AJB Class 8 Assamese Chapter 8 Question Answer | Class 8 Assames Chapter 8 নিশাচৰ প্ৰাণীবোৰ  Question Answer | 2026 Update

পাঠ ৮

নিশাচৰ প্ৰাণীবোৰ 

১। একোটিকৈ বাক্যত উত্তৰ লিখাঃ

ক) চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন হয়?

উত্তৰঃ ৰেটিনা নামৰ অংশটো প্ৰতিবিম্ব গঠন হয় ।

খ) স্তন্যপায়ী প্ৰাণী কাক বোলে?

উত্তৰঃ পোৱালি জন্ম দিয়া প্ৰণীবোৰক স্তন্য়পায়ী প্ৰাণী বোলে ।

গ) বাদুলিক আকাশলৈ উৰি যোৱাত কিহে সহায় কৰে?

উত্তৰঃ দুখন পাতলীয়া ধৰণৰ ছালে বাদুলিক আকাশলৈ উৰি যোৱাত সহায় কৰে ।

ঘ) পৃথিৱীত কিমানবিধ বাদুলি আছে আৰু কি কি?

উত্তৰঃ পৃথিৱীত প্ৰায় এঘাৰ হাজাৰ বিধ বাদুলি আছে।

ঙ) অসমত কেইজাতৰ বাদুলি আছে আৰু কি কি?

উত্তৰঃ অসমত দুই জাতৰ বাদুলি আছে । জেনে- চুঙা বাদুলি আৰু বৰ বাদুলি ।

চ) জোনাকী পৰুৱাৰ দেহত পোহৰ উৎপন্ন কৰিব পৰা কি পদাৰ্থ থাকে?

উত্তৰঃ জোনাকী পৰুৱাৰ দেহত লুছিফেৰিন নামৰ এবিধ পদাৰ্থ থাকে ।

২। মেকুৰীৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তিৰ বিষয়ে লিখা।

উত্তৰঃ মেকুৰীৰ শ্ৰৱণ আৰু দৃষ্টিশক্তি প্ৰবল । ইহঁতৰ কাষেদি যাৱা যিকোনো জন্তুৰ শব্দ ইহঁতৰ কাণত পৰিলেই ততালিকে সজাগ হৈ জন্তুটো ধৰিবৰ বাবে সাজু হয়। কম পোহৰত মেকুৰীৰ দৃষ্টিশক্তি প্ৰবল হৈ উঠে। সাধাৰণতে মানুহৰ চকপৱে যিমান পোহৰত বস্তু এটা মণিব পাৰে তাৰ ছয়ভাগৰ এভাগ পোহৰতো মেকুৰীয়ে বস্তু দেখা পায় ।

৩। মেকুৰীৰ চকু কম পোহৰত দেখাৰ বাবে কিয় উপযোগী হয়?

উত্তৰঃ মানুহকে ধৰি সকলো জীৱ-জন্তুৰে চকুত ৰেটিনা নামৰ অংশ থাকে । মেকুৰীৰ চকুত ৰেটিনাত ‘ৰ’ড ছেল’ নামৰ কোষ বেছিকৈ থাকে । মেকুৰীৰ চকুত পোহৰ পৰিলে প্ৰথমে এই পোহৰ ৰেতিনাত পৰে ।ৰেটিনাই শোষণ নকৰা পোহৰখিনি পিছফালে থকা প্ৰতিফলক পৃষ্ঠখনত পৰে । প্ৰতিফলক পৃষ্ঠখনে পোহৰ প্ৰতিফলিত কৰি ৰ’ড ছেলৰ যোগেদি বাহিৰলৈ পঠয় । ফলত ৰেটিনাত পৰা পোহৰৰ পৰিমাণ বাঢ়ে। সেইবাবে মেকুৰীয়ে কম পোহৰতে ভালদৰে দেখা পয়া ।

৪। বৰবাদুলিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বৰ-বাদুলিবোৰ আকাৰত ডাঙৰ হয় আৰু ইহঁতে গছৰ ওপৰত বাস কৰে । গোটেই দিনটো নানা ধৰণৰ শব্দ উচ্চাৰণ কৰি ইহঁতে গছৰ ডালত ওলমি থাকে । মাজে মাজে থকা ঠাইৰ বাবে সিহঁতৰ মাজত কাজিয়া-পেচাল হয় । গধূলি আন্ধাৰ হোৱাৰ লগে লগে ইহঁতে গছৰ ডাল এৰি উৰি যাবলৈ ধৰে ।গোটেই নিশা গুটি ধৰা গছ বিছাৰি ফুৰে । 

৫। বাদুলিৰ দৃষ্টিশক্তি প্ৰৱল নোহোৱাৰ পিছতো ইহঁতে আন্ধাৰত কেনেকৈ উৰি ফুৰিব পাৰে ?

উত্তৰঃ পৰীক্ষাৰ পৰা গম পোৱা গৈছে যে বাদুলিয়ে ঘোৰা অন্ধকাৰত চলা-ফিৰা কৰিবলৈ চকু নহয়, কাণহে ব্য়ৱহাৰ কৰে । বাদুলিয়ে এনে কিছুমান শব্দ সৃষ্টি কৰিব পাৰে যিবোৰ আমি শুনা নাপাওঁ । কেৱল বাদুলিয়েহে নিজে শুনা পায় । উৰি ফুৰোঁতে বাজুলিয়ে অনবৰতে এনে শব্দ সৃষ্টি কৰি গৈ থাকে । শব্দটো আগে আগে যায়, বাদুৰলি পিছে পিছে । যদি সন্মুখত কিবা বাধা থাকে শব্দটো তাত খুন্দা খাই ঘূৰি আহি বাদুলিৰ কাণত পৰেহি । তেতিয়া ইহঁতে সন্মুখত বাধা থকাৰ কথা গম পায় আৰু দিশ সলনি কৰি দিয়ে ।

৬। জোনাকী পৰুৱাৰ গাৰ পৰা পোহৰ ওলায় কেনেকৈ ?

উত্তৰঃ জোনাকী পৰুৱাৰ দেহৰ পিছফালৰ অংশৰ তলৰ ফালে হালধীয়া আৰু কমলা ৰঙৰ চিহ্ন আৰু পোহৰ নিৰ্গত কৰিব পৰা গ্ৰন্থি থাকে । জোনাকী পৰুৱাৰ দেহত লুছিফেৰিন নামৰ এবিধ পদাৰ্থ থাকে । এইবিধ পদাৰ্থৰ লগত অক্সিজেন লগ লাগিলে পোহৰ উৎপন্ন হয় ।

৭। জোনাকী পৰুৱাই কিয় গাৰ পৰা পোহৰ নিৰ্গত কৰে?

উত্তৰঃ সংগিক আকৰ্ষণ কৰাৰ উপৰি পোক-পৰুৱা চিকাৰ কৰিবলৈও জোনাকী পৰুৱাই পোহৰ নিৰ্গত কৰে ।

৮। তুমি জনা নিশাচৰ প্ৰাণীবোৰৰ যি কোনো এবিধৰ বিষয়ে এখন ৰচনা লিখা।

উত্তৰঃ 

৯। সমাৰ্থক শব্দ লিখাঃ

সন্ধান     = বিচাৰি ফুৰা ।     

প্ৰবল      = প্ৰচণ্ড   ।

চকু        = নয়ন ।

পাখি      = ডোউকা ।      

চিহ্ন       = চিন ।

সংগী     = লগৰি ।       

১০। উদাহৰণৰ দৰে লিখাঃ

বিম্বৰ সদৃশ = প্ৰতিবিম্ব । 

গ্ৰহৰ সদৃশ = প্ৰতিগ্ৰহ ।

নদীৰ সদৃশ = প্ৰতি নদি ।

কথাৰ সদৃশ = প্ৰতিকথা ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top