Class 7 Assamese Chapter 11 গছ ভালপোৱা ককাৰ খং

পাঠ – ১১

গছ ভালপোৱা ককাৰ খং

৩) কোৱা আৰু লিখা-

ক) কবিতাটোত কাৰ বিয়াৰ কথা কৈছে ?

উত্তৰঃ- কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে।

খ) আমলখি গছজোপা কিয় কাটিলে?

উত্তৰঃ আমলখি গছজোপা বিয়াৰ ৰভা দিবলৈ কাটিলে।

গ) কোনে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে।

উত্তৰঃ- বোৱাৰীয়ে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে।

ঘ) সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে ?

উত্তৰঃ- আমলখি গছজোপা সহজে ঘূৰাই নাপাব বুলি ককাই কৈছে।

৪) কোৱা আৰু লিখা –

ক) বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল?

উত্তৰঃ- যেতিয়া ককাই বিয়া খাবলৈ গৈ দেখিলে যে আমলখি গছজোপা কাটি বিয়াৰ ৰভাৰ খুঁটা পুতি থৈছে, তেতিয়া ককাৰ খং উঠিছিল।

খ) বিয়া ঘৰত ককাই কিয় একো নাখালে?

উত্তৰঃ- গছজোপা কটাৰ বাবে ককাই বিয়াৰ ঘৰত একো নাখালে।

গ) খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল?

উত্তৰঃ- খং উঠাৰ পাছতো ককাই দৰাক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিল।

৫) তলৰ কবিতা ফাকি গদ্য়ৰূপত লিখা-

           আলহী - অতিথি যাব 
              ৰভা নাইকিয়া হ'ব 
                বোৱাৰীয়ে ঘৰখন 
                   দিবহি পূৰাই ,
             পিছে কোৱাচোন ৰঘুনাথ 
                 আমলখি গছজোপা 
             সহজতে পাবানে ঘূৰাই   ?

উত্তৰঃ এই কথাষাৰৰ অৰ্থ হৈছে যে, যেতিয়া বিয়াখন শেষ হ’ব আৰু আলহীবিলাক গুচি যাব, তেতিয়া ঘৰখন খালি খালি যেন লাগিব। বোৱাৰী আহি ঘৰখন পূৰ্ণ কৰিব, কিন্তু কটা আমলখি গছজোপা পুনৰ ঘূৰাই পোৱা নাযাব।

৬) কবিতাটোৰ মূলভাব লিখা।

উত্তৰঃ কবিতাটোৰ মূল ভাব হৈছে যে, ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভা দিবৰ বাবে আমলখি গছডাল কাটি পেলোৱা হৈছিল। গছক প্ৰেম কৰা ককাই এই ঘটনা দেখি বেছি খঙাল হ’ল। তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়াত উপস্থিত হৈ নিজৰ খং আৰু মনৰ ভাব প্ৰকাশ কৰি ৰঘুনাথক কৈছিল যে, কটা আমলখি গছডাল পুনৰ ঘূৰাই পোৱা নাযাব। এই কাৰণেই ককাই বিয়াত একো নাখালে, মাত্ৰ দৰালাক আৰ্শীবাদ দি গুচি গ’ল।

৭) বাক্য ৰচনা কৰা।

এজোলোকা – ককাই দৰাটোক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিলে।

আলহী – অতিথি – বিহুত ৰামৰ ঘৰত আলহী – অতিথি আহিছিল।

আশীৰ্বাদ – বিহুত আইতাই ৰাণীক আশীৰ্বাদ দিলে।

সহজতে – গছ এজোপা কাটিলে সহজতে পোৱা নাযায়।

ঘূৰাই- আমাৰ প্ৰয়োজনীয় বস্তুবিলাক হেৰালে সহজতে পুনৰ ঘূৰাই পোৱা নাযায়।

ৰভা – ৰহিমে ৰভাখন দিবলৈ নাৰিকল গছজোপা কাটি পেলালে।

৮) ক অংশৰ লগত খ অংশ মিলোৱা।

ক অংশ খ অংশ

ৰভা – কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি
দৰা – বৰ
গছ – বৃক্ষ
ঔষধ – দৰব

Spelling Check By- Mukesh Borah

Leave a Reply

Your email address will not be published. Required fields are marked *