AJB Class 8 New Science 2 Chapter 16 Answer 2026 | ভূমিকম্প | অধ্যায়১৬ | Earthquake | Chapter 16 | Question Answer Assam | Class 8 Science 2 Notes And Suggestion

Chapter 16

ভূমিকম্প

প্ৰশ্নাৱলী :

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

i) ভূমিকম্পৰ প্ৰাবল্য জুখিবলৈ ব্যৱহাৰ কৰা স্কেলবিধৰ নাম

a) মিটাৰ স্কেল                           b) বিউফ’ৰ্ট স্কেল

c) ৰিখ্টাৰ স্কেল                         d) কোনোটো উত্তৰ শুদ্ধ নহয়

উত্তৰঃ c) ৰিখ্টাৰ স্কেল 

ii) ভূমিকম্পৰ জোখ লোৱা যন্ত্ৰটোৰ নাম

a) থাৰ্ম’মিটাৰ                               b) ভূ-কম্পলেখ যন্ত্ৰ

c) অড’মিটাৰ                               d) গোটেইকেইটা শুদ্ধ

উত্তৰঃ b) ভূ-কম্পলেখ যন্ত্ৰ

iii) ভূ-ত্বকৰ প্ৰধান ফলকৰ সমখ্যা

a) 7                            b) 8                             c) 9                             d) 6

উত্তৰঃ a) 7      

iv) ফলকৰ সীমান্তত ভূমিকম্প কমকৈ হয়। উক্তিটো-

a) সঁচা                           b) মিছা

c) সঁচাও নহয়, মিছাও নহয়                       d) সীমান্তত ভূমিকম্প নহয়

উত্তৰঃ b) মিছা

v) দুখন ফলকৰ মুখামুখি গতিৰ ফলত সৃষ্টি হোৱা সীমাটোৰ নাম

a) পৰিবৰ্তিত সীমা             b) অপ্ৰমাদী সীমা                c) সমকেন্দ্ৰিক সীমা                d)  a)  

আৰু b) দুয়োটাই শুদ্ধ

উত্তৰঃ c) সমকেন্দ্ৰিক সীমা

2. চমু উত্তৰ দিয়া :

i) ভূ-পৃষ্ঠত ক্ৰিয়া কৰা প্ৰাকৃতিক প্ৰক্ৰিয়াকেইটা উল্লেখ কৰা।

উত্তৰঃ ভূ- পৃষ্ঠত ক্ৰিয়া কৰা প্ৰাকৃতিক প্ৰক্ৰিয়াকেইটা হ’ল- ভূমিকম্প, আগ্নেয়গিৰী উৰ্দগিৰণ। 

ii) প্ৰাকৃতিক দুৰ্য্যোগ বুলিলে কি বুজা?

উত্তৰঃ কিছুমান অস্বাভাৱিক প্ৰাকৃতিক পৰিঘটনাৰ ফলত মানুহৰ বহুতো ক্ষতিসাধন হয়। এই প্ৰাকৃতিক পৰিঘটনাবোৰকে প্ৰাকৃতিক দুৰ্য্যোগ বোলে।

iii) ভূমিকম্প কি চমুকৈ লিখা। ইয়াৰ পৰা হ’ব পৰা ক্ষতিৰ আভাস দিয়া।

উত্তৰঃ কেতিয়াবা আমি থকা ঠাইত জোকাৰণিৰ সৃষ্টি হয় বা কপিবলৈ ধৰে, ইয়াকে ভূমিকম্প বোলে। ভূমিকম্পৰ সামান্য জোকাৰণিৰ পৰা ঘৰ-দুৱাৰ ভাঙিব পাৰে। পৃথিৱীৰ কোনো অংশ বহি যায়, ভূমি ফাট মেলে, ঘৰ-বাৰী,বাট-পথ,দলম উদ্যোগ আদিৰ বিস্তৰ ক্ষতি হয়। মানুহৰ মৃত্যু হব পাৰে। 

iv) ফলক বিৱৰ্তন মানে কি? ভূ-ত্বকৰ প্ৰধান ফলককেইটাৰ নাম লিখা।

উত্তৰঃ ফলক বিৱৰ্তন মানে হ’ল বহুতো ফলক ভাগ ভাগ হৈ থকা। ভূ-ত্বকৰ প্ৰধান ফলককেইটাৰ নাম –1.প্ৰশান্ত মহাসাগৰীয় ফলক, 2.ইউৰেছীয় ফলক, 3. উত্তৰ আমেৰেকীয় ফলক, 4. ইণ্ড-অষ্ট্ৰেলীয় ফলক, 5. আফ্ৰিকীয় ফলক, 6. দক্ষিণ আমেৰেকীয় ফলক,7. এন্টাৰ্কটিকীয় ফলক।

v) পৃথিৱীৰ অন্তৰভাগৰ স্তৰকেইটাৰ নাম লিখা।

উত্তৰঃ পৃথিৱীৰ অন্তভাগৰ স্তৰকেইটাৰ নাম (ক) ভূত্বক, (খ) গুৰুমণ্ডল, (গ)কেন্দ্ৰমণ্ডল। 

vi) ফলকৰ সীমান্ত অঞ্চল কিয় বেছি ভূমিকম্পপ্ৰৱণ হয় লিখা।

উত্তৰঃ ফলকবোৰৰ মাজত সংঘৰ্ষ হলে বা এখন আনখনৰ তললৈ বহি গলে ভূমিকম্পৰ উদ্ভৱ হয়। এই পৰিঘটনাবোৰ আচলতে ফলকৰ সীমান্ত অঞ্চলত সংঘটিত হয় বাবে ফলকৰ সীমান্ত অঞ্চলত বেছি ভূমিকম্পপ্ৰৱণ হয়। 

vii) ভূমিকম্পৰ আগজাননী দিব পাৰিনে? যদি নোৱাৰি , তাৰ কাৰণ উল্লেখ কৰা।

উত্তৰঃ ভূমিকম্পৰ আগজাননী দিব নোৱাৰি। ভূমিকম্প এটা প্ৰাকৃতিক প্ৰক্ৰিয়া। আৰু ইয়াৰ সৃষ্টি বহু জটিল বাবে ইয়াৰ আগজাননী দিয়া সম্ভৱ নহয়। 

viii) ভূমিকম্পৰ পৰা ৰক্ষা পাবলৈ কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে লিখা।

উত্তৰঃ ভূমিকম্পৰ পৰা ৰক্ষা পাবলৈ লবলগীয়া সাৱধানতা তলত উল্লেখ কৰা হল-

1)  ঘৰৰ চিলিং বা চাং আদিত সহজে সৰি পৰিব পৰা বস্তু ৰাখিব নালাগে। 

2) শোৱা বা পঢ়া কোঠাত সহজে বাগৰি পৰিব পৰা বস্তু আছে নেকি চাব লাগে। 

3) ভূমিকম্প হলে ঘৰৰ বাহিৰলৈ ওলায় আহিব লাগে।

4) ভূমিকম্পৰ সময়ত দৌৰি ফুৰিব নালাগে।

5) ভূমিকম্পৰ সময়ত টেবুল বা বিছনাৰ তলত সোমায় থাকিব লাগে।

ix) ভূমিকম্পৰ পৰা হ’ব পৰা ক্ষতিৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে কোনবোৰ কথালৈ লক্ষ্য কৰা উচিত উল্লেখ কৰা।

উত্তৰঃ  ভূমিকম্পৰ পৰা হব পৰা ক্ষতিৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে লক্ষ্য কৰিব লগীয়া কথাবোৰ হল-

1) নিজে জনা কথাবোৰ কোনোৱাই যদি নাযানে তাক জ্ঞাত কৰোৱা।

2) জিলা প্ৰশাসন, অসামৰিক প্ৰতিৰক্ষা বিভাগ, আদিৰ লগত যোগাযোগ কৰা।  আদি। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top