AJB Class 8 New Science 2 Chapter 7 Answer 2026 | বিদ্যুৎপ্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া | অধ্যায় ৭ | Chemical Effects Of Electric Current | Chapter 7 Question Answer Assam | Class 8 Science 2 Notes And Suggestion

অধ্যায়ঃ ৭ 

বিদ্যুৎপ্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা

i) দ্ৰবত বিদ্যুৎ পৰিবহন কৰা পদাৰ্থবিধ হ’ল-

a) বিদ্যুৎবিশ্লেষ্য    b) বিদ্যুৎঅবিশ্লেষ্য    c) দ্ৰাৱ    d) এটা উত্তৰো শুদ্ধ নহয়

উত্তৰঃ বিদ্যুৎবিশ্লেষ্য।

ii) বিদ্যুৎলেপনত প্ৰলেপত লগাবলগীয়া পদাৰ্থটোক বেটাৰিৰ কোনটো মেৰুৰ সৈতে সংযোগ কৰিব লাগিব?

a) ধনাত্মক    b) ঋণাত্মক    c) উদাসীন    d) এইবোৰৰ এটাও নহয়।

উত্তৰঃ ঋণাত্মক।

iii) বৰ্তনীত লাগি থকা এলইডিটো কমকৈ জ্বলে যদিহে বৰ্তনীৰ বিদ্যুৎপ্ৰবাহ 

a) কম হয়    b) বেছি হয়    c) মুঠেই নহয়    d) প্ৰথম দুয়োটা উত্তৰে শুদ্ধ

উত্তৰঃ কম হয়।

iv) পাতিত পানীৰ মাজেৰে বিদ্যুৎপ্ৰবাহ

a) হয়    b) কেতিয়াবা হয়    c) নহয়    d) কেতিয়াবা নহয়

উত্তৰঃ নহয়।

v) তলৰ কোনটো বিদ্যুৎবিশ্লেষ্য?

a) চেনি    b) গ্লূক’জ    c) বিশুদ্ধ পানী    d) ছ’ডিয়াম ক্ল’ৰাইড

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইড।

2. চমু উত্তৰ দিয়াঃ

i) বিদ্যুৎবিশ্লেষ্য কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ গলিত অৱস্থা বা দ্ৰবত বিদ্য়ুৎ পৰিবহন কৰা পদাৰ্থক বিদ্য়ুৎবিশ্লেষ্য় বোলে। যেনে 一 ছ’ডিয়াম ক্লৰাইড।

ii) বিদ্যুৎবিশ্লেষণ বুলিলে কি বুজা লিখা।

উত্তৰঃ পানীৰ পৰা হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা বিক্ৰিয়া বিদ্য়ুৎপ্ৰবাহৰ ফলত ঘটা বিদ্য়ুৎবিশ্লেষ্য়ৰ ৰাসায়নিক পৰিৱৰ্তনকে বিদ্য়ুৎবিশ্লেষণ বোলে।

iii) বন্ধ বৰ্তনীত থকা বাল্ব এটা কিয় জ্বলে লিখা।

উত্তৰঃ বন্ধ বৰ্তনী এটাত বেটাৰিৰ পৰা বিদ্য়ুৎপ্ৰবাহ বাল্বটোৰ ফিলামেণ্টৰ মাজেৰে গৈ পুনৰ বেটাৰিলৈ আহে। কিন্তু ফিলামেণ্টডালে বিদ্য়ুৎ প্ৰবাহিত হোৱাত যথেষ্ট বাধা দিয়ে। ফলস্বৰূপে ই গৰম হয়। যথেষ্ট গৰম হ’লে ফিলামেণ্টডালৰ পৰা পোহৰ নিৰ্গত হয়। ফলত বাল্বটো জ্বলি উঠে।

iv) বিদ্যুৎপ্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া বুলিলে কি বুজা? উদাহৰণেৰে সৈতে লিখা।

উত্তৰঃ বিদ্য়ুৎপ্ৰবাহৰ দ্বাৰা বিদ্য়ুৎবিশ্লেষ্য়ৰ ৰাসায়নিক পৰিবৰ্তন ঘটাকে বিদ্য়ুৎবিশ্লেষণ বোলে। এয়ে হ’ল বিদ্য়ুৎপ্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া।

       বিদ্যুৎপ্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া এটা উদাহৰণ হ’ল- পুৰণি বেটাৰি এটাৰ মাজভাগত ক’লা দণ্ড এডাল পাবা। দণ্ডডালৰ বাহিৰৰ মূৰত ধাতুৰ টুপী লগোৱা থাকে। এইডাল গ্ৰেফাইটেৰে তৈয়াৰী।ই বিদ্য়ুতৰ সু-পৰিবাহী। এনে দুডাল দণ্ড দুটা বেটাৰীৰ পৰা উলিয়াই লোৱা। এখন ডাঠ কাগজত দুটা ফুটা কৰি দণ্ড দুডাল সুমুৱাই লোৱা। এতিয়া কাগজ খন কাচৰ গিলাচ এটাত এনেদৰে ৰাখা যাতে দণ্ড দুডাল গিলাছটোৰ ভিতৰত থাকে। ধাতুৰ টুপী দুটা বাহিৰ ফালে ওলাই থাকিব লাগিব। টুপী  দুটাত দুডাল তাঁৰ সংযোগ কৰা। তাঁৰ দুডালৰ আন দুটা মূৰত সজীৱ বেটাৰি সংযোগ কৰা। এইটো হ’ব বিদ্যুৎবিশ্লেষ্য় আৰু বিদ্যুৎঅবিশ্লেষ্য় পৰীক্ষাৰ বাবে সঁজুলি।গিলাছটোত কিছু পানী লৈ তাতে দুটোপমান ছালফিৰিক এছিড মিহলাই দিয়া। চাবা যাতে দণ্ড দুডালৰ কিছু অংশ পানীত বুৰ গৈ থাকে। বৰ্তনীৰ মাজেৰে   বিদ্যুৎ প্ৰবাহিত হ’ব। অলপ সময়ৰ পিছত দণ্ড দুডালৰ পানীত বুৰ গৈ থকা অংশত বুৰবুৰণি উঠা দেখিবা। বুৰবুৰণি উঠা কাৰণ হ’ল গেছ নিৰ্গত হৈছে অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া ঘটিছে।

v) বিদ্যুৎলেপন মানে কি উদাহৰণেৰে সৈতে লিখা।

উত্তৰঃ বিদ্য়ুৎ বিশ্লেষণ নীতি প্ৰয়োগ কৰি এবিধ ধাতুৰ ওপৰত আন এবিধৰ প্ৰলেপ দিয়া কাৰ্য্য়ক বিদ্য়ুৎলেপন বোলা হয়। উদাহৰণস্বৰূপে ঘৰৰ ছালত লগোৱা টিনপাতৰ কথাকে ক’ব পাৰোঁ। টিনপাতৰ ওপৰত জিংকৰ এটা প্ৰলেপ দিয়া হয়। এই প্ৰলেপ বিদ্য়ুৎলেপন পদ্ধতিৰে দিয়া হয়।

vi) বিদ্যুৎলেপন কৰা কেইবিধমান সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ বিদ্য়ুৎলেপন কৰা কেইবিধমান সামগ্ৰীৰ নাম হৈছে 一 টিনপাত, মটৰ গাড়ীৰ যন্ত্ৰাংশ, গা-ধোৱা ঘৰৰ সঁজুলিবোৰ, গাড়ীৰ চকাৰ ৰিম, ৰান্ধনিশালত ব্য়ৱহাৰ কৰা গেছ বাৰ্ণাৰ আদি।

3. বিদ্যুৎবিশ্লেষণ প্ৰক্ৰিয়াটো ছবি আঁকি বৰ্ণনা কৰা।

উত্তৰঃ 

    পানীৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা বিক্ৰিয়া বিদ্য়ুৎপ্ৰবাহৰ ফলত ঘটা বিদ্য়ুৎবিশ্লেষ্য়ৰ ৰাসায়নিক পৰিৱৰ্তনকে বিদ্য়ুৎবিশ্লেষণ বোলে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top