ASSEB Class 9 Commerce Chapter 6 (হিচাপবিদ্যাৰ বুনিয়াদী পদসমূহ) Question Answer 2026 | Class 9 Commerce Chapter 6 Solution

হিচাপবিদ্যাৰ বুনিয়াদী পদসমূহ

১) লেন-দেন বুলি ক’লে কি বুজা? দুটা ব্যৱসায়িক লেন-দেনৰ উদাহৰণ দিয়া?
উত্তৰঃ দুই বা ততোধিক পক্ষৰ মাজত মুদ্ৰা বা মুদ্ৰাৰ মানত সামগ্ৰী বা সেৱাৰ আদান-প্ৰদান হোৱা কাৰ্যকেই লেন-দেন (Transaction) বোলে।
উদাহৰণ: (i) ৫,০০০ টকাৰ কাপোৰ ক্ৰয় কৰা। (ii) কৰ্মচাৰীক ১০,০০০ টকা দৰমহা দিয়া।

২) পণ্য সামগ্ৰী মানে কি বুজা? পণ্য সামগ্ৰীৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ ব্যৱসায়ত পুনৰ বিক্ৰী কৰি লাভ অৰ্জন কৰাৰ উদ্দেশ্যে যিবোৰ বস্তু ক্ৰয় কৰা হয়, তাকেই পণ্য সামগ্ৰী (Goods) বোলে।
উদাহৰণ: (i) এজন আচবাব বিক্ৰেতাৰ বাবে মেজ-চকী। (ii) এজন ষ্টেচনেৰী দোকানীৰ বাবে বহী-কলম।

৩) এটা ব্যৱসায়ৰ বাবে পণ্য সামগ্ৰী গুৰুত্বপূৰ্ণ কিয়?
উত্তৰঃ পণ্য সামগ্ৰী ব্যৱসায়ৰ মূল আধাৰ। ইয়াৰ অবিহনে ক্ৰয়-বিক্ৰয় কাৰ্য সম্ভৱ নহয়। সামগ্ৰী বিক্ৰীৰ জৰিয়তেহে ব্যৱসায়ত ৰাজহ বা আয় সৃষ্টি হয় আৰু লাভ অৰ্জন কৰিব পাৰি।

৪) সেৱা মানে কি বুজা?
উত্তৰঃ সেৱা (Service) হ’ল এনে এক অমূৰ্ত বা চুব নোৱাৰা কাৰ্য যি গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰে। ইয়াৰ কোনো ভৌতিক অস্তিত্ব নাথাকে। উদাহৰণস্বৰূপ— বেংকিং সেৱা, পৰিবহন সেৱা, ডাক্তৰী পৰামৰ্শ আদি।

৫) পণ্য সামগ্ৰী আৰু সেৱাৰ মাজৰ পাৰ্থক্য দেখুওৱা?
উত্তৰঃ * পণ্য সামগ্ৰী দৃশ্যমান আৰু স্পৰ্শযোগ্য, কিন্তু সেৱা অদৃশ্য আৰু অমূৰ্ত।

সামগ্ৰী মজুত কৰি ৰাখিব পাৰি, কিন্তু সেৱা মজুত কৰিব নোৱাৰি।

সামগ্ৰী উৎপাদকৰ পৰা পৃথক কৰিব পাৰি, কিন্তু সেৱা সেৱা-প্ৰদানকাৰীৰ পৰা পৃথক কৰিব নোৱাৰি।

৬) হিচাপৰক্ষণ মানে কি?
উত্তৰঃ ব্যৱসায়িক লেনদেনসমূহ প্ৰণালীবদ্ধভাৱে হিচাপৰ বহীত লিপিৱদ্ধ কৰা প্ৰক্ৰিয়াটোকে হিচাপৰক্ষণ (Book-keeping) বোলে।

৭) জাবেদা মানে কি?
উত্তৰঃ ব্যৱসায়ৰ লেনদেনসমূহ তাৰিখ অনুসৰি প্ৰথমবাৰৰ বাবে যিখন বহীত লিপিৱদ্ধ কৰা হয়, তাকে জাবেদা বা জৰ্ণাল (Journal) বোলে। ইয়াক ‘প্ৰাথমিক বহী’ বুলিও কোৱা হয়।

৮) খতিয়ান মানে কি?
উত্তৰঃ জাবেদাত লিখা লেনদেনসমূহ বেলেগ বেলেগ শিতানত বা গোটত শ্ৰেণীবিভাজন কৰি যিখন বহীত স্থায়ীভাৱে লিখা হয়, তাকে খতিয়ান (Ledger) বোলে। ইয়াক ‘হিচাপৰ প্ৰধান বহী’ বোলা হয়।

৯) মূলধন মানে কি বুজা? উদাহৰণ সৈতে বৰ্ণনা কৰা।
উত্তৰঃ ব্যৱসায় আৰম্ভ কৰিবলৈ মালিকে ব্যৱসায়ত যি পৰিমাণৰ ধন বা সম্পত্তি বিনিয়োগ কৰে, তাকেই মূলধন (Capital) বোলে।
উদাহৰণ: যদি এজন ব্যক্তিয়ে নগদ ২ লাখ টকা আৰু ৫০ হাজাৰ টকাৰ সামগ্ৰীৰে এখন দোকান খুলিলে, তেন্তে তেওঁৰ মুঠ মূলধন হ’ব ২,৫০,০০০ টকা।

১০) আহৰণ মানে কি বুজা? দুটা উদাহৰণ দিয়া।
উত্তৰঃ ব্যৱসায়ৰ মালিকে নিজৰ ব্যক্তিগত বা ঘৰুৱা প্ৰয়োজনৰ বাবে ব্যৱসায়ৰ পৰা নগদ ধন বা সামগ্ৰী নিয়া কাৰ্যকে আহৰণ (Drawings) বোলে।
উদাহৰণ: (i) ব্যৱসায়ৰ পইচাৰে নিজৰ ল’ৰাৰ স্কুল ফী দিয়া। (ii) দোকানৰ পৰা নিজৰ ঘৰৰ ব্যৱহাৰৰ বাবে চাউল-দাইল নিয়া।

১১) আহৰণক কিয় ব্যৱসায়িক খৰচ হিচাপে গণ্য কৰা নহয়?
উত্তৰঃ ‘ব্যৱসায়িক অস্তিত্বৰ ধাৰণা’ (Business Entity Concept) মতে ব্যৱসায় আৰু মালিক দুজন পৃথক সত্তা। যিহেতু আহৰণ মালিকৰ ব্যক্তিগত কামত ব্যৱহাৰ হয় আৰু ই ব্যৱসায়িক লাভ অৰ্জনৰ বাবে কৰা নহয়, সেয়েহে ইয়াক ব্যৱসায়িক খৰচ বুলি ধৰা নহয়। ইয়াৰ ফলত মালিকৰ মূলধন হ্ৰাস পায়।

১২) সম্পত্তি মানে কি? সম্পত্তিৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ ব্যৱসায়ৰ মালিকানাধীন যিবোৰ বস্তু বা সম্পদৰ আৰ্থিক মূল্য থাকে আৰু যিবোৰ ব্যৱসায় পৰিচালনাত সহায় কৰে, তাকেই সম্পত্তি (Assets) বোলে।
উদাহৰণ: (i) ভূমি আৰু ভৱন। (ii) যন্ত্ৰ-পাতি বা ফাৰ্ণিচাৰ।

১৩) এটা ব্যৱসায়ত সম্পত্তিৰ গুৰুত্ব কি?
উত্তৰঃ ব্যৱসায়ৰ কাম-কাজ চলাবলৈ আৰু উৎপাদন ক্ষমতা বৃদ্ধি কৰিবলৈ সম্পত্তিৰ প্ৰয়োজন। ই ব্যৱসায়ৰ বিত্তীয় শক্তি আৰু উৎপাদন কৰাৰ ক্ষমতা বৃদ্ধিত সহায় কৰে।

১৪) দেনা মানে কি বুজা? দেনাৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ ব্যৱসায়িক প্ৰতিষ্ঠানে আন পক্ষক পৰিশোধ কৰিবলগীয়া যিকোনো অৰ্থক দেনা বা দায় (Liabilities) বোলে।
উদাহৰণ: (i) বেংক ঋণ। (ii) পাওনাদাৰক দিবলগীয়া ধন।

১৫) দেনাদাৰ মানে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ যিজন ব্যক্তি বা প্ৰতিষ্ঠানে ব্যৱসায়ৰ পৰা ধাৰে সামগ্ৰী ক্ৰয় কৰিছে আৰু ভৱিষ্যতে তাৰ মূল্য পৰিশোধ কৰিব লাগিব, তাকেই দেনাদাৰ (Debtor) বোলে।
উদাহৰণ: ৰাজুৱে দোকানৰ পৰা ২,০০০ টকাৰ বস্তু ধাৰে নিলে; এতিয়া ৰাজু দোকানখনৰ বাবে দেনাদাৰ।

১৬) পাওনাদাৰ মানে কি? উদাহৰণ দিয়া।
উত্তৰঃ যাৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানে ধাৰে সামগ্ৰী বা সেৱা ক্ৰয় কৰে আৰু যাক টকা পৰিশোধ কৰিবলগীয়া থাকে, তেনে ব্যক্তি বা প্ৰতিষ্ঠানক পাওনাদাৰ (Creditor) বোলে।
উদাহৰণ: দোকানে পাইকাৰী বিক্ৰেতাৰ পৰা ১০,০০০ টকাৰ বস্তু ধাৰে আনিলে; সেই পাইকাৰী বিক্ৰেতাজন দোকানৰ বাবে এজন পাওনাদাৰ।

১৭) বিনিয়োগ মানে কি বুজা?
উত্তৰঃ ব্যৱসায়ৰ অতিৰিক্ত ধন বা অৰ্থ যেতিয়া অধিক লাভ বা সূত পোৱাৰ আশাত আন কোনো উৎসত (যেনে— শ্বেয়াৰ, বণ্ড বা অন্য প্ৰতিষ্ঠানত) খটোৱা হয়, তাকে বিনিয়োগ (Investment) বোলে।

১৮) ৰাজহ মানে কি বুজা?
উত্তৰঃ ব্যৱসায়িক কাম-কাজৰ পৰা অৰ্থাৎ সামগ্ৰী বিক্ৰী কৰি বা সেৱা আগবঢ়াই যি ধন লাভ কৰা হয়, তাকেই ৰাজহ (Revenue) বোলে।

১৯) খৰছ মানে কি বুজা?
উত্তৰঃ ব্যৱসায় চলাই নিবলৈ বা ৰাজহ উপাৰ্জন কৰিবলৈ কৰা ব্যয়সমূহক খৰছ (Expenses) বোলে। যেনে— দৰমহা দিয়া, ভাৰা দিয়া আদি।

২০) লাভ মানে কি? এটা ব্যৱসায়ত লাভ কিদৰে গণনা কৰা হয়।
উত্তৰঃ এটা নিৰ্দিষ্ট সময়ৰ মুঠ উপাৰ্জন বা ৰাজহ যেতিয়া সেই সময়ছোৱাৰ মুঠ খৰছতকৈ অধিক হয়, তাকে লাভ (Profit) বোলে।
গণনাৰ সূত্ৰ: লাভ = মুঠ ৰাজহ – মুঠ খৰছ।

২১) লোকচান মানে কি? এটা ব্যৱসায়ত লোকচান কিদৰে গণনা কৰা হয়।
উত্তৰঃ যেতিয়া ব্যৱসায়ৰ মুঠ খৰছ মুঠ ৰাজহতকৈ অধিক হয়, তেতিয়া তাক লোকচান (Loss) বোলে।
গণনাৰ সূত্ৰ: লোকচান = মুঠ খৰছ – মুঠ ৰাজহ।

২২) মজুত পণ্য মানে কি বুজা?
উত্তৰঃ হিচাপ বৰ্ষৰ শেষত বিক্ৰী নোহোৱাকৈ ৰৈ যোৱা পণ্য সামগ্ৰীক মজুত পণ্য বা ষ্টক (Stock) বোলে।

২৩) বাট্টা মানে কি? বাট্টা কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ বিক্ৰেতাই ক্ৰেতাক সামগ্ৰীৰ নিৰ্ধাৰিত মূল্যৰ পৰা যিমান টকা ৰেহাই দিয়ে, তাকে বাট্টা (Discount) বোলে।
বাট্টা দুই প্ৰকাৰৰ: (i) ব্যৱসায়িক বাট্টা (Trade Discount) (ii) নগদ বাট্টা (Cash Discount)।

২৪) ব্যয়মূল্য মানে কি? উদাহৰণ দিয়া।
উত্তৰঃ কোনো এটা বস্তু উৎপাদন কৰিবলৈ বা ক্ৰয় কৰি আনিবলৈ মুঠ যিমান টকা খৰচ হয়, তাকেই সেই বস্তুৰ ব্যয়মূল্য (Cost) বোলে।
উদাহৰণ: এখন চকী নিৰ্মাণ কৰিবলৈ ৫০০ টকাৰ কাঠ আৰু ২০০ টকাৰ মজুৰি লাগিল; তেন্তে চকীখনৰ ব্যয়মূল্য হ’ব ৭০০ টকা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top