Class 7 Assamese Chapter 12 নামৰ বেবেৰিবাং

পাঠ-১২
নামৰ বেবেৰিবাং

৪) তলৰ শব্দসমূহৰ অৰ্থ কাড়ঁ চিন দি মিলোৱা।

শব্দ ———–অৰ্থ

নুটুটে ——–নকমে

ৰৰৈয়া ——–নদন-বদন, ধনে – জনে পৰিপূৰ্ণ

ডাল-দৰিদ্ৰ —অতি দুখীয়া

বেজবেজাই –ডাকি যোৱাগৈ, বিজবিজনি অনুভৱ কৰা

সুৰ সুৰকৈ —-কোনো শব্দ বা ওজৰ-আপত্তি নোহোৱাকৈ

মৰচেৰেলা —-শুকাই-ক্ষীণাই মৰাৰ নিচিনা হোৱা

জকাই ———জাকৈ

পেটাৰি ———জঁপা, ঢাকনি থকা বেতেৰে তৈয়াৰি কৰা কাপোৰ – কানি ৰাখিব পৰা এবিধ যতন।

৫) উত্তৰ লিখা-

ক) নিধনীৰামৰ ঘৰ কত আছিল?

উত্তৰঃ- নিধনীৰামৰ ঘৰ সোণাপুৰত আছিল।

খ) নিধনীৰাম অভাৱী আছিল নেকি।

উত্তৰঃ- নহয়, নিধনীৰাম অভাৱী নাছিল।

গ) মানুহজনে কাটি থকা গছজোপাৰ নাম কি।

উত্তৰঃ- মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা।

ঘ) হালোৱা মানুহজনৰ নাম কি আছিল।

উত্তৰঃ- হালোৱা মানুহজনৰ নাম মৰা আছিল।

৬) কোনে, কাক কৈছিল কোৱা-

ক) এই জোপা কি গছহে ককাই।

উত্তৰঃ- নিধনীৰামে গিৰিহঁতক কৈছিল।

খ) পাৰোঁতোন নিজৰা।,

উত্তৰঃ- লৰা-ছোৱালীজাকে নিধনীৰামক কৈছিল।

গ) মোৰ নাম মৰা।
উত্তৰঃ-
হালবাই থকা মানুহজনে নিধনীৰামক কৈছিল।

ঘ) বোলো কোৱা কি। তুমি দেখোন জিয়া, মৰা হ’লা কেনেকৈ।

উত্তৰঃ- নিধনীৰামে হালবাই থকা মানুহজনক কৈছিল।

ধ) জকাই বাইছোহেঁ বাইছোঁ , খলিহা – পুঠী এটাও পোৱা নাই।

উত্তৰঃ- লখিমীয়ে নিধনীৰামক কৈছিল।

৮) নিধনীৰামে শেষত ভাবা যোজনা ফাকিৰ অৰ্থ লিখা।

উত্তৰঃ- অমৰা মৰে , নিজৰা জৰে

             মৰাই বাই হাল  ,

লখিমীয়ে পিন্ধে ফটাকানি 

         মই নিধনী হোৱাই ভাল।

  অৱশেষত নিধনিৰামে ভাবিলে যে মানুহৰ নামৰ দ্বাৰা একো নহয় মানুহৰ গুণ বা কামৰ দ্বাৰাহে মানুহে উন্নতি কৰিব পৰা যায়।

৯) ক , অংশৰ লগত খ , অংশ মিলোৱা ।

ক-অংশ——————খ-অংশ

গোহালীত —————-গৰু

পুখুৰীত ——————-মাছ

বাৰীত ———————তামোল-পাণ

ভঁৰাল ———————-ধান

চালত ———————-কোমোৰা

ফুলনি ———————-ফুল

১১) ক অংশৰ খ অংশ লগ লগাই যুৰীয়া শব্দ গঠন কৰা।

‘ক’ অংশ ——————-‘খ’ অংশ

ভাই ————————-ভনী

আই ————————-বোপাই

পেহা ————————পেহী

জী ————————–জোঁৱাই

শাহু————————–শহু

তাৱৈ ————————আমৈ

১২) তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ লিখা।

ভাল – বেয়া নালাগে – লাগে।

জীয়া – মৰা নুটুটে – টুটে।

নিধনী – ধনী নোৱাৰে – পাৰে ।

বহল – ঠেক নেমাতিলে – মাতিলে ।

১৩) বাক্য় ৰচনা কৰা

গা বেজবেজাই যায় , ডাল- দৰিদ্ৰ , ভেকাৰি মাৰ , গা নচুৱাই ফুৰ ।

(ক) গা বেজবেজাই যায়ঃ ৰহিমৰ অকস্মাতে হোৱা মৃত্য়ুৰ কথা শুনি ৰাজৰ গা বেজবেজাই যায়।

(খ) ডালডদৰিদ্ৰঃ ডাল-দৰিদ্ৰ লোকক সহায় কৰিব লাগে।

(গ) ভেকাৰি মাৰঃ অভদ্ৰ ল’ৰাজনে পংগু ল’ৰাটোক দেখি লগৰবোৰক ভেকাৰি মাৰ বুলি ক’লে।

(ঘ) গা নচুৱাই ফুৰঃ মাকে নেহাক কাম-বন নকৰি গা নচুৱাই ফুৰ বুলি ঠাট্টা কৰিলে।

খ) শব্দ গঠন কৰা

উত্তৰঃ- জ্ঞান + ঈ = জ্ঞানী মান + ঈ = মানী ।

          দান   +   ঈ  =  দানী        সুখ  +  ঈ  =  সুখী ।

          গুণ   +   ঈ  =  গুণী         দুখ  +  ঈ  =  দুখী ।

Last Update by Dipawali Bora

Leave a Reply

Your email address will not be published. Required fields are marked *