Lesson: 5
Casabianca
1. What were the main themes of Felicia Hemans’s poetry?
(ফেলিছিয়া হেমান্ছৰ কবিতাৰ মূল বিষয়বোৰ কি কি আছিল?)
Ans: The main themes of Felicia Hemans’s poetry were nature, childhood, travel and tales of heroism.
উত্তৰঃ প্ৰকৃতি, শৈশৱ, ভ্ৰমণ আৰু বীৰত্বৰ কাহিনী আছিল ফেলিছিয়া হেমান্ছৰ কবিতাৰ মূল বিষয়।
2. Where was Casabianca standing?
(কাছাবিয়াংকা ক’ত থিয় হৈ আছিল?)
Ans: Casabianca was standing on the burning deck of the ship.
উত্তৰঃ কাছাবিয়াংকা জাহাজখনৰ জুই জ্বলি থকা ডেকত থিয় হৈ আছিল।
3. Why could his father not hear his voice?
(দেউতাকে তাৰ মাত কিয় শুনিব পৰা নাছিল?)
Ans: His father could not hear his voice because he lay unconscious.
উত্তৰঃ দেউতাক অচেতন হৈ পৰি আছিল বাবে কাছাবিয়াংকাৰ মাত শুনিব পৰা নাছিল।
4. What did the people on the ship do when it caught fire? What did Casabianca do then?
(জাহাজখনত জুই লগাৰ সময়ত তাত থকা মানুহবোৰে কি কৰিলে? তেতিয়া কাছাবিয়াংকাই কি কৰিলে?)
Ans: When the ship caught fire, the others fled. Casabianca stood alone on the burning deck, waiting for his father’s permission to leave.
উত্তৰঃ জাহাজখনত জুই লগাত আনসকল পলাই গ’ল। কাছাবিয়াংকাই সেই ঠাই এৰিবলৈ দেউতাকৰ অনুমতিৰ অপেক্ষাত জুই জ্বলি থকা ডেকত অকলেই থিয় হৈ থাকিল।
5. How does the poet describe Casabianca standing in the fire?
(জুইৰ মাজত থিয় হৈ থকা কাছাবিয়াংকাক কবিয়ে কেনেদৰে বৰ্ণনা কৰিছে?)
Ans: The poet describes Casabianca as standing tall and brave amid the flames, as though he were born to rule the storm. Though he was only a boy, he stood firm like a hero.
উত্তৰঃ কবিয়ে কাছাবিয়াংকাক জুইৰ শিখাৰ মাজতো মূৰ দাঙি সাহসেৰে থিয় হৈ থকা ল’ৰা হিচাপে বৰ্ণনা কৰিছে, যেন ধুমুহাক বশ কৰিবলৈহে তাৰ জন্ম হৈছিল। সৰু ল’ৰা হ’লেও সি বীৰৰ দৰে নিজৰ ঠাইত অটল হৈ থাকিল।
6. Why does the poet call the young heart the ‘noblest thing’?
(কবিয়ে কিয় কিশোৰজনৰ হৃদয়খনক ‘আটাইতকৈ মহৎ’ বুলি কৈছে?)
Ans: The poet calls Casabianca’s young heart the ‘noblest thing’ because he showed courage, loyalty and a strong sense of duty. Even in great danger, he stayed at his post and waited for his father’s command.
উত্তৰঃ কাছাবিয়াংকাই সাহস, পিতৃৰ প্ৰতি আনুগত্য আৰু কৰ্তব্যনিষ্ঠা দেখুওৱা বাবে কবিয়ে তাৰ হৃদয়খনক ‘আটাইতকৈ মহৎ’ বুলি কৈছে। ইমান বিপদৰ মাজতো সি নিজৰ ঠাইত ৰৈ দেউতাকৰ আদেশৰ অপেক্ষা কৰিছিল।
7. Describe the scene of the burning ship.
(জুইলগা জাহাজখনৰ দৃশ্য বৰ্ণনা কৰা।)
Ans: Flames swept across the deck and climbed up the mast. They wrapped around the ship’s ropes like wreaths of fire and streamed out like banners in the sky. Finally, a thunderous explosion tore the ship apart, scattering its pieces across the sea.
উত্তৰঃ জুইৰ শিখাবোৰ ডেকৰ ওপৰেৰে বিয়পি মাস্তুললৈ উঠি গৈছিল। শিখাবোৰে জাহাজৰ ৰছীবোৰ অগ্নিমালাৰ দৰে মেৰিয়াই ধৰিছিল আৰু আকাশত পতাকা উৰাৰ দৰে দপদপাইছিল। শেষত ঢেৰেকনিৰ দৰে বিকট শব্দ কৰি জাহাজখন ফাটি গ’ল আৰু তাৰ টুকুৰাবোৰ সাগৰত সিঁচৰতি হৈ পৰিল।
8. Explain with reference to the context.
(প্ৰসংগ-সংগতি ৰাখি ব্যাখ্যা কৰা।)
“Upon his brow he felt their breath,
And in his waving hair;
And looked from that lone post of death,
In still, yet brave despair.”
Ans: These lines are from Felicia Hemans’s poem Casabianca. The boy stands alone on the burning deck, waiting for his father’s permission to leave. The flames are so close that he feels their heat on his forehead and in his waving hair. By giving the flames ‘breath’, the poet makes the fire seem like a living thing closing in on him. The phrase ‘still, yet brave despair’ shows that even as his hope of escape fades, he remains calm and courageous.
উত্তৰঃ এই পংক্তিকেইটা ফেলিছিয়া হেমান্ছৰ Casabianca কবিতাৰ পৰা লোৱা হৈছে। কাছাবিয়াংকাই জুই জ্বলি থকা ডেকত অকলেই থিয় হৈ সেই ঠাই এৰিবলৈ দেউতাকৰ অনুমতিৰ অপেক্ষা কৰি আছে। জুইৰ শিখাবোৰ ইমান ওচৰ চাপিছে যে সি কপালত আৰু উৰি থকা চুলিত তাৰ উত্তাপ অনুভৱ কৰিছে। কবিয়ে শিখাবোৰৰ ‘উশাহ’ৰ কথা কৈ জুইক তাৰ ফালে আগবাঢ়ি অহা জীৱন্ত বস্তুৰ দৰে দেখুৱাইছে। ‘Still, yet brave despair’ কথাষাৰে বুজাইছে যে ৰক্ষা পোৱাৰ আশা কমি আহিলেও সি স্থিৰ হৈ আছে আৰু সাহস হেৰুওৱা নাই।
9. Give rhyming words for the following.
(তলৰ শব্দবোৰৰ সৈতে ছন্দ মিলা শব্দ লিখা।)
| Word | Rhyming word |
|---|---|
| deck | wreck |
| form | storm |
| done | son |
| cried | replied |
| breath | death |
| aloud | shroud |
| fair | there |
| sky | high |
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post