Might Learn Logo Might Learn

Class 7 Assamese Chapter 15 গড়গাওঁ

গড়গাওঁ

৪) উত্তৰ লিখা ।

ক) গড়গাওঁ কবিতাটি কোনে ৰচনা কৰিছে ?

উত্তৰঃ- গড়গাওঁ কবিতাটি বিনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল ।

খ) গড়গাওঁ কবিতাটিৰ ৰচকজনক কি বুলি জনা যায় ?

উত্তৰঃ- গড়গাওঁ কবিতাটিৰ ৰচকজনক ধ্ৱনি কবি বুলি জনা যায় ।

গ) মাৰ – নাও বুলিলে কি বুজা ?

উত্তৰঃ- মাৰ নাও বুলিলে এখনৰ দাতিঁত আন এখন বান্ধি লোৱা যোৰ নাও ।

ঘ) কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা ?

উত্তৰঃ- ৰজাৰ আদেশত হোৱা কেইটামান কাম হ’ল – ধোদে ৰাজ আলি বান্ধে, কাৰেঙৰ দেৱাঁল গাঠেঁ আৰু বৰনাও মাৰে।

ঙ) গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে ?

উত্তৰঃ- কাৰণ সেইখন ওলট্ – পালট্ দেশ তাত বিভিন্ন ঘটনা ঘটে। সেইবাবে কবিয়ে কৈছে গড়গাঁৱৰ কথা শুনি তল যাওঁ।

৫) চমু উত্তৰ লিখা ।

ক) দিখৌৰ সোঁতত যোৱা, ভটিয়নী বল পোৱা , উভতিব খোজে মাৰ – নাও,।
—— মাৰ -নাও উভতিব খোজাৰ কাৰণ কি ?

উত্তৰঃ গড়গাঁৱৰ সৌন্দৰ্য চাবৰ কাৰণে অধিক জোৰেৰে গৈ থকা মাৰ নাওবোৰ উভতি আহিব খোজে।

খ) ‘ওলট্-পালট্ দেশ , কথাৰে নহয় শেষ , কটাৰীৰো ডাবে তাৰ কাটে’ বুলি কবিয়ে কি বুজাব খুজিছে।

উত্তৰঃ আহোম ৰজাৰ দেশখন ৰজাসকলৰ প্ৰচেষ্টাৰ ফলত এক বিশেষ ৰূপত পৰিণত হৈছিল, আৰু এই কাহিনীই ইয়াৰ কৃতিত্ববোৰ সম্পূৰ্ণ কৰাৰ এটা নতুন উপায় প্ৰদান কৰিছিল। কটা বালি কাটিবলৈ মানুহৰ বাবে কাম কৰাটো সম্ভৱ হৈছিল।

গ) নাইদিন ,নাই ৰাতি , নাই পানী , নাই মাটি , আদেশ মাথোন হয় সাজ
—— কবিতাফাকিত থকা সাজ শব্দই কি বুজাইছে ?

উত্তৰঃ গড়গাঁৱত থকা অন্য়ান্য় ঘৰ-দুৱাৰ, কাৰেংঘৰ ইত্য়াদিক সুৰক্ষিত কৰিবৰ কাৰণে ৰাজধানী চাৰিওকাষৰ গড় সজা বুলি বুজাইছে।

ঘ) অহা- যোৱা নাই তাত শেষ ;
জনে-জনে ভিন ভিন বেশ ।

—— এই কথাফাকিৰ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে ?

উত্তৰঃ এই কবিতাৰ মাজেৰে কবিয়ে বুজাব বিচাৰিছে যে গড়গাঁও আৰু ইয়াত থকা কাৰেংঘৰ, ৰাজধানী আদিৰ বিভিন্ন কীৰ্তিচিহ্ন চাবলৈ পৰ্যটকসকলৰ আগমন ঘটে। ইয়াত বিভিন্ন ধৰণৰ লোক আহে, আৰু ইয়াত অহা-যোৱা অবিৰত হৈ থাকে।

৭) তলৰ দফাত থকা খালী ঠাই পূৰ কৰা -ঃ

ক) বিদেশৰী চকু থিৰ ,স্ৱদেশীৰ ওখ শিৰ,
দেও -লগা মানুহৰ দেশ,

উজুটিত ভাগে দাঁত , কোঢ়ালত হৰে মাত,
অহা- যোৱা নাই তাত শেষ ;
জানে জানে ভিন্ ভিন্ বেশ ।

খ) সকলোৰে আছে কাম ,নোহোৱাৰ নাই কাম,
কাপুৰুষে সদা পায় লাজ ;
নাই দিন, নাই ৰাতি, নাই পানী, নাই মাটি ,
আদেশ যেন হয় সাজ,
ইচ্ছা যেন স্ৱৰ্গমহাৰাজ ।

৮) পাঠৰ পৰা অন্ত্য়ধ্ৱনি মিল থকা শব্দবোৰ লিখা ।
উদাহৰণ –

দেশ বেশ ফালি লালী
নাও গাওঁ কাটে ঘাটে
শেষ বেশ থিৰ শিৰ
লাজ সাজ হাত দাঁত

৯) ক অংশত দিয়া শব্দবোৰ খ অংশৰ অৰ্থৰ লগত মিলোৱা ।

ক অংশ —————-খ অংশ

ভটিয়নী —————-নৈৰ ভাটি বা নামনিলৈ বৈ থকা

বলপোৱা —————শক্তি পোৱা

মাৰ-নাও —————এখনৰ দাঁতিত আন এখন বান্ধি লোৱা যোগৰ-নাও

ওলট্-পালট্তল——–ওপৰ হোৱা বা কৰা

বিদেশী —————-পৰদেশৰ, যিটো নিজৰ দেশৰ নহয়

শিৰ ——————–মূৰ

বহুলোকে ————-একলেগে কৰা হাই-উৰুলি

সাজ ——————নিৰ্মাণ কৰা, প্ৰস্তুত কৰা

ধোদ ——————এলেহুৱা, বন বাৰী নকৰি বহি থকা মানুহ

১১) বাক্য ৰচনা কৰা –
বাৰ ( সপ্তাহৰ বাৰ ) পাৰ ( নদীৰ পাৰ ) টকা ( টকা – পইচা )

বাৰ ( অ) ( সংখ্যা ) পাৰ ( অ ) (চৰাই ) টকা ( বাঁহৰ এবিধ বাদ্য )

উত্তৰঃ- বাৰ ( সপ্তাহৰ বাৰ ) = সোমবাৰ দিনা আমি নগাওঁলৈ যাম ।
বাৰ ( অ ) সংখ্য়া ) = এক দৰ্জনত বাৰতা থাকে ।
পাৰ ( নদীৰ পাৰ) = ৰহিমহঁতে নদীৰ পাৰত খানা খাবলৈ গৈছিল ।
পাৰ ( অ) ( চৰাই ) = আগৰ দিনত পাৰই দূৰণিলৈ চিঠি লৈ গৈছিল ।
টকা ( টকা – পইচা) = টকা – পইচা নিয়মমতে খৰচ কৰিব লাগে ।
টকা ( বাহঁৰ এহিধ বাদ্য ) = আমি ব’হাগ বিহুত টকা বজাওঁ ।

Check By- Mukesh Borah

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects