ASSEB Class 9 Commerce Chapter 5 (হিচাপবিদ্যাৰ নীতি আৰু ধাৰণাসমূহ) Question Answer 2026 | Class 9 Commerce Chapter 5 Solution

হিচাপবিদ্যাৰ নীতি আৰু ধাৰণাসমূহ

১। হিচাপবিদ্যাৰ ধাৰণা বুলিলে কি বুজা?
উত্তৰঃ হিচাপবিদ্যাৰ কাম-কাজবোৰ এক নিৰ্দিষ্ট আৰু একীভূত পদ্ধতিৰে পৰিচালনা কৰিবলৈ যিবোৰ মৌলিক নীতি বা নিয়ম মানি চলা হয়, তাকেই হিচাপবিদ্যাৰ ধাৰণা (Accounting Concepts) বোলে। এই ধাৰণাবোৰে হিচাপৰক্ষণৰ কামত একতা আৰু স্পষ্টতা প্ৰদান কৰে।

২। হিচাপবিদ্যাৰ ধাৰণাসমূহৰ নাম লিখা।
উত্তৰঃ হিচাপবিদ্যাৰ প্ৰধান ধাৰণাসমূহ হ’ল—

ব্যৱসায়ৰ অস্তিত্বৰ ধাৰণা (Business Entity Concept)

মুদ্ৰা পৰিমাপক ধাৰণা (Money Measurement Concept)

চলন্ত ব্যৱসায়ৰ ধাৰণা (Going Concern Concept)

হিচাপ গণনাকালৰ ধাৰণা (Accounting Period Concept)

ব্যয়মূল্যৰ ধাৰণা (Cost Concept)

দ্বৈত দিশৰ ধাৰণা (Dual Aspect Concept)

আয় স্বীকৃতিৰ ধাৰণা (Revenue Recognition Concept)

উদ্ভূত ধাৰণা (Accrual Concept)

সমতুল্য ধাৰণা (Matching Concept)

৩। ব্যৱসায়ৰ অস্তিত্বৰ ধাৰণা মানে কি বুজা?
উত্তৰঃ এই ধাৰণা অনুসৰি ব্যৱসায় আৰু ব্যৱসায়ৰ মালিকক দুটা পৃথক সত্তা হিচাপে গণ্য কৰা হয়। অৰ্থাৎ, ব্যৱসায়ৰ হিচাপৰ বহীত মালিকৰ ব্যক্তিগত লেনদেনসমূহ অন্তৰ্ভুক্ত কৰা নহয়। মালিকক ব্যৱসায়ৰ এজন উত্তমৰ্ণ (Creditor) হিচাপেহে চোৱা হয়।

৪। মুদ্ৰা পৰিমাপক ধাৰণা মানে কি বুজা?
উত্তৰঃ যিবোৰ লেনদেন কেৱল মুদ্ৰা বা টকাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰি, সেইবোৰ লেনদেনহে হিচাপৰ বহীত লিপিৱদ্ধ কৰা হয়। ব্যৱসায়ৰ কোনো গুণগত দিশ (যেনে— কৰ্মচাৰীৰ সততা বা দক্ষতা) যিহেতু মুদ্ৰাত জোখিব নোৱাৰি, সেয়েহে সেইবোৰ হিচাপৰ বহীত লিখা নহয়।

৫। ব্যয়মূল্যৰ ধাৰণা মানে কি বুজা?
উত্তৰঃ এই ধাৰণা অনুসৰি ব্যৱসায়ৰ সম্পত্তি এটা ক্ৰয় কৰোতে যিমান খৰচ হৈছিল (Purchase Price), সেই মূল্যতে সম্পত্তিটো হিচাপৰ বহীত দেখুৱাব লাগে। বজাৰ মূল্যৰ সালসলনি হ’লেও তাক হিচাপত ধৰা নহয় (অৱক্ষয় বা Depreciation বাদ দি)।

৬। চলন্ত ব্যৱসায়ৰ ধাৰণা মানে কি বুজা?
উত্তৰঃ হিচাপবিদ্যাৰ এই ধাৰণাটোৱে ধৰি লয় যে এটা ব্যৱসায়িক প্ৰতিষ্ঠান ভৱিষ্যতে দীৰ্ঘদিন ধৰি চলি থাকিব আৰু নিকট ভৱিষ্যতে ই বন্ধ হৈ নাযায়। এই ধাৰণাৰ ওপৰত ভিত্তি কৰিয়েই সম্পত্তিৰ ওপৰত অৱক্ষয় (Depreciation) ধাৰ্য কৰা হয়।

৭। দ্বৈত দিশৰ ধাৰণা বুলিলে কি বুজা?
উত্তৰঃ এই ধাৰণাটো হ’ল দুতৰফা দাখিলা পদ্ধতিৰ মূল আধাৰ। ইয়াৰ মতে প্ৰতিটো ব্যৱসায়িক লেনদেনৰে দুটা পক্ষ থাকে— এটা ডেবিট (Debit) আৰু আনটো ক্ৰডিট (Credit)। অৰ্থাৎ ব্যৱসায়ৰ মুঠ সম্পত্তি সদায় ইয়াৰ মূলধন আৰু দায়ৰ সমান হয়।
সূত্ৰ: সম্পত্তি = দায় + মূলধন (Assets = Liabilities + Capital)

৮। হিচাপ গণনাকালৰ ধাৰণা মানে কি বুজা?
উত্তৰঃ ব্যৱসায় এটা আজীৱন চলি থাকে যদিও ইয়াৰ লাভ-লোকচান বা বিত্তীয় অৱস্থা জানিবলৈ সমগ্ৰ জীৱনকালক কিছুমান সৰু সৰু নিৰ্দিষ্ট সময়ৰ ভাগত ভগাই লোৱা হয়। সাধাৰণতে এই সময়ছোৱা ১২ মাহ বা এক বছৰ হয়। ইয়াকে হিচাপ গণনাকাল বোলে।

৯। আয় স্বীকৃতিৰ ধাৰণা মানে কি বুজা?
উত্তৰঃ এই ধাৰণা অনুসৰি যেতিয়াই সামগ্ৰী বিক্ৰী কৰা হয় বা সেৱা আগবঢ়োৱা হয়, তেতিয়াই আয় হোৱা বুলি ধৰা হয়। নগদ টকা হাতলৈ অহা বা নহালৈ অপেক্ষা কৰা নহয়। বিক্ৰী সম্পন্ন হোৱাৰ লগে লগে আয় স্বীকৃতি দিয়া হয়।

১০। উদ্ভূত ধাৰণা মানে কি বুজা?
উত্তৰঃ উদ্ভূত ধাৰণা (Accrual Concept) অনুসৰি আয় আৰু ব্যয়সমূহ যিটো হিচাপ বৰ্ষত সংঘটিত হয়, সেই বছৰটোৰ হিচাপতে লিপিৱদ্ধ কৰিব লাগে, টকাৰ লেনদেন চলিত বছৰত হওক বা নহওক। ই সঠিক লাভ-লোকচান নিৰ্ণয়ত সহায় কৰে।

১১। সমতুল্য ধাৰণা মানে কি বুজা?
উত্তৰঃ এই ধাৰণা অনুসৰি এটা নিৰ্দিষ্ট সময়ৰ আয় নিৰ্ণয় কৰিবলৈ হ’লে সেই সময়ছোৱাৰ আয়ৰ বিপৰীতে কৰা সকলো ব্যয়ৰ মাজত সমতা থাকিব লাগে। অৰ্থাৎ আয় উপাৰ্জন কৰিবলৈ কৰা খৰচবোৰ সেই বছৰটোৰ আয়ৰ পৰাহে বাদ দিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top