Class 7 Science Chapter 1 উদ্ভিদৰ পৰিপুষ্টি

উদ্ভিদৰ পৰিপুষ্টি

১. পৰিপোষক কাক বোলে?

উত্তৰঃ খাদ্যত থকা বিভিন্ন উপাদান সমূহ আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়। এই উপাদান সমূহক পৰিপোষক বোলে। যেনে – কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বী, ভিটামিন আদি।

  1. স্বপোষী আৰু পৰপোষী জীৱ কাক বোলে?

উত্তৰ – যিবোৰ জীৱই নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল’ব পাৰে সেইবোৰ জীৱক স্বপোষী জীৱ বোলে । যেনে – উদ্ভিদ, গছ – গছনি আদি।

        আনহাতে যিবোৰ জীৱই নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব নোৱাৰে আৰু আন প্ৰাণী বা উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। সেইবোৰ প্ৰাণীক পৰপোষী জীৱ বোলে। যেনে - মানুহ।

৩. সালোক সংশ্লেষণ কাক বোলে? চিত্ৰ সহায়ত বুজাই লিখা।

উত্তৰ – সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত পানী আৰু কাৰ্বন – ডাই – অক্সাইডৰ সহায়ত নিজৰ আহাৰ প্ৰস্তুত কৰাকে সালোক সংশ্লেষণ বোলে ।
কাৰ্বন- ডাই – অক্সাইড + পত্ৰহৰিত সূযৰ্ৰ পোহৰ -> কাবহাইড্ৰেট +অক্সিজেন ।

              সালোক সংশ্লেষণ  প্ৰক্ৰিয়াত উদ্ভিদে নিজৰ আহাৰ তৈয়াৰ কৰাৰ উপৰি অক্সিজেন নিৰ্গত কৰে । শেষত উৎপাদিত কাৰ্বহাইড্ৰেট শ্ৱেতসাৰলৈ পৰিৱৰ্তিত হয় ।

৪. কোষ কাক বোলে?

উত্তৰ- কোষ হ’ল জীৱৰ দেহ গঠনৰ ক্ষুদ্ৰতম একক ।

৫. কোষ কেন্দ্ৰ কাক বোলে?

উত্তৰ – কোষৰ ভিতৰত থকা সুস্পষ্ট বিন্দুটোক কোষ কেন্দ্ৰ বোলে ।

৬. কোষাবৰণ কাক বোলে?

উত্তৰ – কোষএটাক আৱৰি থকা পাতল বেৰখনক কোষাবৰণ বোলে।

৭. কোষ পৰস কাক বোলে?

উত্তৰ – কোষ কেন্দ্ৰক আৱৰি থকা জেলি সদৃশ পদাৰ্থখিনিক কোষ প্ৰৰস বোলে।

৮. পত্ৰৰন্ধ্ৰ কাক বোলে?

উত্তৰ – পাতত থকা সৰু সৰু ছিদ্ৰবোৰক পত্ৰৰন্ধ্ৰ বোলে ।

৯. পত্ৰহৰিৎ কাক বোলে?

উত্তৰ – পাতত থকা সেউজীয়া ৰঞ্জক কণিকাক পত্ৰহৰিৎ বোলে ।

১0. কাৰ্বহাইড্ৰেট কিহেৰে গঠিত?

উত্তৰ – কাৰ্বন, অক্সিজেন আৰু হাইড্ৰজেনেৰে গঠিত ।

১১. প্ৰ’টিনবোৰ কিহেৰে গঠিত?

উত্তৰঃ প্ৰটিনবোৰ প্ৰধানকৈ নাইট্ৰজেন জাতীয় পদাৰ্থৰে গঠিত ।

অনুশীলনী-ঃ

(১) জীৱই খাদ্য় কিয় গ্ৰহণ কৰা প্ৰয়োজন ?

উত্তৰঃ শৰীৰৰ বৃদ্ধি, পুনৰ গঠন আৰু নিয়মীয়া কাম-কাজ চলাবলৈ জীৱই খাদ্য় গ্ৰহণ কৰা প্ৰয়োজন ।

( ২) পাৰ্থক্য় লিখা -পৰজীৱী আৰু মৃতজীৱী ।

উত্তৰঃ যিবোৰ উদ্ভিদে আন উদ্ভিদৰ পৰা পুষ্টি দ্ৰব্য় লাভ কৰি জীয়াই থাকে, সেইবোৰ উদ্ভিদক পৰজীৱী উদ্ভিদ বোলে। যেনে – অমৰলতা।

আনহাতে যিবোৰ জীৱই (উদ্ভিদে) মৃত, গেলি – পচি, যোৱা বস্তুৰ পৰা পুষ্টি আহৰণ কৰে, সেইবোৰ উদ্ভিদক মৃতজীৱী উদ্ভিদ বোলে। যেনে- ভেকুঁৰ।

(৩) পাতত শ্বেতসাৰ (Starch) ৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা?

উত্তৰঃ FOR STUDENTS

(৪) সেউজীয়া উদ্ভিদৰ খাদ্য় সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা চমু বৰ্ণনা কৰা ?

উত্তৰঃ সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত পানী আৰু কাৰ্বন-ডাই-অক্সাইডৰ সহায়ত নিজে নিজৰ আহাৰ তৈয়াৰ কৰাক প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ বোলে ।

(৬) খালী ঠাই পূৰ কৰা –

(ক) সেউজীয়া উদ্ভিদক স্ৱপোষী জীৱ বোলা হয় , যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে।

(খ) উদ্ভিদৰ দ্ৱাৰা সংশ্লেষিত খাদ্য় সমূহ কাৰ্বহাইড্ৰেট হিচাপে সঞ্চিত হৈ থাকে।

(গ) সালোক সংশ্লেষণত সৌৰশক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক পত্ৰহৰিৎ বোলা হয়।

(ঘ) সালোক-সংশ্লেষণৰ সময়ত উদ্ভিদে কাৰ্বন- ডাই – অক্সাইড লয় আৰু অক্সিজেন এৰি দিয়ে ।

৭) তলত দিয়া সমূহৰ নাম লিখা ।

(ক) এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া , মিহি আৰু নলীকাসদৃশ ।(Tubulor)।

উত্তৰঃ অমৰলতা ।

(খ) এবিধ উদ্ভিদ যি স্বপোষী আৰু পৰপোষী বা উভয় ধৰণে পৰপুষ্টি গ্ৰহণ কৰে ।

উত্তৰঃ কলচী উদ্ভিদ।

(গ) পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে ।

উত্তৰঃ পত্ৰৰন্ধ্ৰ ।

৮) শুদ্ধ উত্তৰত চিন দিয়া।

ক) অমৰলতা

১)স্বপোষী 
২)পৰজীৱী
৩) মৃতজীৱী
৪)পোষকৰ উদাহৰণ
উত্তৰঃ ২)পৰজীৱী ।

২) এবিধ উদ্ভিদ যি পোক- পতংগ খাদ্য় হিচাপে গ্ৰহণ কৰে ।

১) অমৰলতা

২) জৱাফুল

৩) কলচী উদ্ভিদ

৪) গোলাপ

উত্তৰঃ ৩) কলচী উদ্ভিদ ।

৯) ১নং স্তম্ভৰ লগত ২নং স্তম্ভ মিলোৱা ।

উত্তৰঃ ১ নং স্তম্ভ———২ নং স্তম্ভ

পত্ৰহৰিৎ—————-পাত

নাইট্ৰজেন————–বেক্টেৰিয়া

অমৰলতা————–পৰজীৱী

প্ৰাণী——————-পৰপুষ্ট জীৱ

পোক-পতংগ———-কলচী উদ্ভিদ

১০) শুদ্ধ বাক্য়ত (শু) আৰু অশুদ্ধ বাক্য়ত (অ) লিখা ।

১) সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন- ডাই- অক্সাইড নিগত হয়।

উত্তৰঃ (অ) ।

২) যিবোৰ উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰক মৃতজীৱী বোলা হয়।

উত্তৰঃ (অ)।

৩) সালোক-সংশ্লেষণত প্ৰটিন উৎপন্ন নহয় ।

উত্তৰঃ (শু)

৪) সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰসক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তিত হয় ।

উত্তৰঃ (শু)

১১) তলত দিয়াবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা।

সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন- ডাই- অক্সাইড গ্ৰহণ কৰে?

(i) মুলৰোম

(ii) পত্ৰৰন্ধ্ৰ

(iii) পাতৰ সিৰা

(iv) বৃতি।

উত্তৰঃ ২)পত্ৰৰন্ধ্ৰ ।

১২) তলত দিয়াসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা।

উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড তলৰ কোনটো অংশৰ জৰিয়তে গ্ৰহণ কৰে?

(i) শিপা

(ii) কাণ্ড

(iii) ফুল

(iv) পাত।

উত্তৰঃ ৪) পাত ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top