AJB Class 8 New  Science 2 Chapter 13 Answer 2026 | চাপ | অধ্যায়১৩ | Pressure | Chapter 13 | Question Answer Assam | Class 8 Science 2 Notes And Suggestion

Chapter 13

চাপ 

প্ৰশ্নাৱলী :

1) শুদ্ধ উত্তৰটো বাছি উলিওৱা:

i) এক নিৰ্দিষ্ট বলৰ বাবে সৃষ্টি হোৱা চাপৰ মান বাঢ়ি যায় যদিহে বলে ক্ৰিয়া কৰা ঠাইৰ কালিৰ মান

a) বাঢ়ে                                     b) কমে

c) একে থাকে                           d) এবাৰ বাঢ়ে আৰু এবাৰ কমে

উত্তৰঃ    b) কমে।

ii) বায়ুৰ চাপ জোখা সঁজুলিটোৰ নাম

a) থাৰ্ম’মিটাৰ                 b) বেৰ’মিটাৰ                  c) মেন’মিটাৰ                     d) অড’মিটাৰ

উত্তৰঃ c) মেন’মিটাৰ  ।

iii) বায়ুমণ্ডলীয় চাপ জোখা সঁজুলিটোৰ নাম

a) থাৰ্ম’মিটাৰ                  b) বেৰ’মিটাৰ                  c) মেন’মিটাৰ          d) অড’মিটাৰ

উত্তৰঃ b) বেৰ’মিটাৰ    ।

iv) কোনো পাত্ৰত ৰখা পানীৰ পৃষ্ঠখন সদায় আনুভূমিক হৈ

a) থাকে                                                           b) নাথাকে

c) সদায় নাথাকে                                              d) কোনোটো উত্তৰ শুদ্ধ নহয়

উত্তৰঃ a) থাকে ।

v) সাগৰ পৃষ্ঠত বায়ুমণ্ডলীয় চাপৰ মান

a) শূন্য                                                               b) আটাইতকৈ কম

c) আটাইতকৈ বেছি                                           d) প্ৰথম আৰু দ্বিতীয় দুয়োটা উত্তৰেই শুদ্ধ

উত্তৰঃ  b) আটাইতকৈ কম।

2. চমু উত্তৰ দিয়া :

i) চাপ মানে কি?

উত্তৰঃ একক কালিৰ ওপৰত লম্বভাৱে ক্ৰিয়া কৰা বলৰ পৰিমানকে চাপ বোলা হয়।

ii) বল, কালি আৰু চাপৰ মাজৰ সম্পৰ্কটো লিখা।

বল 

  চাপ = ———

             কালি

iii) বলৰ, সলনি চাপৰ মান জনাটো কেতিয়া অধিক প্ৰয়োজনীয় হৈ পৰে?

উত্তৰঃ কোনো বলে যেতিয়া এটা বিন্দুৰ ওপৰত ক্ৰিয়া নকৰি এটুকুৰা ঠাইৰ ওপৰত ক্ৰিয়া কৰে তেতিয়া মুঠ বলৰ মানৰ সলনি বলে সৃষ্টি কৰা চাপহে গুৰুত্বপূৰ্ণ হৈ পৰে।

iv) দা-কটাৰী আদি সঁজুলিবোৰৰ খীণ ফালটোহে কিয় কটা-ছিঙা কৰিবলৈ ব্যৱহাৰ কৰা হয়?

উত্তৰঃ  দা-কটাৰী আদি সঁজুলিবোৰৰ খীণ ফালটোহে কিয় কটা-ছিঙা কৰিবলৈ ব্যৱহাৰ কৰা হয় কাৰণ খীণ ফালটোৰ কালিৰ মান কম। সেয়েহে সঁজুলিটোৰ ওপৰত বল প্ৰয়োগ কৰিলে অধিক পৰিমানৰ চাপ অনায়াসে সৃষ্টি হয় আৰু বস্তুটো সহজে কটা যায়। তেনে এবিধ সঁজুলিত ধাৰ দিয়া মানে খীণ ফালটো ঘঁহি ঘঁহি তাৰ কালিৰ মান কমোৱা।

v) কটা-ছিঙাৰ বাবে ব্যৱহাৰ কৰা সঁজুলিবোৰত কিয় ধাৰ দিয়া হয়?

উত্তৰঃ কটা-ছিঙা বাবে ব্য়ৱহাৰ কৰা সঁজুলিবোৰত ধাৰ দিয়া হয় কাৰণ ধাৰ দিয়া মানে খীণ ফালটো ঘঁহি ঘঁহি তাৰ কালি মানটো কমোৱা। সঁজুলিটোৰ ওপৰত বল প্ৰয়োগ কৰিলে অধিক চাপ অনায়াসে সৃষ্টি হয় আৰু বস্তুটো সহজে কটা যায়।

vi) বায়ুমণ্ডলীয় চাপ কেনেদৰে সৃষ্টি হয়?

উত্তৰঃ বায়ুমণ্ডলৰ বায়ুৰ ওজনৰ বাবে বায়ুমণ্ডলীয় চাপৰ সৃষ্টি হয়।

vii) বায়ুমণ্ডলীয় চাপৰ দুটা ধৰ্ম লিখা।

উত্তৰঃ বায়ুমণ্ডলীয় চাপৰ দুটা ধৰ্ম হ’ল-

১) বায়ুমণ্ডলৰ ভিতৰত থকা সকলো বস্তুৰ ওপৰতে বায়ুমণ্ডলীয় চাপে ক্ৰিয়া কৰে।

২) সাগৰপৃষ্ঠৰ পৰা ওপৰলৈ যিমানে উচ্চতা বাঢ়ে বায়ুমণ্ডলীয় চাপ সিমানে কমি যায়।

viii) তৰলৰ চাপ কেনেদৰে সৃষ্টি হয়?

উত্তৰঃ তৰল পদাৰ্থৰ ওজনৰ বাবে তৰল চাপৰ সৃষ্টি হয়।

ix) চাপৰ দুটা ধৰ্ম লিখা।

উত্তৰঃ চাপৰ দুটা ধৰ্ম হ’ল-

১) চাপ একক কালিৰ ওপৰত লম্বভাৱে ক্ৰিয়া কৰা বলৰ পৰিমান।

২) সমান পৰিমানৰ বল কম কালিৰ ওপৰত প্ৰয়োগ কৰিলে চাপৰ মান বাঢ়ে আৰু বেছি কালিৰ ওপৰত প্ৰয়োগ কৰিলে চাপৰ মান কমে। 

x) তৰলৰ চাপৰ দুটা ধৰ্ম লিখা।

উত্তৰঃ ১) তৰল পদাৰ্থৰ মাজত কোনো এটা বস্তু পৃষ্ঠৰপৰা যিমানে তলত ৰখা হয় সিমানেই তাৰ ওপৰত তৰলৰ চাপ বাঢ়ি যায়।

২) কোনো পাত্ৰত ৰখা তৰলত পৃষ্ঠখন সদায় আনুভূমিক হৈ থাকে। 

xi) দৈনন্দিন জীৱনত বায়ুমণ্ডলীয় চাপৰ ব্যৱহাৰৰ চাৰিটা উদাহৰণ দিয়া।

উত্তৰঃ আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামত বায়ুমণ্ডলীয় চাপৰ ব্য়ৱহাৰ কৰো। পকা বেৰত ওলোমাই থ’বলৈ ব্য়ৱহাৰ কৰা ৰাবাৰ চাকাৰ বায়ুমণ্ডলৰ চাপৰ সহায়ত ওলোমাই থোৱা হয়।

 বায়ুমণ্ডলৰ চাপৰ সহায়ত ষ্ট্ৰ’ ব্য়ৱহাৰ কৰি নাৰিকলৰ ডাবৰ পানী খাব পাৰো।

3. কিছু বহলাই উত্তৰ দিয়া :

i) মিহি পকী বেৰত ৰাবাৰ ছাকাৰ এটা লগাই থঁওতে বায়ুমণ্ডলীয় চাপে কেনেদৰে সহায় কৰে চিত্ৰ আঁকি বুজাই দিয়া।

উত্তৰঃ পকা বেৰত সৰু সুৰা বস্তু ওলোমাই থ’বলৈ আজিকালি এবিধ যতন পোৱা যায়। ইয়াক ৰাবাৰ চাকাৰ বোলা হয়। মিহি পকা বেৰত লগাই হেঁচা মাৰি দিলে চাকাৰটোৰ বাতিৰ দৰে অংশটোৰ পৰা বায়ুখিনি ওলাই যায়। তেতিয়া বাহিৰৰ পৰা ক্ৰিয়া কৰা বায়ুমণ্ডলীয় চাপে চাকাৰটোত হেঁচি ধৰে আৰু ই বেৰত লাগি থাকে।

ii) কোনো পাত্ৰৰ ভিতৰত থকা বায়ুৰ চাপ কিদৰে সৃষ্টি হয় চিত্ৰ আঁকি বৰ্ণনা কৰা।

উত্তৰঃ বায়ুত অগনন  ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত। সেইবোৰ আমি চকুৰে নেদেখোঁ। কণিকাবোৰ অবিৰাম ইফালে-সিফালে গতি কৰি থাকে।এনেদৰে গতি কৰোঁতে কণিকাবোৰে ইটোৱো-সিটোৰ গাত খুন্দা মাৰে। যেতিয়া বেলুন বা আন কিবা পাত্ৰত বায়ু ভৰোৱা হয় গতিশীল কণিকাবোৰে ইটোৱে-সিটোৱে গাত খুন্দা মৰাৰ উপৰিও পাত্ৰটোৰ বেৰত খুন্দা মাৰে। এই খুন্দাবোৰেই বলৰ সৃষ্টি কৰে আৰু ইয়াৰ পৰাই চাপৰ উৎপত্তি হয়। পাত্ৰৰ ভিতৰত থকা বায়ুৰ পৰিমাণ যিমানে বেছি হয় কণিকাবোৰে বেৰত মৰা খুন্দা সংখ্য়াও সিমানে বাঢ়ি যায়। ফলত চাপৰ মানো বাঢ়ি যায়।

iii) ‘বায়ুমণ্ডলীয় চাপৰ প্ৰচণ্ড শক্তি আছে’। উক্তিটো প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা চিত্ৰ আঁকি বৰ্ণনা কৰা।

উত্তৰঃ ‘বায়ুমণ্ডলীয় চাপৰ প্ৰচণ্ড শক্তি আছে’। এই উক্তিটো প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা কৰা হ’ল। এটা খালী ধাতুৰ পাত্ৰ লোৱা হ’ল। পাত্ৰটোৰ মুখখন খোলা আছে। এতেকে পাত্ৰটোৰ ভিতৰত আৰু বাহিৰত বায়ুমণ্ডলীয় চাপৰ পৰিমান সমান আছে। পাত্ৰটোৰ ভিতৰত অলপ পানী ভৰাই জুইৰ ওপৰত তুলি দিয়া হ’ল।জুইৰ তাপত পাত্ৰটোৰ ভিতৰৰ বায়ু গৰম হৈ পাত্ৰৰ মুখেৰে বাহিৰ ওলাব। পাত্ৰত থকা পানীখিনি জলীয় বাষ্পলৈ ৰূপান্তৰিত হ’ব আৰু পাত্ৰৰ মুখেৰে বাহিৰ ওলাবলৈ আৰম্ভ কৰিব। এনেদৰে কিছু সময় যোৱাৰ পিছত পাত্ৰটো জুইৰ পৰা আঁতৰোৱা হ’ল। পাত্ৰটো মুখখন সোপাৰে বন্ধ কৰা হ’ল আৰু পাত্ৰটোৰ গাত ঠাণ্ডা পানী ঢালি দিয়া হ’ল। দেখা গ’ল পাত্ৰটো ভাঁজ লাগি ভাগি পৰিছে। পাত্ৰটোৰ মুখখন বন্ধ কৰি ঠাণ্ডা পানী ঢালি দিয়াৰ পিছত পাত্ৰৰ ভিতৰত থকা জলীয় বাস্পখিনি গোট মাৰি পানী হৈ পৰে।ফলত পাত্ৰটোৰ ভিতৰভাগ প্ৰায় শূণ্য় হৈ পৰে। এনে অৱস্থাত পাত্ৰৰ ভিতৰফালে বায়ুৰ চাপ অতি কম। আনহাতে বাহিৰৰফালৰ পৰা ক্ৰিয়া কৰা বায়ুমণ্ডলীয় চাপে পাত্ৰটোৰ গাত আগৰ দৰে হেঁচা দি আছে ফলত বায়ুমণ্ডলৰ চাপৰ প্ৰচণ্ড হেঁচাত পাত্ৰটো চেপেটা লাগি ভাগি পৰে।

iv) ‘তৰল পৃষ্ঠৰ পৰা গভীৰতা বঢ়াৰ লগে লগে তৰলৰ চাপো বাঢ়ি যায়’ । উক্তিটো প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা চিত্ৰ আঁকি বৰ্ণনা কৰা।

উত্তৰঃ ‘তৰল পৃষ্ঠৰ পৰা গভীৰতা বঢ়াৰ লগে লগে তৰলৰ চাপো বাঢ়ি যায়’ । উক্তিটো প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা কৰা হল।

 ডেৰ লিটাৰ মান ধৰা এটা ডাঙৰ প্লাষ্টিকৰ বটল লোৱা। বটলটোত তিনিটা ফুটা কৰা হ’ল। এটা বটলৰ তলিখনৰ কাষত দ্বিতীয়টো বটলৰ মাজ মানত, তৃতীয়টো ওপৰফালে।ফুটাকৈইটা উলম্ব দিশত এটা সৰলৰেখাত থাকিব লাগিব।চাপৰ টুল এখন মজিয়াত পাৰি লোৱা। এতিয়া বটলটোত পানী ভৰাই লৈ টোলখনৰ ওপৰত ৰখা। এতিয়া ফুটাৰে পানী ওলোৱা আৰম্ভ কৰিব। ফুটাকৈইটাৰে ওলোৱা পানী ধৰি ৰাখিবলৈ মজিয়াত তিনিটা পাত্ৰ ৰখা হ’ল।পানী ধৰিবলৈ ব্য়ৱহাৰ কৰা প্ৰতিটো পাত্ৰৰ পৰা মজিয়াত টোলখন থকা ঠাইলৈ দূৰত্বৰ জোখ লোৱা। এতিয়া দেখিম যে বটলৰ একেবাৰে তলৰ ফুটাটোৰ পানী বেছি দূৰলৈ গৈছে। পানীৰ পৃষ্ঠৰ পৰা ফুটাৰ স্থানলৈ গভীৰতা যিমানে বাঢ়ে পানীৰ চাপো সিমানে বাঢ়ে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top