ASSEB Class 9 Social Science History Chapter 1 (ভাৰতবৰ্ষলৈ  ইউৰোপীয়সকলৰ আগমন) Question Answer 2026 | Class 9 Social Science(Part-I) Chapter 1 Solution

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

অতি চমু / চমু উত্তৰৰ প্ৰশ্ন:
১. ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক’ত পোন প্ৰথমে উপস্থিত হৈছিল?
উত্তৰঃ ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাৱিকজন হ’ল ভাস্ক’-ডা-গামা। তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল।

২. জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল?
উত্তৰঃ জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজনৰ নাম হ’ল ফ্ৰান্সিছ ড্ৰেক।

৩. ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাৱিকে অনুমতিপত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল?
উত্তৰঃ ভাৰত ভূমিত পোন প্ৰথমে জন মিলডেন হল নামৰ ইংৰাজ নাৱিকজনে অনুমতিপত্ৰ লৈ ১৫৯৯ খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল।

৪. ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ক’ত গঠন হৈছিল?
উত্তৰঃ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি ১৬০০ খ্ৰীষ্টাব্দত লণ্ডনত গঠন কৰা হৈছিল।

৫. ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা?
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য আছিলঃ-

ক) বেহা-বেপাৰ কৰা।

খ) ব্ৰিটিছ বা ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা।

৬. ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক’ত কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টনমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল।

৭. ‘ফৰ্ট উইলিয়াম’ কি?
উত্তৰঃ ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতাৰ বাণিজ্য কেন্দ্ৰটোৰ যি দুৰ্গ সাজি উলিওৱা হৈছিল, তাৰ নামেই আছিল ‘ফৰ্ট উইলিয়াম’।

৮. পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা।
উত্তৰঃ পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত ভাগ কৰিব পাৰিঃ

ক) প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে (ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন)।

খ) দ্বিতীয়টো হৈছে ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে (ব্ৰিটিছ ৰাজমুকুটৰ প্ৰত্যক্ষ শাসন)।

৯. ‘ভাৰত চৰকাৰ আইন’ কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল?
উত্তৰঃ ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে ‘ভাৰত চৰকাৰ আইন’ প্ৰণয়ন কৰিছিল। এই আইনৰ মূল উদ্দেশ্য আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পেলাই ইংলেণ্ডৰ চৰকাৰৰ দ্বাৰা পোনপটীয়াকৈ ভাৰত শাসন কৰা।

১০. ‘ভাৰতীয় পৰিষদ আইন’ কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল?
উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ‘ভাৰতীয় পৰিষদ আইন’ প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল ভাৰতৰ আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া আৰু শাসনত তেওঁলোকৰ সহযোগিতা বিচাৰা।

চমু / দীঘল উত্তৰৰ প্ৰশ্ন:
১. ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল, তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা।
উত্তৰঃ ইংৰাজে ভাৰতত বাণিজ্যিক ভেটি স্থাপন কৰিবলৈ কৰা প্ৰচেষ্টাসমূহ আছিল দীঘলীয়া:

১৬০৮ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে কেপ্টেইন উইলিয়াম হকিন্সক মোগল সম্ৰাট জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰে। হকিন্সে চুৰাট বন্দৰত উপস্থিত হৈছিল আৰু দুই বছৰ মোগল দৰবাৰত থাকিও কোনো আনুষ্ঠানিক বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল।

১৬১৫ খ্ৰীষ্টাব্দত পুনৰ ছাৰ টমাচ ৰ’ক জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। যদিও তেওঁ কোনো আনুষ্ঠানিক মিত্ৰতা চুক্তি কৰিব নোৱাৰিলে, তথাপিও সম্ৰাটৰ পৰা চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি আদায় কৰে।

সৰ্বশেষত ১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ নেতৃত্বত যোৱা এটা সঁজাতী দলৰ চিকিৎসক ডাঃ হেমিলটনে মোগল সম্ৰাট ফাৰুখছিয়াৰৰ এক দুৰাৰোগ্য ব্যাধি নিৰাময় কৰে। ইয়াতে সন্তুষ্ট হৈ সম্ৰাটে ১৭১৭ চনত এখন ‘ফৰমান’ জাৰি কৰে, যাৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে আৰু শুল্কহীনভাৱে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। ইয়াৰ দ্বাৰাই ইংৰাজৰ বাণিজ্যিক প্ৰচেষ্টা সম্পূৰ্ণ হৈছিল।

২. ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পৰ্কে লিখা।
উত্তৰঃ কোম্পানিয়ে কূটনীতি আৰু মিত্ৰতাৰ জৰিয়তে তিনিটা মূল স্থানত খোপনি পুতিছিল:

মছলিপট্টনম আৰু মাদ্ৰাজ: ১৬১১ চনত গোলকুণ্ডাৰ চুলতানৰ পৰা অনুমতি লৈ মছলিপট্টনমত কেন্দ্ৰ স্থাপন কৰে। পৰৱৰ্তী সময়ত ১৬৩৯ চনত চন্দ্ৰগিৰিৰ ৰজাৰ পৰা মাটি লৈ মাদ্ৰাজত ‘ফৰ্ট ছেন্ট জৰ্জ’ সাজি উলিয়ায়।

কলিকতা: ১৬৯০ চনত জন চাৰ্ণক নামৰ বিষয়াজনে বংগৰ নবাবৰ সৈতে কৰা চুক্তিৰ জৰিয়তে বছৰি মাত্ৰ ১২০০ টকাৰ বিনিময়ত সুতানুটি, কালীঘাট আৰু গোবিন্দপুৰৰ জমিদাৰী স্বত্ব লাভ কৰে। ইয়াতেই ফৰ্ট উইলিয়াম দুৰ্গ নিৰ্মাণ কৰা হয়।

ক্লাইভৰ কূটনীতি: ৰবাৰ্ট ক্লাইভে দেশীয় ৰজাসকলৰ দুৰ্বলতাৰ সুযোগ লৈ ‘মিত্ৰতাৰ পাশ’ বা যুদ্ধৰ জৰিয়তে তেওঁলোকক কোম্পানীৰ বশ কৰিছিল। বংগৰ নবাব, হায়দৰাবাদৰ নিজাম আদিৰ সৈতে কৰা চুক্তিয়ে কোম্পানীৰ বাণিজ্যিক কেন্দ্ৰসমূহক সুৰক্ষা প্ৰদান কৰিছিল।

৩. ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।
উত্তৰঃ ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন হ’ল ৰবাৰ্ট ক্লাইভ। ১৭৫৭ চনৰ পলাচীৰ যুদ্ধত জয়লাভ কৰি তেওঁ ইংৰাজ শাসনৰ লাইখুঁটা স্থাপন কৰিছিল।
তেওঁৰ কৌশলসমূহ আছিল:

ক) ইউৰোপীয় প্ৰতিদ্বন্দ্বী (ফৰাচী, ওলন্দাজ আদি) সকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ পৰিকল্পিত আঁচনি লৈছিল।

খ) যুদ্ধ অথবা মিত্ৰতাৰ নীতিৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিছিল।

গ) দেশীয় ৰজাসকলৰ আভ্যন্তৰীণ বিবাদৰ সুযোগ লৈ মিত্ৰতাৰ জালত পেলাই তেওঁলোকৰ সাৰ্বভৌমত্ব কাঢ়ি লৈছিল।

ঘ) ব্ৰিটিছ শক্তিৰ স্থায়িত্বৰ বাবে তেওঁ প্ৰশাসনীয় সংস্কাৰ আৰু সৈন্যবাহিনীক সুসংবদ্ধ কৰিছিল।

৪. চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ মূল কাৰণসমূহ আছিল:

ৰাজনৈতিক কাৰণ: লৰ্ড ডেলহাউছীৰ ‘স্বত্ব বিলোপ নীতি’ আৰু মোগল সম্ৰাটৰ নাম মুদ্ৰাৰ পৰা আঁতৰাই দিয়া কাৰ্যই ভাৰতীয়ৰ মনত ক্ষোভ জগাইছিল।

প্ৰশাসনীয় কাৰণ: ফাৰ্চী ভাষাৰ সলনি ইংৰাজী ভাষাৰ প্ৰচলনে পুৰণি চৰকাৰী কৰ্মচাৰী আৰু শিক্ষিত সমাজক অসন্তুষ্ট কৰিছিল।

ধৰ্মীয় কাৰণ: চিপাহীসকলৰ মাজত এনফিল্ড ৰাইফলৰ গুলীত গৰু আৰু গাহৰিৰ চৰ্বি থকাৰ উৰাবাতৰিয়ে হিন্দু আৰু মুছলমান উভয়ৰে ধৰ্মীয় অনুভূতিত আঘাত কৰিছিল।

অৰ্থনৈতিক কাৰণ: কোম্পানীৰ শোষণে কৃষক আৰু ক্ৰিটি শিল্পীসকলক জুৰুলা কৰি পেলাইছিল।

৫. চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লখ কৰা।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ ফলাফলসমূহ আছিল সুদূৰপ্ৰসাৰী:

কোম্পানীৰ শাসনৰ অন্ত: এই বিদ্ৰোহৰ ফলস্বৰূপে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰে আৰু ভাৰতৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায়।

ভাৰত চৰকাৰ আইন ১৮৫৮: ব্ৰিটিছ সংসদে ১৮৫৮ চনত নতুন আইন প্ৰণয়ন কৰি ভাৰত সচিব আৰু ভাইচৰয়ৰ পদ সৃষ্টি কৰে।

মহাৰাণীৰ ঘোষণা: মহাৰাণী ভিক্টোৰিয়াই ভাৰতীয়ৰ ধৰ্মীয় আৰু সামাজিক পৰম্পৰাত হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

জাতীয়তাবাদৰ উন্মেষ: এই বিদ্ৰোহে ভাৰতীয়ৰ মনত পোনপ্ৰথমবাৰৰ বাবে একতা আৰু জাতীয়তাবাদৰ ভাব জগাই তুলিছিল, যিটোৱে ভৱিষ্যতৰ স্বাধীনতা সংগ্ৰামৰ ভেটি গঢ়িছিল।

৬. ‘ভাৰত চৰকাৰ আইন’ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰঃ ১৮৫৮ চনৰ আইনৰ প্ৰধান পৰিৱৰ্তনসমূহ হ’ল:

ভাৰতৰ শাসনৰ দায়িত্ব কোম্পানীৰ পৰা ব্ৰিটিছ চৰকাৰৰ হাতলৈ হস্তান্তৰ কৰা হয়।

‘ভাৰত সচিব’ (Secretary of State for India) নামৰ এজন মন্ত্ৰীৰ নিযুক্তি দিয়া হয় যিয়ে ভাৰত শাসনৰ তদাৰক কৰিছিল।

গৱৰ্ণৰ জেনেৰেল পদটোক ‘ভাইচৰয়’ (Viceroy) বা ৰাজপ্ৰতিনিধিৰ খিতাপ দি সম্ৰাজ্ঞীৰ প্ৰত্যক্ষ প্ৰতিনিধি কৰা হয়।

কোম্পানীৰ সামৰিক বাহিনীকে ব্ৰিটিছ ৰাজকীয় সামৰিক বাহিনীৰ তলতীয়া কৰা হয়।

৭. লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয় লিখা।
উত্তৰঃ প্ৰথম ভাইচৰয় লৰ্ড কেনিঙৰ দুটা সংস্কাৰ আছিল:

শিক্ষা সংস্কাৰ: ১৮৫৪ চনৰ ‘উডৰ শিক্ষা আঁচনি’ কাৰ্যকৰী কৰি তেওঁ প্ৰতিখন প্ৰদেশতে এজন সচিবৰ অধীনত শিক্ষা বিভাগ মুকলি কৰে।

আৰ্থিক সংস্কাৰ: বিদ্ৰোহৰ পিছত হোৱা আৰ্থিক ক্ষতি পূৰাবলৈ তেওঁ বাৰ্ষিক ৫০০ টকা বা ততোধিক উপাৰ্জন কৰা লোকৰ ওপৰত ‘আয়কৰ’ বহুৱাইছিল।

৮. ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ আৰু দুটা দোষ লিখা।
উত্তৰঃ গুণ:

প্ৰথমবাৰৰ বাবে শাসন ব্যৱস্থাত দেশীয় (ভাৰতীয়) প্ৰতিনিধি অন্তৰ্ভুক্ত কৰাৰ পথ মুকলি হয়।

কেন্দ্ৰীয় বিধানমণ্ডলত বেচৰকাৰী সদস্যৰ সংখ্যা ৬ জনৰ পৰা ১২ জনলৈ বৃদ্ধি কৰা হয়।

দোষ:

প্ৰাদেশিক বিধান পৰিষদসমূহৰ ক্ষমতা কেৱল নামমাত্ৰহে আছিল, প্ৰকৃত ক্ষমতা ভাইচৰয়ৰ হাততে কেন্দ্ৰীভূত আছিল।

ভাইচৰয়ৰ হাতত ‘অধ্যাদেশ’ (Ordinance) জাৰি কৰাৰ অসীম ক্ষমতা আছিল, যাৰ জৰিয়তে তেওঁ পৰিষদৰ অনুমোদন অবিহনেই যিকোনো আইন প্ৰয়োগ কৰিব পাৰিছিল।

৯. ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা।
উত্তৰঃ স্থানীয় স্বায়ত্ত শাসনৰ প্ৰকৃত জন্মদাতা আছিল লৰ্ড ৰিপণ। ১৮৭০ চনৰ বিত্তীয় বিকেন্দ্ৰীকৰণৰ পিছত ১৮৮২ চনত ৰিপণে ঐতিহাসিক প্ৰস্তাৱৰ জৰিয়তে তলত দিয়া পৰিৱৰ্তনসমূহ আনিছিল:

প্ৰতিটো মহকুমাত একোখনকৈ লোকেল ব’ৰ্ড গঠন কৰা হৈছিল।

নগৰাঞ্চলত নগৰপালিকা আৰু পৌৰসভাৰ সৃষ্টি কৰা হৈছিল।

স্থানীয় লোকক নিজৰ এলেকাৰ শিক্ষা, স্বাস্থ্য, পথ নিৰ্মাণ আদি কামৰ দায়িত্ব দিয়া হৈছিল যাতে তেওঁলোকে ৰাজনৈতিক শিক্ষা লাভ কৰিব পাৰে।

অসমত মহকুমা পৰ্যায়ত এই লোকেল ব’ৰ্ডসমূহ অধিক কাৰ্যকৰী হৈছিল।

১০. অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল? এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ অসামৰিক সেৱাত ভাৰতীয়ৰ অন্তৰ্ভুক্তিৰ ইতিহাস এনেধৰণৰ:

১৮৩৩ চনৰ চনদ আইনে ভাৰতীয়ক যোগ্যতাৰ ভিত্তিত উচ্চ পদত মকৰল কৰাৰ সন্মতি দিছিল। ১৮৪৩ চনত ডেপুটি কালেক্টৰ পদৰ সৃষ্টি কৰা হয়।

১৮৫৩ চনৰ পৰা লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। আৰম্ভণিতে এই পৰীক্ষা কেৱল লণ্ডনত অনুষ্ঠিত হৈছিল আৰু বয়সৰ সীমা কম (১৯-২১ বছৰ) থকা বাবে ভাৰতীয়ৰ বাবে ই অতি কঠিন আছিল।

সত্যেন্দ্ৰনাথ ঠাকুৰ আছিল প্ৰথম ভাৰতীয় আই.চি.এছ (ICS) বিষয়া।

ভাৰতীয়ৰ তীব্ৰ দাবীৰ ফলত ১৯২৩ চনত লী আয়োগ গঠন কৰা হয়। এই আয়োগৰ পৰামৰ্শ মতে ভাৰত আৰু ইংলেণ্ডত একেলগে পৰীক্ষা পতাৰ সিদ্ধান্ত লোৱা হয় আৰু পৰৱৰ্তী ১৫ বছৰৰ ভিতৰত লোকসেৱাত ভাৰতীয়ৰ নিযুক্তি ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হয়।

১১. ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ তিনিটা পাৰ্থক্য তলত দিয়া হ’ল:

বয়সৰ সীমা: ব্ৰিটিছ কালত বয়সৰ সীমা বহু কম (১৯-২১ বছৰ) আছিল, কিন্তু স্বাধীন ভাৰতত সৰ্বনিম্ন বয়স ২১ বছৰ আৰু বৰ্তমান উচ্চ সীমা বহু বেছি।

পৰীক্ষা কেন্দ্ৰ: ব্ৰিটিছ কালৰ অধিক সময়ত পৰীক্ষা কেৱল ইংলেণ্ডত হৈছিল। কিন্তু স্বাধীন ভাৰতত ভাৰতৰ বিভিন্ন প্ৰান্তত এই পৰীক্ষা অনুষ্ঠিত হয়।

আয়োগ: ব্ৰিটিছৰ অধীনত কোনো স্থায়ী কেন্দ্ৰীয় আয়োগ নাছিল (পিছলৈহে গঠন হয়), কিন্তু স্বাধীন ভাৰতত সাংবিধানিকভাৱে ‘সৰ্বভাৰতীয় লোকসেৱা আয়োগ’ (UPSC) আৰু ৰাজ্যিক আয়োগসমূহ (যেনে APSC) গঠিত হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top