অধ্যায়ঃ১১
পৰামাণুৰ গঠন
1. i)ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানীজন হল
ক) নিলছ বৰ
খ) গল্ডষ্টেইন
গ) ৰাদাৰফৰ্ড
ঘ) থমছন
উত্তৰঃ থমছন।
ii) নিউট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানীজন হল
ক) থমছন
খ) ছেড্উইক
গ) ৰাদাৰফৰ্ড
ঘ) প্ৰিষ্টলি ।
উত্তৰঃ ছেড্উইক।
( iii ) পৰমাণুত থকা সমান সমান সংখ্যক মৌলিক কণিকা হল
( ক ) প্রটিন আৰু ইলেকট্রন
( খ ) নিউট্রন আৰু ইলেকট্রন
( গ ) প্রটন আৰু নিউট্রন
( ঘ ) এইবােৰৰ এটাও নহয় ।
উত্তৰঃ (গ) প্ৰটন আৰু ইলেকট্ৰন।
( iv ) নিউক্লিয়াছত থকা কণিকাসমূহ হ’ল
( ক ) প্র’টন আৰু নিউট্রন
( খ ) নিউট্রন আৰু ইলেকট্রন
( গ ) প্ৰ’টন আৰু ইলেকট্রন
( ঘ ) প্রটন , নিউট্রন আৰু ইলেকট্রন ।
উত্তৰঃ (ক) প্ৰটন আৰু নিউট্ৰন।
( v ) ইলেকট্রনৰ আধানৰ মান উলিওৱা বিজ্ঞানীজন হ’ল
( ক ) থমছন ।
( খ ) মিলিকান
( গ ) ৰাদাফ’র্ড
(ঘ) ছেড্উইক ।
উত্তৰঃ (খ) মিলিকান।
( vi ) ইলেকট্রনৰ ভৰ হ’ল

উত্তৰঃ

( vii ) মৌল এটাৰ পাৰমাণবিক সংখ্যা হ’ল
( ক ) নিউক্লিয়াছত থকা নিউট্রন সংখ্যা
( খ ) মৌলটোৰ ইলেকট্রন সংখ্যা
( গ ) মৌলটোৰ যােজ্যতা
( ঘ ) নিউক্লিয়াছত থকা প্ৰ’টিনৰ সংখ্যা ।
উত্তৰঃ (খ)মৌলটোৰ ইলেকট্ৰন সংখ্যা আৰু (ঘ) নিউক্লিয়াছত থকা প্ৰটিনৰ সংখ্যা।
( viii ) ৰাদাৰফৰ্ডৰ পৰীক্ষাৰপৰা ধাৰণা কৰিব পৰা বিষয়টো হ’ল
( ক ) নিউক্লিয়াছৰ আকাৰ
( খ ) পৰমাণুৰ আকাৰ
( গ ) ইলেকট্রনৰ আকাৰ
( ঘ ) নিউট্রনৰ আকাৰ ।
উত্তৰঃ (ক) নিউক্লিয়াছৰ আকাৰ আৰু (খ) পৰমাণুক আকাৰ।
( ix ) পৰমাণুৰ ব্যাস প্রায়
(ক) 10– 10 মি.
(খ) 10-12 মি.
(গ) 10-15 মি.
(ঘ) 10-8 মি.
উত্তৰঃ (ক) 10– 10 মি.
( x ) নিউক্লিয়াছত 20 টা প্রটন থকা পৰমাণুটোৰ ইলেকট্রন সংখ্যা হল ,
( ক ) 20 )
( খ ) 19
( গ ) 18
( ঘ ) 17
উত্তৰঃ (ক) 20
( xi ) কোনটো পৰমাণুত নিউট্রন সংখ্যা কম ?

উত্তৰঃ (ক) 16/8 O
( xii ) হাইড্রজেন পৰমাণুত ( H ) ত থকা নিউট্রন সংখ্যা হ’ল ,
( ক ) 0
( খ ) 1
( গ ) 2
( ঘ ) 3
উত্তৰঃ (ক) )

(ক) ৪ টা প্ৰটন , ৪ টা নিউট্রন , ৪ টা ইলেকট্রন
(খ) ৬ টা প্ৰটন, ১০ টা নিউট্ৰন, ৪টা ইলেকট্ৰন
(গ) ১০ টা প্ৰটন ৬ টা নিউট্ৰন ৪ টা ইলেকট্ৰন
(ঘ) ইয়াৰ এটাও নহয় ।
উত্তৰঃ (ক) ৪ টা প্ৰটন , ৪ টা নিউট্রন , ৪ টা ইলেকট্রন।
(xiv) এটা মৌলিক আইছটপসমূহত থকা
(ক) নিউট্ৰন সংখ্যা সমান
(খ) প্ৰটনৰ সংখ্যা সমান
(গ) পৰমাণুৰ ভৰ সমান
(ঘ) প্ৰটন+ নিউট্ৰনৰ সংখ্যা একে ।
উত্তৰঃ (খ) প্ৰটনৰ সংখ্যা সমান
(xv) n তম শক্তিপথত থাকিব পৰা সৰ্বাধিক ইলেকট্ৰনৰ সংখ্যা হ’ল

উত্তৰঃ (গ) 2. খালী ঠাই পূৰণ কৰা ।i. ———- পৰমাণুৰ নিউক্লিয়াছত নিউট্ৰন নাথাকে ।উত্তৰঃ 1/1h হাইড্ৰজেন।ii. এটা পৰমাণুত থকা ইলেকট্ৰনৰ সংখ্যা পৰমাণুত থকা ——– সংখ্যাৰ সমান ।উত্তৰঃ প্ৰটনৰiii. ইলেকট্ৰন এটাৰ আধানৰ মান —–কুলম্ব ।উত্তৰঃ 1.6 ✖ 10 – 19iv. এটা প্ৰটনৰ ভৰ —— গ্ৰাম।উত্তৰঃ 1.672 ✖ 10 – 30
v. আইছটপসমূহৰ নিউক্লিয়াছত বেলেগ বেলেগ সংখ্যা ——– থাকে ।উত্তৰঃ নিউট্ৰন ( vi ) এটা মৌলৰ বিভিন্ন ভৰৰ পৰমাণুক ——– বোলে ।উত্তৰঃ আইছ’টপ বা সমস্থানিক। ( vii ) পৰমাণু এটাৰ ভৰ পৰমাণুত থকা ——– আৰু——- ৰ সংখ্যা ওপৰত নিৰ্ভৰ কৰে ।উত্তৰঃ প্ৰটিন নিউট্ৰন। ( viii ) পৰমাণুৰ L খােলত থকা ইলেকট্রনৰ সর্বাধিক সংখ্যা হ’ল ——— | উত্তৰঃ ৪( ix ) নিউক্লিয়াছৰপৰা আঁতৰি গ’লে কক্ষপথৰ শক্তি ——– যায় । উত্তৰঃ বাঢ়ি। 3 . তলত দিয়া বাক্যবােৰ শুদ্ধ নে ভুল ? ভুল বাক্যবােৰ শুদ্ধকৈ লিখা । ( i ) পৰমাণু অভিভাজ্য কণিকা ।উত্তৰঃ ভূল। ( ii ) নিউট্রনৰ আধান ধনাত্নক । উত্তৰঃ ভূল ( iii ) এটা মৌলৰ বিভিন্ন আইছ’টপত একে সংখ্যক নিউট্রন থাকে । উত্তৰঃ ভূল ( iv ) পৰমাণুৰ এটাৰ ভৰ হ’ল নিউক্লিয়াছটোৰ ভৰ । উত্তৰঃ শুদ্ধ
( v ) ইলেকট্রনৰ ভৰ প্ৰটিনৰ ভৰৰ সমান । উত্তৰঃ ভূল ( vi ) অক্সিজেন পৰমাণুৰ বহিঃখােলত 6 টা ইলেকট্রন থাকে । উত্তৰঃ শুদ্ধ ( vii ) ডয়টেৰিয়াম আৰু হাইড্রজেন পৰমাণুৰ ভৰ একে । উত্তৰঃ ভূল 4 . পৰমাণুত থকা তিনিটা মৌলিক কণিকাৰ নাম লিখা । ইহঁতৰ প্ৰতিটোৰে আধান আৰু ভৰ লিখা । উত্তৰঃ

5 . ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মূল কথাখিনি লিখা । উত্তৰঃ বাদাৰফ’ৰ্ডে পৰীক্ষাৰ ভিত্তিত পৰমাণু গঠনৰ আৰ্হি আগবঢ়ািছিল। (ক) পৰমাণুৰ কেন্দ্ৰত ধনাত্মক আধানযুক্ত নিউক্লিয়াছটো থাকে। নিউক্লিয়াছত পৰমাণুটোৰ প্ৰায় আটাইখিনি ভৰ থূপ খাই থাকে।
(খ) নিউক্লিয়াছৰ চাৰিওফালে বহু খালী ঠাই থাকে। গ্ৰহবোৰে সূৰ্যক প্ৰদক্ষিণ কৰাৰ দৰে ঋণাত্মক আধানযুক্ত ইলেকট্ৰনবোৰে নিউক্লিয়াছৰ চাৰিওফালে ভিন্ন পথত ঘূৰি ফুৰে। ইলেকট্ৰনৰ বৃত্তাকাৰ পথবোৰক কক্ষপথ বোলে।
(গ) ধনাত্মক নিউক্লিয়াছটোৱে ঋণাত্মক ইলেকট্ৰনটোক অনবৰতে আকৰ্ষণ কৰে। নিউক্লিয়াছৰ আকৰ্ষণী বলৰ বাবে ইলেকট্ৰনটো কক্ষপথৰপৰা আঁতৰি নগৈ চাৰিওফালে ঘূৰি থাকে। 6 . ৰাদাৰফ’ৰ্ডৰ পৰীক্ষাৰপৰা লাভ কৰা সিদ্ধান্তসমূহ লিখা । উত্তৰঃ (ক) পৰমাণু এটাৰ সকলোখিনিআধান পৰমাণুটোৰ মাজত থাকে। অতি কম আয়তনৰ কেন্দ্ৰৰ এই ঠাইখিনিক পৰমাণুগৰ্ভ বা নিউক্লিয়াছ বোলা হয়। নিউক্লিয়াছৰ আকাৰ একেবাৰে সৰু হোৱা বাবে 180 ডিগ্ৰী কোণত বিচ্য়ুত হৈ অহা আলফা ৰশঅমিৰ সংখ্যা একেবাৰে কম।
(খ)পৰীক্ষাৰ সহায়ত নিউক্লিয়াছৰ 10-14 ৰপৰা 10-15 মিটাৰ পোৱা গৈছে। আনহাতে পৰমাণুৰ ব্য়াস হ’ল 10-10 মিটাৰ। 7. আইছ’টপৰ সংজ্ঞা লিখা । হাইড্রজেনৰ আইছটপবােৰৰ নাম আৰু চিহ্ন লিখা । উত্তৰঃ এটা মৌলৰ পৰমাণুৰ নিউক্লিয়াছত প্ৰটনৰ সংখ্যা নিৰ্দিষ্ট, কিন্তু, নিউট্ৰনৰ সংখ্যা এঅকাধিক হ’ব পাৰে। অৰ্থাৎ এটা মৌলৰ পৰামাণৱিক সংখ্যা নিৰ্দিষ্ট, কিন্তু ভৰ ভিন ভিন হ’ব পাৰে। একোটা মৌলৰ বিভিন্ন ভৰ সংখ্যা পৰমাণুক মৌলটোৰ আইছ’টপ বোলা হয়।

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post