অৰ্থনৈতিক ভূগোল
১। সম্পদ বুলিলে কি বুজা?
উত্তৰঃ প্ৰকৃতিৰ পৰা লাভ কৰা যিবোৰ উপাদান মানুহে নিজৰ জ্ঞান, বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি নিজৰ প্ৰয়োজন পূৰণৰ বাবে ব্যৱহাৰ কৰে, সেই উপযোগী বস্তুসমূহকে সম্পদ বোলে।
২। প্ৰাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ কোনবোৰ বিষয়ে মুখ্য ভূমিকা পালন কৰে?
উত্তৰঃ প্ৰাকৃতিক উপাদান এটাক সম্পদত ৰূপান্তৰ কৰিবলৈ মানৱ সমাজৰ ৩ টা বিষয়ে মুখ্য ভূমিকা লয়:
(ক) সাংস্কৃতিক প্ৰমূল্যঃ সমাজৰ পৰম্পৰা, ৰীতি-নীতি আৰু ধৰ্মই নিৰূপণ কৰে যে কোনটো বস্তু গ্ৰহণযোগ্য আৰু কোনটো নহয়।
(খ) প্ৰযুক্তিবিদ্যাঃ মানুহে প্ৰাকৃতিক বস্তুবোৰক কি দৰে আহৰণ কৰিব আৰু ব্যৱহাৰৰ উপযোগী কৰি তুলিব, সেয়া প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰে।
(গ) অৰ্থনৈতিক ব্যৱস্থাঃ সম্পদ আহৰণ কৰিবলৈ আৱশ্যকীয় আৰ্থিক সামৰ্থ্য আৰু বজাৰৰ চাহিদা অৰ্থনৈতিক ব্যৱস্থাই নিৰ্ধাৰণ কৰে।
৩। সম্পদৰ ধাৰণাক প্ৰভাৱান্বিত কৰা কাৰকবোৰ কি?
উত্তৰঃ সমাজ এখনৰ সাংস্কৃতিক প্ৰমূল্য, প্ৰযুক্তিবিদ্যা আৰু আৰ্থিক অৱস্থাৰ পৰিৱৰ্তনে সম্পদৰ ধাৰণাক প্ৰভাৱান্বিত কৰে। সময়ৰ সোঁতত এপদ নগণ্য বস্তুও মূল্যবান সম্পদ হৈ পৰিব পাৰে।
উদাহৰণস্বৰূপে, ইংৰাজসকল অসমলৈ অহাৰ আগতে চাহ গছৰ বিশেষ ব্যৱসায়িক মূল্য নাছিল। কিন্তু বৰ্তমান চাহ উদ্যোগ অসমৰ এক প্ৰধান সম্পদ। ইয়াৰ পৰা বুজা যায় যে সমাজৰ পৰিৱৰ্তনৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে।
৪। বৰ্ধিত জনসংখ্যাই সম্পদৰ ওপৰত কেনে ধৰণে প্ৰভাৱ পেলায়, আলোচনা কৰা।
উত্তৰঃ জনসংখ্যা বৃদ্ধিয়ে সম্পদৰ ওপৰত তীব্ৰ চাপ সৃষ্টি কৰে। বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ গৈ কিছুমান সীমিত সম্পদৰ (যেনে— খাৰুৱা তেল) দ্ৰুত অৱক্ষয় ঘটে। যেতিয়া কোনো সম্পদৰ নাটনি হয়, তেতিয়া মানুহে তাৰ বিকল্প বিচাৰিবলৈ বাধ্য হয়।
যেনে— খাৰুৱা তেলৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বিজ্ঞানীসকলে বিকল্প হিচাপে সৌৰশক্তি বা বেটাৰীচালিত যান-বাহনৰ ওপৰত গুৰুত্ব দিছে।
৫। প্ৰাকৃতিক সম্পদ কাক বোলে?
উত্তৰঃ প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ লাভ কৰা সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে। যেনে— মাটি, পানী, বায়ু, উদ্ভিদ, খনিজ পদাৰ্থ আৰু বন্যপ্ৰাণী।
৬। মানৱসৃষ্ট সম্পদৰ দুটামান উদাহৰণ দিয়া।
উত্তৰঃ মানুহে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি নিজৰ প্ৰয়োজনত তৈয়াৰ কৰা বস্তুবোৰেই হ’ল মানৱসৃষ্ট সম্পদ। যেনে— ঘৰ-দুৱাৰ, দলং, ৰাস্তা-ঘাট, যন্ত্ৰ-পাতি আৰু যান-বাহন।
৭। মানৱ সম্পদ কাক বোলে লিখা।
উত্তৰঃ নিজৰ লগতে সমাজৰ প্ৰয়োজন পূৰাবলৈ মানুহৰ যি যোগ্যতা, দক্ষতা বা কাৰ্যক্ষমতা থাকে, তাকে মানৱ সম্পদ বোলে। শিক্ষা, প্ৰশিক্ষণ আৰু অভিজ্ঞতাৰ যোগেদি মানুহ এজন দক্ষ মানৱ সম্পদ হিচাপে গঢ়ি উঠে।
৮। পুনঃসৃষ্টিক্ষম সম্পদ বুলিলে কি বুজা? ইয়াৰ দুটামান উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলেও প্ৰকৃতিৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে পুনৰ সৃষ্টি হৈ থাকে আৰু শেষ হৈ নাযায়, তাকে পুনঃসৃষ্টিক্ষম সম্পদ বোলে। যেনে— সূৰ্যৰ পোহৰ, বায়ু, পানী আৰু উদ্ভিদ।
৯। দুবিধমান পুনঃসৃষ্টিহীন সম্পদৰ নাম লিখা।
উত্তৰঃ যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলে এসময়ত শেষ হৈ যায় আৰু অতি সোনকালে পুনৰ সৃষ্টি কৰিব নোৱাৰি, তেনে সম্পদ হ’ল— কয়লা, পেট্ৰ’লিয়াম আৰু লো।
১০। সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে?
উত্তৰঃ পৃথিৱীত জনসংখ্যা বৃদ্ধি পাইছে যদিও সম্পদৰ পৰিমাণ সীমিত। বিশেষকৈ পুনঃসৃষ্টিহীন সম্পদবোৰ এবাৰ শেষ হ’লে পুনৰ পোৱা অসম্ভৱ। ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষিত জীৱনৰ বাবে আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ বাবে সম্পদৰ অপচয় ৰোধ কৰা অত্যন্ত জৰুৰী।
১১। সম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশ কেনেকৈ বিনষ্ট কৰিব পাৰে?
উত্তৰঃ সম্পদৰ অনিয়ন্ত্ৰিত আহৰণ আৰু অতিমাত্ৰা ব্যৱহাৰে পৰিৱেশৰ গুৰুতৰ ক্ষতি কৰে।
যেনে— গছ-গছনি কাটিলে গোলকীয় উষ্ণতা বৃদ্ধি পায়।
খনিজ সম্পদ আহৰণৰ বাবে মাটি খন্দাৰ ফলত ভূমিক্ষয় হয়।
নিৰ্মল জলৰ অপচয় আৰু প্ৰদূষণে খোৱাপানীৰ নাটনিৰ সৃষ্টি কৰে।
গতিকে সম্পদৰ আহৰণ কৰোঁতে আমি পৰিৱেশৰ সুৰক্ষাৰ প্ৰতি সচেতন হোৱা উচিত।