AJB Class 8 New Science 1 Chapter 5 Answer 2026 | ধাতু আৰু ইয়াৰ ব্যৱহাৰ |

অধ্যায় ৫

ধাতু আৰু ইয়াৰ ব্যৱহাৰ

অনুশীলনী

1. প্ৰতিটো প্ৰশ্ন চাৰিটাকৈ উত্তৰ দিয়া আছে । শুদ্ধটো বাছি উলিওৱাঁ ।

(ক) ধাতুকল্প হ’ল- 

(i) আৰ্ছেনিক ।

(ii) ছডিয়াম । 

(iii) আইন ।

(iv) কপাৰ ।

উত্তৰঃ আছেনিক।

(খ) সাধাৰণ উষ্ণতাত থকা জুলীয়া ধাতু হ’ল –

(i) পটেছিয়াম ।

(ii) মাৰ্কাৰি ।

 (iii) জিংক ।

(iv) মেগনেছিয়াম ।

উত্তৰঃ মাৰ্কাৰি।

(গ) প্ৰায়বোৰ ধাতু বিদ্যুতৰ-

(i) পৰিবাহী ।

(ii) অপৰিবাহী ।

(iii) কুপৰিবাহী ।

(iv) এইবোৰৰ এটাও নহয় । 

উত্তৰঃ পৰিবাহী।

(ঘ) কৰ্কটৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা ধাতু হল-

(i) ক’বাল্ট ।

(ii) জিংক ।

(iii) কিলছিয়াম । 

(iv) ছ’ডিয়াম।

উত্তৰঃ ক’বাল্ট।

(ঙ) এলুমিনিয়াম ধাতুৰ আকাৰিকৰ নাম হ’ল- 

(i) ৰেড হেমেটাইট ।

(ii) গেলেনা ।

(iii) বক্সাইট ।

(iv) এইবোৰৰ এটাও নহয় ।

উত্তৰঃ বক্সাইট।

 ( চ ) মেগনেছিয়ামৰ ফিটা এডাল পুৰিলে উৎপন্ন হােৱা ছাইখিনিৰ ওজন ফিটাডালৰ ওজনতকৈ-

 ( i ) কম ।

( ii) বেছি ।

( iii ) সমান ।

( iv ) এটাও নহয় ।

উত্তৰঃ বেছি।

 ( ছ ) সাধাৰণ উষ্ণতাত পানীৰ লগত বিক্রিয়া কৰি হাইড্র’জেন প্রস্তুত কৰা ধাতুটো হ’ল-

( i ) ছ’ডিয়াম ।

( ii ) কেলছিয়াম ।

( iii ) কপাৰ ।

( iv ) আইৰণ । 

উত্তৰঃ ছডিয়াম।

( জ ) পিতল এবিধ –

( i ) যৌগ ।

 ( ii ) সংকৰ ধাতু ।

( iii ) মৌল ।

( iv ) আকৰিক । 

উত্তৰঃ সংকৰ ধাতু।

( ঝ ) আইৰণত মামৰে ধৰিবলৈ প্রয়ােজনীয় উপাদান হ’ল –

( i ) উতলা পানী ।

( ii ) অক্সিজেন গেছ ।

( iii ) শুকান বায়ু ।

 ( iv ) সেমেকা বায়ু ।

উত্তৰঃ সেমেকা বায়ু।

 2. মেগনেছিয়াম ধাতুৰ অক্সাইড ক্ষাৰকীয় বুলি সাব্যস্ত কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ ।

উত্তৰঃ  এটুকুৰা মেগনেছিয়ামৰ ফিটা এডাল চেপেনাৰে ধৰি জ্বলালে মেগনেছিয়াম অক্সাইড (MgO) প্ৰস্তুত হয়। মেগনেছিয়াম অক্সাইডৰ বগা ছাইখিনি বিকাৰত লৈ তাত অলপ পানী যোগ কৰি মিশ্ৰটো লৰাই থকা হয়। বিক্ৰিয়া দুটা এনে ধৰণৰঃ 

মিশ্ৰ দ্ৰৱত এটুকুৰা ৰঙা আৰু এটুকুৰা নীলা লিটমাছ সুমুৱাই থ’লে কোনো পৰিৱৰ্তন চকুত নপৰে; আনহাতে ৰঙা লিটমাছৰ বৰণ নীলা হ’বলৈ ধৰে। মেগনেছিয়াম অক্সাইডৰ দ্ৰৱটো ক্ষাৰকীয়। 

3. আইৰণত মামৰে ধৰিবলৈ যে সেমেকা বায়ুৰ প্ৰয়ােজন তাক দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ ।

উত্তৰঃ  তিনিটা পৰীক্ষানলীৰ প্ৰতিটোতে এটাকৈ নতুন লোৰ গজাল লোৱা হয়। প্ৰথমটোত অলপ অনাৰ্দ্ৰ কেলছিয়াম ক্ল’ৰাইড লোৱা হয়। ই নলীটোত থকা জলীয় বাষ্প শোষণ কৰিব। দ্বিতীয়টোত উতলা পানী ভৰোৱা হয়। উতলা পানীৰপৰা দ্ৰীভূত অক্সিজেনভাগ আঁতৰি যায়। তৃতীয় নলীটোত সাধাৰণ পানী লোৱা হয়। ৰবৰৰ থিলাৰে প্ৰথম আৰু দ্বিতীয় নলী বন্ধ কৰা হয়। তিনি-চাৰিদিনৰ পিছতো প্ৰথম আৰু দ্বিতীয় নলীৰ গজাল দুটা মামৰযুক্ত হৈ থাকে; আহাতে, তৃতীয়টো গজালত মামৰে ধৰিবলৈ আৰম্ভ কৰে।

পৰীক্ষাটোৱে দেখুৱাই যে মামৰে ধৰিবলৈ বায়ু আৰু পানী দুয়োটাই প্ৰয়োজন। সেমেকা বায়ুত জলীয় বাষ্প আৰু অক্সিজেন দুয়োটা থাকে। তেনে বায়ুতো মামৰে ধৰিব।

 4. শুদ্ধ অংশত ✓ চিন দিয়া। 

(ক) পটেছিয়াম দহন কৰিলে উৎপন্ন হােৱা অক্সাইড হ’ল আম্লিক অক্সাইড / ক্ষাৰকীয় অক্সাইড ।

উত্তৰঃ ক্ষাৰকীয় অক্সাইড।

(খ) ছডিয়াম মেগনেছিয়ামতকৈ বেছি সক্রিয় হয় / নহয় ।

উত্তৰঃ বেছি সক্ৰিয় হ’ব।

(গ) মেগনেছিয়ামে চেঁচা পানীৰ লগত বিক্রিয়া কৰে / নকৰে ।

উত্তৰঃ মেনেছিয়ামে চেচা পানীৰ লগত বিক্ৰিয়া নকৰে।

(ঘ) সকলােবােৰ ধাতু সাধাৰণ উষ্ণতাত কঠিন হয় / নহয় ।

উত্তৰঃ সকলোবোৰ ধাতু সাধাৰণত উষ্ণতাত কঠিন নহয়।

(ঙ) নিষ্কলংক তীখাত থকা মৌলসমূহ হ’ল আইৰণ , নিকেল , ক্রমিয়াম আৰু কার্বন । হয় / নহয় ।

উত্তৰঃ হয়।

( চ ) সক্রিয়তাৰ ভিত্তিত ধাতুসমূহৰ ক্ৰম হ’ল K < Mg < Cu < Au ৷ শুদ্ধ / অশুদ্ধ ।

উত্তৰঃ অশুদ্ধ।

( ছ ) কপাৰৰ তাঁৰ এডাল ছিলভাৰ নাইট্রেটৰ দ্ৰৱত ডুবাই ৰাখিলে তাৰডালত উজ্জ্বল বৰণৰ ছিলভাৰ টোপাল লাগি ধৰে । শুদ্ধ / অশুদ্ধ ।

উত্তৰঃ শুদ্ধ।

5. তলত বর্ণনা কৰা বিক্রিয়াসমূহৰ ৰাসায়নিক সমতুল সমীকৰণ লিখাঁ ।  

( ক ) ৰঙাকৈ গৰম কৰা আইৰণৰ গুড়িৰ ওপৰেৰে পানীৰ ভাপ যাব দিয়া হ’ল ।

উত্তৰঃ (ক) 3Fe + 4H₂O → Fe₃O + 4H₂

 ( খ ) কপাৰ ছালফেটৰ দ্ৰৱত জিংকৰ গুড়ি যােগ কৰা হ’ল ।

উত্তৰঃ Zn + CuSo₄ → ZnSO₄+ Cu

( গ ) এলুমিনিয়াম ধাতুৰ পাতৰ লগত লঘু হাইড্র’ক্লৰিক এছিড যােগ কৰা হ’ল ।

উত্তৰঃ  2AI+ 6Hcl → 2AICI₃+3H₂

 6. ধাতু কি ? ছটা ধাতুৰ নাম আৰু চিহ্ন লিখা । 

উত্তৰঃ ধাতু হৈছে তাপ আৰু বিদ্য়ুৎৰ সুপৰিবাহী মৌল। 

ধাতুৰ নামচিহ্ন
আইৰণFe
কপাৰCu
এলুমিনিয়ামAl
জিংকZn
লেডPb
ছিলভাৰAg

 7. মণিক কি ? কোনবােৰ মণিকক আকৰিক বােলে ?

উত্তৰঃ প্ৰকৃতিত মাটি, শিল আদিৰ লগত ধাতুসমূহ মিহলি হৈ থাকে। এইবোৰক মণিক বোলে। প্ৰকৃতিত পোৱা যিবোৰ মণিক পদাৰ্থৰপৰা ধাতু এটা সহজে সুবিধাজনকভাৱে কম খৰচতে নিষ্কাশন কৰিব পাৰি সেইবোৰ খনিজক আকৰিক বোলা হয়।

 ৪ , আইৰণ , জিংক , কপাৰৰ এটাকৈ আকৰিকৰ নাম আৰু সংকেত লিখা ।

উত্তৰঃ 

ধাতুৰ নামআকৰিকৰ নামসংকেত
আইৰণৰেড হেমেটাইট Fe₂O₃
জিংকজিংক ব্লেণ্ড ZnS
কপাৰকপাৰ পাইৰাইটিজ Cu₂S.Fe₂S₃

 9. সংকৰ ধাতু কি ? কপাৰৰ তিনিটা সংকৰ ধাতুৰ নাম আৰু ব্যৱহাৰ লিখা । 

উত্তৰঃ দুটা বা ততোধিক ধাতু, বা ধাতু আৰু অধাতুৰ গোটা সমসত্ব মিশ্ৰক সংকৰ ধাতু বোলে। 

(১) পিতলঃ ব্যৱহাৰঃ- বাচন-বৰ্তন, মূৰ্তি, অলংকাৰ, সংগীতৰ সঁজুলি, গজাল, বল্টু ইত্য়াদি নিৰ্মাণত।

(২) ব্ৰঞ্জঃ ব্যৱহাৰঃ- মূৰ্তি, মুদ্ৰা, বেল, অলংকাৰ পদ আদি নিৰ্মাণত।

(৩) কাঁহঃ ব্যৱহাৰঃ- বাচন-বৰ্তন ইত্য়াদি নিৰ্মাণত।

10. প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা দুটা ধাতুৰ নাম লিখাঁ ।

উত্তৰঃ প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম হৈছে- সোণ আৰু ৰূপ।

l1 , ক্ষয়ীভৱন প্রক্রিয়া কেনেদৰে সংঘটিত হয় বুজাই লিখাঁ ।

উত্তৰঃ আইৰণৰ গজাল, স্ক্ৰু, পানী কঢ়িওৱা পাইপ ইত্য়াদি বাহিৰত পেলাই থলে কিছুদিনৰ পাছতে এইবোৰৰ ওপৰত ৰঙচুৱা গুড়ি পদাৰ্থৰ এটা আৱৰণ সৃষ্টি হয়। আৱৰণটোক মামৰ বুলি কোৱা হয়। মামৰৰ তৰপটো ধাতুৰ ওপৰিভাগত লাগি ধৰে আৰু সহজে ইয়াক এৰুৱাব পাৰি। ফলত ধাতুটুকুৰা ক্ৰমে ক্ষয় হৈ গৈ থাকে। ধাতুৰ পৃষ্ঠভাগত তৰপে তৰপে ধাতুৰ যৌগ (যেনে, মাম) উৎপন্ন হৈ ধাতুবিধ ক্ষয়প্ৰাপ্ত হোৱা প্ৰক্ৰিয়াক ধাতুৰ ক্ষয়ীভৱন বোলা হয়।বায়ু আৰু জলীয় বাষ্পৰ সংস্পৰ্শত আইৰণ জলযুক্ত আইৰণ অক্সাইড যৌগলৈ ৰূপান্তৰিত হয়। জলযুক্ত আইৰণ অক্সাইডৰ সাধাৰণ নামেই হ’ল মামৰ। আইৰণৰ টুকুৰাত ৰঙচুৱা আৱৰণ সৃষ্টি হোৱাৰ দৰে কপাৰৰ টুকুৰা এটা বাহিৰত পেলাই থ’লে তাৰ ওপৰত সেউজীয়া আৱৰণ পৰে। ই কপাৰৰ ক্ষয়ীভৱণ। কপাৰে সেমেকা বায়ুৰ পৰিৱেশত সেউজীয়া বৰণৰ ক্ষাৰকীয় কপাৰ কাৰ্বনেটৰ সৃষ্টি কৰে। বায়ু আৰু পানীৰ উপৰি আন গেছীয় পদাৰ্থ, এছিড, খাৰ আদিৰ সংস্পৰ্শতো ধাতুৰ ক্ষয়ীভৱন হয়। বৈদ্য়ুতিক সোঁতৰ প্ৰভাৱতো ধাতুৰ ক্ষয়ীভৱন হয়।প

12. দস্তালেপন কি ? ইয়াক কেতিয়া প্রয়ােগ কৰা হয় ? 

উত্তৰঃ জিংকত (দস্তাত) মামৰে নধৰে। গতিকে আইৰণৰ ওপৰত জিংকৰ লেপন দি মামৰে ধৰা ৰোধ কৰিব পাৰি। ইয়াকে দস্তালেপন বোলা হয়।

প্ৰথমে সামগ্ৰীৰ উপৰিভাগ লঘু এছিড বা পানীৰ ধুই পৰিষ্কাৰ কৰি গলিত অৱস্থাত থকা জিংকত ডুবালে পৃষ্ঠভাগত জিংকৰ প্ৰলেপ পৰে। টিনপাত, পানীৰ নলী, বল্টু, গঁজাল, তাঁৰ আদি আইৰণেৰে নিৰ্মিত সামগ্ৰীত দস্তালেপন পদ্ধতিৰে মামৰে ধৰা ৰোধ কৰা হয়।  

13. ধাতুৰ ক্ষয়ৰােধৰ দুটা পদ্ধতি বর্ণনা কৰাঁ ।

উত্তৰঃ ধাতুৰ ক্ষয়ীভৱন ৰোধ কৰিবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰা হয়। অক্সিজেন আৰু জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিবলৈ নিদিলে ধাতুত মামৰে নধৰে আৰু ক্ষয়ীভৱন নহয়।

ধাতুৰ ক্ষয়ীভৱন ৰোধ কৰিবলৈ সততে লোৱা পদ্ধতিসমূহ হৈছেঃ

(ক) ধাতু পৃষ্ঠত ৰং দি ক্ষয়ীভৱন ৰোধ কৰিব পাৰি। ষ্টিলৰ আচবাব, আইৰণৰ দলং, ৰেলৰ দবা, বাছ, ট্ৰাক আদিত সাধাৰণতে ৰং দি ক্ষয়ীভৱন ৰোধ কৰা হয়। দৈনন্দিন ব্যৱহৃত বহুতো ষ্টিলৰ বয়-বস্তুটো ৰং দিয়া হয়।

(খ) কিছুমান বস্তুত তেল বা গ্ৰিজ সানিও ক্ষয়ীভৱন ৰোধ কৰা হয়। কেচি, ছুৰী, চাইকেলৰ চেইন আদিত এনে গ্ৰিজ সানি লোৱা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top