ASSEB Class 9 বৈচিত্ৰময় অসম Chapter 11 ঠেঙ্গাল কছাৰীসকল Question Answer 2026 | Class 9 বৈচিত্ৰময় অসম Chapter 11 solution

ঠেঙ্গাল কছাৰীসকল

১। মঙ্গোলীয় কিৰাতসকলৰ আৱয়বিক বৈশিষ্ট্য কি?
উত্তৰঃ মঙ্গোলীয় (কিৰাত) গোষ্ঠীৰ লোকসকলৰ কিছুমান বিশেষ শাৰীৰিক বা আৱয়বিক বৈশিষ্ট্য আছে। সেইবোৰ হ’ল— তেওঁলোকৰ গাৰ বৰণ পীত (হালধীয়া) বা পীত-পিংগল; চুলি ক’লা আৰু পোন; দাড়ি-গোঁফ তেনেই তাকৰ; শৰীৰত নোমৰ পৰিমাণ কম; মুখমণ্ডল বহল আৰু নাকটো কিছু চেপেটা হয়। ইয়াৰ উপৰি তেওঁলোকৰ কপালৰ হাড় বা হনুৰ হাড় বৰ স্পষ্ট; চকু দুটা ঠেক বা কিছু বক্ৰ হয়। নেত্ৰচ্ছেদৰ ভাঁজ (Epicanthic fold) মঙ্গোলীয়সকলৰ এক অন্যতম প্ৰধান বৈশিষ্ট্য।

২। মঙ্গোলীয় কিৰাতসকলক সংস্কৃত ভাষাত কি বুলি অভিহিত কৰিছিল?
উত্তৰঃ মঙ্গোলীয় কিৰাতসকলক সংস্কৃত ভাষাত ‘কক্ষৱাট’ বুলি অভিহিত কৰা হৈছিল।

৩। কছাৰী নাম কেনেকৈ উৎপত্তি হৈছিল?
উত্তৰঃ ‘কছাৰী’ নামটোৰ উৎপত্তিৰ এক আমোদজনক ধাৰণা আছে। মঙ্গোলীয়সকলক সংস্কৃত ভাষাত যিহেতু ‘কক্ষৱাট’ বোলা হৈছিল, সেই কক্ষৱাট শব্দৰ পৰাই কালক্ৰমত কক্ষত > কচ্ছ শব্দৰ উৎপত্তি হয়। এই ‘কচ্ছ’ শব্দটোৰ লগত ‘অৰি’ প্ৰত্যয় যোগ হৈ (কচ্ছ + অৰি) ‘কছাৰী’ নামটোৰ সৃষ্টি হৈছে বুলি ঠাৱৰ কৰা হয়।

৪। ড° ভুবন মোহন দাসে মঙ্গোলীয়সকলক কেইটা ভাগত ভাগ কৰিছে?
উত্তৰঃ বিশিষ্ট নৃতাত্ত্বিক ড° ভুবন মোহন দাসে মঙ্গোলীয়সকলক প্ৰধানকৈ ৬ টা ভাগত বিভক্ত কৰিছে। সেইকেইটা হ’ল:

(ক) খাছী

(খ) বড়ো (এই গোষ্ঠীৰ ভিতৰত গাৰো, মেচ, ৰাভা, ডিমাছা, তিৱা, ঠেঙাল, ঝাৰুৱা, সোণোৱাল আদি পৰে)

(গ) লুচাই কুকী

(ঘ) নগা

(ঙ) অৰুণাচলৰ জনজাতি

(চ) অন্যান্য (যেনে— দেউৰী, হাজং, মিছিং আদি)

৫। ঠেঙাল কছাৰীসকল পৌৰাণিক কোন গোষ্ঠীৰ পৰা অহা?
উত্তৰঃ ঠেঙাল কছাৰীসকল পৌৰাণিক মঙ্গোলীয় গোষ্ঠীৰ পৰাই অহা লোক।

৬। ঠেঙাল কছাৰীসকলৰ বৰ্তমানৰ অৱস্থান সম্পৰ্কে উল্লেখ কৰা।
উত্তৰঃ ঐতিহাসিকভাৱে ঠেঙাল কছাৰীসকলৰ অৱস্থান অসমৰ উজনি অঞ্চলৰ শদিয়াৰ পৰা দৈয়াং, ধনশিৰি উপত্যকা আৰু নগাঁও পৰ্যন্ত আছিল। বৰ্তমান তেওঁলোক ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে।

দক্ষিণ পাৰ: যোৰহাট জিলাৰ তিতাবৰক কেন্দ্ৰ কৰি নগাপাহাৰৰ পাদদেশলৈকে তেওঁলোকৰ ঘন বসতি আছে। ইয়াৰ উপৰি গোলাঘাটৰ পঙ্কা, মৰঙি, সৰুপথাৰ, বৰপথাৰ, মেৰাপানী; কাৰ্বি আংলঙৰ কালিয়নী; শিৱসাগৰৰ সোণাৰি, নাজিৰা আৰু ডিব্ৰুগড়ৰ নাহৰণী ঠেঙাল গাঁও তথা চাচনী অঞ্চলত তেওঁলোক বাস কৰে।

উত্তৰ পাৰ: লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া, বঙালমৰা, নাওবৈছা, লালুক, হাৰমতী, বান্দৰদেৱা, ফুলবাৰী; ধেমাজি জিলাৰ গোগামুখ, জোনাই আদি ঠাইত ঠেঙাল কছাৰীসকলৰ বহুতো গাঁও আছে।

৭। চমুটোকা লিখাঃ

(ক) লৌহপ্ৰাণ গিৰিধৰ ঠেঙাল: ১৯২১ চনৰ ১২ জানুৱাৰীত যোৰহাটৰ উলুতলী গাঁৱত জন্মগ্ৰহণ কৰা গিৰিধৰ ঠেঙাল আছিল একাধাৰে এজন শিক্ষক, উকীল আৰু বলিষ্ঠ ৰাজনীতিবিদ। ১৯৫২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বি.এল. ডিগ্ৰী লাভ কৰি তেওঁ যোৰহাট আদালতত ওকালতি আৰম্ভ কৰে। তেওঁৰ ৰাজনৈতিক জীৱন আছিল সংগ্ৰামী; বিশেষকৈ কমিউনিষ্ট পাৰ্টিৰ হৈ তেওঁ ভূমিহীন কৃষক আৰু শ্ৰমিকৰ স্বাৰ্থত মাত মাতিছিল। ১৯৭৮ চনত তেওঁ তিতাবৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়। তেওঁৰ উদ্যোগতে যোৰহাটৰ পৰা বৰহোলালৈ যোৱা সুদীৰ্ঘ আলিবাটটোৰ পকীকৰণৰ কাম সম্পন্ন হৈছিল। ১৯৮৪ চনত তেওঁ চোভিয়েট ৰাছিয়াত অনুষ্ঠিত হোৱা অৰ্থনীতি বিষয়ক চিমিনাৰতো অংশগ্ৰহণ কৰিছিল।

(খ) কমল কছাৰী: ১৯৩৯ চনত যোৰহাট জিলাৰ মৰধলি কছাৰী গাঁৱত কমল কছাৰীৰ জন্ম হৈছিল। পেছাত এজন ফাৰ্মাচিষ্ট হৈও তেওঁ এগৰাকী সুদক্ষ ভাস্কৰ্য শিল্পী, চিত্ৰশিল্পী, অনাতাঁৰ গীতিকাৰ আৰু কবি আছিল। তেওঁৰ লেখনিসমূহ ‘অসমবাণী’, ‘নীলাচল’, ‘অগ্ৰদূত’ আদি বিভিন্ন আগশাৰীৰ কাকত-আলোচনীত প্ৰকাশ পাইছিল। তেওঁ শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। চিত্ৰকলা আৰু স্থাপত্য শিল্পত সিদ্ধহস্ত কমল কছাৰীক সাহিত্য সভাই ‘বিষ্ণু প্ৰসাদ ৰাভা বঁটা’ প্ৰদান কৰিছিল। তেওঁৰ মৃত্যৰ পাছত শিৱসাগৰ সাহিত্য সভাই তেওঁৰ স্মৃতিত ‘কবি শিল্পী কমল কছাৰী সাহিত্য বঁটা’ প্ৰৱৰ্তন কৰে। ২০১৩ চনত তেওঁৰ মৃত্যু হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top