Might Learn Logo Might Learn

AJB Class 8 New Science 1 Chapter 1 Answer 2026 | জীৱজগতঃ কোষ |

অধ্যায়ঃ ১

জীৱজগতঃ কোষ

1. উত্তৰ দিয়া।

(ক) কোষ নামটো কোনে দিয়ে?

উত্তৰঃ কোষ নামটো ৰ’বাৰ্ট হুকে দিয়ে।

(খ) বেক্টেৰিয়া কোনে আৱিস্কাৰ কৰিছিল?

উত্তৰঃ এন্টনী ভান লিউৱেনহ’ক নামৰ হলেণ্ডৰ এজন কাপোৰৰ ব্যৱসায়ীয়ে বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল।

(গ) জীৱৰ দেহ কোষৰদ্বাৰা গঠিত বুলি কোনে পৰীক্ষাৰদ্বাৰা প্ৰতিপন্ন কৰে ?

উত্তৰঃ 1839 চনত মেথিয়াছ স্লেইডেন আৰু থিয়’ডৰ স্খ’ন নামৰ জাৰ্মান বিজ্ঞানী দুগৰাকীয়ে জীৱৰ দেহ কোষৰ দ্বাৰা গঠিত বুলি পৰীক্ষাৰদ্বাৰা প্ৰতিপন্ন কৰে।

(ঘ) কোষৰ প্ৰধান ভাগ দুটা কি কি?

উত্তৰঃ কোষৰ প্ৰধান ভাগ দুটা হৈছে- ১) প্ৰ’কেৰিঅ’ট বা আদিম কোষকেন্দ্ৰযুক্ত  ২) ইুকেৰিঅ’ট বা সুকোষকেন্দ্ৰ যুক্ত।

(ঙ) কলা কি ?

উত্তৰঃ কিছুমান বিশেষ অংগ গঠন কৰোঁতে বা কোনো বিশেষ কাম কৰোঁতে একে বৈশিষ্টৰ কোষ কিছুমান লগ লাগি যি সৃষ্টি হয় তাকে কলা বোলে।

(চ) ক্ৰ’মজ’ম কি ?

উত্তৰঃ বিভাজনৰ সময়ত কোষকেন্দ্ৰত থকা ক্ৰ’মাটিনবোৰ সংকুচিত হয়, আৰু কোষকোন্দ্ৰৰ আৱৰণ নোহোৱা হয়।এই অৱস্থাত ক্ৰ’মাটিন গঠন কৰা প্ৰতিটো ডিএনএ অণুকে, পাতল, সূতা বা আঁহৰদৰে দীঘলীয়া অংশ হিচাবে দেখা যায়। এইবোৰকে ক্ৰ’মজ’ম বোলে। 

2. কোষবিভাজন বুলিলে কি বুজা ?

উত্তৰঃ কোষে ডি এন এৰ পৰা অনুৰূপ নতুন ডিন এন এৰ অণু সংশ্লেষণ কৰে। সংশ্লেষণৰ পাছত এই নতুন ডি এন এৰ অণুবোৰক লৈ নতুন কোষৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াক কোষ বিভাজন বোলে।

3. মাইট’কন্ড্ৰিয়াক কোষৰ ‘শক্তি কেন্দ্ৰ’ বুলি কিয় কোৱা হয় ?

উত্তৰঃ মাইট’কন্ড্ৰিয়াত শ্বাস-প্ৰ্ৰ্ক্ৰিয়াৰ লগত জড়িত কিছুমান জটিল বিক্ৰিয়া হয়। এই বিক্ৰিয়াত উৎপত্তি হোৱা ৰাসায়নিক শক্তি এডিন’ছাইন ট্ৰাি-ফছপেট বা চমুকৈ এটিপি নামৰ অণুত সঞ্চিত হয়। কো,ত চলি থকা বিভিন্ন কাৰ্য্য় বা প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি এটিপি অণুৱে যোগান ধৰে। মাইট্ৰ’কন্ড্ৰিয়াত এই শক্তি উদ্ভৱ হয় কাৰণে মাইট্ৰ’কন্ড্ৰিয়াক কোষৰ শক্তি কেন্দ্ৰ বোলে।

4. ডি এন এৰ সম্পূৰ্ণ নাম কি ? ইয়াক ক’ত পোৱা যায় ?

উত্তৰঃ ডি এন এৰ সম্পূৰ্ণ নাম হ’ল ‘ডিঅক্সিৰিব’নিউক্লিয়িক এছিড’। ইয়াক প্ৰত্য়েক কোষতে পোৱা যায়।

৫. নিউক্লিঅ’লাছ আৰু ৰাইব’জ’ম কি?

উত্তৰঃ কোষকেন্দ্ৰৰ ভিতৰত এক তুলনামূলকভাৱে ডাঠ, বিশেষ কোনো আকৃতি  নথকা অংশ থাকে। ইয়াক নিউক্লিঅ’লাছ বোলে।

                    নিউক্লিঅ’লাছত ৰাইব’নিউক্লিয়িক এছিড বা চমুকৈ আৰএনএ থাকে। আৰএনএ আৰু কিছুমান বিশেষ প্ৰ’টিন লগ লাগি সৰু সৰু গোলাকাৰ কিছুমান অংশৰ সৃষ্টি হয়। এইবোৰক ৰাইব’জ’ম বোলে।

৬. প্ৰ’কেৰিঅ’ট আৰু ইউকেৰিঅ’ট কোষৰ পাৰ্থক্য় লিখা।

উত্তৰঃ 

প্ৰকেৰিঅট কোষইউৰেকিঅট কোষ
প্ৰ’কেৰিঅ’ট কোষৰ সকলো প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰা আনুবংশিক পদাৰ্থ ডিএনএ সুসংগঠিতভাৱ নাথাকে। প্ৰ’কেৰিঅ’ট কোষৰ মূল অংশ হ’ল কোষপ্ৰসৰ। ইয়াত সাধাৰণভাৱে মাত্ৰ এটা ডিএনএ অণু কোনো আৱৰণ নোহোৱাকৈ থাকে। চিএনএ থকা অংশটোৰ নাম নিউক্লিঅ’য়ড।ইউকেৰিঅ’টত ডিএনএ অণু হিষ্ট’ন নামৰ এক শ্ৰেণীৰ প্ৰ’টিনৰ লগত সংযুক্ত হৈ থাকে। এই অৱস্থাত থকা ডিএনএক ক্ৰ’মাটিন বোলে।ক্ৰমাটিনে কোষকেন্দ্ৰ নামৰ এক বিশেষ গোলাকাৰ অংশত এখন জালৰ সৃষ্টি কৰে।

7. উদ্ভিদকোষত থকা কিন্তু প্ৰাণীকোষত নথকা আৰু প্ৰাণীকোষত থকা কিন্তু উদ্ভিদকোষত নথকা অতিৰিক্ত গঠনসমূহৰ  উল্লেখ কৰাঁ। 

উত্তৰঃ উদ্ভিদকোষত থকা কিন্তু প্ৰাণীকোষত নথকা অতিৰিক্ত গঠনসমূহ হৈছে-

(১) কোষাবৰণৰ বাহিৰৰ অংশত কোষবেৰ থাকে।

(২) কোষাবৰণ আৰু কো,বেৰ সংযোগ হৈ বহিঃসীমা গঠন কৰা হয়।

(৩) উদ্ভিদকোষৰ কো,প্ৰসৰত প্লাষ্টিড্ নামৰ কিছুমান সৰু সৰু লেন্স বা ঘূৰণীয়া আকৃতিৰ অংশ থাকে।

(৪) ক্ল’ৰফিল, কেৰ’টিন, জেন্থ’ফিল, এন্থ’ছায়ানিন আদি ৰঞ্জক পদাৰ্থ থাকে।

(৫) কেতবোৰ নিৰ্জীৱ পদাৰ্থও থাকে।

প্ৰাণীকোষত থকা কিন্তু উদ্ভিদকোষত নথকা অতিৰিক্ত গঠনসমূহ হৈছে-

(১) প্ৰাণীকোষত লাইছ’জ’ম নামৰ  কিছুমান সৰু সৰু ঘূৰণীয়া আকৃতিৰ অৰ্গেনেল থাকে।

(২) প্ৰাণীকোষত কোষকেন্দ্ৰৰ ওপৰত ছেন্ট্ৰ’জ’ম নামৰ এক সৰু অংশ থাকে।

 8. উদ্ভিদকোষ আৰু প্ৰাণীকোষৰ মাজত পাৰ্থক্য বৰ্ণনা কৰা ।

উত্তৰঃ 

উদ্ভিদকোষপ্ৰাণীকোষ
1. কোষবৰণৰ বাহিৰ ফালে কোষবেৰ থাকে।1. কোষবোৰ নাথাকে।
2. কোষাবৰণ আৰু কোষবেৰ মিলি কোষৰ বহিঃসীমা গঠিত হয়।2. একমাত্ৰ কোষাবৰণেই কোষৰ বহিঃসীমা গঠন কৰে।
3. এটা বা তাতোকৈ অধিক ৰসাধনী বা ৰিক্তিকা থাকে।3. সাধাৰণতে ৰসধানী হা ৰিক্তিকা নাথাকে।
4. প্লাষ্টিড থাকে।4. প্লাষ্টিড নাথাকে।
5. গলগি সংঘৰ সংখ্যা কম।5. গলগি সংঘৰ সংখ্যা অদিক।
6. ক্ল’ৰফিল, কেৰ’টিন, জেন্থ’ফিল, এন্থ’ছায়ানিন আদি ৰঞ্জক পদাৰ্থ থাকে।6. কোনো ৰঞ্জক পদাৰ্থ নাথাকে।
7. লাইছ’জ’ম নাথাকে।7. লাইছ’জ’ম তেজৰ লোহিত কণিকা বাদে আন সকলো প্ৰাণীকোষত থাকে।
8. কেতবোৰ নিৰ্জীৱ পদাৰ্থ থাকে।8. কোনো নিৰ্জীৱ পদাৰ্থ নাথাকে।

9. চমুকৈ লিখা ।

(ক) প্লাষ্টিডঃ 

উত্তৰঃ উদ্ভিদকোষৰ কোষপ্ৰৰসত প্লাষ্টিড্ নামৰ কিচুমান সৰু সৰু লেন্স বা ঘূৰণীয়া আকৃতিৰ অংশ থাকে। কিছুমান প্লাষ্টিড্ত ৰঙীন জীৱৰাসায়নিক পৰ্দাথৰ অণু থাকে। এই ৰঙীণ পদাৰ্থবোৰক ৰঞ্জক পদাৰ্থ বোলে। পাতৰ কোষৰ প্লাষ্টিডত থকা ৰঞ্জক পদাৰ্থবিধ হ’ল ক্ল’ৰফিল বা পত্ৰহৰিৎ। ক্ল’ৰফিল থকা প্লাষ্টিডক ক্ল’ৰ’প্লাষ্ট বোলে।

(খ) গলগি সংঘঃ 

উত্তৰঃ কোষকেন্দ্ৰ ওচৰত কিছুমান চেপেটা, থালিসদৃশ অংশ থাকে। এইবোৰৰ কেইবাটাও লগ লাগি এটাৰ োপৰত আন এটা জাপ খাই থাকে। প্ৰতিটো এনে অংশকে ছিষ্টাৰ্নি বোলে। ছিষ্টাৰ্নিৰ একোটা সমষ্টিক গলগি সংঘ বোলে। 1898 চনত ইটালিৰ জীৱবিজ্ঞানী কেমিল গলগিয়ে এইবিধ অৰ্গেনেল আৱিষ্কাৰ কৰিছিল। এই অৰ্গেনেলত বিভিন্ন প্ৰ’টিন অণুৰ ৰাসায়নিক ৰূপান্তৰ সম্পন্ন হয়। একোটা কোষত কেইটামানৰপৰা কেইবাহেজাৰ পৰ্যন্ত গলগি সংঘ হৈ থাকে।

(গ) লাইছজমঃ

উত্তৰঃ সাধাৰণতে প্ৰাণীকোষত লাইছ’জ’ম নামৰ কিছুমান সৰু সৰু ঘূৰণীয়া অৰ্গেনেল থাকে। লাইছ’জ’মবোৰ কিছুমান বিশেষ ধৰণৰ এন্জাইমেৰে পূৰ্ণ সৰু মোনা। বাহিৰৰপৰা কোষৰ ভিতৰলৈ সোমোৱা ৰাসায়নিক পদাৰ্থ অণুজীৱ বা কোষত উৎপত্তি হোৱা অদৰকাৰী অংশক এই এনজাইমবোৰে ভাঙি আঁতৰায়।

(ঘ) ছেন্ট্ৰজমঃ

উত্তৰঃ প্ৰাণীকোষত কোষকেন্দ্ৰৰ ওপৰত এক সৰু অংশ থাকে। এই অংশক ছেন্ট্ৰ’জ’ম বোলে। কোষবিভাজনৰ সময়ত ছেন্ট্ৰ’জ’মবোৰে ক্ৰ’ম’জ’মৰ বিতৰণ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

(ঙ) ৰসধানীঃ

উত্তৰঃ উদ্ভিদকোষৰ মুঠ আয়তনৰ প্ৰায় ৯০ শতাংশ এক বিসেষ আৱৰণৰদ্বাৰা আবৃত হৈ অৰ্ধজুলীয়া পদাৰ্থৰে পূৰ হৈ থাকে। এই অংশক ৰসধানী বোলে। ৰসধানীৰ চাৰিওফালে থকা আৱৰণক ট’ন’প্লাষ্ট্ বোলে। ৰসধানীত থকা অৰ্ধজুলীয়া পদাৰ্থই কোষক স্ফীত অৱস্থাত ৰাখে। ৰসধানীৰ এই জুলীয়া পদাৰ্থত বিভিন্ন লৱণ, শৰ্কৰা, এমিন’ এছিড আদি পদাৰ্থ দ্ৰৱীভূত হৈ থাকে। কোষত উৎপত্তি হোৱা বৰ্জিত পদাৰ্থও ৰসধানীত জমা হৈ থাকে।

(চ) কোষপ্ৰৰসঃ

উত্তৰঃ উদ্ভিদকোষৰ কোষাৱৰণৰ চাৰিওফালে আন এখন ডাঠ আৱৰণ থাকে। ইয়াক কোষবেৰ বোলে। ছেলুল’জ, হেমিছেলুল’জ, ইত্য়াদি বৃহৎ কাৰ্বহাইড্ৰেট অণুৱে কোষবেৰ গঠন কৰে। কোষবেৰে উদ্ভিদকোষবোৰ লগ লগাই ধৰি ৰাখিবলৈ শক্তি প্ৰদান কৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects