২। লেভ’য়ছিয়েৰ, প্ৰিষ্টলি আৰু আধুনিক ৰাসায়নবিজ্ঞান
১) বস্তুৰ দহন সম্পৰ্কে জি ই ষ্টালে কি বাখ্য়া আগবঢ়াইছিল?
উত্তৰঃ বস্তুৰ দহন সম্পৰ্কে জাৰ্মান বিজ্ঞানী জি ই ষ্টালে (১৬৬০-১৭৩৪) এক বাখ্য়া আগবঢ়াইছিল। ষ্টালৰ বাখ্য়া অনুসৰি সকলো দাহ্য় পদাৰ্থ দুই ধৰণৰ পদাৰ্থৰে গঠিত।ইয়াৰে এবিধক জুইয়ে পুৰিব পাৰে. আনবিধক নোৱাৰে। জুইয়ে পুৰিব পৰা বস্তুবিধৰ নাম দিছিল ফ্ল’জিষ্টন।
২) এঙাৰ পুৰা বায়ু আৰু মানুহে উশাহত লোৱা বায়ু একে নহয় বুলি কোনে পোন প্ৰথমে প্ৰমাণ কৰিছিল?
উত্তৰঃ ১৭৫৫ চনত এজন ইংৰাজ ৰাসায়নবিজ্ঞানী জ’ছেফ ব্ল্য়াকে এঙাৰ পুৰিলে ওলোৱা বায়ু আৰু মানুহে লোৱা বায়ু একে নহয় বুলি প্ৰমাণ কৰি দেখুৱাইছিল।
৩) বায়ুত অক্সিজেনৰ পৰিমাণ কিমান থাকে?
উত্তৰঃ বায়ুত আয়তনৰ এক পঞ্চমাংশ অক্সিজেন থাকে।
৪) কোনে পোন প্ৰথমে প্ৰমাণ কৰি দেখুৱালে বস্তুৰ দহন হ’লে বায়ুত থকা অক্সিজেনৰ লগত ইয়াৰ সংযোগ হয়?
উত্তৰঃ ফ্ৰান্সৰ বিজ্ঞানী লেভ’য়ছিয়েৰে কোনে পোন প্ৰথমে প্ৰমাণ কৰি দেখুৱালে বস্তুৰ দহন হ’লে বায়ুত থকা অক্সিজেনৰ লগত ইয়াৰ সংযোগ হয়।
৫) জুইত ফছফৰাছ পুৰিলে কি হয়?
উত্তৰঃ জুইত ফছফৰাছ পুৰিলে বায়ুত থকা অক্সিজেনৰ লগত যুক্ত হৈ ফছফৰাছ অক্সাইডত পৰিণত হয়।
৬) কাৰ্বন জুইত পুৰিলে কি হয়?
উত্তৰঃ কাৰ্বন জুইত পুৰিলে অক্সিজেনৰ লগত যুক্ত হৈ কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয়।
৭)ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ কোনে আবিষ্কাৰ কৰিছিল?
উত্তৰঃ ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ লভে’য়ছিয়েৰে আৱিষ্কাৰ কৰিছিল।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post