অধ্যায়ঃ১২
বিদ্যুৎ
1.ঘৰ্ষণ বিদ্যুৎ কি ?
উত্তৰঃ আন পদাৰ্থৰ লগত ঘঁহনিৰ ফলত পদাৰ্থই লাভ কৰা আখৰ্ষণীয় ধৰ্মক ঘৰ্ষণ বিদ্য়ুৎ বোলে।
2.পদাৰ্থ এটা বৈদ্যুতিকভাৱে আহিত হোৱা মানে কি বুজা যায়?
উত্তৰঃ বিদ্য়ুৎযুক্ত হোৱা পদাৰ্থক বৈদ্য়ুতিকভাৱে আধানযুক্ত বা বৈদ্য়ুতিকভাৱে আহিত বা চমুকৈ আধানযুক্ত আহিত বুলি ক’ব পাৰি।
3.কাচৰ দণ্ড এডাল পাটৰ কাপোৰেৰে ঘঁহিলে দুয়োবিধ পদাৰ্থই আহিত হয়? কথাষাৰ পৰীক্ষাৰ সহায়ত স্থাপন কৰা ।
উত্তৰঃ এডাল কাচৰ দণ্ড সূতাৰে ওলোমাই এটা মূৰ পাট কাপেোৰেৰে ঘঁহি বিদ্য়ুৎযুক্ত কৰা হয়। আন এডাল কাচৰ দণ্ডৰ এটা মূৰ একে ধৰণে বিদ্য়ুৎযুক্ত কৰি মূৰটো ওলোমাই ৰখা দণ্ডডালৰ আহিত মূৰটোৰ ওচৰলৈ আনিলে বিকৰ্ষণ দেখা যায়। অৰ্থাৎ কাচৰ দণ্ডডালত বৈদ্য়ুতিকভাৱে আধানযুক্ত হৈ পৰিছে। আকৌ ঘঁহা পাটৰ কাপোৰখন ডণ্ডডালৰ ওচৰলৈ লৈ আনিলে আকৰ্ষণ কৰা দেখা যাব।
4. ঘৰ্ষণৰ ফলত পদাৰ্থ আধানযুক্ত হোৱাৰ কাৰণ কি ? পদাৰ্থৰ আণৱিক গঠনৰ সহায়ত ব্যাখ্যা কৰা ।
উত্তৰঃ স্বাভাৱিক অৱস্থাত পৰমাণু এটাৰ মুঠ আধানৰ মান শূন্য়। নিউক্লিয়াছৰ ধনাত্মক আধানৰ পৰিমাণ ইলেকট্ৰনবোৰৰ ঋণাত্মক আধানৰ সমান। পৰমাণু এটাক বৈদ্য়ুতিকভাৱে উদাসীন বুলি কোৱা হয়। পৰমাণু লগ লাগি অণু গঠন হয়। অণুত ইলেকট্ৰনবোৰে নতুন কক্ষপথ ৰচনা কৰে। অণুৰ গঠন পৰমাণুতকৈ জটিল। পৰমাণু গঠনৰ আধাৰত কিদৰে এবিধ পদাৰ্থ আহিত হৈ সেই সম্পৰ্কে জানিব পাৰি। ঘৰ্ষণৰদ্বাৰা পদাৰ্থৰ আহিতকৰণ কৰিব পাৰি। পৰমাণুৰ ভিতৰত ঋণাত্মক আধানযুক্ত ইলেকট্ৰনক ধনাত্মক আধানযুক্ত নিউক্লিয়াছৰ আখৰ্ষণী বলে বান্ধি ৰাখে। নিউক্লিয়াছৰপৰা কক্ষপথৰ দূৰত্ব বাঢ়িলে আকৰ্ষণ কমে। একেবাৰে বাহিৰৰ কক্ষপথত থকা ইলেকট্ৰনটোৰ ওপৰত নিউক্লিয়াছৰ আকৰ্ষণী বল আটাইতকৈ দুৰ্বল। দুটা পদাৰ্থ ঘঁহিলে বৰ্হিতমম ইলেকট্ৰনৰ ওপৰতে ইয়াৰ প্ৰভাৱ পৰে। ঘৰ্ষণত দুৰ্বল বান্ধোনৰ ইলেকট্ৰনবোৰ কক্ষচ্য়ুত হয় আৰু আনবিধ পদাৰ্থলৈ স্থানান্তৰিত হয়। ইয়াৰ ফলত এবিধ পদাৰ্থত ইলেকট্ৰনৰ সংখ্যা কমিব আৰু আনবিধ পদাৰ্থত সমপৰিমাণে বাঢ়িব। যিবিলাক পদাৰ্থত ইলেকট্ৰনৰ সংখ্য়া কমিব সেইবিধ ধনাত্মকভাৱে আহিত হয়। যিবিধত ইলেকট্ৰনৰ সংখ্যা বাঢ়িব, সেইবিধ ঋণাত্মকভাৱে আহিত হয়। পদাৰ্থ দুটা সমপৰিমাণে, কিন্তু বিপৰীত আধানেৰে আহিত হয়।
5. দুটা বস্তুৰ ঘৰ্ষণত পদাৰ্থ দুটা সমপৰিমানে কিন্তু বিপৰীতজাতীয় আধানেৰে আহিত হয় । পদাৰ্থৰ আণৱিক গঠনৰ সহায়ত ব্যাখ্যা কৰা ।
উত্তৰঃ স্বাভাৱিক অৱস্থাত পৰমাণু এটাৰ মুঠ আধানৰ মান শূন্য়। নিউক্লিয়াছৰ ধনাত্মক আধানৰ পৰিমাণ ইলেকট্ৰনবোৰৰ ঋণাত্মক আধানৰ সমান। পৰমাণু এটাক বৈদ্য়ুতিকভাৱে উদাসীন বুলি কোৱা হয়। পৰমাণু লগ লাগি অণু গঠন হয়। অণুত ইলেকট্ৰনবোৰে নতুন কক্ষপথ ৰচনা কৰে। অণুৰ গঠন পৰমাণুতকৈ জটিল। পৰমাণু গঠনৰ আধাৰত কিদৰে এবিধ পদাৰ্থ আহিত হৈ সেই সম্পৰ্কে জানিব পাৰি। ঘৰ্ষণৰদ্বাৰা পদাৰ্থৰ আহিতকৰণ কৰিব পাৰি। পৰমাণুৰ ভিতৰত ঋণাত্মক আধানযুক্ত ইলেকট্ৰনক ধনাত্মক আধানযুক্ত নিউক্লিয়াছৰ আখৰ্ষণী বলে বান্ধি ৰাখে। নিউক্লিয়াছৰপৰা কক্ষপথৰ দূৰত্ব বাঢ়িলে আকৰ্ষণ কমে। একেবাৰে বাহিৰৰ কক্ষপথত থকা ইলেকট্ৰনটোৰ ওপৰত নিউক্লিয়াছৰ আকৰ্ষণী বল আটাইতকৈ দুৰ্বল। দুটা পদাৰ্থ ঘঁহিলে বৰ্হিতমম ইলেকট্ৰনৰ ওপৰতে ইয়াৰ প্ৰভাৱ পৰে। ঘৰ্ষণত দুৰ্বল বান্ধোনৰ ইলেকট্ৰনবোৰ কক্ষচ্য়ুত হয় আৰু আনবিধ পদাৰ্থলৈ স্থানান্তৰিত হয়। ইয়াৰ ফলত এবিধ পদাৰ্থত ইলেকট্ৰনৰ সংখ্যা কমিব আৰু আনবিধ পদাৰ্থত সমপৰিমাণে বাঢ়িব। যিবিলাক পদাৰ্থত ইলেকট্ৰনৰ সংখ্য়া কমিব সেইবিধ ধনাত্মকভাৱে আহিত হয়। যিবিধত ইলেকট্ৰনৰ সংখ্যা বাঢ়িব, সেইবিধ ঋণাত্মকভাৱে আহিত হয়। পদাৰ্থ দুটা সমপৰিমাণে, কিন্তু বিপৰীত আধানেৰে আহিত হয়।
6. কোনবোৰ ইলেকট্ৰনক মুক্ত ইলেকট্ৰন বোলা হয় লিখা ।
উত্তৰঃ পাৰা আৰু আন সকলো ধাতুৰ ক্ষেত্ৰত নিউক্লিয়াছৰ লগত বৰ্হিতম ইলেকট্ৰনবোৰৰ বান্ধোন বৰ শিথিল। এনে বান্ধোনমুক্ত ইলেকট্ৰনে সহজে ইফাল-সিফাল কৰিব পাৰে। নিউক্লিয়াছৰপৰা প্ৰায় বান্ধোনমুক্ত ইলেকট্ৰনবোৰক মুক্ত ইলেকট্ৰন বোলা হয়।
৭. পৰিবাহী আৰু অপৰিবাহী পদার্থ কেনেদৰে চিনাক্ত কৰিব পাৰি লিখা ।
উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহ হয় সেইবোৰ পদাৰ্থ পৰিবাহী আৰু যিোবৰ পদাৰ্থৰমাজেৰে বিদ্য়ুৎ প্ৰৱাহ নহয় সেইবোৰ পদাৰ্থ অপৰিবাহী।
৪. মাটি কিয় বৰ ভাল পৰিবাহী ?
উত্তৰঃ পৃথিৱীখনত (ভুখণ্ডত) প্ৰচুৰ পৰিমাণে ইলেকট্ৰন আছে। ইচ্ছা অনুসৰি ভূখণ্ডৰপৰা মুক্ত ইলেকট্ৰন আহৰণ কৰিব পাৰি বা ভূখণ্ডত জমা থ’ব পাৰি। সেইকাৰণে মাটি বৰ ভাল পৰিবাহী।
9. লােহা এটুকুৰা পৰিৱহণ পদ্ধতিৰে কেনেকৈ আহিত কৰিব পাৰি ব্যাখ্যা কৰাঁ ।
উত্তৰঃ এটুকুৰা অনাহিত আৰু এটুকুৰা ধনাত্নমকভাৱে আহিত লোহাৰ টুকুৰা লোৱা হ’ল। অনাহিত টুকুৰাত সকলো নিউক্লিয়াছৰ মুঠ (+) আধান = সকলো ইলেকট্ৰনৰ মুঠ (-) আধান। আনহাতে ধনাত্মক টুকুৰাত মুঠ (+) আধান > মুঠ আধান। দুয়োটুকুৰা লগ লগালে ধনাত্মকটুকুৰাই কিছু মুক্ত ইলেকট্ৰন অনাহিত টুকুৰাৰপৰা আকৰ্ষণ কৰি নিব। দুয়োটুকুৰা সামগ্ৰিকভাৱে ধনাত্মক হৈ পৰে। অনাহিত টুকুৰাটো আঁতৰাই নিলে ধনাত্মক হৈয়ে থাকিব। সেইদৰে আহিত টুকুৰাটো ঋণাত্মক হ’লে সংযোগ স্থলেদি কিছু অতিৰিক্ত ইলেকট্ৰন অনাহিত টুকুৰাটোলৈ যাব। এনেদৰে অনাহিত পৰিবাহী আহিত কৰিব পাৰি।
10. বৈদ্যুতিক আৱেশ কি ?
উত্তৰঃ বাহ্য়িক আধানৰ সহায়ত এডাল পৰিবাহীৰ ওচৰৰ মূৰটোত বিপৰীত প্ৰকৃতিৰ আধান আৰু দূৰৰ মূৰটোত একে প্ৰকৃতিৰ আধান গোট খুওৱা প্ৰক্ৰিয়াকে বৈদ্য়ুতিক আৱেশ বোলা হয়।
11. বৈদ্যুতিক আৱেশদ্বাৰা পৰিবাহীৰ দুই মূৰত জমা হােৱা আধানৰ পৰিমাণ সমান কিয় ? ব্যাখ্যা কৰাঁ ।
উত্তৰঃ ধনাত্মক আহিতটুকুৰা এটা আন এডাল পৰিবাহীৰ ওচৰত থোৱা হ’ল। ধনাত্মক আধানবোৰে পৰিবাহীৰ মুক্ত ইলেকট্ৰনবোৰ ওচৰলৈ আকৰ্ষণ কৰিব। ওচৰৰ মূৰটোত ইলেকট্ৰন বেছি থূপ খায়। আটো মূৰত আধানৰ প্ৰাধান্য় বাঢ়ে।
12. এটা পৰিবাহী আৱেশ প্রক্রিয়াৰে কেনেকৈ আহিত কৰিব পাৰি বৰ্ণনা কৰাঁ ।
উত্তৰঃ

ওলোমাই থোৱা ধাতুৰ বল দুটা স্পৰ্শ কৰি থকাকৈ ৰখা হয় আৰু এই অৱস্থাত দুয়ো মিলি এটা পৰিবাহী হয়। সেয়েহে আৱেশকাৰী আধানৰ প্ৰভাৱৰ ওচৰৰ বলটোত ঋণাত্মক আু দূৰৈৰ বলটোত ধনাম্ত আৱিষ্ট হয়। আৱেশকাৰীৰ আধান ওচৰত থাকোতেই বল দুটাৰ মাজত ফাঁক কৰি দিলে ওচৰৰটোৰ এফালে ঋমাত্মক আধান আৰু দূৰৈৰটোৰ এফালে ধনাত্মক আধানৰ প্ৰাধান্য় ঘটে। আৱেশকাৰী আধানটো আঁতৰালে ওচৰৰ গোটেই বলটো ঋণাত্মকবাৱে আৰু দূৰৈৰ গোটেই বলটো ধনাত্মকবাৱে আহিত হৈ পৰে।
13. মেঘ কেনেকৈ আধানযুক্ত হয় ?
উত্তৰঃ বায়ুমণ্ডলত বিভিন্ন কাৰণত আধানযুক্ত কণিকা থাকে। এইবোৰত পানী জমা হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ টোপালৰ সৃষ্টি কৰে। এনে অসংখ্য টোপালৰ সংযোগ হৈ মেঘৰ সৃষ্টি হয়। ফলস্বৰূপে মেঘ বা ডাৱৰো আধানযুক্ত হৈ পৰে।
14. বিজুলী আৰু ঢেৰেকনিৰ সৃষ্টি কেনেকৈ হয় বাখ্যা কৰা ।
উত্তৰঃ দুচপৰা মেঘৰ মাজৰ প্ৰচুৰ আধান সঞ্চালনে সৃষ্টি কৰা স্ফুলিংগই হ’ল বিজুলী আৰু স্ফিলিংগই মেঘ দুচপৰাৰ মাজৰ বায়ু অতিশয় উত্তপ্ত কৰি তোলে আৰু বায়ু অকস্মাত প্ৰসাৰিত হৈ প্ৰচণ্ড শব্দৰ সৃষ্টি কৰে। এয়ে ঢেৰেকনি।
15. বজ্রপাতৰ সৃষ্টি কেনেকৈ হয় ব্যাখ্যা কৰাঁ ?
উত্তৰঃ কেতিয়াবা ভূ-পৃষ্ঠৰ ওপৰত থকা ডাৱৰ চপৰাত অধিক আধান জমা হৈ পৰে। তাৰ ফলত পৃথিৱীপৃষ্ঠ আু ইয়াৰ ওএপৰত থকা বিভিন্ন বস্তুৰ ওপৰত বিপৰীতজাতীয় আধান আৱিষ্ট হয়। কেতিয়াবা আৱিষ্ট আধানৰ পৰিমাণ অতি হ’লে মেঘৰপৰা ভূ-পৃষ্ঠলৈ আধানৰ সঞ্চালন ঘটে। ইয়াকে ব্ৰজপাত বোলা হয়।
16. বিজুলী পৰিৱহণ দণ্ডক কিয় আৰু কেনেদৰে স্থাপন কৰা হয় লিখা ।
উত্তৰঃ ব্ৰজপাতৰপৰা ৰক্ষা পৰিবলৈ বিজুলী পৰিৱহণ দণ্ড ব্যৱহাৰ কৰা হয়। অট্টালিকা বা ঘৰৰ আটাইতকৈ ওখ অংশত দণ্ড এডালৰ এমুৰে থকা জোঙটো বা জোঙবোৰ আকাশৰ ফালে মুখ কৰি স্থাপন কৰা হয়। আনটো মূৰ ঘৰৰ বেৰৰ বাহিৰেদি নিমাটিত দকৈ পুতি থোৱা হয়। মেঘৰপৰা আধান আহিলে দণ্ডডালে পোনে পোনে ভূ-পৃষ্ঠ পায়গৈ। ফলত ঘৰবাৰী বা অট্টালিকা ব্ৰজপাতৰপৰা ৰক্ষা পৰে।
1. বিদ্যুৎপ্রবাহ কি ?
উত্তৰঃ বিদ্য়ুৎপ্ৰবাহৰ প্ৰয়োগ আমাৰ দৈনন্দিন জীৱনত বহুত। বৈদ্য়ুতিক পাংখা, চাকি, বৈদ্য়ুতিক মটৰ, ৰেডিঅ’, টেলিভিছনৰপৰা আদি কৰি গাড়ী-মটৰ, বৃহৎ কল-কাৰাখানা সকলো বিদ্য়ুৎপ্ৰবাহৰ দ্বাৰা সঞ্চালিত। বিদ্য়ুৎপ্ৰবাহৰ অবিহনেআধুনিক জীৱনৰ কথা ভাবিব পৰা নাযায়।
2. ধাতুৰ মাজেৰে কিহৰ প্রবাহে বিদ্যুৎপ্রবাহ সৃষ্টি কৰে ?
উত্তৰঃ ধাতুৰ মাজেৰে ইলেকট্ৰনে বিদ্য়ুৎপ্ৰবাহ সৃষ্টি কৰে।
3. জুলীয়া পদাৰ্থৰ মাজেৰে বিদ্যুৎপ্রবাহ কিহৰ কাৰণে হয় ?
উত্তৰঃ কোনো দিশত আয়নে গতি কৰিলে জুলীয়া পদাৰ্থৰ মাজেদি বিদ্য়ুৎপ্ৰবাহ সঞ্চালিত হয়।
4. পৰিবাহীৰ মাজেৰে বিদ্যুৎপ্রবাহ পঠিয়াবলৈ কি ব্যৱহাৰ কৰিব লাগিব ?
উত্তৰঃ দুয়োটা মূৰত বৈদ্য়ুতিক বিভব প্ৰয়োগ কৰিব লাগে।
5. বিভবভেদৰ এটা উৎসৰ নাম লিখা ।
উত্তৰঃ বিদ্য়ুৎ-কোষ হৈছে বিভববেদৰ এটা উৎসৰ নাম।
6 . সৰল বৈদ্যুতিক কোষ আৰু বেটেৰিৰ মাজত পার্থক্য কি ?
উত্তৰঃ বহুকেইটা বিদ্য়ুৎ-কোষ সংযোগ কৰি এটা বেটেৰি নিৰ্মাণ কৰা হয়।
7. এটা সৰল বৈদ্যুতিক বর্তনী আঁকা ।
উত্তৰঃ

8. বিভবভেদৰ একক কি ? এটা টর্চলাইটত বাৱহাৰ কৰা বিদ্যুৎকোষৰ ভল্টেজ কিমান ?
উত্তৰঃ বিভবভেদ একক হৈছে- ভল্ট। এটা টর্চলাইটত বাৱহাৰ কৰা বিদ্যুৎকোষৰ ভল্টেজ 1.5 ভল্ট।
9. চাৰিটা কোষ শ্রেণীবদ্ধভাৱে সংযােগ কৰি দেখুওঁৱা ।
উত্তৰঃ

10. চাৰিটা কোষ সমান্তৰালভাৱে সংযােগ কৰি দেখুওঁৱা ।
উত্তৰঃ

11. মটৰগাড়ীত ব্যৱহাৰ কৰা বেটেৰিত কোষবােৰ কি সজ্জাত থাকে ?
উত্তৰঃ মটৰগাড়ীত ব্য়ৱহৃত ৰকোষবোৰ শ্ৰেণী সজ্জাত থাকে।
12. 2 ভল্টৰ চাৰিটা কোষ শ্রেণীবদ্ধভাৱে সজালে সজ্জাটোৰ মুঠ ভল্টেজ কিমান হ’ব ? কোষকেইটা শ্রেণীবদ্ধভাৱে সজালে কিমান হব ?
উত্তৰঃ 2 ভল্টৰ চাৰিটা কোষ শ্ৰেণীবদ্ধভাৱে সজালে মুঠ ভল্টেজ হ’ব- (২+২+২+২) ভল্ট = ৮ ভল্ট। কোষকেইটা সমান্তৰালবাৱে সজালে ২ ভল্ট ভল্টেজ হ’ব।
13. বিদ্যুৎকোষ সমান্তৰাল সজ্জাত সংযােগ কৰিলে কি সুবিধা হয় ?
উত্তৰঃ বিদ্য়ুৎকোষ সমান্তৰাল সজ্জাত সংযোগ কৰিলে সমান্তৰাল সজ্জাৰ পৰা বহু সময়লৈকে বিদ্য়ুৎ প্ৰবাহ সঞ্চালিত কৰিব পাৰি।
14. বেটেৰি আহিতকৰণ মানে কি ?
উত্তৰঃ কোষ এটা অধিক সময় ব্য়ৱহৃত হ’লে ৰাসায়নিক বিক্ৰিয়াৰ পৰিমাণ হ্ৰাস পায় এটা সময়ত বন্ধ হয়। তেতিয়া কোষৰ পৰা ভল্টেজ পোৱা নাযায়। টৰ্চলাইটত ব্য়ৱহৃত কোষবোৰ এনেধৰণৰ। ইয়াক আহিতকৰণ কৰা বুলি কোৱা হয়।
15. বিদ্যুৎপ্রবাহ কি এককত জোখা হয় ?
উত্তৰঃ বিদ্য়ুৎপ্ৰবাহ এম্পিয়াৰ এককত জোখা হয়।
16 . এক মাইক্ৰ’এম্পিয়াৰ কিমান এম্পিয়াৰৰ সমান ?
উত্তৰঃ 1 মাউক্ৰ’এম্পিয়াৰ = 10 – 6 এম্পিয়াৰ।
17. বিদ্যুৎপ্রবাহ আৰু বিভবভেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিৰ নাম কি ?
উত্তৰঃ ভল্টমিটাৰ।
18. এটা বৈদ্যুতিক বর্তনীত এম্পিয়াৰ আৰু ভল্টমিটাৰ সংযােগ কৰি দেখুওৱা ।
19. অমৰ বিধিটো কি ?
উত্তৰঃ অমৰ বিধিটো হৈছে- ‘নিৰ্দিষ্ট উষ্ণতাত পৰিবাহীৰ মাজেদি সঞ্চালিত প্ৰবাহ 1ৰ মান পৰিবাহীৰ দুইমূৰত প্ৰয়োগিত বিভববেদ Vৰ সমানুপাতিক
20. পৰিবাহীৰ মাজেৰে চালিত প্রবাহ কিহৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ পৰিবাহীৰ মাজেদি সঞ্চালিত প্ৰবাহৰ মান পৰিবাহীৰ দুয়োটা মূৰৰ বিভেদ আৰু ৰোধৰ ওপৰত নিৰ্ভৰশীল।
21. বৈদ্যুতিক ৰােধৰ কাৰণ কি ? ইয়াৰ একক কি ?
উত্তৰঃ ধাতুৰ মাজেদি প্ৰবাহ সঞ্চালিত হোৱা মানে ইয়াৰ মাজেদি একে দিশত ইলেকট্ৰন সোঁত বোৱা যায়। ইলেকট্ৰন গতি কৰা অৱস্থাত ধাতুৰ আযনৰ লগত খুন্দা মাৰি গতিত বাধা দিয়ে। ইলেকট্ৰনে যি বাধা পায় তাকে ৰোধ বুলি কোৱা হয়।
ৰোধৰ একক হৈছে ওম।
22 . কোনাে এডাল ধাতুৰ তাৰৰ দুইমূৰে 2 ভল্ট বিভবভেদ প্রয়ােগ কৰাত 0.5 এম্পিয়াৰ প্রবাহ চালিত হ’ল । তাৰডালৰ ৰােধ কিমান ?
উত্তৰঃ ইয়িতা দিয়া মতে, বিভেদ = 2 ভল্ট
প্ৰবাহ = 0.5 এম্পিয়াৰ
গতিকে, ৰোধ = V/l
= 2 ভল্ট/ 0.5 এম্পিয়াৰ।
= ৪ ওম।
23. 22 নং প্রশ্নৰ তাৰডালৰ দুয়ােমূৰে 1.5 ভ’ল্ট বিভবভেদ প্রয়ােগ কৰিলে কিমান প্রবাহ তাৰডালেদি চালিত হ’ব ?
উত্তৰঃ ইয়াত দিয়া মতে, বিভব = 1.5 ভল্ট
R = 4 ওম
গতিকে, প্ৰবাহ = V/R এম্পিয়াৰ
= 1.5/4 এম্পিয়াৰ
= 0.375 এম্পিয়াৰ।
1. বিদ্যুৎপ্ৰবাহে যে চুম্বকত্ব সৃষ্টি কৰে এই ঘট ঘটনা কোনে প্ৰথমে আৱিস্কাৰ কৰিছিল ?
উত্তৰঃ বিজ্ঞানী অ’ৰেষ্টেড়ে আৱিষ্টাৰ কৰিছিল।
2. এডাল লোৰ টুকুৰা বা গজাল কেনেকৈ বিদ্যুূৎচুম্বক কৰিব পাৰি তাৰ এটা বৰ্তনী চিত্ৰ আঁকা ।
উত্তৰঃ

3. বিদুৎচুম্বক এডালৰ চুম্বকত্ব কেনেকৈ বঢ়াব পাৰি ?
উত্তৰঃ কুণ্ডলীৰ মাজেদি সঞঅচালিত প্ৰবাহ বৃদ্ধি কৰি বা কুণ্ডলীৰ তাঁৰত থকা পাকৰ সংখ্যা বৃদ্ধি কৰি চুম্বকত্ব বৃদ্ধি কৰিব পাৰি।
4. বিশুদ্ধপানী বিদ্যুৎপৰিবাহীনে ? ইয়াক কেনেকৈ পৰিবাহী কৰিব পাৰি ?
উত্তৰঃ বিশুদ্ধ পানী বিদ্য়ুত পৰিবাহী নহয়। বিশুদ্ধ পানীৰ সৈতে ধাতুৰ লৱণ মলগ কৰিলে বিদ্য়ুত পৰিবাহী হৈ পৰে।
5.পানীত কপাহ ছালফেট মিহলালে কিয় বিদ্যুৎপৰিবাহী হয়?
উত্তৰঃ কপাৰ ছালফেট পানীত মিহলালে কপাৰ ছালভেট অণুৰ বিভাজন হয়। CuSO4 ৰ প্ৰতিটো অণুৰ বিভাজন ঘটি Cu আৰু SO4 আয়ন সৃষ্টি কৰে। ইয়াৰে Cu আয়ন ধনাত্মক আৰু SO4 আয়ন ঋণাত্মক। ধনাত্মক Cu আয়নবোৰ বেটেৰিৰ ণাত্মক মেৰুৰ লগত সংযোগ কৰা গজালটোৰ পালে গতি কৰে। আনহাতা ঋণাত্মক SO4 আয়নবোৰ বেটেৰিৰ লগত সংযুক্ত গজালটোৰফালে জুলীয়া পদাৰ্থৰ মাজেৰে গতি কৰে। সেইকাৰমে পানীত কপাৰ ছালফাট মিহলালে বিদ্য়ুৎপৰিবাহী হয়।
6. এট বৰ্তনী চিত্ৰ আঁকি কপাহ ছালফেটৰ দ্ৰৱৰ মাজৰে চালিত আয়নৰ দিশ দেখওৱাঁ ।
উত্তৰঃ নিজে অংকণ কৰিবা।
7. তড়িৎলেপন কি ?
উত্তৰঃ দ্ৰৱৰমাজেদি সঞ্চালিত বিদ্য়ুৎ প্ৰবাহৰ সহায়ৰ দ্বাৰা কোনো ধাতুৰ ওপৰত অন্য় ধাতুৰ প্ৰলেপ দিয়া প্ৰক্ৰিয়াটোক তড়িৎলেপন বুলি কোৱা হয়।
8. এখন লোৰ চামুচত তামৰ প্ৰলেপ দিব লাগে । এই প্ৰলেপ কেনেকৈ পৰিব বৰ্তনী চিত্ৰৰে দেখুওৱাঁ ।
উত্তৰঃ নিজে অংকণ কৰিবা।
1. বৈদ্যুতিক ক্ষমতা কি?
উত্তৰঃ একক সময়ত এটা যন্ত্ৰনাইবা এটা সঁজুলিয়ে যিমানখিনি পৰিমাণৰ কাম কৰিব পৰাে, তাৰ যন্ত্ৰটোৰ বৈদ্য়ুতিক ক্ষমতা বোলে।
2. ভল্টেজ আৰু বিদ্যুৎপ্ৰৱাহৰ লগত বৈদ্যুতিক ক্ষমতাৰ সম্বন্ধ কি ?
উত্তৰঃ কোনো সঁজুলিত ব্যৱহাৰ কৰা ভল্টেজ আৰু ইয়াৰ মাজেদি সঞ্চালিত হোৱা প্ৰবাহ হ’লে বৈদ্য়ুতিক ক্ষমতা P=VI।
3. ক্ষমতা জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয়?
উত্তৰঃ ক্ষমতা জুখিবৰ কাৰণে হ’লট একক ব্য়ৱহৃত হয়।
4. বৈদ্যুতিক শক্তিৰ লগত ক্ষমতাৰ সম্বন্ধ কি ?
উত্তৰঃ বৈদ্য়ুতিক শক্তিৰ সৈতে ক্ষমতাৰ সম্পৰ্ক হৈছে- বৈদ্য়ুতিক শক্তি = ক্ষমতা ✖ সময়।
5. বৈদ্যুতিক শক্তি কি এককত জোখা হয়?
উত্তৰঃ ৱাট ছেকেণ্ডেত বৈদ্য়ুতিক শক্তি জোখা হয়।
6. 1 কিলৱাট কিমান মাইক্ৰৱাটৰ সমান হব?
উত্তৰঃ নিজে কৰিবা।
7. টৰ্চলাইট বাল্ব এটাৰ ক্ষমতা আনুমানিক কিমান হ’ব পাৰে ?
উত্তৰঃ নিজে কৰা।
8. 220 ভল্ট বিভবভেদ প্ৰয়োগ কৰাত এটা বাল্বৰ মাজেৰে 0.1 এম্পিয়াৰ প্ৰৱাহ চালিত হল । বাল্বটোৱে ব্যস কৰা ক্ষমতাৰ মান কিমান ?
উত্তৰঃ বাল্বটোৱে খৰচ কৰা ক্ষমতা = P VI
= 220 ভল্ট ✖ 0.1 এম্পিয়াৰ
= 22 ৱাট।
9. 100 ৱাট ক্ষমতাৰ বাল্ব এটাত 200 ভল্ট বিভবভেদ প্ৰয়োগ কৰা হল । বাল্বটোৰে কিমান প্ৰৱাহ চালিত হব ?
উত্তৰঃ ক্ষমতা = VI
এতেকে l = P/V
= 100 ৱাট/ 220 ভল্ট
= 5/11 এম্পিয়াৰ
= 0.45 এম্পিয়াৰ।
10. 1কিলৱাট ক্ষমতাৰ বৈদ্যুতিক হিটাৰ এটাত 200 ভল্ট বিভবভেদ প্ৰয়োগ কৰা হল। মিটাৰটোৰে কিমান প্ৰৱাহ চালিত হব ?
উত্তৰঃ ক্ষমতা = VI
এতেকে I = P/V
= 1 কিল’ৱাট/ 220 ভল্ট
= 1000 ৱাট/ 200 ভল্ট
= 5 এম্পিয়াৰ
11. ভল্টজ, বিদ্যুৎপ্ৰৱাহ আৰু প্ৰবাহচালিত সময় জনা থাকিলে ব্যয় হোৱা বৈদ্যুতিক শক্তিৰ মান কেনেকৈ উলিয়াব পাৰি ?
উত্তৰঃ আমি জানো যে,
বৈদ্য়ুতিক ক্ষমতা = ক্ষমতা ✖ সময়
গতিকে বৈদ্য়ুতিক শক্তি = ভল্টেজ ✖ প্ৰবাহ ✖ সময়
এই সম্পৰ্কটোৰ দ্বাৰাই বৈদ্য়ুতিক শক্তিৰমান উলিয়াব পাৰি।
12. এটা বৈদ্যুতিক ইষ্ট্ৰিৰ ক্ষমতা 0.6 ৱাট । 1.5 ঘন্টাত ই কিমান বৈদ্যুতিক শক্তি ব্যয় কৰিব ?
উত্তৰঃ ক্ষমতা = 0.6 ৱাট
সময় = 1.5 ঘন্টা
= 1.5 ✖ 60 ✖ 60 ছে
= 5400 ছে
এতেকে বৈদ্য়ুতি শক্তি = 0.6 ৱাট ✖ ৫৪০০ ছে
= 3240 ৱাট ছে.
13. দুটা 60 ৱাটৰ বাল্ব 5 ঘন্টা একেৰাহে জ্বলিল । বাল্ব দুটাই ব্যয় কৰা মুঠ শক্তি কিমান হব?
উত্তৰঃ বাল্বৰ ক্ষমতা = 60 ৱাট
সময় = 5 Hour
2 বাল্বে খৰচ কৰা মুঠ শক্তি = 2 ✖ 60 ✖ 5 ৱাট – ঘন্টা
= 600 ৱাট – ঘন্টা
= 0.6 কিল’ৱাট ঘন্টা
14. দুটা 40 ৱাটৰ বাল্ব দিনে 5 ঘন্টাকৈ জ্বলিলে 30 দিনত মুঠ কিমান বৈদ্যুতিক শক্তি কিমান হব?এক ইউনিট বৈদ্যুতিক শক্তিৰ বাবে খৰচ 2.50 টকা হলে বাল্ব দুটা জ্বলা বাবে কিমান খৰচ ভৰিব লাগিব ?
উত্তৰঃ ক্ষমতা = 40 be’
সময় = 5 ✖ 30 ঘন্টা = 150 ঘন্টা
1 টা বাল্বৰ বৈদ্য়ুতিক শক্তি = ৪০ ✖ 150 ৱাট-ঘন্টা
= 6000 ৱাট-ঘন্টা
এতেকে দুটা বাল্ব বৈদ্য়ুতিক শক্তি = 2 ✖ 6000 ৱাট-ঘন্টা
= 12000 ৱাট-ঘন্টা
= 12 কিলটৱাট ঘন্টা
= ১২ ইউনিউট
এক ইউনিটৰ লকাৰণে ব্য়য় হয় 2.50 টকা
∴ 12 উইনিটৰ কাৰণে ব্য়য় হ’ব = ১২ ✖ ২.৫০ টকা
= 30.00 টকা।
15. এটা টৰ্চলাইটৰ বাল্বত 2 ভল্ট বিভবভেদ প্ৰয়োগ কৰাত 0.2 এম্পিয়াৰ প্ৰৱাহ 10 ছেকেগুৰ বাবে চালিত হল । টৰ্চলাইটটোত কিমান কিলৱাট ঘন্টা বৈদ্যুতিক শক্তি খৰচ হব ?
উত্তৰঃ টৰ্চলাইটটোৱে ব্য়য় কৰা বৈদ্য়ুতিক শক্তি = ক্ষমতা ✖ সময়
= বিভৱভেদ ✖ প্ৰবাহ ✖ সময়
= 2 ভল্ট ✖ 0.2 এম্পিয়াৰ X 10 :s
= 4 ৱাট – ছে
= 4 ✖ 10-3 কিল’ৱাট 1/60 X 60 ঘন্টা
= 4 ✖ 10-3 / 3600 কিল’ৱাট ঘন্টা
= 1/9 ✖ 10-5 কিল’ৱাট ঘন্টা
16. জেনেৰেটৰৰ মূল নীতিটোৰ কি ?
উত্তৰঃ জেনেৰেটৰৰ মূল নীতিটো হৈছে- চুম্বকত থকা কোনো অ়ঞ্চলত এটা ধাতুৰ তাঁৰৰ কুণ্ডলী ঘূৰালে কুণ্ডলীৰ বিভবভেদৰ সৃষ্টি হয়। বিভবভেদ প্ৰোয়গ কৰি বিদ্য়ুৎপ্ৰৱাহ বা বৈদ্য়ুতিক শক্তি পাব পাৰি। চুম্বকত্বৰ অঞ্চলটো শক্তিশালী হ’লে আু কুণ্ডলীটো বেগাই ঘূৰালে অধিক বিভববেদৰ সৃষ্টি হয়। বিভববেদ বাঢ়িলে বিদ্য়ুৎপ্ৰৱাহো বাঢ়িব। বিদ্য়ুৎ উৎপাদক কেন্দ্ৰচ ব্যৱহাৰ হোৱা জেনেৰেটৰৰ গঠন প্ৰণালী জটিল।
17. তিনি ধৰণৰ বিদ্যুৎ উৎপাদান কেন্দ্ৰ কি কি ?
উত্তৰঃ তিনি ধৰণৰ বিদ্য়ুৎ উপাদান কেন্দ্ৰ হৈছে-
১) জলবৈদ্য়ুতিক কেন্দ্ৰ।
২) তাপবৈদ্য়ুতিক কেন্দ্ৰ।
৩) পাৰমানৱিক শক্তিকেন্দ্ৰ
18. জলবৈদ্যুতিক কেন্দ্ৰত কি শক্তি ব্যৱহাৰ কৰি টাৰ্বাইন ঘূৰোৱা হয় ?
উত্তৰঃ জলবৈদ্য়ুতিক কেন্দ্ৰত নদী বা হ্ৰদত বান্ধ দি জমা কৰি ৰখা পানীৰ জোৰেৰে সুৰঙ্গৰ মাজেৰে পৰিবলৈ টি টাৰ্বাইন ঘূৰোৱা হয়।
19. ফিউজ তাঁৰডাল কত লগোৱা থাকে ? যি কোনো তাঁৰকেই ফিউজ হিচাপে সংযোগ কৰিব পাৰিনে ?
উত্তৰঃ ঘৰুৱা বৈদ্য়ুতিক বৰ্তনীত শ্ৰেণীবদ্ধভাৱে ফিউজ তাৰডাল লগোৱা থাকে। যদি কোনো কাৰণত বৰ্তনীত অধিকভাৱে প্ৰবাহ সঞ্চালিত হ’লে ফিউজ তাৰডাল উত্তপ্ত অৱস্থাত গলি যায় আৰু তাৰ ফলত বৰ্তনীৰ দ্বাৰা প্ৰবাহ সঞ্চালিত নহয় আু ঘৰৰ সামগ্ৰী বা তাৰ নষ্ট হোৱাৰ পৰা বিৰত থাকে।
তাৰকেই ফিউজ হিচাপে সংযোগ কৰিব নোৱাৰি। এটা নিৰ্দিষ্ট মানৰ ফিউজহে ব্য়ৱহৃত হয়।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post