AJB Class 8 Social Science Chapter 16 Answer

পাঠ ১৬

অক্ষাংশ আৰু দ্ৰাঘিমাংশ

অনুশীলনী 

1. উত্তৰ লিখাঁ।

a. পৃথিৱীৰ উপৰিভাগত ৰেখা কিয় কল্পনা কৰা হয়?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত অৱস্থিত এখন ঠাইৰ ভৌগোলিক অৱস্থান জানিবলৈ পৃথিৱীখন আগুৰি কিছুমান ৰেখা কল্পনা কৰি ধাৰণা কৰি লোৱা হয়। এই ৰেখা বোৰে পৃথিৱীখনক সামৰি এখন জালৰ সৃষ্টি কৰিছে। এই ৰেখাবোৰৰ নিজস্ব অৱস্থান আৰু ক্ৰমাংক থাকে যিবোৰৰ সহায়ত ঠাইখনৰ অৱস্থান নিৰূপণ কৰিব পাৰি।

b. অক্ষৰেখা বুলিলে কি বুজা? অক্ষৰেখা মুঠতে কেইডাল?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত অৱস্থিত এখন ঠাইৰ ভৌগোলিক অৱস্থান জানিবলৈ পৃথিৱীখন আগুৰি কিছুমান ৰেখা কল্পনা কৰি ধাৰণা কৰি লোৱা হয়। এই ৰেখা বোৰে পৃথিৱীখনক সামৰি এখন জালৰ সৃষ্টি কৰিছে। এই ৰেখাবোৰৰ নিজস্ব অৱস্থান আৰু ক্ৰমাংক থাকে যিবোৰৰ সহায়ত ঠাইখনৰ অৱস্থান নিৰূপণ কৰিব পাৰি।

c. বিষুৱৰেখা বুলিলে কি বুজা? ইয়াৰ মান কিমান?

উত্তৰঃ পৃথিৱীৰ উত্তৰ মেৰু বিন্দু আৰু দক্ষিণ মেৰু বিন্দুক সমদূৰত্বত ৰাখি পূৱা পশ্চিমাকৈ বৃত্তাকাৰে আগুৰি থকাকৈ যি ডাল যি ডাল কাল্পনিক ৰেখা কল্পনা কৰি লোৱা হৈছে সেই ৰেখা ডালকে বিষুৱ ৰেখা বোলে। বিষুৱ ৰেখাৰ আন এটা নাম হ’ল নিৰক্ষ ৰেখা। বিষুৱ ৰেখাই পৃথিৱীখনক সমানে দুটা ভাগত বিভক্ত কৰিছে। বিষুৱ ৰেখাৰ মান ০৹ ডিগ্ৰী বুলি ধৰা হয়। এই ০৹ ডিগ্ৰীৰ পৰা উত্তৰে আৰু দক্ষিণে অক্ষ ৰেখাবোৰ কল্পনা কৰি লোৱা হয়।

d. বিষুৱৰেখাৰ মুখ্য বৈশিষ্ট্য কি?

উত্তৰঃ বিষুৱ ৰেখা ডালক মধ্যমা হিচাপে ০৹ ডিগ্ৰী মানত ৰাখি ইয়াৰে উত্তৰে আৰু দক্ষিণে যিবোৰ কাল্পনিক ৰেখা থাকে সেই বোৰৰ অৱস্থান বুজোৱাত সহায়ক হৈছে। ০৹ ডিগ্ৰীত বিষুৱ ৰেখাৰ স্থিতি নথকা হ’লে অক্ষৰেখাবোৰৰ অবস্থান নিৰ্ণয় কৰিব পৰা নগ’লহেঁতেন।

e. দ্ৰাঘিমাৰেখা বুলিলে কি বুজা? দ্ৰাঘিমাৰেখা মুঠতে কিমান ?

উত্তৰঃ উত্তৰ মেৰু বিন্দু আৰু দক্ষিণ মেৰু বিন্দু সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ ৰেখা কল্পনা কৰা হৈছে সেইবোৰক দ্ৰাঘিমা ৰেখা বোলে। ০ ডিগ্ৰীৰ পৰা পূবলৈ ১৮০ ডাল আৰু পশ্চিমলৈ ১৮০ ডাল মুঠতে ৩৬০ ডাল দ্ৰাঘিমা ৰেখা থাকে।

f. মুখ্য দ্ৰঘিমাৰেখা কাক বোলে? ইয়াৰ মান কিমান?

উত্তৰঃ  ১৮৮৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত বহা আন্তঃৰাষ্ট্ৰীয় দ্ৰাঘিমা সন্মিলনত লণ্ডনৰ ওপৰেৰে যোৱা দ্ৰাঘিমা ৰেখাডালক মুখ্য দ্ৰাঘিমাৰেখা হিচাপে স্বীকৃতি দিছে। মুখ্য দ্ৰাঘিমা ৰেখাৰ অৱস্থান মান হ’ল ০৹ ডিগ্ৰী। এই ০৹ ডিগ্ৰীৰ পূৱ ফালে থকা অংশটোক পূৱ গোলাৰ্দ্ধ

আৰু ০৹ ডিগ্ৰীৰ পশ্চিম ফালে থকা অংশটোক পশ্চিম গোলাৰ্দ্ধ বোলা হয়।

2. অক্ষাংশ আৰু দ্ৰাঘিমাংশ কাক বোলে? ইয়াক কেনেদৰে উলিওৱা হয় বুজাই লিখাঁ। 

উত্তৰঃ অক্ষাংশ হ’ল এখন ঠাই আৰু পৃথিৱীৰ কেন্দ্ৰ সংযোগী ৰেখাডালে যেতিয়া বিষুৱ ৰেখাৰ সমতলৰ লগত যি কোণৰ সৃষ্টি কৰে সেয়া হ’ল সেই ঠাই খনৰ অক্ষাংশ।

আনহাতে দ্ৰাঘিমাংশ হ’ল কোনো এখন ঠাইৰ পৰা মুখ্য দ্ৰাঘিমা ৰেখালৈ পূৱা পশ্চিমাকৈ যি কোণৰ সৃষ্টি কৰে সেই কোণৰ দূৰত্বকে দ্ৰাঘিমাংশ বোলা হয়।

পৃথিৱীৰ কেন্দ্ৰ বিন্দুৰ মাজেদি পৃথিৱীৰ মেৰু দণ্ডডাল অৱস্থান কৰিছে। যদি আমি প্ৰাথমিক দ্ৰাঘিমাৰেখা এডালক ০৹ ডিগ্ৰীত থকা দ্ৰাঘিমা ৰেখা বুলি গণ্য কৰোঁ তেনেহ’লে ইয়াৰ ওপৰত ভিত্তি কৰি যিকোনো ঠাই দুখনৰ অৱস্থান কৰা দ্ৰাঘিমাংশ উলিয়াব পাৰি।

3. ক্ৰ’ণমিটাৰ আৰু ছেক্সটেণ্ট মানে কি বুজা? ইহঁতক কোনে ব্যৱহাৰ কৰে?

উত্তৰঃ ক্ৰণ’ মিটাৰ আৰু ছেকসটেন্ট― এই দুবিধ বিশেষ ধৰণৰ যন্ত্ৰ। এই যন্ত্ৰ দুবিধ বিশাল মহাসাগৰত জাহাজত নাইবা বিশাল মহাসাগৰত উৰি ফুৰা উৰাজাহাজত পাইলট ( চালক) সকলে ব্যৱহাৰ কৰে। ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ অৱস্থান আৰু সময় নিৰ্ণয় কৰিব পাৰে।

ক্ৰণ’ মিটাৰ যন্ত্ৰটোত গ্ৰীণ উইচ সময় বা ০৹ ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ সময়টো চাব পাৰি আৰু ছেকসটেন্ট যন্ত্ৰটোৰ সহায়ত পৃথিৱীৰ যি কোনো ঠাইৰ সূৰ্য্যৰ অৱস্থান উলিয়াব পাৰি।

4. জিপিএছ কি?

উত্তৰঃ জি পি এছ হ’ল আধুনিক যুগৰ আৱিষ্কৃত যন্ত্ৰ যিটো আজি কালি কৃত্ৰিম উপগ্ৰহৰ লগত সংযোগ কৰা থাকে আৰু ইয়াৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশনিৰ্ণয় কৰিব পাৰি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top