Lesson- 5
নিউটনৰ চিন্তাধাৰা : মহাকৰ্ষণ বিধিলৈ
১। টলেমিৰ ‘পৃথিৱী স্থিৰ’ ধাৰণাটো কোনে অশুদ্ধ বুলি প্ৰমাণ কৰে?
উত্তৰঃ টলেমিৰ ‘পৃথিৱী স্থিৰ’ ধাৰণাটো ইউৰোপৰ বিজ্ঞানী নিক’লাছ ক’পাৰনিকাছে ১৫১৬ চনত অশুদ্ধ বুলি প্ৰমাণ কৰে।
২। প্ৰিন্সিপিয়া গ্ৰন্থৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ প্ৰিন্সিপিয়া গ্ৰন্থৰ সম্পূৰ্ণ নাম হ’ল ‘The mathematical principles of natural philosophy’। এই গ্ৰন্থখন ১৬৮৭ চনত প্ৰকাশ পায়।
৩। চন্দ্ৰৰ দূৰত্ব পৃথিৱীৰ কেন্দ্ৰৰপৰা কিমান?
উত্তৰঃ চন্দ্ৰৰ দূৰত্ব পৃথিৱীৰ কেন্দৰপৰা 60Re।
৪। মহাকৰ্ষণৰ বিধিৰ সঠিক ৰূপ দিবলৈ নিউটনে কি গণিত আৱিস্কাৰ কৰিছিল?
উত্তৰ ঃ মহাকৰ্ষণৰ বিধিৰ সঠিক ৰূপ দিবলৈ নিউটনে কলন গণিত আৱিস্কাৰ কৰিছিল।
৫। কলন গণিতৰ আন এটা নাম কি?
উত্তৰঃ কলন গণিতৰ আন এটা নাম হ’ল Theory of Fluxions।
৬। জড় গতি কাক বোলে?
উত্তৰঃ কোনো বলে ক্ৰিয়া নকৰিলেও এটা পদাৰ্থ সৰলৰৈখিক পথেৰে সুষম বেগত গতি কৰিব পাৰে. ইয়াক জড় গতি বোলে।
৭। ‘300 years of Gravitation’ পুথিৰ প্ৰথম প্ৰবন্ধটোৰ লিখক কোন?
উত্তৰঃ ‘300 years of Gravitation’ পুথিৰ প্ৰথম প্ৰবন্ধটোৰ লিখক কুৰি শতিকাৰ বিখ্যাত বিজ্ঞানী ষ্টিফেন হকিং।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post