ASSEB Class 9 বৈচিত্ৰময় অসম Chapter 7 গাৰােসকল Question Answer 2026 | Class 9 বৈচিত্ৰময় অসম Chapter 7 solution

গাৰােসকল

১। গাৰোসকলৰ উপ-জনগোষ্ঠীবোৰ কি কি?
উত্তৰঃ গাৰো জনগোষ্ঠীৰ মাজত কেইবাটাও উপ-জনগোষ্ঠী দেখা পোৱা যায়। সেইবোৰ হ’ল— আমবেং, মাতছি, মাতাবেং, গাৰাগানচি, দুৱাল, ৰুগা আৰু মেগাম।

২। গাৰো বসতিপ্ৰধান অঞ্চলবোৰ কি কি?
উত্তৰঃ গাৰোসকলৰ আদি বসতিস্থল তিব্বত বুলি জনা যায়। বৰ্তমান তেওঁলোকৰ বসতিপ্ৰধান অঞ্চলবোৰ হ’ল— তিব্বত, কোচবিহাৰ, ধুবুৰী আৰু হাব্ৰাঘাট। ইয়াৰ উপৰি মেঘালয় আৰু অসমৰ বিভিন্ন সীমান্তৱৰ্তী অঞ্চলত তেওঁলোকৰ বিস্তৰ বসতি আছে।

৩। গাৰোসকলৰ পূজা কৰা লোকক কি বুলি কোৱা হয়?
উত্তৰঃ গাৰোসকলৰ পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰা লোকসকলক ‘সংসাৰেৰ’ বুলি কোৱা হয়।

৪। গাৰোসকল আদিতে কি ধৰ্মৰ আছিল আৰু পিছত কি ধৰ্ম গ্ৰহণ কৰিছিল?
উত্তৰঃ গাৰোসকল আদিতে প্ৰকৃতি উপাসক আছিল আৰু তেওঁলোকৰ নিজা দেৱ-দেৱী আছিল, যেনে— চালজং, গৱেৰা, খালখামে, আসিমা, ডিংসিমা, সুসিমে আদি। এই দেৱ-দেৱীসকলক তেওঁলোকে বিভিন্ন প্ৰাকৃতিক শক্তিৰ প্ৰতীক হিচাপে পূজা কৰিছিল। কিন্তু ঊনৈশ শতিকাৰ আৰম্ভণিৰ পৰা মিছনেৰীসকলৰ প্ৰভাৱত গাৰোসকল লাহে লাহে খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হ’বলৈ ধৰে।

৫। গাৰোসকলৰ প্ৰধান বাদ্য-যন্ত্ৰসমূহ কি কি?
উত্তৰঃ গাৰোসকলৰ সাংস্কৃতিক জীৱনত ব্যৱহৃত প্ৰধান বাদ্য-যন্ত্ৰসমূহ হ’ল— ঢামা খ্ৰাম (এবিধ বিশেষ ধৰণৰ ঢোল), গগনা, বাংসী (বাঁহী) আদি।

৬। চমুটোকা লিখাঃ

(ক) ৰামখে ওৱাথ্ৰে মোমিন: ১৮৩৪ চনত মাটছকৰ গ্ৰে নামৰ এঠাইত ৰামখে ওৱাথ্ৰে মোমিনৰ জন্ম হৈছিল। তেওঁ ১৮৬৩ চনৰ ৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটত খ্ৰীষ্টান ধৰ্মত বাপ্তিস্ম গ্ৰহণ কৰিছিল। তেওঁ আছিল এগৰাকী বিশিষ্ট শিক্ষাবিদ, লেখক আৰু গীতিকাৰ। তেওঁ দামৰাত এখন বিদ্যালয় স্থাপন কৰি তাৰ অধ্যক্ষ হিচাপে কাম কৰিছিল আৰু শিমলা গাৰো বসতি গাঁৱত খ্ৰীষ্টান গীৰ্জাঘৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ গাৰো সমাজৰ এজন প্ৰধান পথ-প্ৰদৰ্শক আছিল। তেওঁৰ ৪৫,০০০ শব্দৰ ‘বঙালী-গাৰো অভিধান’ এখন উল্লেখযোগ্য সৃষ্টি। তেওঁ লিখা কবিতাৰ ভিতৰত ‘বিচিক খ্ৰিতা’, ‘চিমানো আটছিয়ানি’, ‘ৰিপেংতাংখো নিকগ্ৰিকানি’ আদি প্ৰধান। তেওঁ ৰচনা কৰা ২১ টা গীত আজিও গীৰ্জাৰ উপাসনাত ব্যৱহাৰ হয়। আধুনিক গাৰো সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে মিছনেৰীসকলে তেওঁক ‘Father of Modern Garo Community’ বুলি আখ্যা দিছিল।

(খ) ৰেভা. গিলবাৰ্থ কে মাৰাক: ১৯২৫ চনত কামৰূপ জিলাৰ সীমান্তৰ ৰাংসাপাৰা গাঁৱত ৰেভা. গিলবাৰ্থ কে মাৰাকৰ জন্ম হয়। তেওঁ ৰেভা. ৰামখেৰ একমাত্ৰ পুত্ৰ আছিল। উচ্চ শিক্ষাৰ বাবে তেওঁ চেৰাপুঞ্জি আৰু লিনাৰ্ড থিওলজিকেল কলেজৰ পৰা ধৰ্মতত্ত্বৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ গোহালকেনা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ উপৰি চুইজাৰলেণ্ডৰ জেনেভাত থকা ৱৰ্ল্ড কাউন্সিলৰ ইডুকেশ্বনৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ এক ডাঙৰ কৃতিত্ব হ’ল পবিত্ৰ বাইবেলখন ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা। ইয়াৰ উপৰি তেওঁ ‘আং গিসিক খু আনিং বিদল’ নামৰ কবিতা পুথি আৰু ‘গাৰোহিলচ দ্যা আদাৰ ডেজাৰ্ট’ নামৰ প্ৰবন্ধ লিখি থৈ গৈছে। ২০০৭ চনত তেওঁৰ মৃত্যু হয়।

(গ) সোনাৰাম ৰংৰকগ্ৰে সাংমা: ১৮৬৭ চনত গোৱালপাৰা জিলাৰ সীমান্তৰ নাছিৰংদিক নামৰ ঠাইত সোনাৰাম ৰংৰকগ্ৰে সাংমাৰ জন্ম হয়। তুৰা মিচন স্কুলত ষষ্ঠ শ্ৰেণীলৈ পঢ়াৰ পাছত শিক্ষা সমাপ্ত কৰিব লগা হৈছিল, কাৰণ সেই সময়ত গাৰো পাহাৰত তেনে কোনো উচ্চ বিদ্যালয় নাছিল। সোনাৰাম আছিল অতি সাহসী, আত্মবিশ্বাসী আৰু এগৰাকী স্পষ্টবাদী সমাজসেৱক। তেওঁ গাৰোসকলৰ স্বাৰ্থৰ হকে আৰু ব্ৰিটিছ চৰকাৰৰ অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছিল। গাৰো সমাজৰ অধিকাৰৰ বাবে যুঁজ দিয়া এইগৰাকী মহান নেতাৰ ১৯১৬ চনৰ ২৭ আগষ্টত মৃত্যু হয়।

(ঘ) হাৱাৰ্ড ডেনচিন মোমিন: ১৯১৩ চনৰ ২০ ফেব্ৰুৱাৰীত মেঘালয়ত জন্মগ্ৰহণ কৰা হাৱাৰ্ড ডেনচিন মোমিন আছিল ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী গাৰো ব্যক্তি। তেওঁ কলকাতাৰ পৰা উচ্চ শিক্ষা লাভ কৰিছিল। কলিকতাত পঢ়ি থকা সময়তে তেওঁ অঁকা ছবি লণ্ডনৰ একজিভিচনত পুৰস্কৃত হৈছিল। তেওঁক ‘আধুনিক গাৰো সাহিত্যৰ জনক’ বুলি কোৱা হয়। তেওঁ ‘গাৰো মানুহৰ মাত’ আৰু ‘আছিক খুৰাং’ নামৰ আলোচনী সম্পাদনা কৰিছিল। ১৯৪০ চনত তেওঁ গুৱাহাটীৰ কটন কলেজত ইংৰাজীৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল। তেওঁৰ উল্লেখযোগ্য কবিতাবোৰ হ’ল— ‘NANGKO GISIK RAGEN’ (তোমালৈ মনত পৰিব), ‘SENGWAT’ (জোনাকী পৰুৱা), ‘BILSIGITAL’ (নতুন বছৰ) আদি। ১৯৯০ চনৰ ২২ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যুৰ পাছত তেওঁক ‘খা ছালাং’ সন্মানেৰে বিভূষিত কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top