Assam Board SEBA Class 6 Choritra – Path (চৰিত্ৰ – পাঠ) Chapter 3 Solution 2026 (SCERT Assam Board)

 Chapter 3 – 

 প্ৰতিৱেশীৰ প্ৰতি কৰ্তব্য

প্ৰশ্নোত্তৰ (Question-Answer)

প্ৰশ্ন ১: ‘প্ৰতিৱেশী’ বুলিলে কাক বুজায়?

উত্তৰ: সাধাৰণতে, আমাৰ ঘৰৰ ওচৰত বাস কৰা মানুহসকলক প্ৰতিবেশী বুলি বুজায়। কিন্তু বহল অৰ্থত, সকলো মানুহেই আমাৰ প্ৰতিবেশী, বিশেষকৈ যিসকলৰ পৰা আমি বিপদত সাহাৰ্য পাব পাৰোঁ আৰু যিসকলক সাহাৰ্য কৰা আমাৰ কৰ্তব্য।

প্ৰশ্ন ২: আমি কিয় প্ৰতিবেশীৰ লগত সম্ভাৰ স্থাপন কৰা উচিত?

উত্তৰ: আমি শান্তিপ্ৰিয় জীৱ। যদি চুবুৰিত শান্তি নাথাকে আৰু চুবুৰীয়াৰ লগত সম্ভাৰ নাথাকে, তেনেহলে আমি মনৰ শান্তিৰে বাস কৰিব নোৱাৰোঁ। সম্ভাৰ স্থাপন কৰিলে সুস্থ পৰিৱেশ থাকে, যি আমাৰ আৰু আমাৰ ল’ৰা-ছোৱালীৰ আচৰণ গঠনত সহায়ক হয়।

প্ৰশ্ন ৩: সম্ভাৰ নাথাকিলে কি ধৰণৰ সমস্যা দেখা যায়?

উত্তৰ: সম্ভাৰ নাথাকিলে কাজিয়া, মনোমালিন্য হয় আৰু ল’ৰা-ছোৱালীয়ে অশালীন আচৰণ শিকিব পাৰে। তেতিয়া তেওঁলোকৰ নৈতিক চৰিত্ৰ দুর্বল হয়।

প্ৰশ্ন ৪: আমি কেনেকৈ চুবুৰীৰ সৈতে সম্ভাৰ স্থাপন কৰিব পাৰো?

উত্তৰ: চুবুৰীৰ অনুভূতিৰ প্রতি শ্রদ্ধা জনাই, তেওঁলোকৰ সুখ-দুখত অংশ লৈ, দুখত দুখী আৰু সুখত সুখী হৈ, সহানুভূতি দেখুৱাই সম্ভাৰ স্থাপন কৰিব পাৰো।

প্ৰশ্ন ৫: একেটা চুবুৰিত বিভিন্ন ধৰ্মাবলম্বী মানুহৰ মাজত একতা কিদৰে স্থাপন কৰিব পাৰি?

উত্তৰ: বিভিন্ন ধৰ্মাবলম্বী মানুহৰ বিশ্বাসৰ প্রতি সহিষ্ণুতা আৰু শ্রদ্ধা দেখুৱাই, তেওঁলোকক আঘাত নকৰে এনে কথাবোৰ নক’ই, মনোভাৱৰ প্রতি সন্মান দেখুৱাই একতা স্থাপন কৰিব পাৰি।

প্ৰশ্ন ৬: কোনো বিশেষ ধৰ্মৰ বিশ্বাস নুবুজিলেও আমি কি কৰ্তব্য পালন কৰিব লাগিব?

উত্তৰ: আমি সেই বিশ্বাসৰ প্রতি শ্রদ্ধা দেখুৱাব লাগিব, যেন তেওঁলোকে মনত আঘাত নাপায়। ই আমাৰ সহানুভূতি আৰু সহিষ্ণুতাৰ প্ৰমাণ।

প্ৰশ্ন ৭: বিপদ-আপদৰ সময়ত প্ৰতিবেশীৰ প্রতি আমাৰ কৰ্তব্য কি?

উত্তৰ: বিপদত পৰিলে প্রতিবেশীক সহায় কৰা, দুখত সান্ত্বনা দিয়া, ডাক্তৰ মাতি আনা বা অনুষ্ঠানত সহায় কৰা — এইবোৰেই আমাৰ প্ৰতিৱেশীৰ প্রতি কৰ্তব্য।

প্ৰশ্ন ৮: ‘মানুহটোৱে প্রতি মনটো, ধানটোৰে প্রতি কণটো’ — এই প্ৰবচনত কি বুজোৱা হৈছে?

উত্তৰ: এই প্ৰবচনত বুজোৱা হৈছে যে, প্ৰতিটো মানুহৰ মন সুকীয়া হয়। সেয়ে, আমি আনৰ মনোভাৱক সন্মান জনাই সহিষ্ণুতা বজাই ৰাখিব লাগিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top