AJB Class 8 New  Science 2 Chapter 3 Answer 2026 | সাংশ্লেষিক আহঁ আৰু প্লাষ্টিক | Lesson 3 | Class 8 Science Question Answer Assam Jatiya Bidyalay | অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয় প্ৰশ্ন উত্তৰ |

পাঠ ৩

সাংশ্লেষিক আহঁ আৰু প্লাষ্টিক

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) কোনবিধ সম্পূৰ্ণৰূপে সাংশ্লেষিক আঁহ নহয়?

a) নাইলন  b) ৰেয়ন  c) পলিয়েষ্টাৰ  d) এক্রাইলিক

উত্তৰঃ ৰেয়ন।

ii) তাপদৃঢ় প্লাষ্টিকৰ উদাহৰণ হ’ল 一

a) বহুযােগী 6-6  b) এডিপিক এছিড  c) মেলামাইন  d) পলিয়েষ্টাৰ

উত্তৰঃ বহুযোগী।

iii) সাংশ্লেষিক আঁহবােৰ হ’ল— 

a) সৰলৰৈখিক শৃংখল বহুযোগী  b) শাখা শৃংখলযুক্ত বহুযোগী  

c) ক্ৰছ-সংলগ্ন বহুযােগী  d) একযােগী

উত্তৰঃ সৰলৰৈখিক শৃংখল বহুযোগী।

iv) প্রথম আবিষ্কৃত পলিয়েষ্টাৰবিধ হ’ল— 

a) PET   b) অৰলন   c) বহুযোগী 6-6    d) এষ্টাৰ 

উত্তৰঃ PET । 

v) গৰমকালি কোনবিধ কাপোৰ আৰামদায়ক হয়?

a) কপাহী  b) নাইলন  c) পলিয়েষ্টাৰ  d) এক্রাইলিক 

উত্তৰঃ কপাহী।

2. খালী ঠাই পূৰ কৰাঃ

i) ৰেয়ন আঁহ চেলুলজৰ পৰা প্ৰস্তুত কৰা হয়।

ii) বহুযোগী 6-6 নামৰ নাইলনবিধৰ একযােগী হ’ল এপিডিক এছিড আৰু হেক্সামিথিলিন ডাএমাইন

iii) এক্ৰাইলিক নামৰ সাংশ্লেষিক আঁহবিধ উণ আঁহৰ দৰে।

iv) যিমান বল প্রয়ােগ কৰিলে সূতা এডাল ছিগে তাকে সূতাডালৰ টান প্ৰতিৰোধী ক্ষমতা বুলি ভাবিব পাৰি।

v) ক্ৰছ-সংলগ্ন প্লাষ্টিক চনকা।

vi) পানী, শীতল পানীয় আদি ৰখা বটলবােৰ সাধাৰণতে PET নামৰ প্লাষ্টিকেৰে তৈয়াৰী।

3. সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপােৰৰ সুবিধাসমূহ বর্ণনা কৰা।

উত্তৰঃ সাংশ্লেষিক আঁহবোৰ বেছি দিন টিকে। এই কাপোৰৰ মাজেৰে পানী নসৰকে। সেয়েহে ই ছাতি বনাবৰ বাবে উপযোগী। সাংশ্লেষিক কাপোৰত পোকে নধৰে। তাৰোপৰি সাংশ্লেষিক আঁহত সহজে দাগ নালাগে।

4. সাংশ্লেষিক আঁহৰ অসুবিধাসমূহ বর্ণনা কৰা।

উত্তৰঃ সাংশ্লেষিক আঁহৰ অসুবিধাসমূহ হৈছে 一 

(i) তাঁপ পালে সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপোৰবোৰ নষ্ট হ’ব পাৰে।

(ii) এই কাপোৰে গৰমকালি গাৰ ঘাম শুহি ল’ব নোৱাৰে। সেই কাৰণে গৰমকালি এনে কাপোৰ আৰামদায়ক নহয়।

(iii) এই কাপোৰ জৈৱ-পচনক্ষম নহয়।

5. আঁহৰ টান প্রতিৰােধী ক্ষমতা কেনেদৰে জুখিব পাৰি লিখা।

উত্তৰঃ আঁহ এডালৰ দুটা মূৰ দুখন হাতে টানি আঁহডালৰ টান প্ৰতিৰোধী ক্ষমতা জুখিব পাৰি।

6. ৰেয়ন আঁহ কিয় সম্পূৰ্ণৰূপে সাংশ্লেষিক আঁহ নহয় লিখা।

উত্তৰঃ ৰেয়ন আঁহ প্ৰাকৃতিক আঁহৰ পৰা পৰিৱৰ্তিত ৰূপহে। তথাপিও ই মানৱ সৃষ্ট আঁহ। সেয়েহে ই সম্পূৰ্ণৰূপে সাংশ্লেষিক আঁহ নহয়।

7. তােমাক এটুকুৰা কাপােৰ দিয়া হৈছে। কাপােৰ টুকুৰা প্রাকৃতিক নে সাংশ্লেষিক কেনেদৰে প্ৰমাণ কৰিবা?

উত্তৰঃ এবাটি পানী লোৱা হ’ল। আৰু এটুকুৰা কাপোৰ লোৱা হ’ল। এতিয়া কাপোৰৰ টুকুৰাটোৰ এটা মূৰে বাটিটোৰ পানী স্পৰ্শ কৰাকৈ ৰখা হ’ল। যদি টুকুৰাটোৰেদি পানী ওপৰলৈ উঠি আহে তেন্তে টুকুৰাটো প্ৰাকৃতিক। আৰু যদি পানী ওপলৈ উঠি নাহে তেন্তে টুকুৰাটো সাংশ্লেষিক।

8. প্লাষ্টিকৰ সামগ্ৰীসমূহ জনপ্রিয় হােৱাৰ কাৰণ বর্ণনা কৰা । 

উত্তৰঃ প্লাষ্টিকৰ সামগ্ৰীসমূহ জনপ্রিয় হােৱাৰ কাৰণ হৈছে 一

– প্লাষ্টিকৰ সামগ্ৰীবোৰ পাতল।

– প্লাষ্টিকৰ সামগ্ৰী পাতল যদিও যথেষ্ট টান।

– প্লাষ্টিকৰ সামগ্ৰীৰ দাম তুলনামূলকভাৱে কম।

– প্লাষ্টিকত মামৰে নধৰে।

– প্লাষ্টিকৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত নহয়।

– প্লাষ্টিকৰ সামগ্ৰী বিভিন্ন ৰঙৰ পাব পাৰি।

9. প্লাষ্টিক আৱৰ্জনাৰ ব্যৱস্থাপনাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ প্লাষ্টিকে বায়ু, পানী,আৰু মাটি প্ৰদূষিত কৰে। প্লাষ্টিকৰ আৱৰ্জনাক পুনৰ প্ৰয়োজনীয় সামগ্ৰীলৈ পৰিৱৰ্তিত কৰিব পাৰিলে প্লাষ্টিক আৱৰ্জনা কিছু পৰিমানে কমাব পাৰি।প্লাষ্টিক আৱৰ্জনাৰ ব্য়ৱস্থাপনৰ বাবে 5R ধাৰণা সকলোৱে  অৱলম্বন কৰা উচিত। প্লাষ্টিকৰ বস্তুৰ সহজে মাটিৰ মাজত মিহলি হৈ নাযায় গতিকে প্লাষ্টিকক আৱৰ্জনা হ্ৰাস কৰিবলৈ আমি প্লাষ্টিকৰ আৱৰ্জনা সলনি কাগজেৰে তৈয়াৰী বস্তু ব্য়ৱহাৰ কৰিলেও এই আৱৰ্জনা হ্ৰাস কৰিব পাৰিম।

10. প্লাষ্টিকে পৰিৱেশ কেনেদৰে প্ৰদূষিত কৰে লিখা।

উত্তৰঃ প্লাষ্টিকবোৰ জীৱ-অবনমনঅক্ষম। ফলত বায়ু, মাটি, পানী ইয়াৰদ্বাৰা প্ৰদুষিত হয়। প্লাষ্টিকৰ বস্তুবোৰ মাটিত পৰি থাকিলেও পচি নাযায়। ইয়াৰ ফলত মাটিৰ গুণাগুণ নাইকিয়া হৈ যায়। প্লাষ্টিকৰ প্ৰাত্ৰত থোৱা বস্তু খালে দেহৰ প্ৰচুৰ ক্ষতি সাধন হয়। প্ৰতি বছৰে জলভাগ আৰু স্থলভাগ থকা বহু প্ৰাণীয়ে প্লাষ্টিক খায় মৃত্য়ু বৰণ কৰা দেখা গৈছে। প্লাষ্টিকৰ আৱৰ্জনা মাটিটো পচি নাযায় আৰু এইবোৰ জ্বলালেও বিষাক্ত পৰ্দাথ নিৰ্গত হৈ বায়ু প্ৰদূষণ কৰে। গতিকে প্লাষ্টিকে জীৱকূলৰ বাবে ডাঙৰ সমস্য়াৰ সৃষ্টি কৰিছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top