BA 1st Semester Sociology Chapter 8 Question Answer | সামাজিক স্তৰীকৰণ আৰু গতিশীলতা

সামাজিক স্তৰীকৰণ আৰু গতিশীলতা

অনুশীলনী

১) সামাজিক স্তৰীকৰণৰ অৰ্থ প্ৰকাশ কৰা। 

উত্তৰঃ– মানুহৰ এটা সমষ্টিক যেতিয়া কিছুমান ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান উচ্চ-নিম্ন ভাগত বিভক্ত কৰা হয় তেতিয়া তাক স্তৰীকৰণ বুলিব পাৰি। অৰ্থাৎ, স্তৰীকৰণ হ’ল এনে এক সামাজিক পদ্ধতি যি পদ্ধতিৰ দ্বাৰা সমাজৰ লোকসকলক উচ্চ-নিম্নভাৱে বিভিন্ন ভাগত বিভক্ত কৰা হয়। 

              সামাজিক স্তৰীয়কৰণ বুলিলে ধন, আয়, শিক্ষা, বৃত্তি, ক্ষমতা, সামাজিক মৰ্যাদাৰ দৰে কাৰকৰ ওপৰত ভিত্তি কৰি মানুহক সামাজিক গোটত পদ্ধতিগতভাৱে স্থান দিয়াক বুজায়। এই শ্ৰেণীবিভাজনে এটা স্তৰ সৃষ্টি কৰে। য’ত কিছুমান গোটৰ আনটোতকৈ অধিক বিশেষাধিকাৰ আৰু সম্পদৰ প্ৰৱেশাধিকাৰ থাকে।

              স্তৰবিন্যাসৰ প্ৰকাৰ –

(ক) মুকলি বনাম বন্ধঃ– মুক্ত সমাজে সামাজিক গতিশীলতাৰ অনুমতি দিয়ে। য’ত ব্যক্তিয়ে নিজৰ কৃতিত্ব আৰু পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি স্তৰৰ মাজত গতি কৰিব পাৰে। বন্ধ সমাজৰ সীমা কঠিন, যাৰ ফলত ওপৰলৈ গতিশীলতা অধিক কঠিন হৈ পৰে।

(খ) অৰ্থনৈতিকঃ– সম্পদ আৰু আয়ৰ ওপৰত ভিত্তি কৰি উচ্চ শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী, শ্ৰমিক শ্ৰেণীৰ দৰে অৰ্থনৈতিক শ্ৰেণী সৃষ্টি কৰে।

(গ) সামাজিকঃ– সামাজিক স্থান আৰু প্ৰতিপত্তিৰ ওপৰত ভিত্তি কৰি, শিক্ষা, বৃত্তি, পৰিয়ালৰ পটভূমিৰ দৰে কাৰকৰ দ্বাৰা প্ৰভাৱিত।

(ঘ) ৰাজনৈতিকঃ– ৰাজনৈতিক ক্ষমতা আৰু প্ৰভাৱৰ সুবিধাৰ ওপৰত ভিত্তি কৰি, চৰকাৰ আৰু সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া গঢ় দিয়ে।

              ইয়াত বিবেচনা কৰিবলগীয়া কিছুমান অতিৰিক্ত কথা উল্লেখ কৰা হ’ল – 

(ক) আন্তঃবিভাজন পদ্ধতিঃ– স্তৰীয়কৰণ পৃথকে পৃথকে অনুভৱ কৰা নহয়। ব্যক্তিসকল প্ৰায়ে জাতি, লিংগ, শ্ৰেণীৰ দৰে বিভিন্ন কাৰকৰ সংযোগৰ ফলত প্ৰভাৱিত হয়। যাৰ ফলত জটিল আৰু অনন্য অভিজ্ঞতাৰ সৃষ্টি হয়।

(খ) গোলকীয় প্ৰসংগঃ– বিভিন্ন সংস্কৃতি আৰু ঐতিহাসিক যুগত স্তৰীয়কৰণৰ আৰ্হি যথেষ্ট ভিন্ন হয়। এই পাৰ্থক্যসমূহ বুজাটো বিশ্বব্যাপী বৈষম্য বিশ্লেষণৰ বাবে অতি প্ৰয়োজনীয়।

(গ) সামাজিক গতিশীলতাঃ– কিছুমান সমাজে ওপৰলৈ গতিশীলতাৰ অধিক সুযোগ প্ৰদান কৰিলেও আন কিছুমান সমাজে বহুলাংশে কঠিন হৈয়েই থাকে। গতিশীলতাক প্ৰভাৱিত কৰা কাৰকসমূহ অন্বেষণ কৰাটো বৈষম্য দূৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

২) সামাজিক স্তৰীকৰণৰ বিভিন্ন ভাগসমূহ কি কি? আলোচনা কৰা।

উত্তৰঃ– সামাজিক স্তৰীকৰণ ব্য়ৱস্থাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি। এই ভাগসমূহ হ’ল – (ক) বন্ধ স্তৰীকৰণ আৰু (খ) মুক্ত স্তৰীকৰণ। এই ভাগসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ’ল – 

(ক) বন্ধ স্তৰীকৰণঃ– যি সামাজিক স্তৰীকৰণ ব্য়ৱস্থাত গতিশীলতাৰ সুবিধা প্ৰদান কৰা নহয় তেনে স্তৰীকৰণ ব্য়ৱস্থাক বন্ধ স্তৰীকৰণ বুলি কোৱা হয়। অৰ্থাৎ, স্তৰীকৰণৰ জৰিয়তে সমাজৰ সদস্য়সকলক যিবোৰ ভাগত বিভক্ত কৰা হয়, সেই ভাগসমূহৰ অন্তৰ্ভূক্ত সদস্য়সকলে এটা ভাগৰ পৰা আন এটা ভাগলৈ নিজৰ প্ৰস্থিতি পৰিৱৰ্তন কৰিব নোৱাৰে। সামাজিক স্তৰীকৰণৰ আধাৰলৈ লক্ষ্য় কৰিলে দেখা যায় যে, এই ব্য়ৱস্থাত জন্মক প্ৰধান আধাৰ হিচাপে গ্ৰহণ কৰা হয়। কিয়নো একমাত্ৰ জন্মৰ আধাৰত স্তৰীকৃত সমাজ ব্য়ৱস্থাতহে গতিশীলতা সম্ভৱ নহয়। উদাহৰণস্বৰূপে, আমি ভাৰতীয় সমাজত প্ৰচলিত জাতি ব্য়ৱস্থাৰ কথা উল্লেখ কৰিব পাৰোঁ। ভাৰতীয় সমাজৰ জাতি হ’ল এনে এক ব্য়ৱস্থা যি ব্য়ৱস্থাই ভাৰতীয় হিন্দু ধৰ্মাৱলম্বী লোকসকলক চাৰিটা প্ৰধান ভাগত ভাগ কৰিছে। এই ব্য়ৱস্থা বন্ধ স্তৰীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন। কিয়নো এই ব্য়ৱস্থাত এটা জাতিৰ পৰা আন এটা জাতিলৈ মানুহে নিজৰ স্থানৰ পৰিৱৰ্তন কৰিব নোৱাৰে। ইয়াৰ প্ৰধান কাৰণ হ’ল জাতি ব্য়ৱস্থা জন্মৰ ওপৰত আধাৰিত। কোনো মানুহে জাতিৰ সদস্য়পদ লাভ কৰিবলৈ হ’লে এক নিৰ্দিষ্ট জাতিত জন্মগ্ৰহণ কৰাৰ বাবে আন কোনো উপায় নাথাকে। সেয়ে, জাতি ব্য়ৱস্থাৰ গতিশীলতা কেতিয়াও সম্ভৱ নহয়। গতিকে আমি ক’ব পাৰো যে, বন্ধ স্তৰীকৰণ হ’ল এনে এক স্তৰীকৰণ ব্য়ৱস্থা যি ব্য়ৱস্থাত মানুহে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ গতি কৰিব নোৱাৰে।  

(খ) মুক্ত স্তৰীকৰণঃ– বন্ধ স্তৰীকৰণৰ বিপৰীতে যি স্তৰীকৰণ ব্য়ৱস্থাত এটা স্তৰৰ পৰা আন এটা স্তৰলৈ মানুহে গতিশীলতাৰ সুবিধা লাভ কৰে তেনে স্তৰীকৰণ ব্য়ৱস্থাকে মুক্ত স্তৰীকৰণ বুলিব পাৰি। সাধাৰণতে দেখা যায় যে, কেতিয়াবা কেতিয়াবা মানুহৰ অৰ্থনৈতিক অৱস্থা, ৰাজনৈতিক অৱস্থা, শিক্ষাগত মান আদিৰ ওপৰত নিৰ্ভৰ কৰিও স্তৰীকৰণ কৰা হয়। কাৰণ এখন সমাজৰ সকলো মানুহৰ আৰ্থিক, ৰাজনৈতিক বা শিক্ষাগত মান বা অৱস্থা কেতিয়াও একে হ’ব নোৱাৰে। সেয়ে, এনে ধৰণৰ প্ৰভেদৰ বাবেই এই অৱস্থাসমূহক ভিত্তি হিচাপে লৈও স্তৰীকৰণ কৰা হয়। কিন্তু মানুহৰ আৰ্থিক, ৰাজনৈতিক বা শিক্ষাগত অৱস্থা সদায় একে হৈ নাথাকে। যিহেতু মানুহৰ শিক্ষা, অৰ্থনৈতিক অৱস্থা বা ৰাজনৈতিক অৱস্থা জন্মৰ দ্বাৰা নিৰ্ধাৰিত নহয়। সেয়ে মানুহে নিজৰ প্ৰচেষ্টাৰ জৰিয়তে এইবোৰৰ পৰিৱৰ্তন ঘটাব পাৰে। উদাহৰণস্বৰূপে, আৰ্থিকভাৱে পিছপৰা এজন মানুহক সাধাৰণতে নিম্ন স্তৰত দিয়া হয়। কিন্তু পৰৱৰ্তী অৱস্থাত তেওঁ নিজৰ সামৰ্থ্য়ৰ বলত যদি আৰ্থিকভাৱে অধিক লাভৱান হৈ অধিক প্ৰতিপত্তিশীল হ’ব পাৰে, তেনেহ’লে সমাজত তেওঁৰ স্থান নিম্নৰ পৰা উচ্চলৈ গতি কৰিব। অৰ্থাৎ, এনে স্তৰীকৰণ ব্য়ৱস্থাত গতিশীলতা সম্ভৱপৰ হয়। সেয়ে মুক্ত স্তৰীকৰণ ব্য়ৱস্থা হ’ল এনে এক ব্য়ৱস্থা য’ত মানুহে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ যাবলৈ সুবিধা লাভ কৰে। 

৩) জাতিৰ সংজ্ঞা দিয়া। জাতিৰ বৈশিষ্ট্য়সমূহ আলোচনা কৰা।

উত্তৰঃ– জাতি ব্য়ৱস্থাৰ অৰ্থ প্ৰকাশ কৰিবলৈ গৈ বহুতো সমাজতত্ত্ববিদে বহুতো সংজ্ঞা অগবঢ়াইছে। তাৰে কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ’ল – 

(ক) জাতি ব্য়ৱস্থাৰ সংজ্ঞা নিৰূপন কৰি হাৰ্বাৰ্ট ৰিজলিয়ে মত প্ৰকাশ কৰিছে, “জাতি হৈছে এক একে নামধাৰী কিছুমান পৰিয়ালৰ সমষ্টি, যি সমষ্টিৰ লোকসকলে কোনো মানুহ বা কাল্পনিক পূৰ্বপুৰুষৰ বংশধৰ বুলি পৰিচয় দিয়ে, একেটা বংশগত বৃত্তিধাৰী বুলি দাবী কৰে আৰু একেটা সমজাতীয় সম্প্ৰদায় বুলি অভিমত দিয়াৰ যোগ্য়তা থাকে।” 

(খ) ভি.এ.স্মিথৰ মতে, “জাতি হৈছে কিছুমান পৰিয়ালৰ সমষ্টি যি বিশেষকৈ খোৱা-বোৱা আৰু বৈবাহিক ক্ষেত্ৰত পৱিত্ৰতা ৰক্ষা কৰিবলৈ কিছুমান নীতি-নিয়মৰ দ্বাৰা আভ্য়ন্তৰীণভাৱে বান্ধ খাই থাকে।”

(গ) ডি.এন.মজুমদাৰ আৰু টি.এন.মদন নামৰ দুজন সমাজতত্ত্ববিদে জাতি সম্পৰ্কত মত প্ৰকাশ কৰি কৈছে, “বন্ধ শ্ৰেণী একোটাই হৈছে জাতি।” 

            জাতি ব্য়ৱস্থাৰ বৈশিষ্ট্য়সমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল – 

(ক) সমাজৰ খণ্ড বিভাজনঃ– জি.এছ.ঘূৰেৰ মতে জাতি ব্য়ৱস্থাই সমগ্ৰ ভাৰতীয় সমাজখনক কিছুমান খণ্ড-উপখণ্ডত বিভক্ত কৰিছে। এনে প্ৰতিটো খণ্ড-উপখণ্ডই কিছুমান নিজস্ব ৰীতি-নীতি পালন কৰে আৰু এটাই আনটোৰ লগত আন্তঃক্ৰিয়াৰ ক্ষেত্ৰত কিছুমান বাধা-নিষেধ মানি চলে। ইয়াৰ পৰিপ্ৰেক্ষিততেই বিভিন্ন খণ্ড-উপখণ্ডসমূহৰ মাজত বিভাজন স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায়। 

(খ) সংস্তৰণঃ– জাতি ব্য়ৱস্থাৰ আন এটা উল্লেখযোগ্য় বৈশিষ্ট্য় হ’ল সংস্তৰণ বা উচ্চ-নীচ মনোভাব। সংস্তৰণত ব্ৰাহ্মণৰ প্ৰস্থিতি সবাতোকৈ ওপৰত আৰু শূদ্ৰৰ স্থান আটাইতকৈ তলত। গতিকে এনে উচ্চ-নিম্ন মনোভাব জড়িত হৈ থকাৰ বাবে জাতি ব্য়ৱস্থাক সমাজৰ এক সংস্তৰণ আখ্য়া দিব পাৰি। 

(গ) পৱিত্ৰতা আৰু অপৱিত্ৰতাৰ ধাৰণাঃ– জাতি ব্য়ৱস্থাৰ লগত স্পৃশ্য়-অস্পৃশ্য়, পৱিত্ৰতা-অপৱিত্ৰতাৰ ধাৰণা জড়িত হৈ আছে। যাৰ ফলত খোৱা-বোৱা, অহা-যোৱা ইত্য়াদিৰ ক্ষেত্ৰত জাতিসমূহৰ মাজত কিছুমান বাধা-নিষেধ মানি চলে। এনে বাধা-নিষেধসমূহৰ মূলতে জাতিসমূহে, বিশেষকৈ ব্ৰাহ্মণ জাতিয়ে পৱিত্ৰতা ৰক্ষা কৰিবলৈ যত্ন কৰে। (ঘ) বৃত্তি নিৰ্বাচনত সীমাবদ্ধতাঃ– প্ৰত্য়েক জাতিৰ একো একোটা জন্মগত বা নিৰ্ধাৰিত বৃত্তি বা ব্য়ৱসায় আছে। যাৰবাবে কোনো জাতিৰ কোনো সদস্য়ই নিজৰ ইচ্ছামতে যিকোনো বৃত্তি গ্ৰহণ বা সালসলনি ঘটাব নোৱাৰে। উদাহৰণস্বৰূপে – ব্ৰাহ্মণৰ পূজা-পাৰ্বণ, ক্ষত্ৰিয়ৰ যুদ্ধ-বিগ্ৰহ বা প্ৰতিৰক্ষা, বৈশ্য়ৰ ব্য়ৱসায়-বাণিজ্য় আৰু শূদ্ৰৰ আন তিনিটা জাতিৰ হকে সেৱা কৰা ইত্য়াদি। (ঙ) বৈবাহিক দিশত বাধা-নিষেধঃ– জাতি ব্য়ৱস্থাত খোৱা-বোৱা, চাল-চলন ইত্য়াদিত যিদৰে কিছুমান বাধা-নিষেধ আছে সেইদৰে বৈবাহিক সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো কিছুমান বাধা-নিষেধ আছে। এনে বাধা-নিষেধ অনুসৰি এটা জাতিক কোনো সদস্য়ই আন জাতিৰ আন কোনো সদস্য়ৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিব নোৱাৰি। অৰ্থাৎ, জাতি ব্য়ৱস্থাৰ নিয়ম অনুসৰি বৈবাহিক সম্বন্ধ একে জাতিৰ সদস্য়সকলৰ মাজতে সীমাবদ্ধ হ’ব লাগিব। চমু অৰ্থত জাতি ব্য়ৱস্থাক আন্তঃবিবাহী এক গোট বুলি কোৱা হয়। 
৪) শ্ৰেণী বুলিলে কি বুজা? সামাজিক শ্ৰেণীৰ বৈশিষ্ট্য়সমূহ আলোচনা কৰা।উত্তৰঃ– মুক্ত স্তৰীকৰণ হৈছে শ্ৰেণী ব্য়ৱস্থাৰ এক উপযুক্ত উদাহৰণ। শ্ৰেণী ব্য়ৱস্থা হ’ল এনে এক স্তৰীকৰণ ব্য়ৱস্থা, য’ত এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ অতি সহজে মানুহে প্ৰস্থিতিৰ পৰিৱৰ্তন কৰিব পাৰে। এনে ব্য়ৱস্থাত ব্য়ক্তিৰ নিজা গুণাগুণ, দক্ষতা আদিত অধিক গুৰুত্ব দিয়া হয়। যাৰ বাবে ব্য়ক্তিয়ে নিজৰ প্ৰচেষ্টাৰ জৰিয়তে এইবোৰ আহৰণ কৰি সমাজত নিজৰ প্ৰস্থিতি সালসলনি কৰিব পাৰে। 
             শ্ৰেণী ব্য়ৱস্থাৰ অৰ্থ প্ৰকাশ কৰিবলৈ গৈ বহুতো সমাজতত্ত্ববিদে বহুতো সংজ্ঞা আগবঢ়াইছে। তাৰে কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ’ল -(ক) সমাজতত্ত্ববিদ এইচ.এম.জনছনে তেওঁৰ “Sociology : A Systematic Introduction” নামৰ গ্ৰন্থত সামাজিক শ্ৰেণীৰ অৰ্থ প্ৰকাশ কৰি কৈছে, “সামাজিক শ্ৰেণী মানে একে ধৰণৰ সামাজিক প্ৰস্থিতিসম্পন্ন পৰিয়ালবৰ্গৰ সমষ্টি, যি সমষ্টিৰ পৰিয়ালবিলাকে প্ৰত্য়েকে প্ৰত্য়েকক সমপ্ৰস্থিতিসম্পন্ন বুলি গ্ৰহণ কৰে।”
            সামাজিক শ্ৰেণীৰ বৈশিষ্ট্য়সমূহ তলত উল্লেখ কৰা হ’ল – (ক) উচ্চ-নিম্ন মনোভাৱঃ– সামাজিক শ্ৰেণীৰ এটা অন্য়তম বৈশিষ্ট্য় হ’ল এয়ে যে এই ব্য়ৱস্থাৰ বিভিন্ন শ্ৰেণীৰ লোকসকলৰ মাজত এক উচ্চ-নিম্ন মনোভাৱ থাকে। এটা শ্ৰেণীৰ লোকে আন এটা শ্ৰেণীতকৈ নিজকে উচ্চ বা নিম্ন প্ৰস্থিতিৰ বুলি বিবেচনা কৰে। দেখা যায় যে, উচ্চ শ্ৰেণীৰ লোকসকলে নিম্ন শ্ৰেণীৰ লোকসকলৰ ওপৰত এক দমনীয় মনোভাৱ পোষণ কৰে। (খ) অন্তঃক্ৰিয়াবাহী সমূহঃ– শ্ৰেণী ব্য়ৱস্থাক এক আন্তঃক্ৰিয়াবাহী সমূহ বুলিব পাৰি। যিহেতু শ্ৰেণী ব্য়ৱস্থাত উচ্চ-নিম্ন মনোভাব বিৰাজমান সেয়ে নিজৰ শ্ৰেণীগত প্ৰস্থিত অক্ষুণ্ণ ৰাখিবৰ বাবে সমপ্ৰস্থিতিসম্পন্ন শ্ৰেণীৰ লোকসকলৰ লগতে বৈবাহিক সম্বন্ধ স্থাপন কৰে, আদান-প্ৰদান, চাল-চলন ইত্য়াদি কাৰ্যবোৰ সীমিত ৰাখিবলৈ বিচাৰে। কিন্তু এই বাধা-নিষেধসমূহ শ্ৰেণী ব্য়ৱস্থাত সম্পূৰ্ণ কটকটীয়া ৰূপত মানি চলা দেখা নাযায়। যাৰবাবে, কেতিয়াবা কেতিয়াবা উচ্চ আৰু নিম্ন শ্ৰেণীৰ লোকসকলৰ মাজতো এনে কাৰ্যসমূহ সংঘটিত হোৱা দেখা যায়।   (গ) শ্ৰেণী সচেতনতাঃ– শ্ৰেণী সচেতনতা শ্ৰেণী ব্য়ৱস্থাত এক উল্লেখযোগ্য় বৈশিষ্ট্য়। সাধাৰণতে, শ্ৰেণী সচেতনতাই এটা শ্ৰেণীৰ লোকসকলৰ মাজত বিভিন্ন ক্ষেত্ৰত সচেতন হৈ থকা এক অৱস্থাক বুজায়। দেখা যায় যে, প্ৰতিটো সামাজিক শ্ৰেণীয়েই নিজৰ প্ৰস্থিতিক লৈ সচেতন হৈ থাকে। সমাজত উচ্চ শ্ৰেণী হিচাপে খ্য়াত লোকসকলে সদায়ে তেওঁলোকৰ উচ্চ প্ৰস্থিতি অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰি থাকে। ঠিক সেইদৰে, নিম্ন শ্ৰেণীৰ লোকসকলেও তেওঁলোকৰ প্ৰস্থিতি উন্নত কৰিবলৈ চেষ্টা কৰি থাকে। ফলত প্ৰতিটো শ্ৰেণীৰ কিছুমান বিশেষ আচৰণবিধি গঢ় লৈ উঠে। অৱশ্য়ে কেৱল সামাজিক প্ৰস্থিতিৰ ক্ষেত্ৰতে শ্ৰেণী সচেতনতা সীমিত হৈ নাথাকে। সামাজিক চালন-চলন, আদান-প্ৰদান, মিলা-মিচা আদিৰ ক্ষেত্ৰতো একো একোটা শ্ৰেণীৰ লোকসকল সদায় সচেতন হৈ থকা দেখা যায়। (ঘ) উপ-সংস্কৃতিঃ– সমাজৰ একো একোটা গোট বা সমূহ হিচাপে উচ্চ-নিম্ন প্ৰত্য়েক শ্ৰেণীৰ লোকেই সমাজৰ সাধাৰণ সংস্কৃতি পালন বা গ্ৰহণ কৰাৰ উপৰি শ্ৰেণীভেদে প্ৰত্য়েক শ্ৰেণীৰ মাজত নিজৰ নিজৰ প্ৰস্থিতি অনুযায়ী নিজস্ব কিছুমান ৰীতি-নীতি, আচৰণ, অভ্য়াস আদি পালন কৰা দেখা যায়। এনেদৰে প্ৰত্য়েক শ্ৰেণীৰ নিজস্ব ৰীতি-নীতি, আচৰণ, অভ্য়াস ইত্য়াদিকে উপ-সংস্কৃতি বুলি ক’ব পাৰি। সমাজৰ সাধাৰণ সংস্কৃতিৰ নিচিনাকৈ সমাজৰ সকলো লোকে এটা বিশেষ শ্ৰেণীৰ সংস্কৃতি সকলোৱে মানি নচলে বাবে  এনে শ্ৰেণীগত সংস্কৃতিক উপ-সংস্কৃতি বুলি কোৱা হয়। (ঙ) জন্মৰ ওপৰত কম গুৰুত্বঃ- জাতি ব্য়ৱস্থাৰ দৰে সামাজিক শ্ৰেণীত জন্মৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নহয়। গতিকে এজন ব্য়ক্তিৰ শ্ৰেণী তেওঁৰ জন্মই নিৰ্ধাৰণ কৰাৰ পৰিৱৰ্তে তেওঁৰ কৰ্ম বা তেওঁৰ আৰ্থিক অৱস্থাইহে নিৰ্ধাৰণ কৰে। সেয়ে, নিম্ন শ্ৰেণীত জন্মগ্ৰহণ কৰা কোনো ব্য়ক্তিয়ে নিজৰ প্ৰচেষ্টা বা কৰ্মৰ জৰিয়তে আৰ্থিক অৱস্থা উন্নত কৰি উচ্চ শ্ৰেণীৰ সদস্য় হিচাপে সমাজত স্থান লাভ কৰিব  পাৰে। গতিকে দেখা যায় যে, জাতি ব্য়ৱস্থাৰ দৰে এজন ব্য়ক্তিৰ শ্ৰেণী স্থায়ী নহয়। ই পৰিৱৰ্তনশীল। (চ) গতিশীলতাঃ– যিহেতু এজন ব্য়ক্তিৰ শ্ৰেণী স্থায়ী নহয়, সেয়ে গতিশীলতাক শ্ৰেণী ব্য়ৱস্থাৰ এক অন্য়তম বৈশিষ্ট্য় হিচাপে আলোচনা কৰিব পাৰি। কিয়নো যিটো ব্য়ৱস্থা স্থায়ী নহয় সেই ব্য়ৱস্থাত গতিশীলতা অৱশ্য়ম্ভাৱী। শ্ৰেণী ব্য়ৱস্থাত এজন ব্য়ক্তিয়ে এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ নিজৰ সদস্য়পদ পৰিৱৰ্তন কৰিবলৈ সুবিধা লাভ কৰে আৰু ইয়াকে গতিশীলতা বুলি কোৱা হয়। 
(ছ) স্থায়িত্বহীনতাঃ– শ্ৰেণী ব্য়ৱস্থাক স্থায়িত্বহীন এক ব্য়ৱস্থা বুলি কোৱা হয়। ইয়াৰ মূলতে হ’ল – এই ব্য়ৱস্থা ব্য়ক্তিৰ আৰ্থিক অৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই ব্য়ৱস্থাত গতিশীলতাৰ সুবিধা প্ৰদান কৰা হয়। নিজৰ কৰ্মৰ বলত এজন দুখীয়া ব্য়ক্তিয়েও আৰ্থিকভাৱে সবল হ’ব পাৰে বা পৰিস্থিতিৰ বশৱৰ্তী হৈ এজন ধনী ব্য়ক্তিও আৰ্থিকভাৱে নিম্ন স্থানলৈ গতি কৰিব পাৰে। গতিকে, এজন ব্য়ক্তিৰ শ্ৰেণী সদায় একে হৈ নাথাকে। এ সঘনে পৰিৱৰ্তন হৈ থাকে। (জ) বিশ্বজনীনতাঃ– শ্ৰেণী ব্য়ৱস্থা বিশ্বজনীন ব্য়ৱস্থা। বিশ্বৰ সকলো সমাজতে শ্ৰেণী ব্য়ৱস্থা দেখিবলৈ পোৱা যায়। গতিকে এই ব্য়ৱস্থাক এক বিশ্বজনীন ব্য়ৱস্থা বুলি অভিহিত কৰা হয়। (ঝ) সম্বন্ধৰ সীমাবদ্ধতাঃ– শ্ৰেণী ব্য়ৱস্থাত সামাজিক সম্বন্ধৰ ক্ষেত্ৰত সীমাবদ্ধতা পৰিলক্ষিত হয়। সামাজিক সম্বন্ধৰ মূল ভেটি হ’ল আন্তঃক্ৰিয়া। অৰ্থাৎ, সমাজৰ লোকসকলৰ মাজত আন্তঃক্ৰিয়া ফলত সম্বন্ধৰ সৃষ্টি হয়। কিন্তু, শ্ৰেণী ব্য়ৱস্থালৈ লক্ষ্য় কৰিলে দেখা যায় যে, এই ব্য়ৱস্থাত বিভিন্ন শ্ৰেণীৰ লোকসকলৰ মাজত আন্তঃক্ৰিয়াৰ কিছুমান বাধা পালন কৰা হয়। যাৰ ফলত, বিভিন্ন শ্ৰেণীৰ লোকসকলৰ মাজত সম্বন্ধৰ সীমাবদ্ধতা পৰিলক্ষিত হয়।  
৫) জাতি আৰু শ্ৰেণীৰ পাৰ্থক্য়সমূহ আলোচনা কৰা।উত্তৰঃ– জাতি আৰু শ্ৰেণী ব্য়ৱস্থাৰ মাজত থকা পাৰ্থক্য়সমূহ তলত আলোচনা কৰা হ’ল – (ক) জাতি ব্য়ৱস্থা জন্মৰ ওপৰত আধাৰিত। এজন ব্য়ক্তিৰ জাতি তেওঁৰ জন্মই নিৰ্ধাৰণ কৰে। আনহাতে শ্ৰেণী ব্য়ৱস্থা ব্য়ক্তিৰ আৰ্থিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল। (খ) জাতি এক অন্তঃবিবাহী সমূহ। জাতি ব্য়ৱস্থাৰ নীতি মতে একে জাতিৰ ভিতৰত বিবাহ কাৰ্য সম্পাদন কৰিব লাগে। নিজ জাতিৰ বাহিৰে আন জাতিৰ সদস্য়ৰ লগত বিবাহ কাৰ্য সম্পাদন কৰিব নোৱাৰে। কিন্তু শ্ৰেণী ব্য়ৱস্থাত এনে কোনো বাধ্য়বাদকতা নাই। কিছু ক্ষেত্ৰত সমপ্ৰস্থিতি সম্পন্ন শ্ৰেণীৰ লোকৰ মাজতে বিবাহ কাৰ্য সম্পাদন কৰা দেখা যায় যদিও এনে কৰাটো বাধ্য়তামূলক নহয়। উচ্চ শ্ৰেণীয়ে নিম্ন শ্ৰেণীৰ লগত বা নিম্ন শ্ৰেণীয়ে উচ্চ শ্ৰেণীৰ লগত বিবাহ কাৰ্য সম্পাদন কৰাত কোনো বাধা নাই। (গ) জাতি ব্য়ৱস্থাত প্ৰত্য়েক জাতিৰ বাবে এক নিৰ্ধাৰিত বৃত্তি থাকে। নিৰ্ধাৰিত বৃত্তিৰ বাহিৰে আন বৃত্তি কোনো জাতিৰ কোনো সদস্য়ই গ্ৰহণ কৰিব নোৱাৰে। কিন্তু শ্ৰেণী ব্য়ৱস্থাত তেনে কোনো নিৰ্ধাৰিত বৃত্তি নাথাকে। এটা শ্ৰেণীৰ লোকসকলে বিভিন্ন বৃত্তি গ্ৰহণ কৰিব পাৰে। (ঘ) জাতি ব্য়ৱস্থাত সামাজিক চাল-চলন, খোৱা-বোৱা, আদান-প্ৰদান, লোৱা-থোৱা আদিত বাধা প্ৰদান কৰা দেখা যায়। কিন্তু, শ্ৰেণী ব্য়ৱস্থাত এনে কোনো ধৰা-বন্ধা নিয়ম নাথাকে।(ঙ) জাতি ব্য়ৱস্থা সমগ্ৰ বিশ্বব্য়াপি পৰিব্য়াপ্ত নহয়। কিন্তু, শ্ৰেণী ব্য়ৱস্থা সমগ্ৰ বিশ্বতে প্ৰচলন থকা দেখা যায়। গতিকে শ্ৰেণী ব্য়ৱস্থা এক বিশ্বজনীন প্ৰক্ৰিয়া। (চ) স্তৰীকৰণৰ দিশৰ পৰা চাবলৈ গ’লে দেখা যায় যে, জাতি ব্য়ৱস্থাই বন্ধ স্তৰীকৰণক প্ৰতিনিধিত্ব কৰে। আনহাতে শ্ৰেণী ব্য়ৱস্থাই মুক্ত স্তৰীকৰণক প্ৰতিনিধিত্ব কৰে। 

৬) সামাজিক গতিশীলতা বুলিলে কি বুজা? ইয়াৰ বিভিন্ন ভাগসমূহ আলোচনা কৰা।উত্তৰঃ- সামাজিক গতিশীলতাই ইয়াৰ সৰলতম ৰূপত সমাজ এখনৰ স্তৰৰ ভিতৰত ব্যক্তি, পৰিয়াল বা সমগ্ৰ গোটৰ গতিবিধিৰ বৰ্ণনা কৰে। 
              অতি চলন্ত সমাজ এখনত প্ৰতিজন ব্যক্তিয়েই, নিজৰ পটভূমি যিয়েই নহওক কিয়, নিজৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰাৰ উচিত সুযোগ থাকে। ইয়াৰ ফলত অৰ্থনৈতিক বৃদ্ধি, সামাজিক স্থিতিশীলতা, আৰু অধিক অন্তৰ্ভুক্ত সমাজ গঢ়ি তোলা হয়। সামাজিক গতিশীলতাক বুজি পোৱাটোৱে আমাক সমাজসমূহে কিমান ভালদৰে কাম কৰে সেইটো বিশ্লেষণ কৰাত সহায় কৰে আৰু কিছুমান বিশেষ গোটৰ বাবে সুযোগ সীমিত হ’ব পৰা ক্ষেত্ৰসমূহ চিনাক্ত কৰাত সহায় কৰে। শিক্ষা, স্বাস্থ্যসেৱা, আৰু সম্পদৰ সমান সুবিধাক সমৰ্থন কৰা নীতিসমূহক প্ৰসাৰিত কৰি আমি এনে এখন পৃথিৱী সৃষ্টি কৰিব পাৰো য’ত সকলোৱে সামাজিক জখলা বগাই নিজৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰাৰ সুযোগ পাব।
              সমাজতত্ত্ববিদ পিটিৰিম ছ’ৰ’কিনে সামাজিক গতিশীলতাক প্ৰধান দুটা ভাগত ভাগ কৰিছে। সেয়া হৈছে – (ক) দিগন্তমুখী বা আনুভূমিক গতিশীলতা আৰু (খ) উলম্ব বা শীৰ্ষবিন্দুক গতিশীলতা। 
              আনহাতে, উলম্ব বা শীৰ্ষবিন্দুক গতিশীলতাক তেওঁ পুনৰ দুটা ভাগত ভাগ কৰিছে। সেয়া হৈছে – (ক) ঊৰ্ধ্বমুখী সামাজিক গতিশীলতা আৰু (খ) অধঃমুখী সামাজিক গতিশীলতা। তলত এইসমূহৰ বিষয়ে বহলাই আলোচনা কৰা হ’ল – 
(ক) দিগন্তমুখী বা আনুভূমিক গতিশীলতাঃ– সামাজিক গতিশীলতাৰ ফলত ব্য়ক্তিৰ সামাজিক স্থান আৰু প্ৰস্থিতিৰ পৰিৱৰ্তন হয়। সেইদৰে সামাজিক গতিশীলতাৰ ফলত ব্য়ক্তিয়ে নিম্নৰ পৰা উচ্চ স্থানলৈ আৰু উচ্চৰ পৰা নিম্ন স্থানলৈ গতি কৰে। কিন্তু কেতিয়াবা কেতিয়াবা দেখা যায় যে সমাজৰ কোনো ব্য়ক্তিয়ে তেওঁৰ পূৰ্বৰ প্ৰস্থিতিৰ কোনো সালসলনি নকৰি কেৱল তেওঁ বসবাস কৰি থকা স্থানৰহে পৰিৱৰ্তন হয়। এনেদৰে সামাজিক প্ৰস্থিতি অক্ষুণ্ণ ৰাখি কেৱল বসবাসৰ স্থানৰ পৰিৱৰ্তন কৰি ব্য়ক্তিয়ে যি গতিশীলতা লাভ কৰে তাক দিগন্তমুখী বা আনুভূমিক গতিশীলতা বোলে। উদাহৰণস্বৰূপে, অসমৰ কোনো এখন মহাবিদ্য়ালয়ৰ সমাজতত্ত্ব বিষয়ৰ এজন অধ্য়াপকে অসমৰ আন এখন মহাবিদ্য়ালয়ত একে অধ্য়াপক পদত যোগদান কৰি তেওঁৰ পূৰ্বৰ বসবাসৰ স্থানৰ পৰিৱৰ্তন ঘটালে, তেনে গতিশীলতাক সমান্তৰাল গতিশীলতা বোলে। এই গতিশীলতাক সমান্তৰাল বুলি কোৱাৰ মূল কাৰণটো হ’ল যে অধ্য়াপকজনে এখন মহাবিদ্য়ালয়ৰ পৰা আন এখন মহাবিদ্য়ালয়লৈ গতি কৰোঁতে তেওঁৰ সামাজিক প্ৰস্থিতিৰ কোনো সালসলনি নঘটিল। ইয়াৰ পৰিৱৰ্তে মাত্ৰ স্থানৰহে পৰিৱৰ্তন ঘটিল। গতিকে ই সমান্তৰাল গতিশীলতা। (খ)উলম্ব বা শীৰ্ষবিন্দুক গতিশীলতাঃ– সমান্তৰাল গতিশীলতাৰ বিপৰীত প্ৰকৃতিৰ গতিশীলতাই হ’ল উলম্ব বা শীৰ্ষবিন্দুক গতিশীলতা। যেতিয়া সমাজৰ কোনো ব্য়ক্তিয়ে সমাজৰ বিভিন্ন স্তৰসমূহৰ পৰা নিম্নৰ পৰা উচ্চ স্তৰলৈ বা উচ্চৰ পৰা নিম্ন স্তৰলৈ প্ৰস্থিতিৰ পৰিৱৰ্তন ঘটায়, তেনে গতিশীলতাক উলম্ব বা শীৰ্ষবিন্দুক গতিশীলতা বোলে। এই প্ৰকাৰৰ গতিশীলতাত এজন ব্য়ক্তিৰ স্থানৰ পৰিৱৰ্তনৰ লগতে প্ৰস্থিতিৰো পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে, অসমৰ কোনো এখন মহাবিদ্য়ালয়ৰ এজন অধ্য়াপকে প্ৰয়োজনীয় যোগ্য়তা আৰু অৰ্হতা লাভ কৰি সেই মহাবিদ্য়ালয়ৰে বা আন মহাবিদ্য়ালয়ৰ অধ্য়ক্ষ পদ লাভ কৰিবলৈ সক্ষম হয়, তেন্তে তেনে গতিশীলতাক উলম্বমুখী বা শীৰ্ষবিন্দুক গতিশীলতা বুলি কোৱা হয়। কেৱল নিম্ন অৱস্থাৰ পৰা উচ্চ অৱস্থালৈ গতি কৰাকে উলম্বমুখী বা শীৰ্ষবিন্দুক গতিশীলতা বুলি নকৈ, উচ্চৰ পৰা নিম্ন স্থানলৈ গতি কৰাকো এই গতিশীলতাই সাঙুৰি লয়। উদাহৰণস্বৰূপে, এজন ৰাজনৈতিক নেতাই নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰি তেওঁৰ পূৰ্বৰ মন্ত্ৰিত্ব পদ এৰিব লগা হয়। তেনে গতিশীলতাকো শীৰ্ষবিন্দুক বা উলম্বমুখী গতিশীলতাই বুলিব পাৰি। (গ) ঊৰ্ধ্বমুখী গতিশীলতাঃ- পূৰ্বৰ নিম্ন প্ৰস্থিতিৰ পৰা যেতিয়া এজন ব্য়ক্তিয়ে উচ্চ প্ৰস্থিতিলৈ গতি কৰে তেতিয়া তেনে গতিশীলতাক ঊৰ্ধ্বমুখী গতিশীলতা বোলে।উদাহৰণস্বৰূপে,  অসমৰ কোনো এখন মহাবিদ্য়ালয়ৰ এজন অধ্য়াপকে প্ৰয়োজনীয় যোগ্য়তা আৰু অৰ্হতা লাভ কৰি সেই মহাবিদ্য়ালয়ৰে বা আন মহাবিদ্য়ালয়ৰ অধ্য়ক্ষ পদ লাভ কৰিবলৈ সক্ষম হয়,  তেন্তে এই গতিশীলতাক ঊৰ্ধ্বমুখী গতিশীলতা বুলি ক’ব পাৰি।(ঘ) অধঃমুখী গতিশীলতাঃ-সামাজিক স্তৰীকৰণৰ উচ্চ স্তৰৰ পৰা নিম্ন স্তৰলৈ প্ৰস্থিতিৰ পৰিৱৰ্তন হোৱাৰ ফলত যি গতিশীলতাৰ সৃষ্টি হয়, তাক অধঃমুখী গতিশীলতা বুলি কোৱা হয়।উদাহৰণস্বৰূপে, প্ৰশাসনিক কৰ্মদক্ষতাৰ অভাৱ বা দুৰ্নীতিৰ বাবে এজন জিলা উপায়ুক্তক যদি খণ্ড উন্নয়ন বিষয়ালৈ অৱনমিত কৰে, তেন্তে এই গতিশীলতাক অধঃমুখী গতিশীলতা বুলি কোৱা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top