AJB Class 8 New  Science 2 Chapter 1 Answer 2026 | শস্য উপাৎদন আৰু ব্যৱস্থাপনা | Lesson 1 | Class 8 Science Question Answer Assam Jatiya Bidyalay | অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয় প্ৰশ্ন উত্তৰ |

পাঠ ১

শস্য উপাৎদন আৰু ব্যৱস্থাপনা 

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) কোনবিধ খাদ্য শস্য?

a) ওলকবি  b) ধান  c) সৰিয়হ  d) মচুৰ 

উত্তৰঃ ধান।

ii) কোনবিধ শীতকালীন (kharif crop) শস্য নহয়?

a) চয়াবিন  b) আলু   c) সৰিয়হ  d) মচুৰ 

উত্তৰঃ মচুৰ।

iii) কোনবিধ শস্যই নাইট্রজেন যােগান ধৰি মাটি সাৰুৱা কৰে?

a)ফুলকবি  b) শালি ধান  d) মচুৰ মাহ  c) ঘেঁহু  

উত্তৰঃ d) মচুৰ মাহ 

iv) কোনবিধক ৰাসায়নিক সাৰৰ জৰিয়তে মাটিত দিয়া নহয়?

a) নাইট্র’জেন b) ফছফৰাছ  c) হিউমাছ d) পটাছিয়াম 

উত্তৰঃ হিউমাছ।

2. মাটি প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা।

উত্তৰঃ মাটি প্ৰস্তুত কৰিবলৈ ব্য়ৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম হৈছে 一 নাঙল, হেৰ’ আৰু কল্টিভেটৰ।

3. শস্য বুলিলে কি বুজা? ৰােপণৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্যসমূহক কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ ৰোপনৰ বাবে ব্য়ৱহাৰ কৰা বীজক শস্য় বুলি কোৱা হয়। ৰোপনৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্য়সমূহক বৰ্ষাকালীন শস্য় আৰু শীতকালীন শস্য় হিচাপে দুটা ভাগত ভাগ কৰা হৈছে।

4. দুটা জৈৱিক সাৰ আৰু দুটা ৰাসায়নিক সাৰৰ নাম লিখা।

উত্তৰঃ দুটা জৈৱিক সাৰৰ নাম হৈছে 一 গোবৰ আৰু কেঁচুসাৰ। আৰু দুটা ৰাসায়নিক সাৰৰ নাম হৈছে 一 ইউৰিয়া আৰু পটাছ।

5. দুবিধ মাহজাতীয় শস্যৰ নাম লিখা।

উত্তৰঃ দুবিধ মাহজাতীয় শস্য়ৰ নাম হৈছে 一 ৰহৰ আৰু মচুৰ।

6. শস্যাবর্তন বুলিলে কি বুজা?

উত্তৰঃ এডৰা মাটিত এবছৰত বিভিন্ন ধৰণৰ খাদ্য়শস্য় আৰু মাহজাতীয় শস্য় সলনা-সলনি কৰাকে শস্য়াবৰ্তন বোলে।

7. জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ পার্থক্য লিখা।

উত্তৰঃ জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ মাজত পাৰ্থক্য় হৈছে 一

জৈৱিক সাৰৰাসায়নিক সাৰ
ই প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা।ই কৃত্ৰিমভাৱে উৎপন্ন হোৱা।
ইয়াক ঘৰতে প্ৰস্তুত কৰিব পাৰি।ইয়াক ঘৰতে প্ৰস্তুত কৰিব নোৱাৰি।

8. অপতৃণ কাক বােলে ? অপতৃণ নিয়ন্ত্রণ কৰাৰ দুবিধ সঁজুলি আৰু এটা অপতৃণনাশক দৰৱৰ নাম লিখা । 

উত্তৰঃ খেতিপথাৰত থকা অপ্ৰয়োজনীয় বন-গছ বোৰক অপতৃণ বুলি কোৱা হয়। অপতৃণ নিয়ন্ত্ৰণ কৰাৰ দুবিধ সঁজুলিৰ নাম হৈছে 一 খুৰপি আৰু কোৰ; আৰু এবিধ দৰবৰ নাম হৈছে 一 বুটাক্ল’ৰ।

9. বীজ ছটিওৱা সঁজুলিসমূহৰ নাম লিখা।

উত্তৰঃ বীজ ছটিওৱা সঁজুলিসমূহৰ নাম হ’ল – seed drill.

10. তলৰ ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা— 

‘ক’অংশ    –                ‘খ’ অংশ

a. ৰাইজ’বিয়াম    –         d. এবিধ বেক্টেৰিয়া।

b. শীতকালীন শস্য    –   e. সৰিয়হ।

c. চক্রাকাৰ কোৰ    –     a. বন নিৰণি দিয়া সঁজুলি।

d. বুটাক্ল’ৰ    –                b. বননাশক দৰৱ।

e. কাঁচি    –                     c. ধান কটা সঁজুলি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top