Might Learn Logo Might Learn

AJB Class 8 Social Science Chapter 6 Answer ৰাজনীতি বিজ্ঞানৰ ধাৰণা

পাঠ ৬

ৰাজনীতি বিজ্ঞানৰ ধাৰণা

1. একোটা সম্পূৰ্ণ বাক্যত উত্তৰ লিখাঁ।a. পলিটিক্স শব্দটো কি ভাষাৰ কোনটো শব্দৰপৰা সৃষ্টি হৈছে?উত্তৰঃ পলিটিক্স শব্দটো গ্ৰীক ভাষাৰ ‘পলিছ’ শব্দৰ পৰা সষ্টি হৈছে।b. ৰাজনীতি শব্দটো কোন প্ৰথমে ব্যৱহাৰ কৰিছিল?
উত্তৰঃ ৰাজনীতি শব্দটো এৰিষ্ট’টলে প্ৰথমে ব্য়ৱহাৰ কৰিছিল।c. অৰ্থশাস্ত্ৰৰ ৰচয়িতা কোন?উত্তৰঃ অৰ্থশাস্ত্ৰৰ ৰচয়িতা হৈছে কৌটিল্য়।

d. ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?উত্তৰঃ ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথমে ফৰাচী ৰাজনীতিবিদ জ্য়া বঁদাই ব্যৱহাৰ কৰিছিল।
e. ‘দ্য লজ’ নামৰ গ্ৰন্থখনৰ ৰচয়িতাজনৰ নাম লিখাঁ।উত্তৰঃ ‘দ্য লজ’ নামৰ গ্ৰন্থখনৰ ৰচয়িতাজনৰ নাম হৈছে প্লেট’।
f. ৰাজনীতি বিজ্ঞান সম্পৰ্কে পল জেনেটে আগবঢ়োৱা সংজ্ঞাটো লিখাঁ।উত্তৰঃ ৰাজনীতি বিজ্ঞান সম্পৰ্কে পল জেনেটে আগবঢ়োৱা সংজ্ঞাটো হৈছে 一 ৰাজনীতি বিজ্ঞান হৈছে, ”সমাজ বিজ্ঞানৰ এটা ভাগ, যি ৰাষ্ট্ৰৰ আধাৰ আৰু চৰকাৰৰ শাসন প্ৰণালীৰ বিষয়ে আলোচনা কৰে।”
g. জোৱেল গাৰ্ণাৰে আগবঢ়োৱা ৰাজনীতি বিজ্ঞানৰ সংজ্ঞাটো লিখাঁ।উত্তৰঃ জোৱেল গাৰ্ণাৰে আগবঢ়োৱা ৰাজনীতি বিজ্ঞানৰ সংজ্ঞাটো হৈছে 一 ” ৰাজনীতি বিজ্ঞানৰ অধ্য়ন ৰাষ্ট্ৰতেই আৰম্ভ আৰু ৰাষ্ট্ৰতেই শেষ হয়।”
2. ৰাজনীতি বিজ্ঞানৰ ধাৰণা আৰু ইয়াৰ ইতিহাস সম্পৰ্কে এটি আলোচনা আগবঢ়োৱাঁ।উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ ইংৰাজৰ প্ৰতিশব্দ হ’ল ”Political Science”। Politics শব্দটো গ্ৰিক ভাষাৰ শব্দ ‘পলিছ’ৰ পৰা সৃষ্টি হৈছে। পলিছ শব্দৰ অৰ্থ হৈছে নগৰ বা ৰাষ্ট্ৰ। প্ৰাচীনকালত গ্ৰিছ আৰু ৰাজনৈতিক জীৱনৰ সূত্ৰপাত হৈছিল। ৰাজনীতি বিজ্ঞানৰ তত্ববিদ এৰিষ্ট’টলে পোনপ্ৰথমে ‘ৰাজনীতি’ শব্দটো ব্য়ৱহাৰ কৰিছিল। ৰাষ্ট্ৰ সম্পৰ্কে তেওঁ ৰচনা কৰা গ্ৰন্থখন হ’ল ‘ৰাজনীতি’ গ্ৰিক ভাষাৰ পলিছ শব্দটোৰ পৰাই লেটিন ভাষাৰ শব্দ ‘পলিটিকাছ’ৰ সৃষ্টি। পলিটিকাছৰ পৰাই ইংৰাজী ভাষাৰ ‘পলিটিক্স’ শব্দৰ উৎপত্তি হৈছে। 
3. ৰাজনীতি বিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰাঁ।উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ পৰিসৰ হৈছে 一 
(i) ৰাষ্ট্ৰই হৈছে ৰাজনীতি বিজ্ঞানৰ একমাত্ৰ প্ৰতিপাদ্য় বিষয়। ৰাষ্ট্ৰ উৎপত্তি, প্ৰকৃতি,                     ক্ৰমবিকাশ, আৰু কাৰ্যপদ্ধতি ৰাজনীতি বিজ্ঞানৰ আলোচনাৰ বিষয়।
(ii) ৰাজনীতি বিজ্ঞানত ৰাষ্ট্ৰ আৰু ইয়াৰ শাসন ব্য়ৱস্থাৰ বিষয়ে আলোচনা কৰা হয়।
(iii) চৰকাৰ ৰাষ্ট্ৰৰ এক অপৰিহাৰ্য অংগ। গতিকে ৰাষ্ট্ৰৰ বিষয়ে অধ্য়য়ন কৰবলৈ হ’লে ইয়াত         থকা চৰকাৰৰ প্ৰকৃতি, গঠন প্ৰণালী, কাম-কাজৰ পৰিসৰ অধ্য়ন কৰিব লাগিব।
(iv) ৰাষ্ট্ৰ হৈ চৰকাৰে আইন প্ৰণয়ন কৰে। সেয়েহে ৰাষ্ট্ৰৰ শাসনকাৰ্য পৰিচালনা কৰা আইনৰ        আলোচনা ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।
(v) ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় আৰু সমস্য়াসমূহৰ আলোচনা কৰে।
(vi) ৰাজনীতি বিজ্ঞানে ব্য়ক্তি আৰু সমাজৰ ৰাজনৈতিক জীৱনৰ লগতে সামাজিক আৰু               অৰ্থনৈতিক জীৱনৰো আলোচনা কৰে।
(vii) ৰাজনৈতিক বিজ্ঞানে মানৱ সমাজৰ অতীত আৰু বৰ্তমানৰ বিষয়ে আলোচনা কৰে।            মানুহৰ ৰাজনৈতিক জীৱনৰ পটভূমিত বৰ্তমান আৰু ভৱিষ্য়ৎ ৰাজনৈতিক চিন্তা আৰু             কাৰ্যপদ্ধতিৰ আলোচনা ৰাজনীতি বিজ্ঞানৰ অন্তৰ্গত।
4. ৰাজনীতি বিজ্ঞানক প্ৰকৃত বিজ্ঞনৰ আখ্যা দিব পাৰিনে বুজাই লিখাঁ।উত্তৰঃ ৰাজনীতি বিজ্ঞান অধ্য়য়নৰ ক্ষেত্ৰত প্ৰকৃত বিজ্ঞানৰ দৰে পৰ্যবেক্ষণ পদ্ধতিৰ প্ৰয়োগ হয়। কিন্তু ৰাসায়নিক বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ দৰে ৰাজনীতি বিজ্ঞান প্ৰামাণিক বিজ্ঞান নহয়। অধ্য়য়ন পদ্ধতিলৈ লক্ষ্য় কৰি ৰাজনীতি বিজ্ঞান প্ৰকৃত বিজ্ঞানৰ শাৰীত পৰিলেও ইয়াৰ সিদ্ধান্তসমূহ পৰিবৰ্তন হৈ থাকিব পাৰে। ৰাজনীতি বিজ্ঞানী ব্ৰাইচৰ মতে, ”ৰাজনীতি বিজ্ঞান এক প্ৰগতিশীল বিজ্ঞান।” অৰ্থাৎ সময়ৰ অগ্ৰগতিৰ লগে লগে ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু, অধ্য়ন পদ্ধতি, সমস্য়া আৰু সিদ্ধান্তসমূহৰ অন্ত পৰিব পাৰে।
5. ”ৰাজনীতি বিজ্ঞান যিমান বিজ্ঞান, তাতকৈ অধিক কলাহে,” কথাষাৰৰ অৰ্থ বুজাই লিখাঁ।উত্তৰঃ ৰাজনীতি বিজ্ঞানত সমস্য়া আৰু সিদ্ধান্তৰ বিশ্লেষণে মানুহৰ জীৱনৰ সুখ আৰু সমৃদ্ধি বঢ়ায়। অৰ্থাৎ ৰাজনীতি বিজ্ঞানে মানুহক জীৱশ্ৰেষ্ঠ হিচাপে পৰিগণিত কৰি সুসংগঠিত জীৱন-যাপনৰ উপায় দিয়ে। ইয়াৰ দ্বাৰা মানুহে উত্তম নাগৰিক জীৱন উপভোগ কৰিব পাৰে। কিন্তু মতামতৰ আধাৰত ক’ব পাৰি যে ৰাজনীতি বিজ্ঞান প্ৰকৃততে কলা আৰু বিজ্ঞানৰ সংমিশ্ৰণ। মানুহৰ জীৱন তথা সভ্য়তাক উন্নতিৰ বাটেৰে আগবঢ়াই লৈ যোৱাটোৱেই বিজ্ঞান আৰু কলা উভয়ৰে মূল লক্ষ্য় আৰু উদ্দেশ্য়।
6. ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ আৱশ্যকতাৰ বিষয়ে আলোচনা কৰাঁ।উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ অধ্য়য়নৰ আৱশ্য়কতাৰ দিশসমূহ হৈছে 一
(i) প্ৰত্য়েক নাগৰিকে নিজে বাস কৰা সমাজখনৰ বিষয়ে আৰু সমাজত বস কৰা আন                নাগৰিকৰ সৈতে কেনেধৰণৰ সম্পৰ্ক ৰক্ষা কৰা উচিত সেই বিষয়ে জানিবলৈ                      ৰাজনীতি  বিজ্ঞান অধ্য়য়ন কৰাটো অতি প্ৰয়োজনীয়।
(ii) ৰাষ্ট্ৰ আৰু ইয়াৰ বিভিন্ন ৰাজনৈতিক সংগঠনৰ বিষয়ে সচেতন আৰু জ্ঞানী হ’লেহে                 নাগৰিকে নিজৰ কৰ্তব্য় আৰু অধিকাৰ সম্পৰ্কে প্ৰকৃত জ্ঞান লাভ কৰিব পাৰি।
(iii)  ৰাজনীতি বিজ্ঞানৰ যোগেদিহে মানুহে সমগ্ৰ বিশ্বৰ ৰাজনৈতিক চিন্তা-চৰ্চা আৰু                 ঘটনাৱলীৰ তুলনামূলক অধ্য়য়ন কৰিব পাৰে। তেনে অধ্য়য়নৰ সহায়ত নিজৰ                       ৰাজনৈতিক আৰু সামাজিক জীৱনত উচিত-অনুচিত কাৰ্যসমূহৰ নিৰূপণ সম্ভৱ হ’ব পাৰে।
(iv) গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকসকল নিজৰ অধিকাৰ আৰু কৰ্তব্য়ৰ সম্পৰ্কে সচেতন নহ’লে ৰাষ্ট্ৰ তথা শাসকগোষ্ঠী স্বেচ্ছাচাৰী হৈ উঠিব পাৰে। তেনে অৱস্থাত ৰাজনীতি বিজ্ঞানৰ জ্ঞানেহে জনসাধাৰণক নিজৰ দায়িত্ব আৰু কৰ্তব্য় সম্পৰ্কে শুদ্ধ পথৰ সন্ধান দিব পাৰে।
(v) ৰাজনীতি বিজ্ঞানৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে সুনাগৰিকৰ ওপৰত। উল্লেখযোগ্য় যে ৰাজনীতি বিজ্ঞানৰ মূল লক্ষ্য়ই হ’ল সুনাগৰিক সৃষ্টি কৰা। প্ৰতিজন নাগৰিকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি জ্ঞান অৰ্জন কৰিবলৈ ৰাজনীতি বিজ্ঞানেই হৈছে একমাত্ৰ বিষয় তথা উপায়। চিন্তাবিদ বাৰ্ণাড শ্ব’ৰ মতে ”ৰাজনীতি বিজ্ঞানেহে মানৱ সভ্য়তাক ৰক্ষা কৰিব পাৰে।”

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects