Class 7 Science Chapter 3 তাপ

পাঠ – ৪
তাপ

১।পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ সাদৃশ্য আৰু পার্থক্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

সাদৃশ্যঃ দুয়োটাৰেই এটা মূৰত বাল্ব এটা থাকে। দুয়োটাৰেই বাল্বটো পাৰাৰে পূৰ্ণ হৈ থাকে। দুয়োটাৰেই গাত ছেলছিয়াছ স্কেল থাকে।

পাৰ্থক্যঃ জ্বৰ জোখা তাপমেতাৰ 35 ডিগ্ৰী C ৰ পৰা 5 ডিগ্ৰী লৈ উষ্ণতা জোখিব পাৰি। কিন্তু পৰীক্ষাগাৰৰ তাপমেতাৰৰ পৰিসৰ সাধাৰণতে 10 ডিগ্ৰী C ৰ পৰা 110 ডিগ্ৰী C লৈ থাকে।
পৰীক্ষাগাৰৰ তাপমেতাৰ ডালেৰে উষ্ণতা জোখোতে থিয় কৰি ৰাখিব লাগে কিন্তু জ্বৰজোখা তাপমেতাৰ ডালেৰে জোখোতে হেলনীয়া কৰি ধৰি ৰাখিব লাগে।

২। তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ দিয়া ।

উত্তৰঃ

তাপৰ পৰিবাহী হ’ল- লো, তাম।

তাপৰ অপৰিবাহী হ’ল- প্লাষ্টিক, কাঠ।

৩। খালী ঠাই পূৰ কৰা।

(ক) কোনাে এটা বস্তুৰ উত্তাপ ইয়াৰ দ্বাৰা নির্ণয় কৰা হয় ।

উত্তৰঃ কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ উষ্ণতাৰ দ্বাৰা নিৰ্ণয় কৰা হয়।

(খ) উতলা পানীৰ উষ্ণতা তাপমেতাৰে জুখিব নােৱাৰি।

উত্তৰঃ উতলা পানীৰ উষ্ণতা ক্লিনিকেল তাপমেতাৰে জুখিব নোৱাৰি।

(গ) ডিগ্ৰী এককত উষ্ণতা জোখা হয় ।

উত্তৰঃ ডিগ্ৰী C এককত উষ্ণতা জোখা হয়।

(ঘ) প্রক্রিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়ােজন নহয়।

উত্তৰঃ বিকিৰণ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্য়মৰ প্ৰয়োজন নহয়।

(ঙ) এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই __ প্রক্রিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে।

উত্তৰঃ এখন চেঁচা ষ্টীৰল চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই পৰিবহণ প্ৰক্ৰিয়াৰে আনটো মুৰলৈ তাপ সঞ্চালিত কৰে।

৪। তলৰ খালী ঠাইসমূহ পূৰ কৰা।

উত্তৰঃ

ক) স্থলবতাহ – ঘ) ৰাতি
খ) জলবতাহ বলে – গ) দিনত
গ) গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় – খ) শীতকালত
ঘ) পাতল ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় – ক) গ্ৰীষ্মকালত

৫। শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় গৰম হৈ থাকে।

উত্তৰঃ শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ গৰম হৈ থাকে কাৰণ – সেই একাধিক তৰপৰ কাপোৰৰ মাজত বায়ু আবদ্ধ হৈ থাকে যিয়ে আমাৰ শৰীৰ গৰম কৰি ৰাখে।

৬। তলৰ চিত্ৰ ৪.১৩ টো লক্ষ্য় কৰা। পৰিবহণ, পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰা।

উত্তৰঃ এই উত্তৰ তোমালোকে নিজে চিত্ৰ আঁকি কৰিবলৈ চেষ্টা কৰিবা।

৭। উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবােৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামর্শ দিয়া হয় । ব্যাখ্যা কৰা।

উত্তৰঃ উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয় কাৰণ বগা ৰঙে তাপ শোষণ নকৰে ওলোটাকৈ তাক প্ৰতিফলিতহে কৰে তেনে কৰিলে ঘৰৰ ভিতৰত ইমান উষ্ণ বা গৰম নোসোমাই ।

৮। ৩০° C ত থকা এক লিটাৰ পানী ৫০° C ত থকা এক লিটাৰ পানীৰ লগত মিহলি কৰা হ’ল । মিশ্রণৰ উষ্ণতা হ’ব –

(ক) ৮০° C
(খ) ৫০° C ত কৈ বেছি কিন্তু ৮০° C তকৈ কম।
(গ) ২০° C
(ঘ) ৩০° C আৰু ৫০° C ৰ মাজত।

উত্তৰঃ (ঘ) ৩০° C আৰু ৫০° C ৰ মাজত।

৯। মগ এটাত থকা ৪০° C উষ্ণতাৰ পানীত ৪০° C উষ্ণতাৰবােৰ বল এটা ডুবাই দিয়া হ’ল। তাপ
(ক) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত হ’ব।
(খ) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লােৰ বললৈ সঞ্চালিত নহয়।
(গ) পানীৰ পৰা লােৰ বললৈ সঞ্চালিত হ’ব।
(ঘ) দুয়ােৰে উষ্ণতা বৃদ্ধি হ’ব।

উত্তৰঃ (খ) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লােৰ বললৈ সঞ্চালিত নহয়।

১০। আইছ ক্রীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থােৱা হৈছে । চামুচখনৰ আনটো মূৰ

(ক) পৰিবহণ প্রক্রিয়াৰে চেঁচা হ’ব।
(খ) পৰিচলন প্রক্রিয়াৰে চেঁচা হ’ব।
(গ) বিকিৰণ প্ৰক্ৰিয়াৰে চেঁচা হয়।
(ঘ) চেঁচা নহয় ।

উত্তৰঃ (ঘ) চেঁচা নহয়।

১১। নিষ্কলংক তীখা (stainless steel) ৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নির্মিত হয়। ইয়াৰ কাৰণ

(ক) তামৰ তলিয়ে কেৰাহীৰ আয়ুস বঢ়ায়।
(খ) কেৰাহীটো দেখাত ৰং বিৰঙৰ হয়।
(গ) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী।
(ঘ) নিষ্কলংক তীখাতকৈ তাম চাফা কৰা সুবিধাজনক।

উত্তৰঃ (গ) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী।