Might Learn Logo Might Learn

Assam Board SEBA Class 6 kola aaru Byaayam (কলা আৰু ব্যায়াম) Chapter 5 Solution 2026 (SCERT Assam Board)

Chapter 5

সংগীতৰ প্ৰাথমিক ধাৰণা

প্ৰশ্ন ১: সংগীত বুলিলে কি বুজা যায়?

উত্তৰ: গীত, বাদ্য আৰু নৃত্য – এই তিনিটাৰ সংমিশ্ৰণক সংগীত বুলি কোৱা হয়।

প্ৰশ্ন ২: ভাৰতীয় সংগীত কিমান ভাগত বিভক্ত?

উত্তৰ: ভাৰতীয় সংগীত দুটা ভাগত বিভক্ত —

১. হিন্দুস্থানী বা উত্তৰ ভাৰতীয় সংগীত

২. কৰ্ণাটকী বা দক্ষিণ ভাৰতীয় সংগীত।

প্ৰশ্ন ৩: নাদ কাক বোলে?

উত্তৰ: সংগীত উপযোগী শুনিবলৈ পোৱা শব্দ বা ধ্বনিক নাদ বুলি কোৱা হয়। নাদ দুবিধ —

১. আহত নাদ

২. অনাহত নাদ।

প্ৰশ্ন ৪: শ্রুতি কাক বোলে?

উত্তৰ: নাদৰ পৰা উৎপন্ন যি শব্দ শুনা যায় তাক শ্রুতি বোলা হয়। ভাৰতীয় সংগীত মতে শ্রুতিৰ সংখ্যা ২২ টা।

প্ৰশ্ন ৫: স্বৰ কি?

উত্তৰ: নাদৰ পৰা উৎপন্ন ২২ টা শ্রুতিৰ পৰা নিৰ্বাচিত ৭ টা ধ্বনিক স্বৰ বুলি কোৱা হয়। এই সাতটা শুদ্ধ স্বৰ হৈছে:

সা, ৰে (বে), গা, মা, পা, ধা, নি।

প্ৰশ্ন ৬: বিকৃত স্বৰ কাক বোলে?

উত্তৰ: সাতটা স্বৰৰ ভিতৰত ষড়জ (সা) আৰু পঞ্চম (পা) বাদ দি বাকী পাচঁটা স্বৰৰ বিকৃত ৰূপক বিকৃত স্বৰ বোলা হয়। বিকৃত স্বৰৰ দুটা ৰূপ আছে — কোমল স্বৰ আৰু তীব্র স্বৰ।

প্ৰশ্ন ৭: আৰোহ আৰু অৱৰোহ কাক বোলে?

উত্তৰ: স্বৰৰ উৰ্ধ্বগতি বা ওপৰলৈ যোৱাক আৰোহ বোলে।

উদাহৰণঃ সা, ৰে, গা, মা, পা, ধা, নি, সা।

স্বৰৰ নিম্নগতি বা তললৈ নামোক অবৰোহ বোলে।

উদাহৰণঃ সা, নি, ধা, পা, মা, গা, ৰে, সা।

প্ৰশ্ন ৮: অলংকাৰ কাক বোলে?

উত্তৰ: কোনো নিৰ্দিষ্ট নিয়ম অনুসৰি গাঁথি তোলা স্বৰৰ সমষ্টিক অলংকাৰ বা পাল্টা বুলি কোৱা হয়।

প্ৰশ্ন ৯: সপ্তক কাক বোলে?

উত্তৰ: সাতটা স্বৰৰ সমষ্টিকেই সপ্তক বোলে। হিন্দুস্থানী সংগীতত সপ্তক ৩ ধৰণৰ —

১. মন্দ্র সপ্তক

২. মধ্য সপ্তক

৩. তাৰ সপ্তক

প্ৰশ্ন ১০: তাল কাক বোলে?

উত্তৰ: মাত্ৰাৰ সমষ্টিকেই তাল বোলে আৰু তালৰ গতি বা বেগক লয় কোৱা হয়।

প্ৰশ্ন ১১: ত্রিতাল কিমান মাত্ৰাৰ হয়?

উত্তৰ: ত্রিতাল এখন ১৬ মাত্ৰাৰ তাল। ইয়াৰ ৪টা ভাগ থাকে আৰু প্ৰতিটো ভাগত ৪টা মাত্ৰা থাকে।

প্ৰশ্ন ১২: ত্রিতালত কিমানটা তালি আৰু খালী থাকে?

উত্তৰ: ত্রিতালত ৩টা তালি আৰু ১টা খালী থাকে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects