ভাৰতৰ ৰাজনৈতিক দল
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১। এক দলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা।
উঃ এক দলীয় শাসন ব্যৱস্থা থকা দেশৰ উদাহৰণ হিচাপে চীনৰ নাম উল্লেখ কৰিব পাৰি।
২। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি?
উঃ আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিদলীয় ব্যৱস্থা বিদ্যমান।
৩। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা।
উঃ ৰাজনৈতিক দলৰ দুটা মুখ্য বৈশিষ্ট্য হ’লঃ
(ক) প্ৰতিটো ৰাজনৈতিক দলৰ নিজস্ব নীতি, আদৰ্শ আৰু কাৰ্যসূচী থাকে।
(খ) ৰাজনৈতিক দলবোৰৰ মূল লক্ষ্য হৈছে ৰাজনৈতিক ক্ষমতা লাভ কৰা।
৪। ৰাজনৈতিক দলৰ এটা প্রধান কার্য উল্লেখ কৰা।
উঃ ৰাজনৈতিক দলৰ এটা মুখ্য কার্য হ’ল জনসাধাৰণৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰা।
৫। অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা।
উঃ অসমৰ এটা আঞ্চলিক দল হ’ল অসম গণ পৰিষদ।
৬। ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি?
উঃ ঝাৰখণ্ডৰ প্ৰধান আঞ্চলিক দল হ’ল ঝাৰখণ্ড মুক্তি মৰ্চা।
৭। ইউ পি এ (UPA) ৰ সম্পূৰ্ণ অর্থ কি?
উঃ ইউ পি এ (UPA) ৰ পূৰ্ণ অৰ্থ হ’ল সংযুক্ত প্রগতিশীল মৰ্চা (United Progressive Alliance)।
৮। ভাৰত বৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো?
উঃ ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ।
৯। কাৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছ’চিয়েচন’ গঠন হৈছিল?
উঃ এছ. এন. বেনাৰ্জীৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছ’চিয়েচন’ গঠন কৰা হৈছিল।
১০। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
উঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী।
চমু উত্তৰৰ প্ৰশ্নঃ
১। ভাৰত বৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি?
উঃ ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ মুখ্য বৈশিষ্ট্য হৈছে বহুদলীয় ব্যবস্থা। ইয়াত সৰ্বভাৰতীয় আৰু আঞ্চলিক—দুয়ো ধৰণৰ ৰাজনৈতিক দল আছে। প্ৰতিটো দলৰ নিজস্ব আদৰ্শ আৰু লক্ষ্য থাকে আৰু এই দলসমূহে বিধানসভা আৰু লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰে।
২। গণতান্ত্রিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যবস্থা বিশেষভাবে উপযোগী?
উঃ গণতান্ত্রিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা অধিক উপযোগী বুলি ধৰা হয়। কাৰণ এনে ব্যৱস্থাত চৰকাৰ স্থিৰ হয় আৰু এক শক্তিশালী বিৰোধী দল থাকে যিয়ে চৰকাৰৰ কাৰ্যকলাপ পৰ্যালোচনা কৰি দোষ-গুণ উন্মোচন কৰে। তদুপৰি নিৰ্বাচনী প্ৰক্ৰিয়াও সহজ আৰু কম খৰচী হয়।
৩। ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা।
উঃ ৰাজনৈতিক দলৰ চাৰিটা মুখ্য বৈশিষ্ট্য হ’লঃ
(ক) ৰাজনৈতিক দলসমূহ সংগঠিত ৰূপত কাম কৰে।
(খ) সিহঁত নিৰ্দিষ্ট নীতি, আদৰ্শ আৰু লক্ষ্যৰ ওপৰত প্ৰতিষ্ঠিত।
(গ) ৰাজনৈতিক দলসমূহে ক্ষমতা লাভ কৰাৰ উদ্দেশ্য ৰাখে।
(ঘ) দলসমূহে দেশৰ সামগ্ৰিক স্বাৰ্থৰ বাবে কাম কৰে।
৪। পাঁচটা আঞ্চলিক দলৰ নাম লিখা।
উঃ ভাৰতত বহুতো আঞ্চলিক দল আছে। তাৰে পাঁচটা হ’লঃ
(১) অসম গণ পৰিষদ (অসম)
(২) শিৱসেনা (মহাৰাষ্ট্ৰ)
(৩) ঝাৰখণ্ড মুক্তি মৰ্চা (ঝাৰখণ্ড)
(৪) আকালি দল (পঞ্জাব)
(৫) তেলেগু দেশম (অন্ধ্ৰপ্ৰদেশ)
৫। মৰ্চা চৰকাৰ বুলিলে কি বুজা?
উঃ যেতিয়া কোনো এখন গণতান্ত্রিক দেশত নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে, তেতিয়া একাধিক দল একেলগ হৈ চৰকাৰ গঠন কৰে। এই ধৰণৰ যৌথ চৰকাৰক ‘মৰ্চা চৰকাৰ’ বুলি কোৱা হয়। এনে চৰকাৰত অন্তৰ্ভুক্ত দলসমূহে নিজৰ নিজা আদৰ্শ অটুট ৰাখি এক উমৈহতীয়া নীতি অনুসৰি দেশৰ শাসন কাৰ্য পৰিচালনা কৰে।
দীঘল উত্তৰৰ প্ৰশ্নঃ
১। সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়?
উঃ যেতিয়া কোনো গণতান্ত্রিক দেশত অনুষ্ঠিত হোৱা নির্বাচনত কেইবাটাও ৰাজনৈতিক দলে অংশগ্ৰহণ কৰি জয়লাভ কৰে আৰু তাৰ পিছত একেলগ হৈ চৰকাৰ গঠন কৰে, তেতিয়া সেই চৰকাৰক সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ বোলা হয়। সাধাৰণতে কোনো এখন দেশত কোনো এটা ৰাজনৈতিক দলে এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে, তেতিয়া সংযুক্ত চৰকাৰ গঠন কৰাৰ প্ৰয়োজন হয়। এনে চৰকাৰত অন্তৰ্ভুক্ত দলসমূহে নিজৰ নিজৰ দলীয় নীতি আৰু আদৰ্শ অটুট ৰাখি এক সাধাৰণ সমঝোতাৰ ভিত্তিত এক উমৈহতীয়া নীতি গ্ৰহণ কৰি দেশৰ শাসন কাৰ্য পৰিচালনা কৰে।
২। সংযুক্ত তথা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা।
উঃ সংযুক্ত বা মৰ্চা চৰকাৰৰ কিছুমান গুণ আৰু দোষ আছে। ইয়াৰ দুটা গুণ হ’লঃ
(ক) মৰ্চা চৰকাৰত অংশগ্ৰহণ কৰা সকলো ৰাজনৈতিক দলেই নিজৰ নিজৰ স্বাৰ্থ কিছু পৰিমাণে পূৰণ কৰিব পাৰে আৰু শাসন কাৰ্য পৰিচালনাৰ অভিজ্ঞতা লাভ কৰে।
(খ) এই ধৰণৰ চৰকাৰত কোনো এটা দলে এককভাৱে আধিপত্য বিস্তার কৰিব নোৱাৰে। সকলো দলৰ নীতি আৰু মতামতক সন্মান জনোৱা হয়, ফলত স্বেচ্ছাচাৰী শাসনৰ সম্ভাৱনা কমি যায়।
সংযুক্ত চৰকাৰৰ দুটা দোষ হ’লঃ
(ক) সকলো দলক সন্তুষ্ট ৰাখিবলৈ চৰকাৰখন বহুত সময়ত দৃঢ় সিদ্ধান্ত ল’ব নোৱাৰে আৰু কাম-কাজত স্থিৰতা নাথাকে।
(খ) যদি মৰ্চাত থকা কোনো দলে সমৰ্থন উঠাই লয় বা সহযোগিতা নকৰে, তেন্তে চৰকাৰখন অস্থিৰ হৈ পৰে আৰু পতনৰ সম্ভাৱনা দেখা যায়।
৩। গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা।
উঃ গণতান্ত্রিক ব্যৱস্থাত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। ইয়াৰ কিছুমান মুখ্য ভূমিকা হ’লঃ
(ক) শাসনত থকা চৰকাৰৰ কাম-কাজৰ ওপৰত নজৰ ৰখা আৰু দেশৰ স্বাৰ্থৰ বিপৰীতে কোনো সিদ্ধান্ত ল’ব নোৱাৰে তাৰ নিশ্চয়তা কৰা।
(খ) চৰকাৰৰ নীতি, আঁচনি আৰু কাৰ্যসূচীসমূহ বিশ্লেষণ আৰু সমালোচনা কৰি সংসদত উত্থাপন কৰা।
(গ) বিকল্প চৰকাৰ হিচাপে নিজকে প্ৰস্তুত কৰি ৰখা।
(ঘ) জনমত গঠন কৰি জনগণৰ মতামত প্ৰকাশ কৰা।
(ঙ) জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্ৰদান কৰি তেওঁলোকক সচেতন কৰি তোলা।
৪। আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা।
উঃ বহুতো গণতান্ত্রিক দেশত, বিশেষকৈ ভাৰতত, আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱ দেখা যায়। ইয়াৰ কিছুমান মুখ্য কাৰণ হ’লঃ
(ক) ৰাষ্ট্ৰীয় দলসমূহৰ বৈষম্যমূলক নীতি আৰু আচৰণ।
(খ) সংখ্যালঘু জনগোষ্ঠীৰ মাজত থকা নিৰাপত্তাহীনতাৰ অনুভৱ।
(গ) ভিন্ন ভিন্ন ভাষা, সংস্কৃতি, ধৰ্ম আৰু জাতিগত গোটসমূহৰ মাজত থকা মতভেদ আৰু সংঘাত।
(ঘ) কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীয়কৰণৰ প্ৰৱণতা।
(ঙ) ৰাষ্ট্ৰীয় দলত যথাযথ স্থান নোপোৱা নেতাসকলে নিজাববীয়াকৈ নতুন দল গঠন কৰা।
(চ) স্থানীয় সমস্যা আৰু স্বাৰ্থসমূহৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা।
৫। গণতান্ত্রিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্রয়োজনীয়তা সম্পর্কে লিখা।
উঃ গণতান্ত্রিক ব্যৱস্থাত ৰাজনৈতিক দলৰ ভূমিকা আৰু প্রয়োজনীয়তা অত্যন্ত গুৰুত্বপূর্ণ। ইয়াৰ কাৰণসমূহ হ’লঃ
(ক) ৰাজনৈতিক দলৰ নিজস্ব নীতি আৰু আদৰ্শ থাকে, যাৰ জৰিয়তে দেশখনৰ উন্নয়ন আৰু অগ্ৰগতি সাধন কৰা হয়।
(খ) ৰাজনৈতিক দলসমূহে চৰকাৰৰ কাম-কাজৰ ওপৰত নজৰ ৰাখে আৰু প্ৰয়োজনত সমালোচনা কৰি শাসকসকলক সঠিক পথত ৰাখে।
(গ) জনগণক ৰাজনৈতিক শিক্ষা প্ৰদান কৰি তেওঁলোকক নিজৰ অধিকাৰ আৰু দায়িত্বৰ বিষয়ে সচেতন কৰে।
(ঘ) সাধাৰণ মানুহক শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়ে।
(ঙ) গণতন্ত্রক সুদৃঢ় কৰি জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাত সহায় কৰে।
৬। ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা।
উঃ ৰাজনৈতিক দলৰ কিছুমান মুখ্য বৈশিষ্ট্য হ’লঃ
(ক) ৰাজনৈতিক দল এটা সংগঠিত গোট হিচাপে কাম কৰে।
(খ) ই নির্দিষ্ট নীতি, আদৰ্শ আৰু লক্ষ্যৰ ওপৰত প্ৰতিষ্ঠিত।
(গ) ৰাজনৈতিক দলৰ মূল লক্ষ্য হৈছে ক্ষমতা লাভ কৰা।
(ঘ) ই বৃহত্তৰ জাতীয় স্বাৰ্থৰ বাবে কাম কৰে।
ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ হ’লঃ
(ক) জনসাধাৰণৰ মাজত ৰাজনৈতিক সজাগতা সৃষ্টি কৰা।
(খ) জনমত গঠন কৰা।
(গ) নাগৰিকসকলক ৰাজনৈতিক শিক্ষা প্ৰদান কৰা।
(ঘ) দেশৰ উন্নয়নৰ বাবে আঁচনি প্ৰস্তুত কৰা আৰু বাস্তৱায়ন কৰা।
(ঙ) সমাজৰ বিভিন্ন গোটৰ মাজত ঐক্য আৰু সমন্বয় স্থাপন কৰা।
৭। সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা।
উঃ বৰ্তমান সময়ত সংযুক্ত চৰকাৰৰ গুৰুত্ব বহুত বৃদ্ধি পাইছে। ইয়াৰ কিছুমান মুখ্য কাৰণ হ’লঃ
(ক) নির্বাচনত কোনো এটা দলে এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে সংযুক্ত চৰকাৰ গঠন কৰি শাসন ব্যৱস্থা চলাই নিয়া যায়, যাৰ ফলত পুনৰ নিৰ্বাচনৰ খৰচ বাচে।
(খ) এই ব্যৱস্থাত আঞ্চলিক দলসমূহেও শাসনত অংশগ্ৰহণ কৰাৰ সুযোগ পায়।
(গ) সংযুক্ত চৰকাৰত সকলো দলৰ মতামতক সন্মান জনোৱা হয়, যাৰ ফলত সহযোগিতা আৰু সহনশীলতাৰ মানসিকতা বৃদ্ধি পায়।
(ঘ) কোনো এটা দলৰ একক আধিপত্য কমি যায়, ফলত স্বেচ্ছাচাৰী শাসনৰ সম্ভাৱনা হ্ৰাস পায়।
(ঙ) সৰু ৰাজনৈতিক দলসমূহেও গুৰুত্ব লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ মতামত প্ৰকাশ কৰাৰ সুযোগ পায়।
অতিৰিক্ত প্রশ্নোত্তৰঃ
১। কোন চনত ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন হৈছিল?
উঃ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ ১৯৭৭ চনত গঠন কৰা হৈছিল।
২। বহুদলীয় ব্যবস্থা থকা তিনিখন দেশৰ নাম লিখা।
উঃ বহুদলীয় ব্যবস্থা থকা তিনিখন দেশ হ’ল—ভাৰত, বাংলাদেশ আৰু পাকিস্তান।
৩। কোন চনত ‘মুছলিম লীগ’ নামৰ দলটো গঠন হৈছিল?
উঃ ‘মুছলিম লীগ’ নামৰ ৰাজনৈতিক দলটো ১৯০৬ চনত গঠন হৈছিল।
৪। কিমান চনত ‘হিন্দু সভা’ নামৰ ৰাজনৈতিক দলটো গঠন হৈছিল?
উঃ ‘হিন্দু সভা’ নামৰ ৰাজনৈতিক দলটো ১৯১৬ চনত গঠন কৰা হৈছিল।
৫। কোন চনত ‘স্বৰাজ পাৰ্টি’ নামৰ দলটো গঠন হৈছিল?
উঃ ‘স্বৰাজ পাৰ্টি’ নামৰ ৰাজনৈতিক দলটো ১৯২২ চনত গঠন কৰা হৈছিল।
৬। কাৰ নেতৃত্বত ‘স্বৰাজ পাৰ্টি’ নামৰ দলটো গঠন হৈছিল?
উঃ ‘স্বৰাজ পাৰ্টি’ দেশবন্ধু চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত গঠন কৰা হৈছিল।
৭। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল?
উঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিবেশন বম্বে (মুম্বাই)ত অনুষ্ঠিত হৈছিল।
৮। ডি. এম. কে. দলটো কোন ৰাজ্যৰ আঞ্চলিক দল?
উঃ ডি. এম. কে. তামিলনাডু ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল।
৯। ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি?
উঃ ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল হিচাপে ডি. এম. কে.ৰ নাম উল্লেখ কৰা হয়।