কোচ ৰাজবংশীসকল
১। কোচ-ৰাজবংশীসকল কোন ধৰ্মৰ লোক?
উত্তৰ: কোচ-ৰাজবংশীসকল মূলতঃ হিন্দু ধৰ্মীয় লোক। তেওঁলোকে হিন্দু ধৰ্মৰ বিভিন্ন আচাৰ-নীতি আৰু পৰম্পৰা পালন কৰে।
২। কোচ-ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে লিখা।
উত্তৰ: কোচ-ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতি অঞ্চলভেদে বৈচিত্ৰ্যপূৰ্ণ। মেঘালয় আৰু মেঘালয়-অসম সীমান্ত অঞ্চলত বসবাস কৰা কোচসকলে এক সুপ্ৰাচীন আৰ্যেতৰ ধাৰাৰ কোচ ভাষা আৰু সংস্কৃতি পালন কৰি আহিছে। আনহাতে, পশ্চিম অসম, উত্তৰবংগ, নেপাল আৰু বিহাৰ আদি অঞ্চলৰ ৰাজবংশী লোকসকলৰ ভাষা-সংস্কৃতি হ’ল আৰ্য মূলীয়। তেওঁলোকৰ মাতৃভাষা হ’ল ৰাজবংশী ভাষা। এই ভাষাৰ নিজস্ব শব্দ সম্ভাৰ, সৰ্বনাম, ক্ৰিয়াৰূপ, শব্দ ৰূপ তথা চহকী মৌখিক আৰু লিখিত সাহিত্য আছে। ইয়াৰ বাক্য গঠন পদ্ধতি আৰু উচ্চাৰণ ভংগীয়ে ইয়াক অন্যান্য আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ পৰা এক স্বতন্ত্ৰ বৈশিষ্ট্য প্ৰদান কৰিছে।
সংস্কৃতিৰ দিশৰ পৰা চালে দেখা যায় যে তেওঁলোকে বৰ্ণ হিন্দুৰ আচাৰ-নীতি গ্ৰহণ কৰিলেও তেওঁলোকৰ নিজস্ব পূজা-পাৰ্বন, ধৰ্মীয় বিশ্বাস, খাদ্য সম্ভাৰ, সাজ-পোছাক আৰু গীত-মাত বিদ্যমান, যিবোৰ স্বকীয় মহিমাৰে সমুজ্জ্বল। ভাৰতবৰ্ষৰ পৰম্পৰাগত বৰ্ণভিত্তিক সমাজ ব্যৱস্থাৰ পৰা কোচ-ৰাজবংশীসকলৰ সামাজিক গাঁথনি যথেষ্ট পৃথক।
৩। কোচ-ৰাজবংশীসকলৰ খাদ্য আৰু সাজ-পোছাকৰ বিষয়ে লিখা।
উত্তৰ: কোচ-ৰাজবংশীসকলৰ খাদ্য তালিকা অতি সোৱাদযুক্ত আৰু স্বকীয়। তেওঁলোকৰ প্ৰধান খাদ্যসমূহৰ ভিতৰত ছেকা, পেল্কা, ভেল্কা, সিদল, সুট্কা আৰু টোপলাভাত আদি উল্লেখযোগ্য।
সাজ-পোছাকৰ ক্ষেত্ৰত মহিলাসকলে পৰম্পৰাগতভাৱে পাটানী, বুকুনী, ফোতা আৰু ছেউটা আদি পৰিধান কৰে। আ-অলংকাৰৰ ক্ষেত্ৰত তেওঁলোকে হাতত মুঠাখাৰু, চুৰ, শাখা আৰু বাজু পিন্ধে। ডিঙিত সূৰ্যহাৰ, চন্দ্ৰহাৰ আৰু সিক্কাহাৰ; কাণত মাকিৰি, অন্তি আৰু নাকত নোলোক বা নাকফুল পিন্ধে। ভৰিত তোলা খাৰু আৰু ফেলা খাৰু পৰিধান কৰাটো তেওঁলোকৰ সাজ-সজ্জাৰ এক বিশেষ অংশ।
৪। কোচ-ৰাজবংশীসকলৰ গীত-মাতসমূহ কি কি?
উত্তৰ: কোচ-ৰাজবংশীসকলৰ লোক-সংস্কৃতি গীত-মাতেৰে অতি চহকী। ইয়াৰ ভিতৰত ভাওয়াইয়া গান আটাইতকৈ জনপ্ৰিয়। ইয়াৰ উপৰি বিভিন্ন পূজাৰ গান, ৰাবাণ গান, কুশান গান, দোতোৰা গান, বিষহৰি পূজাৰ গান, মাৰৈ পূজাৰ গান, তুক্খা গান, লাহাংকাৰী গান, নটুয়া, শাঙী ঢাকৰ গান, ডাকনাম আৰু জাগ গান আদি অন্যতম।
৫। চমুটোকা লিখা:
(ক) জননেতা শৰৎচন্দ্ৰ সিংহ: ১৯১৪ চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা শৰৎচন্দ্ৰ সিংহ আছিল স্বাধীনোত্তৰ অসমৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ ৰাজনীতিজ্ঞ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এজন অতি নিষ্ঠাবান আৰু দুৰ্নীতিমুক্ত নেতা আছিল। তেওঁৰ কাৰ্যকালত কৃষি উৎপাদন বৃদ্ধি, দৰিদ্ৰতা দূৰীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ বাবে বহুতো আঁচনি হাতত লৈছিল, যেনে— জৰুৰীকালীন ৰবিশস্য আঁচনি, গাঁও পঞ্চায়ত সমবায় সমিতি, কৃষি নিগম আৰু চিলঙৰ পৰা দিছপুৰলৈ অস্থায়ী ৰাজধানী স্থানান্তৰকৰণ আদি। তেওঁৰ সৰল জীৱনশৈলী আৰু জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে তেওঁক ‘জননেতা’ বুলি অভিহিত কৰা হয়। ২০০৫ চনৰ ২৪ ডিচেম্বৰত এইগৰাকী মহান নেতাৰ মৃত্যু হয়।
(খ) অম্বিকাচৰণ চৌধুৰী: ১৯৩০ চনৰ ১৬ আগষ্টত বঙাইগাঁও জিলাৰ বৰপাৰাত জন্মগ্ৰহণ কৰা অম্বিকাচৰণ চৌধুৰী এজন বিশিষ্ট বুৰঞ্জীবিদ আৰু সাহিত্যিক আছিল। ছাত্ৰ অৱস্থাৰ পৰাই সমাজসেৱাৰ লগত জড়িত থকা চৌধুৰীদেৱে ১৯৫৩-৫৪ চনৰ বানপীড়িতক কৰা সহায়ৰ বাবে জৱাহৰলাল নেহৰুৰ পৰা প্ৰশংসা লাভ কৰিছিল। তেওঁ ইতিহাস আৰু সংস্কৃতি বিষয়ক প্ৰায় ৩২ খন গ্ৰন্থ আৰু শতাধিক প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁক ‘ৰত্নপীঠৰ ৰত্ন’, ‘কামতাৰত্ন’ আৰু ‘শিক্ষাবান্ধৱ’ আদি উপাধিৰে বিভূষিত কৰা হৈছিল। ২০০৩ চনত তেওঁ মহেন্দ্ৰ নাথ বৰা পুৰস্কাৰ লাভ কৰিছিল।
(গ) অৰুণ কুমাৰ ৰায়: ১৯২৫ চনৰ ৮ অক্টোবৰত বঙাইগাঁৱৰ ছিপন ছিলা গাঁৱত অৰুণ কুমাৰ ৰায়ৰ জন্ম হয়। তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বামপন্থী আন্দোলন আৰু কৃষক আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈছিল। তেওঁ কোচ-ৰাজবংশী ভাষা আৰু সংস্কৃতিৰ চৰ্চাৰ বাবে ১০ খন গ্ৰন্থ, নাটক আৰু শব্দকোষ প্ৰণয়ন কৰিছিল। তেওঁক ‘লোক-সংস্কৃতিৰ গুৰু’ আৰু মৰণোত্তৰভাৱে ‘সাহিত্য ৰত্ন’ সন্মানেৰে বিভূষিত কৰা হৈছিল।
(ঘ) ৰুক্মিণী কান্ত ৰায়: ৰুক্মিণী কান্ত ৰায় আছিল পশ্চিম অসমৰ এজন প্ৰসিদ্ধ বুদ্ধিজীৱী, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। এজন অতি মেধাবী ছাত্ৰ হিচাপে তেওঁ অৰ্থনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ এজন দক্ষ বক্তা আছিল আৰু নিজৰ মাতৃভাষা ৰাজবংশীতে ভাষণ দি সকলোৰে মন জয় কৰিছিল। এজন কেৰাণী হিচাপে জীৱন আৰম্ভ কৰি তেওঁ কলেজৰ অধ্যক্ষ আৰু বিধায়ক পৰ্যায়লৈ উন্নীত হৈছিল। তেওঁ বহুতো শিক্ষানুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লৈছিল।
(ঙ) ‘দুৰন্ত তৰুণ’ পানীৰাম দাস: ১৯১৭ চনৰ ৭ এপ্ৰিলত মঙ্গলদৈৰ জলজলী গাঁৱত জন্মগ্ৰহণ কৰা পানীৰাম দাস আছিল এজন নিষ্ঠাবান স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী। ১৯৩৮ চনত কংগ্ৰেছত যোগ দি তেওঁ মহাত্মা গান্ধীৰ সত্যাগ্ৰহত অংশ লৈ কাৰাবাস খাটিছিল। ২০০৫ চনত তেওঁক তদানীন্তন ৰাষ্ট্ৰপতি ড° এ. পি. জে. আব্দুল কালামে ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰিছিল। তেওঁক ‘খাদী পৰিহিত সেনাধ্যক্ষ’ উপাধিৰে বিভূষিত কৰা হৈছিল। ২০১০ চনৰ ৩০ নৱেম্বৰত তেওঁৰ মৃত্যু হয় আৰু তেওঁক পূৰ্ণ সামৰিক তথা ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় জনোৱা হয়।