AJB Class 8 Assamese Chapter 4 Answer অসমৰ আ-অলংকাৰ

পাঠ ৪

অসমৰ আ-অলংকাৰ

১। একোটিকৈ বাক্যত উত্তৰ লিখাঃ

ক) খনন কাৰ্য্যত অলংকাৰৰ নমুনা উদ্ধাৰ হােৱা প্রাচীন সভ্যতা দুটাৰ নাম কি?

উত্তৰঃ খনন কাৰ্য্যত অলংকাৰৰ নমুনা উদ্ধাৰ হােৱা প্রাচীন সভ্যতা দুটাৰ নাম হৈছে – মহেঞ্জোদাৰো আৰু হৰপ্পা।

খ) পুৰণি অসমৰ অলংকাৰৰ চানেকি ক’ত ক’ত খােদিত হৈ আছে?

উত্তৰঃ পুৰণি অসমৰ অলংকাৰৰ চানেকি মঠ-মন্দিৰ, অট্ৰালিকা, মূৰ্তি আদিত খােদিত হৈ আছে।

গ) কোনখন পুৰণি সচিত্র পুথিত কৃষ্ণ, গন্ধর্ব আদিৰ চিত্র অংকিত কৰা হৈছে?

উত্তৰঃ চিত্র ভাগৱতৰ পুথিত কৃষ্ণ, গন্ধর্ব আদিৰ চিত্র অংকিত কৰা হৈছে।

ঘ ) মাধৱ কন্দলী কোন শতিকাৰ কবি?

উত্তৰঃ মাধৱ কন্দলী চতুৰ্দশ শতিকাৰ কবি।

ঙ) হিউৱেন চাং কোন শতিকাত অসমলৈ আহিছিল?

উত্তৰঃ  হিউৱেন চাং খ্ৰীষ্টীয় সপ্তম শতিকাত অসমলৈ আহিছিল।

চ) অসমৰ কোনখন নদীৰ বালিত সােণৰ চেঁকুৰা পােৱা গৈছিল?

উত্তৰঃ অসমৰ সোৱনশিৰি নদীৰ বালিত সােণৰ চেঁকুৰা পােৱা গৈছিল।

২। চমু উত্তৰ লিখা। 

ক) অসমীয়া আ-অলংকাৰসমূহ বিচিত্ৰ আৰু চালে চকুৰােৱা হােৱাৰ কাৰণ কি? 

উত্তৰঃ অসমীয়া অলংকাৰবোৰ  সোণ, ৰূপ, নানা বৰণৰ মণি, মুকুতা আদিৰে গঢ়োৱাৰ বাবে এই অলংকাৰসমূহ বিচিত্ৰ আৰু চালে চকুৰোৱা।

খ) কি কি মাধ্যমৰ সহায়ত পুৰণি অসমৰ আ-অলংকাৰসমূহৰ বিষয়ে জানিব পাৰি? 

উত্তৰঃ পুৰণি অসমৰ গ্ৰন্থসমূহত নানা প্ৰকাৰৰ অলংকাৰৰ নাম পোৱা যায়। কালিকাপুৰাণ, যোগিনীতন্ত্ৰ আদি শাস্ত্ৰত ত্ৰিছবিধমান অলংকাৰৰ নাম আছে। মাধৱ কন্দলীৰ ৰচনাৰ মাজতো বিবিধ অলংকাৰৰ নাম আছে।

 গ) আহােম ৰজাসকলৰ দিনত অসমৰ অলংকাৰ শিল্পই অধিক প্রাণ পাই উঠাৰ উমান আমি কিদৰে পাব পাৰোঁ?

উত্তৰঃ আহোম ৰজাসকলৰ দিনত অসমৰ আ-অলংকাৰ শিল্পই অধিক প্ৰাণ পাই উঠিছিল। বুৰঞ্জীসমূহৰ পাতত বিবিধ অলংকাৰৰ নাম পোৱা যায়। এখন বুৰঞ্জীত আহোম ৰজা ৰুদ্ৰসিংহই কছাৰী ৰজালৈ মিত্ৰতাৰ হাত আগবঢ়াই উপহাৰ হিচাপে দিয়া অলংকাৰবোৰৰ নাম এনেধৰণে পোৱা যায় 一 বাখৰাম শিৰস্ত্ৰাণ, বাখৰ খটুৱা ডুগডুগীৰ সৈতে কণ্ঠমালা, বাজৰা, সোণৰ কাণখসা, সোণৰ আঙঠি, সোণৰ চাৰিপটীয়া ডলা, ডিঙিৰ চেওমণি, নাওধৰীয়া সোণৰ খাৰু, বাখৰাম থুৰীয়া আদি।

ঘ) আমাৰ পুৰণি আ-অলংকাৰসমূহৰ বিষয়ে আমি কিয় জনা উচিত?

উত্তৰঃ দেহৰ বিভিন্ন অংগৰ শোভা বৃদ্ধি কৰিবৰ বাবে ব্য়ৱহাৰ কৰা বিবিধ নামৰ আৰু আৰু ভভধ প্ৰকাৰৰ এই অলংকাৰবোৰ আমাৰ গৌৰৱৰ চিন। এই অলংকাৰবোৰৰ বিষয়ে আমি জনাটো উচিত।

৩। পুৰণি অসমৰ স্থাপত্য-ভাস্কৰ্য্য, সাঁচিপাতৰ পুথি আৰু বিভিন্ন সময়ৰ অসমীয়া লিখিত সাহিত্যৰ দ্বাৰা আমি অসমৰ পুৰণি আ-অলংকাৰৰ বিষয়ে কিদৰে জানিব পাৰোঁ?

উত্তৰঃ পুৰণি অসমৰ লিখিত সাহিত্য়বোৰত অসমীয়া আ-অলংকাৰৰ নাম যথেষ্ট পৰিমাণে উল্লেখ থাকে। কালিকা পুৰাণ, যোগিনীতন্ত্ৰ আদি শাস্ত্ৰত ত্ৰিছবিধমান অলংকাৰৰ নাম আছে। মাধৱ কন্দলীৰ ৰচনাৰ মাজতো বিবিধ অলংকাৰৰ নাম আছে। এইবোৰৰ ভিতৰত ঘাঘৰী, কেয়ূৰা, কুণ্ডুল, মুকুট, ৰত্নগুলী আদি।

৫। তলৰ শব্দবােৰ জোৰা লগােৱাঃ

তল  + অতল =  তলাতল।

অলম্ + কাৰ = অলংকাৰ।

সম্ + কৃতি    = সংকৃতি।

৬। চমু টোকা লিখাঃ

অলংকাৰঃ মানুহৰ দেহৰ অংগৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ব্য়ৱহাৰ কৰা সামগ্ৰীয়ে হৈছে অলংকাৰ। পুৰণি কালত পুৰুষ মহিলা উভয়ে অলংকাৰ পৰিধান কৰিছিল। মানুহৰ সাজোন-কাচোনৰ অভ্য়াসৰ ফলতে অলংকাৰৰ সৃষ্টি হৈছিল। হাজাৰ হাজাৰ বছৰ পূৰ্বে গুহাত বাস কৰা মানুহবোৰে ৰঙীন শিল, জন্তুৰ হাড়, চৰাইৰ পাখি আদিক অলংকাৰ হিচাপে ব্য়ৱহাৰ কৰিছিল। মানৱ সভ্য়তাৰ বিকাশৰ লগে লগে নানা ধাতুৰ আৱিষ্কাৰ হয় আৰু ধাতুৰ অলংকাৰৰ ব্য়ৱহাৰ বাঢ়িবলৈ ধৰে। অলংকাৰে মানুহৰ সামাজিক মৰ্যাদা, ৰুচিবোধ, আৰ্থিক অৱস্থাৰো পৰিচয় দিবলৈ ধৰে। অসমৰ আ-অলংকাৰবোৰ সোণ, ৰূপ আৰু নাানাবিধ মণি, মুকুটাৰে গঢ়িত আছিল।

সােৱণশিৰি নদীঃ সোৱনশিৰিৰ পানী নিৰ্মল। যিমান ওপৰলৈ যোৱা হয়, সিমান নিৰ্মল পানী পোৱা যায়। আনকি ওপৰৰ ফালে ইমান ফটফটীয়া যে তললৈকে দেখি। এই পানীৰ লগত ঠায়ে ঠায়ে অলপ সোণ মিহলি আছে। আগেয়ে সোৱনশিৰি অসমৰ এখন প্ৰধান সোণ কমোৱা নৈ আছিল। আজিকালিও সোৱনশিৰিৰ পানীত সোণৰ ৰেণু আছে। সোৱনশিৰি নৈৰ ৰূপৰো তুলনা নাই।

হস্তী বিদ্যার্ণৱঃ আহোম ৰজা স্বৰ্গদেউ শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰী কুৱৰীৰ অনুগ্ৰহত হস্তীবিদ্য়াৰিণৱ ৰচনা কৰা হৈছিল। ইয়াত হাতীৰ ব্য়ৱস্থাপনা, ৰক্ষণাবেক্ষণ আৰু চিকিৎসাৰ বিষয়ে বিস্তৃত সচিত্ৰ বৰ্ণণা আছে। হাতী ৰজাৰ বাবে অত্য়ন্ত গুৰুত্বপূৰ্ণ জীৱ আছিল। যুদ্ধ-বিগ্ৰহৰ বাদেও ক্ষমতাৰ প্ৰতীক হিচাপেও হাতীৰ মহত্ব আছিল।

৭। বিপৰীত অর্থবােধক শব্দ লিখাঃ

মনােমােহা  =    কুৎচিত।

চহকী          =  দুখীয়া।    

মিত্রতা        =       শত্ৰুতা। 

গৌৰৱ         =    লজ্জা।  

৮। বাক্য ৰচনা কৰাঃ

বাৰেৰহণীয়াঃ আমাৰ অসমৰ সংস্কৃতি বাৰেৰহণীয়া।

আ-অলংকাৰঃ আসমীয়া আ-অলংকাৰসমূহ বিচিত্ৰ আৰু চালে চকুৰোৱা।

প্ৰাণ পাই উঠঃ মৰি যাব ধৰা ফুল গছডালত অলপ পানী দি দিয়াত সি প্ৰাণ পাই উঠিছে।

অজীন-পাতকীঃ ৰীতাই সদায় অজীন পাতকীৰ দৰেই কাম কৰে।

তমােময়ঃ এটা ঘিটমিট তমোময় ৰাতি, চুৰে আহি ৰবীনহতঁৰ ঘৰৰ সকলো বস্তু উঠাই লৈ গ’ল।

জয়দেউ কাকূতিঃচুৰটোৱে জয়দেউ  কাকূতি কৰিও ৰাইজৰ ওচৰৰ পৰা বাচিব নোৱাৰিলে।

৯। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

গতিকে স্বাভাৱিকভাৱেই অসমীয়া সাজ-পাৰ, আ-অলংকাৰ আদিও বিচিত্র আৰু চালে চকুৰােৱা।

উত্তৰঃ

প্ৰসংগঃ উক্ত বাক্য়শাৰী অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্য়পুথি আপোন পাঠৰ অসমৰ আ-অলংকাৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ উক্ত বাক্য়শাৰীৰ দ্বাৰা অসমীয়া সাজ-পাৰ আৰু আ-অলংকাৰৰ বৰ্ণণা কৰা হৈছে।

ব্য়াখ্য়াঃ অসমৰ সাজ-পাৰ আৰু অলংকাৰ বাৰেবৰণীয়া। অসমৰ বিভিন্ন জাতি জনজাতিয়ে পৰিধান কৰা সাজ-পাৰ আটক-ধুনীয়া। বড়ো, মিচিং, দেউৰী, তিৱা, কাৰ্বি, ৰাভা, চাহ-জনগোষ্ঠীৰ লোক আদি সকলোৱে ভিন ভিন সাজ-পাৰ আৰু অলংকাৰ পৰিধান কৰে। অসমীয়া মানুহৰ মূল সাজ-পাৰ হৈছে পাট আৰু মুগা। অসমীয়া মানুহে ঘৰতে পাট পলু, মুগা পলু, এৰি পলু আদি পুহি এই কাপোৰবোৰ প্ৰস্তুত কৰি উলিয়ায়। অসমৰ পুৰণি আ-অলংকাৰবোৰ বৰ মনোমোহা আছিল। সোণ, ৰূপ নানা বৰণৰ মণি-মুকুটাৰে এই অলংকাৰবোৰ গঢ়া হৈছিল। অসমীয়া অলংকাৰবোৰক উকা, বাখৰুৱা, মিনাকৰা, হীৰা খটোৱা আদি ভাগত ভাগ কৰিব পাৰি। উদাহৰণস্বৰূপে সোণ, ৰূপ আদিত কেৱল জাংফাই ব্য়ৱহাৰ কৰিলে উকা বাখৰ দি তাৰ দাঁতিয়ে দাঁতিয়ে সোণৰ কাম কৰিলে বাখৰুৱা ইত্য়াদি। 

১০। উদাহৰণৰ দৰে লিখা।

সাত সৰীৰ সমাহাৰ = সাতসৰী।

পঞ্চ নদীৰ সমাহাৰ  = পঞ্চনদী।

বাৰ মাহৰ সমাহাৰ   = বাৰমাহ।

সপ্ত অহৰ সমাহাৰ  = সপ্তাহ।

তিনি কালৰ সমাহাৰ = তিনিকাল।