১। জীৱাণুৰ সন্ধানত
১) জীৱৰ স্বতঃউৎপত্তিৰ ধাৰণা কোনে প্ৰথমে আগবঢ়াইছিল ?
উত্তৰঃ জীৱৰ স্বতঃউৎপত্তিৰ ধাৰণা প্ৰথমে এৰিষ্ট’টলে আগবঢ়াইছিল।
২) স্বতঃউৎপত্তি জীৱাণুৰ কাৰণে কি প্ৰয়োজন হয়?
উত্তৰঃ স্বতঃউৎপত্তি জীৱাণুৰ কাৰণে বতাহৰ প্ৰয়োজন হয়।
৩) পেষ্টুৰে কি পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰি দেখুৱালে যে বতাহৰ পৰা জীৱাণুৰ সৃষ্টি হয়?
উত্তৰঃ পেষ্টুৰৰ সিদ্ধান্ত আছিল যে পাত্ৰত দেখা জীৱাণু বতাহৰ পৰা আহে। বতাহত অসংখ্য় জীৱাণু উটি-ভাহি থাকে আৰু সেইবোৰেই পাত্ৰৰ মিশ্ৰনত পৰি জীৱাণুৰে ভৰাই দিয়ে। ইয়াকে পৰীক্ষা কৰিবলৈ পেষ্টুৰে ইষ্ট আৰু চেনি পানীত মিহলাই লৈ দুটা মিশ্ৰণটো বতাহত ৰাখিলে।এটা মিশ্ৰণ খোলা কৈ আৰু আনটো বন্ধ কৰি ৰাখিলে। কিছু দিনতেই তাত অসংখ্য় জীৱাণু দেখা গ’ল। আনহাতে আনটো মিশ্ৰণত বতাহ খোমাব নোৱাৰা কৰি লোৱাত জীৱাণু দেখা নগ’ল। পেষ্টুৰ এই সিদ্ধান্তই প্ৰমাণ কৰি কৰি দেখুৱালে যে বতাহৰ পৰা জীৱাণুৰ সৃষ্টি হয়।
৪) বিশুদ্ধ বতাহৰ পৰা যে জীৱাণুৰ সৃষ্টি নহয় এই সিদ্ধান্ত টো কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ বিশুদ্ধ বতাহৰ পৰা যে জীৱাণুৰ সৃষ্টি নহয় এই সিদ্ধান্তটো পেষ্টুৰে আৱিষ্কাৰ কৰিছিল।
৫) কোনে যুক্তি সহকাৰে প্ৰমাণ কৰি দেখুৱালে যে বেক্টেৰিয়াৰ ফলত জীৱৰ দেহত বেমাৰৰ সৃষ্টি হয়?
উত্তৰঃ এজন জাৰ্মান ডেকা বিজ্ঞানী আৰু চিকিৎসক ৰ’বাৰ্ট কখে (১৮৪৩-১৯১০) প্ৰথমতে প্ৰমাণ কৰি দেখুৱালে যে বেক্টেৰিয়াৰ ফলত জীৱৰ দেহত বেমাৰৰ সৃষ্টি হয়।
৬) বেছিলাছ বীজাণুৰ ফলত কি বেমাৰৰ সৃষ্টি হয়?
উত্তৰঃ বেছিলাছ বীজাণুৰ ফলত এনথ্ৰাক্স বেমাৰৰ সৃষ্টি হয়।
৭) বেছিলাছ বীজাণুৰ ফলত কি কি বেমাৰৰ সৃষ্টি হয়?
উত্তৰঃ বেছিলাছ বীজাণুৰ ফলত এনথ্ৰাক্স আৰু যক্ষ্মা চসুকৈ ইংৰাজীত টিবি বেমাৰৰ সৃষ্টি হয়।
৮) বেমাৰৰ বীজাণু আবিষ্কাৰৰ আঁৰত কোন কোন বৈজ্ঞানিকৰ অৱদান মহত্বপূৰ্ণ ?
উত্তৰঃ লুই পেষ্টুৰ, কখ আদিৰ অৱদান মহত্বপূৰ্ণ ।
৯) সকলো জীৱাণুৱে বেমাৰ আজাৰ সৃষ্টি কৰেনে?
উত্তৰঃ সকলো জীৱাণুৱে বেমাৰ আজাৰৰ সৃষ্টি নকৰে।
১০) উপকাৰী অণুজীৱই মানুহক কেনেদৰে সহায় কৰে?
উত্তৰঃ সকলো জীৱাণুৱে মানুহক অনিষ্ট নকৰে কিছুমান উপকাৰী জীৱাণুও আছে। মাটিত থকা বেক্টেৰিয়া বা জীৱাণু কিছুমানে গছ-গছনিৰ বাবে প্ৰয়োজনীয় পদাৰ্থ তৈয়াৰ হোৱাত সহায় কৰে। মাটি, পানী, বায়ুত থকা জীৱাণুৱে মৰা জন্তু বা উদ্ভিদৰ পচনত সহায় কৰে। আমাৰ খাদ্য়নলীত থকা জীৱাণুৱে আমাৰ খোৱা বস্তু হজম হোৱাত সহায় কৰে। বেক্টেৰিয়াৰ আন কিছুমান বহুত গুণ আছে।
১১) বেক্টেৰিয়াবোৰ কেনেদৰে মৰি যায়?
উত্তৰঃ আধিকাংশ বেক্টেৰিয়াই গৰম কৰিলে মৰি যায়।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post