Might Learn Logo Might Learn Shop Might Learn

Class 7 Assamese Chapter 14 বিদ্যা

Lesson 14
বিদ্যা

৩) উত্তৰ লিখা।

ক) লিখন , কষৰ্ণ আৰু ৰন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয় ?

উত্তৰঃ- লিখন , কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কাপ , হাল আৰু চৰুৰ প্ৰয়োজন হয়।

খ) সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয় ?

উত্তৰঃ- সুকলমে কাম কৰিবলৈ আহিলা পাতিৰ প্ৰয়োজন হয়।

গ) উদগতিৰ ঘাই আহিলা কি ?

উত্তৰঃ- উদগতিৰ ঘাই আহিলা হৈছে বিদ্যা ।

ঘ) বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে ?

উত্তৰঃ- বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে ।

ঙ) কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয় ?

উত্তৰঃ- বিদ্যাৰে মন পোহৰাই ললে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয় ।

চ) পৃথিৱীত নাম জ্বলাবলৈ কি আয়ত কৰিব লাগিব ?

উত্তৰঃ- পৃথিৱীত নাম জ্বলাবলৈ বিদ্যা আয়ত কৰিব লাগিব।

ছ) কি কৰিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে ?

উত্তৰঃ- লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নেৱাৰে।

৪) সত্য নে অসত্য লিখা ।

ক) কাপ নহলে লিখন কাম কৰিব নোৱাৰি ।

উত্তৰঃ- সত্য ।

খ) বিদ্যাহীন জীবন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে ।

উত্তৰঃ- অসত্য ।

গ) হাল নহ’লে কৰ্ষণ কৰিব নোৱাৰি।

উত্তৰঃ- সত্য ।

ঘ) আগৰ কালৰ খ্যাতিমন্ত লোকসকলো বৰ বিদ্যাৱন্ত নাছিল ।

উত্তৰঃ- অসত্য ।

৫) খালী ঠাই পূৰ কৰা।

ক) লাগতিয়াল আহিলাপাতি যতনাই নহ’লে কোনো কাম সুকলমে কৰিব নোৱাৰি।
খ) এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে , এনেবোৰ কামৰো তেনে সুকীয়া আহিলা আছে।

গ) বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপাই।
ঘ) কাপ নহ’লে লিখন কাম কৰিব নোৱাৰি।
ঙ) বিদ্যাৰে মন পোহৰাই নহ’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়।

৮) সমাৰ্থক শব্দবোৰ আঁচ টানি মিলোৱা ।

উত্তৰঃ
সুকলমে –
অনায়াসে।
সুকীয়া – পৃথক ।
বৃথা – নিষ্ফল।
ফৰকাল – পৰিষ্কাৰ।
পোহৰ – আলোক ।
লাগতিয়াল – প্ৰয়োজন ।

Last Update by Dipawali Bora

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects