Might Learn Logo Might Learn Shop Might Learn

AJB Class 8 Chapter 6 আধুনিক শৰীৰবিজ্ঞানৰ আৰম্ভণি Answer Notun Boigyanik Chinta Answer

Lesson- 6 

 আধুনিক শৰীৰবিজ্ঞানৰ আৰম্ভণি


১। তেজৰ চলাচল সম্পৰ্কে পোনপ্ৰথমে সঠিক ব্যাখ্যা দাঙি ধৰাৰ কৃতিত্ব কাক দিয়া হয়?

উত্তৰঃ তেজৰ চলাচল সম্পৰ্কে পোনপ্ৰথমে সঠিক ব্যাখ্যা দাঙি ধৰাৰ কৃতিত্ব ইংলেণ্ডৰ বিজ্ঞানী উইলিয়াম হাৰ্ভেক দিয়া হয়।


২। কপাৰনিকাছৰ গ্ৰহৰ গতি সম্পৰ্কীয় বিখ্যাত গ্ৰন্থ ‘De Revolutionibus’ কেতিয়া প্ৰকাশ পাইছিল?

উত্তৰঃ কপাৰনিকাছৰ গ্ৰহৰ গতি সম্পৰ্কীয় বিখ্যাত গ্ৰন্থ ‘De Revolutionibus’ ১৫৪৩ চনত প্ৰকাশ পাইছিল।


৩। উইলিয়াম হাৰ্ভেই কিমান চনত চিকিৎসাবিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল?

উত্তৰঃ উইলিয়াম হাৰ্ভেই ১৬০২ চনত চিকিৎসাবিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।


৪। মানুহৰ সিৰাত থকা ভালভ বা কপাট কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ মানুহৰ সিৰাত থকা ভালভ বা কপাট ফ্ৰেব্ৰিছিয়াছে আৱিষ্কাৰ কৰিছিল।


৫। এজন সাধাৰণ স্বাস্থ্যৰ মানুহৰ হৃদপিণ্ডই প্ৰতিঘণ্টাত কিমান তেজ পাম্প কৰে?

উত্তৰঃ এজন সাধাৰণ স্বাস্থ্যৰ মানুহৰ হৃদপিণ্ডই প্ৰতিঘণ্টাত প্ৰায় ৮৩ পাউণ্ড তেজ পাম্প কৰে।


৬। উইলিয়াম হাৰ্ভেৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ উইলিয়াম হাৰ্ভেৰ জন্ম ১৫৭৮ চনত হৈছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership