Might Learn Logo Might Learn

Class 7 Assamese Chapter 12 নামৰ বেবেৰিবাং

পাঠ-১২
নামৰ বেবেৰিবাং

৪) তলৰ শব্দসমূহৰ অৰ্থ কাড়ঁ চিন দি মিলোৱা।

শব্দ ———–অৰ্থ

নুটুটে ——–নকমে

ৰৰৈয়া ——–নদন-বদন, ধনে – জনে পৰিপূৰ্ণ

ডাল-দৰিদ্ৰ —অতি দুখীয়া

বেজবেজাই –ডাকি যোৱাগৈ, বিজবিজনি অনুভৱ কৰা

সুৰ সুৰকৈ —-কোনো শব্দ বা ওজৰ-আপত্তি নোহোৱাকৈ

মৰচেৰেলা —-শুকাই-ক্ষীণাই মৰাৰ নিচিনা হোৱা

জকাই ———জাকৈ

পেটাৰি ———জঁপা, ঢাকনি থকা বেতেৰে তৈয়াৰি কৰা কাপোৰ – কানি ৰাখিব পৰা এবিধ যতন।

৫) উত্তৰ লিখা-

ক) নিধনীৰামৰ ঘৰ কত আছিল?

উত্তৰঃ- নিধনীৰামৰ ঘৰ সোণাপুৰত আছিল।

খ) নিধনীৰাম অভাৱী আছিল নেকি।

উত্তৰঃ- নহয়, নিধনীৰাম অভাৱী নাছিল।

গ) মানুহজনে কাটি থকা গছজোপাৰ নাম কি।

উত্তৰঃ- মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা।

ঘ) হালোৱা মানুহজনৰ নাম কি আছিল।

উত্তৰঃ- হালোৱা মানুহজনৰ নাম মৰা আছিল।

৬) কোনে, কাক কৈছিল কোৱা-

ক) এই জোপা কি গছহে ককাই।

উত্তৰঃ- নিধনীৰামে গিৰিহঁতক কৈছিল।

খ) পাৰোঁতোন নিজৰা।,

উত্তৰঃ- লৰা-ছোৱালীজাকে নিধনীৰামক কৈছিল।

গ) মোৰ নাম মৰা।
উত্তৰঃ-
হালবাই থকা মানুহজনে নিধনীৰামক কৈছিল।

ঘ) বোলো কোৱা কি। তুমি দেখোন জিয়া, মৰা হ’লা কেনেকৈ।

উত্তৰঃ- নিধনীৰামে হালবাই থকা মানুহজনক কৈছিল।

ধ) জকাই বাইছোহেঁ বাইছোঁ , খলিহা – পুঠী এটাও পোৱা নাই।

উত্তৰঃ- লখিমীয়ে নিধনীৰামক কৈছিল।

৮) নিধনীৰামে শেষত ভাবা যোজনা ফাকিৰ অৰ্থ লিখা।

উত্তৰঃ- অমৰা মৰে , নিজৰা জৰে

             মৰাই বাই হাল  ,

লখিমীয়ে পিন্ধে ফটাকানি 

         মই নিধনী হোৱাই ভাল।

  অৱশেষত নিধনিৰামে ভাবিলে যে মানুহৰ নামৰ দ্বাৰা একো নহয় মানুহৰ গুণ বা কামৰ দ্বাৰাহে মানুহে উন্নতি কৰিব পৰা যায়।

৯) ক , অংশৰ লগত খ , অংশ মিলোৱা ।

ক-অংশ——————খ-অংশ

গোহালীত —————-গৰু

পুখুৰীত ——————-মাছ

বাৰীত ———————তামোল-পাণ

ভঁৰাল ———————-ধান

চালত ———————-কোমোৰা

ফুলনি ———————-ফুল

১১) ক অংশৰ খ অংশ লগ লগাই যুৰীয়া শব্দ গঠন কৰা।

‘ক’ অংশ ——————-‘খ’ অংশ

ভাই ————————-ভনী

আই ————————-বোপাই

পেহা ————————পেহী

জী ————————–জোঁৱাই

শাহু————————–শহু

তাৱৈ ————————আমৈ

১২) তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ লিখা।

ভাল – বেয়া নালাগে – লাগে।

জীয়া – মৰা নুটুটে – টুটে।

নিধনী – ধনী নোৱাৰে – পাৰে ।

বহল – ঠেক নেমাতিলে – মাতিলে ।

১৩) বাক্য় ৰচনা কৰা

গা বেজবেজাই যায় , ডাল- দৰিদ্ৰ , ভেকাৰি মাৰ , গা নচুৱাই ফুৰ ।

(ক) গা বেজবেজাই যায়ঃ ৰহিমৰ অকস্মাতে হোৱা মৃত্য়ুৰ কথা শুনি ৰাজৰ গা বেজবেজাই যায়।

(খ) ডালডদৰিদ্ৰঃ ডাল-দৰিদ্ৰ লোকক সহায় কৰিব লাগে।

(গ) ভেকাৰি মাৰঃ অভদ্ৰ ল’ৰাজনে পংগু ল’ৰাটোক দেখি লগৰবোৰক ভেকাৰি মাৰ বুলি ক’লে।

(ঘ) গা নচুৱাই ফুৰঃ মাকে নেহাক কাম-বন নকৰি গা নচুৱাই ফুৰ বুলি ঠাট্টা কৰিলে।

খ) শব্দ গঠন কৰা

উত্তৰঃ- জ্ঞান + ঈ = জ্ঞানী মান + ঈ = মানী ।

          দান   +   ঈ  =  দানী        সুখ  +  ঈ  =  সুখী ।

          গুণ   +   ঈ  =  গুণী         দুখ  +  ঈ  =  দুখী ।

Last Update by Dipawali Bora

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects