কৰাটো অসাধ্য়ও নহয়

৬। বিপৰীত শব্দ লিখাঃ

উদ্গতি  – অধগতি।

সৎ         –  অসৎ।

অভ্যাস  – অনভ্য়াস।

উজু       – কঠিন।

সজ       –  অসজ।

স্বর্গ        – মৰ্ত্য়।

৭। সমার্থক শব্দ লিখাঃ

সৰহ      – বহুত।

বিপদ     – সংকট, শংকা।

পুৰুষাৰ্থ – প্ৰয়াস, যত্ন।

পৃথিৱী   –    ধৰিত্ৰী, ধৰা, বসুমতি, মেদিনী, পৃথ্বী আদি।

৮। সমাস নির্ণয় কৰাঃ

কুচৰিত্ৰঃ কৰ্মধাৰয় সমাস –  কু যি চৰিত্ৰ।

ধনহীনঃ ধনত হীন = ধনহীন

বিদ্যাহীনঃ বিদ্য়াত হীন = বিদ্য়াহীন

অসজঃ  ন সজ = অসজ

অপৱিত্ৰঃ ন পৱিত্ৰ = অপৱিত্ৰ

দুর্ভিক্ষঃ ভিক্ষাৰ অভাৱ

নীলকণ্ঠঃ বহুব্ৰীহি সমাস –  নীল আছে কণ্ঠত যাৰ তেওঁ।

বীণাপাণিঃ বহুব্ৰীহি সমাস –  বীন আছে পানীত যাৰ তেওঁ।

নীলােৎপলঃ নীলা যি উৎপল 

ৰঙাজবাঃ কৰ্মধাৰয় সমাস – ৰঙা যি জবা।

কৃষ্ণাঙ্গঃ  কৃষ্ণ যি অঙ্গ

মহাপুৰুষঃ কৰ্মধাৰয় সমাস –

৯। সন্ধি ভাঙাঃ

হিতাহিতঃ হিত     +         অহিত।

কদাপিঃ কদ        +      আপি।

পৰােপকাৰঃ পৰ +     উপকাৰ।

সম্ভৱঃ সম           +    ভৱ। 

নমস্কাৰঃ নমঃ     +    কাৰ। 

নয়নঃ নে            +     অন। 

গণেশঃ গণ         +    ঈশ।  

সূর্যোদয়ঃ সূৰ্য্য়     +    উদয়।

১০। সমার্থক শব্দ লিখাঃ

ক্রিয়াঃ কৰ্ম।

লােভঃ লালসা।

পশুঃ জন্তু।

তেজঃ ৰক্ত।

আলয়ঃ  ঘৰ, আৱাস, নিলয়।

কদাপিঃ কেতিয়াও।

উজুঃ সহজ।

প্রথমঃ পহিলা।

শেষঃ অন্তিম।

গাখীৰঃ দুগ্ধ।

পুখুৰীঃ খাল, গাত।

১১। বাক্য ৰচনা কৰাঃ

পানীৰ তলৰ কাঁইটঃ উন্নতিৰ পথত বহুতো পানীৰ তলৰ কাইট পোৱা যায়।

আঁঠুৱাৰ তলৰ মহঃ ৰমেন, ৰাজুৰ কাৰণে আঠুৱাৰ তলৰ মহ; সি তাৰ দ্বাৰা যি ইচ্ছা কৰোৱাব পাৰে।

পেটে ভাতে খাঃ হৰিয়ে কলং নৈত দিনৰ দিনটো মাছ মাৰি পেটে-ভাতে খাই আছে।

আলাই আথানিঃ মাক ঢুকোৱাৰ পিছত ৰীতা আৰু মনৰ আলাই-আনথি অৱস্থা হৈছে।

কঁকালত টঙালি বান্ধঃ  ধান পকিব ধৰিছেই, কঁকালত টঙালি বান্ধি ধান কাটিবই হৈছে।

ঘৰ গােনাঃ বাবু ঘৰৰহে গোনা, সি আনৰ আগত মুখ ফুটাই কথা ক’বই নাজানে।

হাত দীঘলঃ ৰমেনৰ হাত দীঘল হোৱাৰ বাবে ইমান সোনকালেই উন্নতি কৰিব পাৰিলে।

চকুৰ কুটা দাঁতৰ শালঃ হিৰণ্য়কশিপুৰে ভগৱান বিষ্ণুক চকুৰ কুটা দাঁতৰ শাল বুলি গণ্য় কৰে।

আথে-বেথেঃ আমি গৈ পোৱাৰ লগে লগেই তেওঁ আমাক আথে বেথে ভিতৰত বহুৱালেগৈ।

ওভত গােৰে নাচঃ বাৰে বাৰে কৈ থকাৰ সত্বেও শি মাকৰ কথা নামানি ওভত গোৰে নাচিছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects