AJB Class 7 Assamese Chapter 5 Question Answer | Class 7 Assamese Chapter 5 অসমৰ বাৰেৰহনীয়া গীত-মাত Question Answer | 2026 Update

পাঠ – ৫

অসমৰ বাৰেৰহনীয়া গীত-মাত

১) একোটিকৈ বাক্যত উত্তৰ দিয়া

ক) মনত ৰং বা আনন্দ লাগিলে মানুহ বা আন প্ৰানীয়ে কি কৰে?

উত্তৰঃ মনত ৰং বা আনন্দ লাগিলে সেই আনন্দক নানা ধৰণৰ দৈহিক অংগ-ভংগী বা মুখৰ মাতেৰে প্ৰকাশ কৰাটো সকলো প্ৰাণীৰে স্বভাৱজাত।

খ) নদীৰ পাৰত গঢ়ি উঠা এটা মানৱ সভ্যতাৰ নাম লিখা্ঁ?

উত্তৰঃ নদীৰ পাৰত গঢ়ি উঠা এটা মানৱ সভ্যতাৰ নাম হল নীল নদীৰ সভ্যতা।

গ) লোকগীত-মাতবোৰে জাতি এটাৰ কি কি দিশৰ পৰিচয় বহন কৰে?

উত্তৰঃ লোকগীত মাতবোৰে জাতি এটাৰ হাহিঁ-কান্দোন, সুখ-দুখ, প্ৰাৰ্থনা-উপাসনা, সামাজিক আচাৰ, পৰম্পৰা,নীতি-উপদেশ আদি সকলোবোৰ দিশৰ পৰিচয় বহন কৰে। 

ঘ) কেইবিধমান অসমীয়া লোকগীত-মাতৰ নাম উল্লেখ কৰাঁ?

উত্তৰঃ কেইবিধমান অসমীয়া লোকগীত-মাতৰ নাম হল ধৰ্মীয় অনুষ্ঠানমুলক গীত, সামাজিক অনুষ্ঠানমুলক গীত,ওমলা গীত, নিচুকনি গীত, ল’ৰা ধেমালিৰ গীত, সৰি লৰা-ছোৱালী গীত, কাহিনী গীত আদি।

ঙ) দোতাৰা আৰু টোকাৰী কেনেদৰে গীতত সংগত কৰা হয়?

উত্তৰঃ দোতাৰা আৰু টোকাৰী লোকগীতত সংগত কৰা হয়।

চ) কাহিনী গীতবোৰ আন কি নামেৰে জনা যায়?

উত্তৰঃ কাহিনী গীতবোৰ মালিতা নামেৰে জনা যায়।

ছ) বুৰঞ্জীমূলক মালিতা কাক বোলে?

উত্তৰঃ বুৰঞ্জীৰ কাহিনীৰ আধাৰত ৰচিত মালিতাবোৰক বুৰঞ্জীমূলক মালিতা বোলে।

২) চমুকৈ উত্তৰ দিয়া

ক) কিংবদতন্তিমূলক মালিতা কাক বোলে ? দুটা কিংবদন্তিমূলক মালিতাৰ উদাহৰণ দিয়া ।

উত্তৰঃ কিংবদন্তিৰ আধাৰত ৰচিত মালিতাবোৰত কিংবদন্তিমূলক মালিতা বোলে।

দুটা কিংবদন্তিমূলক মালিতা হল- কমলা কুৱঁৰী গীত আৰু ফুলকোঁৱৰ মণিকোঁৱৰৰ গীত।

            

খ) লোকগীত বুলিলে কি বুজা ? লোকগীতৰ কেইটামান ভাগ লিখাঁ।

উত্তৰঃ আমাৰ সমাজত প্ৰচলিত ধৰ্মীয় অনুষ্ঠানমূলক গীত, সামাজিক অনুষ্ঠানমূলক গীত, কাহিনী গীত, নিচুকনি গীত এই সকলোবোৰকে একেলগে  লোকগীত বুলি কোৱা হয়।

লোকগীতৰ কেইটামান ভাগ হল- নিচুকনি গীত, ওমলা গীত, লৰা ধেমালিৰ গীত, কাহিনী গীত আদি। 

       

গ) মহখেদা গীত কত গোৱা হয়? এইবিধ গীত সময়ত নাগালে লোকবিশ্বাস মতে কি হয়?

উত্তৰঃ মহখেদা গীত অসমৰ গাওঁ অঞ্চলত গোৱা হয়। এইবিধ গীত সময়ত নাগালে মহৰ উপদ্ৰৱ নুগুচে বুলি লোকবিশ্বাস আছে।

ঘ) কি বিষয়বস্ত অৱলম্বন কৰি গোৱালপৰীয়া লোকগীত ৰচিত হৈছে?

উত্তৰঃ গোৱালপৰীয়া লোকগীতৰ মাজত ‘মাহুত’ বা হাতীৰ মাউত ‘মইষাল’ বা ম’হৰ গুৱাল, ‘বাইষাল’ বা নাৱৰীয়া লোকৰ দুখ-কষ্টৰে ভৰা জীৱনৰ কথাক বিষয়বস্তু হিচাপে অৱলম্বন কৰি গোৱালপৰীয়া লোকগীত সমূহ ৰচিত হৈছে।

৩) চমু টোকা লিখা

ক) মালিতাঃ পুৰণি দিনৰ ঘটনা বা কিংবদন্তিমূলক কাহিনী সুৰ লগাই গোৱা গীতবোৰকে মালিতা বা কাহিনী গীত বুলি কোৱা হয়।এই গীতবোৰৰ যোগেদি পুৰণি দিনৰ বিভিন্ন কথা জানিব পাৰি। মালিতা দুই প্ৰকাৰৰ বুৰঞ্জিমূলক মালিতা আৰু কিংবদন্তিমূলক মালিতা। বুৰঞ্জীৰ আধাৰত ৰচিত মালিতাবোৰক বুৰঞ্জীমূলক মালিতা আৰু কিংবদন্তি আধাৰত ৰচিত মালিতাবোৰক কিংবদন্তিমূলক মালিতা বুলি কোৱা হয়।

খ) বিয়ানাম (গীত)ঃ লোক গীতৰ ভাগ সমূহৰ ভিতৰত বিয়া নাম এক এৰিব নোৱাৰা অংশ। এই বিয়া নাম বা বিয়া গীত অসমীয়া সমাজৰ বিবাহ উৎসৱত গোৱা হয়।

গ) নিচুকনি গীত ঃ নিচুকনি গীতবোৰ সৰু লৰা ছোৱালীক টুপনি নিবৰ বাবে গোৱা হয়। ইয়ো হৈছে লোকগীতৰ এটা অংশ।

গ) নদী সভ্যতাঃ পৃথিৱীৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ বছৰ ধৰি নানা জাতি-গোষ্ঠীৰ মানুহৰ সভ্যতা গঢ় লৈ উঠিছে। ইয়াৰে কিছুমান মানৱ সভ্যতা উঠিছিল। তাৰে ভিতৰত নীল নদীৰ সভ্যতা, হোৱাংহো নদীৰ সভ্যতা, গংগা উপত্যকাৰ সভ্যতা আদি।

৪) বাক্য ৰচনা কৰা

সুৱদীঃ আমাৰ মাতৃভাষা শুনিবলৈ বৰ সুৱদী

সুৰঃ সুৰ নোহোৱাকৈ এটা গীত কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে।

উকা-উকাঃ অসমৰ গাৱঁৰ সসমাজখনত বিবাহ উৎসৱত বিয়ানাম নুশুনিলে বিৱাহ অনুস্থানটো বৰ উকা উকা লাগে।

মন চুই যোৱাঃ গোৱালপৰীয়া লোকগীতৰ মাজত প্ৰকাশ পোৱা কথাবোৰে মন চুই যায়

শোচনীয় অৱস্থাঃ বাটেৰে গৈ থকা বৃদ্ধ জনৰ জীৱন বৰ শোচনীয় অৱস্থা

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top