কলিতাসকল
১। কলিতা জনগোষ্ঠীৰ খাদ্য-পৰম্পৰাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ কলিতা সকলৰ মূল আহাৰ হ’ল ভাত। ভাতৰ সৈতে তেওঁলোকে বিভিন্ন শাক-পাচলিৰ ব্যঞ্জন গ্ৰহণ কৰে। নিমখৰ সলনি ক’লা খাৰৰ ব্যৱহাৰ তেওঁলোকৰ খাদ্যৰ এক বিশেষত্ব। তেওঁলোকৰ প্ৰিয় খাদ্যসমূহৰ ভিতৰত আলু পোৰা, আলু পিটিকা, বেঙেনা পিটিকা, কঁঠাল গুটি পোৰা, মাছ পোৰা, ঔ-টেঙাৰে মাছৰ আঞ্জা, পচলা, কচু সিজোৱা আদি অন্যতম। মাংসৰ ভিতৰত কোমোৰাৰে হাঁহৰ মাংস আৰু অমিতাৰে পাৰৰ মাংস তেওঁলোকৰ মাজত অতি জনপ্ৰিয়। ইয়াৰ উপৰি বিভিন্ন ‘বতা’ যেনে— পদিনা বতা, দালি বতা আদি তেওঁলোকে খায়। জলপান হিচাপে কোমল চাউল, চিৰা বা সান্দহ-গুৰিৰ সৈতে কল, গুৰ আৰু গাখীৰ গ্ৰহণ কৰে। পথাৰৰ পৰা আহি তেওঁলোকে পঁইতা ভাত খাই ভাল পায়। আলহী-অতিথিক আপ্যায়ন কৰিবলৈ তিলৰ লাৰু, ঘিলা পিঠা, চুঙা পিঠা, কল পিঠা আৰু খোলা-চাপৰি পিঠা আদি প্ৰস্তুত কৰে। ৰন্ধন কাৰ্যত তেওঁলোকে সৰিয়হৰ তেল ব্যৱহাৰ কৰে আৰু আহাৰৰ অন্তত তামোল-পাণ খোৱাটো এক অনিবাৰ্য পৰম্পৰা।
২। কলিতা জনগোষ্ঠীৰ আ-অলংকাৰ আৰু সাজ-পাৰৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ কলিতা জনগোষ্ঠীৰ সাজ-পাৰ আৰু অলংকাৰৰ এক চমু বিৱৰণ তলত দিয়া হ’ল:
আ-অলংকাৰ: কলিতাসকলে সোণ, ৰূপ আৰু পিতলেৰে নিৰ্মিত বিভিন্ন পৰম্পৰাগত অলংকাৰ ব্যৱহাৰ কৰে।
সাজ-পাৰ: মেখেলা-চাদৰ হ’ল কলিতা মহিলাৰ জাতীয় সাজ-পাৰ। ইয়াৰ লগতে তেওঁলোকে আগুৰণ, টেলচ আৰু ৰিহা আদিও পৰিধান কৰে। পুৰুষসকলে সাধাৰণতে চুৰিয়া (ধুতী), চোলা আৰু গামোচা ব্যৱহাৰ কৰে। ৰঙা পাৰিৰ ফুলাম গামোচাখন তেওঁলোকৰ বাবে সন্মান আৰু মৰমৰ প্ৰতীক।
৩। কলিতা জনগোষ্ঠীৰ উৎসৱ-পাৰ্বনৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ কলিতা জনগােষ্ঠীয় লোকে বিভিন্ন ধৰণৰ কৃষিভিত্তিক আৰু ধৰ্মীয় উৎসৱ পালন কৰে। সেইবোৰৰ ভিতৰত গৰু বিহু, বহাগ বিহু (সাত বিহু), কাতি বিহু আৰু ভোগালী বিহু প্ৰধান। ইয়াৰ উপৰি শাকেতি (শাকতি), বাঁহ পূজা, ভথেলি, মহোহো বা ম’হ খেদা উৎসৱ, ঢুলীয়া, ভূঁই ৰোৱা বা গজ দিয়া উৎসৱ, ধানৰ আগ অনা (লখিমী আদৰা) উৎসৱ, ন-খোৱা আদি উলহ-মালহেৰে পালন কৰে। সামাজিক অনুষ্ঠানৰ ভিতৰত পাচতি, ছোৱালী ডাঙৰ হোৱা পৰ্ব (পুষ্পিতা), ওজাপালি আৰু নাগাৰা নাম আদিৰ প্ৰচলন আছে।
৪। চমুটোকা লিখাঃ
(ক) আনন্দৰাম বৰুৱা: ১৮৫০ চনৰ ২১ মে’ত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ দুৰ্লভেশ্বৰী বৰুৱা। তেওঁ আছিল এগৰাকী অসাধাৰণ মেধাৱী ব্যক্তি আৰু ভাৰতৰ পঞ্চমগৰাকী আই.চি.এছ. (ICS) বিষয়া। কৰ্মজীৱনত তেওঁ শিৱসাগৰ, মৈমনসিংহ আৰু নোৱাখালী আদি জিলাত মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে উচ্চ পদত কাৰ্যনিৰ্বাহ কৰিছিল। নোৱাখালীত থাকোঁতে তেওঁ বংগদেশৰ উন্নয়নৰ লগতে এখন মান্য অভিধান প্ৰণয়নৰ কাম হাতত লৈছিল। সংস্কৃত সাহিত্যলৈ তেওঁৰ অৱদান অতুলনীয়। ১৮৮৯ চনত মাত্ৰ ৩৯ বছৰ বয়সতে তেওঁৰ আকস্মিক মৃত্যু হয়।
(খ) কুমাৰ ভাস্কৰ বৰ্মা: ৫৯৩ খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মা কামৰূপৰ ৰজা হৈছিল। তেওঁ প্ৰাচীন কামৰূপৰ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। তেওঁৰ সিংহাসনত আৰোহণৰ সময়ৰ পৰাই ‘ভাস্কৰাব্দ’ বা ‘কামৰূপী অব্দ’ গণনা কৰা হয়। তেওঁ উত্তৰ ভাৰতৰ শক্তিশালী সম্ৰাট হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। তেওঁৰ দিনত কামৰূপৰ ভৌগোলিক সীমা বহু দূৰলৈ বিস্তৃত হৈছিল। ভাস্কৰ বৰ্মাৰ ডুবি তাম্ৰলিপি, নিধানপুৰ তাম্ৰলিপি আৰু নালন্দাৰ মোহৰ আদি কলিতা জনগোষ্ঠী তথা অসমৰ ইতিহাসৰ অমূল্য সম্পদ। ৬৫০ খ্ৰীষ্টাব্দত এইগৰাকী মহান ৰজাৰ মৃত্যু হয়।
(গ) মণিৰাম দেৱান: ১৮৫৭ চনৰ ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধৰ অসমৰ প্ৰধান নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান। তেওঁ প্ৰথমাৱস্থাত ইংৰাজৰ সহযোগী আছিল যদিও পাছলৈ তেওঁলোকৰ বৈষম্যমূলক নীতিৰ বিৰোধী হৈ পৰে। তেওঁ যোৰহাটৰ চিনামৰা আৰু চেলেঙত নিজাকৈ চাহ বাগিচা খুলি প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। অসমত পুনৰ আহোম শাসন প্ৰতিষ্ঠাৰ বাবে চেষ্টা চলাই বিফল হোৱাত তেওঁ সশস্ত্ৰ সংগ্ৰামৰ প্ৰস্তুতি চলায়। কিন্তু তেওঁৰ পৰিকল্পনা ধৰা পৰি যোৱাত ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত তেওঁক আৰু পিয়লি বৰুৱাক ফাঁচী দিয়া হয়।
(ঘ) ড° বাণীকান্ত কাকতি: ১৮৯৪ চনৰ ১৫ নৱেম্বৰত বাণীকান্ত কাকতিৰ জন্ম হৈছিল। তেওঁ এজন বিশ্ববিখ্যাত ভাষাবিদ, সাহিত্যিক আৰু সমালোচক আছিল। বৰপেটা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তৰ দি তেওঁ পাছলৈ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা লাভ কৰে। ১৯১৮ চনত কটন কলেজত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি তেওঁ ১৯৪৭ চনত অধ্যক্ষ পদ অলংকৃত কৰিছিল। তেওঁৰ অমৰ সৃষ্টি ‘Assamese: Its Formation and Development’ গ্ৰন্থখনৰ বাবে কলিকতা বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট উপাধি প্ৰদান কৰে। তেওঁ কলিতা জনগোষ্ঠীৰ ইতিহাসক লৈ ‘কলিতা জাতিৰ ইতিবৃত্ত’ নামৰ এখন মূল্যৱান গ্ৰন্থও ৰচনা কৰিছিল। ১৯৫২ চনৰ ১৫ নৱেম্বৰত তেওঁৰ মৃত্যু হয়।