ASSEB Class 9 Social Science Economics Chapter 4 (মূল অৰ্থনৈতিৰ সমস্য়াসমূহ) Question Answer 2026 | Class 9 Social Science অৰ্থনীতি বিজ্ঞান (Part-III) Chapter 4 Solution

মূল অৰ্থনৈতিৰ সমস্য়াসমূহ

১। সংজ্ঞা লিখাঃ

(ক) দৰিদ্ৰতা
উঃ দৰিদ্ৰতা হৈছে এনে অৱস্থা য’ত এজন ব্যক্তিয়ে জীৱনৰ মৌলিক প্রয়োজনসমূহ (খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা, স্বাস্থ্য) পূৰণ কৰিব নোৱাৰে।

(খ) নিবনুৱা
উঃ কাম কৰাৰ ইচ্ছা আৰু যোগ্যতা থকা সত্বেও যদি কোনোবাই কাম নাপায়, তেনে অৱস্থাক নিবনুৱা বোলে।

(গ) জনসংখ্যাৰ ঘনত্ব
উঃ কোনো এখন ঠাইৰ প্রতি বৰ্গ কিলোমিটাৰত বাস কৰা মানুহৰ সংখ্যাক জনসংখ্যাৰ ঘনত্ব বোলে।

(ঘ) লিংগ অনুপাত
উঃ প্রতি ১০০০ জন পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যাক লিংগ অনুপাত বোলে।

(ঙ) চৰম দৰিদ্ৰতা
উঃ দৰিদ্ৰতাৰ গভীৰ অৱস্থা, য’ত ব্যক্তিয়ে অতি মৌলিক প্রয়োজনো পূৰণ কৰিব নোৱাৰে, তাক চৰম দৰিদ্ৰতা বোলে।

(চ) আপেক্ষিক দৰিদ্ৰতা
উঃ এজন ব্যক্তিৰ অৱস্থাক আন এজনৰ সৈতে তুলনা কৰি যেতিয়া দৰিদ্ৰতা নিৰ্ণয় কৰা হয়, তাক আপেক্ষিক দৰিদ্ৰতা বোলে।

(ছ) বহনক্ষম উন্নয়ন
উঃ ভৱিষ্যৎ প্ৰজন্মৰ প্রয়োজন ক্ষতি নকৰাকৈ বৰ্তমান উন্নয়ন কৰা ব্যৱস্থাক বহনক্ষম উন্নয়ন বোলে।

(জ) সেউজ অৰ্থনীতি
উঃ পৰিবেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নক লক্ষ্য কৰি চলা অৰ্থনৈতিক ব্যৱস্থাক সেউজ অৰ্থনীতি বোলে।

২। দৰিদ্ৰতাৰ সীমাৰেখা কি? গাঁও আৰু চহৰ অঞ্চলৰ সীমা লিখা।

উঃ
দৰিদ্ৰ আৰু অদৰিদ্ৰ লোকক পৃথক কৰা সীমাক দৰিদ্ৰতাৰ সীমাৰেখা বোলে।

গাঁও অঞ্চলঃ দৈনিক ২৪০০ কেলৰি আহৰণ কৰিব নোৱাৰা
চহৰ অঞ্চলঃ দৈনিক ২১০০ কেলৰি আহৰণ কৰিব নোৱাৰা
এই লোকসকল দৰিদ্ৰতাৰ সীমাৰ তলত ধৰা হয়।

৩। ২০১১ চনৰ লোকপিয়লমতে জনসংখ্যা
ভাৰতঃ ১২১ কোটি
অসমঃ ৩.১২ কোটি

৪। বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে?

উঃ ২.৪%

৫। সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য

উঃ কেৰালা – ১০৮৪

৬। অসমৰ জনসংখ্যাৰ ঘনত্ব

উঃ ৩৯৭ জন প্রতি বৰ্গ কিলোমিটাৰ

৭। ছদ্মবেশী নিবনুৱা কাক কয়?

উঃ যিজন ব্যক্তি কামত যুক্ত হৈ থকা যেন দেখা যায় কিন্তু উৎপাদনত কোনো অৱদান নাথাকে, তাক ছদ্মবেশী নিবনুৱা বোলে।

৮। মুদ্ৰাস্ফীতি কি?

উঃ মুদ্ৰাৰ মূল্য হ্ৰাস পাই সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক মুদ্ৰাস্ফীতি বোলে।

৯। মুদ্ৰাস্ফীতিৰ কাৰণ

উঃ
(ক) চাহিদাজনিত কাৰণ
(খ) ব্যয়জনিত কাৰণ

১০। দমিত মুদ্ৰাস্ফীতি

উঃ চৰকাৰী নিয়ন্ত্ৰণ (যেনে দৰ নিৰ্ধাৰণ, ৰেচন ব্যৱস্থা)ৰ জৰিয়তে দৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰা অৱস্থাক দমিত মুদ্ৰাস্ফীতি বোলে।

১১। অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা

উঃ সাধাৰণতে ১০ জনতকৈ কম।

১৩। বহনক্ষম উন্নয়ন সংজ্ঞা

উঃ Brundtland আয়োগে ১৯৮৭ চনত আগবঢ়াইছিল।

১৪। পৰিৱেশ চিন্তাবিদসকলৰ মূলমন্ত্ৰ

উঃ “চিন্তা বিশ্বব্যাপী হওঁক, কাৰ্য স্থানীয় হওঁক।”

১। ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবোৰ আলোচনা কৰা।

উঃ ভাৰতত জনসংখ্যা বৃদ্ধিৰ প্রধান কাৰণসমূহ—

(ক) উচ্চ জন্মহাৰ আৰু নিম্ন মৃত্যুহাৰ
চিকিৎসা ব্যৱস্থাৰ উন্নতিত মৃত্যুহাৰ কমিছে, কিন্তু জন্মহাৰ উচ্চ হৈ আছে।

(খ) নিৰক্ষৰতা
অশিক্ষাৰ বাবে পৰিয়াল পৰিকল্পনা বিষয়ে জ্ঞানৰ অভাৱ থাকে। অধিক সন্তানক গৌৰৱ বুলি ধৰা হয়।

(গ) দৰিদ্ৰতা
দৰিদ্ৰ লোকসকলে শিক্ষা আৰু সচেতনতা লাভ নকৰাত অধিক সন্তান জন্ম দিয়ে।

(ঘ) সম্পদৰ অসম বিতৰণ
দেশত সম্পদ থাকিলেও সমানভাৱে বিতৰণ নোহোৱাত দৰিদ্ৰতা আৰু জনসংখ্যা দুয়ো বৃদ্ধি পায়।

(ঙ) পৰিয়াল পৰিকল্পনাৰ অভাৱ
জনসাধাৰণৰ মাজত জন্ম নিয়ন্ত্ৰণ পদ্ধতিৰ ব্যৱহাৰ কম।

২। দৰিদ্ৰতা কাক কয়? দৰিদ্ৰতা সীমাৰেখাই কিদৰে নিৰূপণ কৰে?

উঃ দৰিদ্ৰতা হৈছে এনে অৱস্থা য’ত মানুহে মৌলিক প্রয়োজনসমূহ পূৰণ কৰিব নোৱাৰে।

দৰিদ্ৰতা সীমাৰেখা:
ই সমাজক দৰিদ্ৰ আৰু অদৰিদ্ৰ দুটা ভাগত বিভক্ত কৰে।

ভাৰতত নিৰূপণ পদ্ধতি:

গাঁওঃ ২৪০০ কেলৰি
চহৰঃ ২১০০ কেলৰি
এই মানতকৈ কম খাদ্য গ্ৰহণ কৰা লোক দৰিদ্ৰ বুলি গণ্য।

৩। মুদ্ৰাস্ফীতি কাক বোলে? নিয়ন্ত্ৰণৰ পদ্ধতি আলোচনা কৰা।

উঃ মুদ্ৰাস্ফীতি হৈছে—মুদ্ৰাৰ মূল্য হ্ৰাস আৰু সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থা।

নিয়ন্ত্ৰণ পদ্ধতি:

(ক) মৌদ্ৰিক নীতি
বেংকৰ হাৰ বৃদ্ধি কৰি ঋণ লোৱা কমোৱা হয়।

(খ) ৰাজকোষীয় নীতি
চৰকাৰী ব্যয় হ্ৰাস আৰু কৰ বৃদ্ধি কৰি চাহিদা কমোৱা হয়।

(গ) উৎপাদন বৃদ্ধি
সামগ্ৰীৰ যোগান বৃদ্ধি কৰি দৰ নিয়ন্ত্ৰণ কৰা হয়।

৪। নিবনুৱা সমস্যা কাক বোলে? ইয়াৰ প্ৰকাৰসমূহ লিখা।

উঃ
কাম কৰাৰ ইচ্ছা আৰু যোগ্যতা থকা সত্বেও কাম নাপোৱা অৱস্থাক নিবনুৱা বোলে।

প্ৰকাৰসমূহঃ

(ক) গ্ৰাম্য নিবনুৱা

ঋতুজ নিবনুৱা
ছদ্মবেশী নিবনুৱা

(খ) চহৰীয়া নিবনুৱা

ঔদ্যোগিক নিবনুৱা
শিক্ষিত নিবনুৱা
৫। চমুটোকা

(ক) ঋতুজ নিবনুৱা
উঃ বছৰৰ কিছুমান সময়ত কাম নাপোৱা অৱস্থা।

(খ) চাহিদাজনিত আৰু ব্যয়জনিত মুদ্ৰাস্ফীতি

চাহিদাজনিতঃ চাহিদা বেছি, যোগান কম
ব্যয়জনিতঃ উৎপাদন খৰচ বৃদ্ধি পাই দৰ বাঢ়ে

(গ) বহনক্ষম উন্নয়ন
উঃ ভৱিষ্যৎ ক্ষতি নকৰাকৈ বৰ্তমান উন্নয়ন।

(ঘ) সেউজ অৰ্থনীতি
উঃ পৰিবেশ সংৰক্ষণৰ সৈতে সম্পৰ্কিত অৰ্থনীতি।

(ঙ) মুক্ত আৰু দমিত মুদ্ৰাস্ফীতি

মুক্তঃ নিয়ন্ত্ৰণ নাথকা দৰ বৃদ্ধি
দমিতঃ চৰকাৰী নিয়ন্ত্ৰণত থকা দৰ বৃদ্ধি
অতিৰিক্ত প্রশ্নোত্তৰ (সংক্ষিপ্ত ৰূপ)

১। ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য
উঃ কৃষিভিত্তিক অৰ্থনীতি

২। ভাৰতত বিশ্ব জনসংখ্যাৰ অংশ
উঃ প্ৰায় ১৭.৫%

৩। সৰ্বাধিক জনসংখ্যা ঘনত্ব
উঃ পশ্চিমবংগ – ১০২৯ জন

৪। সৰ্বনিম্ন জনসংখ্যা ঘনত্ব
উঃ অৰুণাচল প্ৰদেশ – ১৭ জন

৫। কাৰ্লবৰ্ণৰ মতে মুদ্ৰাস্ফীতি
উঃ অধিক টকাৰে কম সামগ্ৰী কিনিব লগা অৱস্থা

৬। দৰিদ্ৰতা নির্মূল লক্ষ্য
উঃ পঞ্চম পঞ্চবার্ষিক পৰিকল্পনা

৭। মুদ্ৰাস্ফীতিত ক্ষতিগ্ৰস্ত লোক
উঃ স্থিৰ বেতনভোগী

৮। পৰিবেশ বিনষ্টৰ কাৰণ
উঃ (ক) জৈৱ-বৈচিত্ৰ হ্ৰাস
(খ) বিশ্ব উষ্ণতা বৃদ্ধি

৯। অসমৰ দৰিদ্ৰতা (তেণ্ডুলকাৰ মতে)
উঃ ৩৪.৪%

১০। নিবনুৱা গণনা সংস্থা
উঃ ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থা

১১। দৰিদ্ৰতাৰ ফলত সমস্যা
উঃ খাদ্য সংকট, আবাস অভাৱ, বৈষম্য, প্ৰব্ৰজন

১২। মূলমন্ত্ৰ
উঃ “চিন্তা বিশ্বব্যাপী, কাৰ্য স্থানীয়”

১৩। দৰিদ্ৰতাৰ কাৰকসমূহ
উঃ ঐতিহাসিক, অৰ্থনৈতিক, সামাজিক

১৪। সামাজিক অসমতা দৰিদ্ৰতাৰ কাৰণনে?
উঃ হয়

১৫। দৰিদ্ৰতা নির্মূল সম্ভৱনে?
উঃ সম্ভৱ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top