Might Learn Logo Might Learn Shop Might Learn

Class 7 Science Chapter 9 জীৱৰ শ্বাস-প্ৰশ্বাস

জীৱৰ শ্বাস-প্ৰশ্বা

অনুশীলনী

১) দৌৰ শেষ হোৱাৰ পিছত খেলুৱৈ এজনে সাধাৰণতে লোৱাতকৈ বেছি খৰকৈ আৰু দীঘলীয়াকৈ কিয় উশাহ-নিশাহ লয় ?

উত্তৰঃ- দৌৰিলে বা গধূৰ বস্তু দাঙিলে আমাৰ দেহত বেছি শক্তি প্ৰয়োজন হয়। কিন্তু এই শক্তি উৎপন্ন কৰিবৰ বাবে অক্সিজেন যোগান সীমিত। সেইবাবে শৰীৰত অক্সিজেনৰ অভাৱ নহ’বৰ বাবে আমি উশাহ-নিশাহ খৰকৈ লওঁ।

২) বায়বীয় আৰু অবায়বীয় শ্বসনৰ সাদৃশ্য আৰু পাৰ্থক্যৰ তালিকা কৰা ।

উত্তৰ- বায়বীয় শ্বসনত আৰু অবায়বীয় শ্বসনত দুয়োটাতে খাদ্য় বস্তু ভাঙে। গতিকে দুয়োটা শ্বসনৰ দ্বাৰা শৰীৰে শক্তি পায়।

বায়বীয় শ্বসন আৰু অবায়বীয় শ্বসনৰ পাৰ্থক্য় হ’ল- বায়বীয় শ্বসনত অক্সিজেন ব্য়ৱহাৰ কৰি খাদ্য় বস্তু ভঙা হয় আনহাতে অবায়বীয় শ্বসনত অক্সিজেনৰ ব্য়ৱহাৰ নহয়।

৩) যেতিয়া আমি উশাহত অতি বেছি ধূলিকণাযুক্ত বায়ু গ্ৰহণ কৰো, তেতিয়া আমি কিয় সঘনাই হাঁচিয়াও?

উত্তৰঃ- আমাৰ চাৰিওফালৰ বায়ুত বিভিন্ন ধৰণৰ অবাঞ্চিত পদাৰ্থৰ কণিকা থাকে। যেতিয়া আমি বাচলীয়াকৈ শ্বাস লওঁ, আমাৰ নাসিকা গহ্বৰত থকা নোমবোৰ এই কণিকাবোৰ ধৰি ৰাখে। কেতিয়াবা এই কণিকাবোৰ নাসিকা গহ্বৰৰ নোমবোৰ অতিক্ৰম কৰি ভিতৰলৈ সোমাই যায়। ফলস্বৰূপে, নাসিকা গহ্বৰৰ আৱৰণটো উত্তেজিত হৈ পৰে আৰু আমি হাঁচি মাৰি এই অবাঞ্চিত কণিকাবোৰক বিৰত কৰোঁ। হাঁচি আমাৰ শৰীৰৰ পৰা এই কণিকাবোৰক বাহিৰলৈ পঠিয়াই, যাতে পৰিষ্কাৰ আৰু ধূলিমুক্ত বায়ু আমাৰ শৰীৰত সোমাব পাৰে।

৪) তিনিটা পৰীক্ষানলী লোৱা। প্ৰত্যকটোৰ ৩\৪ অংশ পানীৰে বৰাই লোৱা। ক” “খ আৰু ‘গ নামেৰে লেবেল লগাই দিয়া। ‘ক’ পৰীক্ষানলীত এটা শামুক লোৱা ‘খ পৰীক্ষা নলীত এটা জলজ উদ্ভিদ আৰু ‘গ পৰীক্ষানলীত উদ্ভিদ, শামুক দুয়োটাকে ভৰাই লোৱা। কোনটো পৰীক্ষানলীত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ আটাইতকৈ বেছি হ’ব ?

উত্তৰঃ- (গ) পৰীক্ষানলীত কাৰ্বন-ডাই-অক্সাইড পৰিমাণ আটাইতকৈ বেছি হ’ব।

৫) সঠিক উত্তৰত চিন দিয়া ঃ

ক) পঁইতাচোৰাৰ শৰীৰলৈ __ ৰ যোগেদি বায়ু সোমাই আহে ।

i) হাঁওফাওঁ ii) ফুল

iii) বায়ু ছিদ্ৰ iv) ছাল

উত্তৰঃ iii) বায়ুছিদ্ৰ।

খ) গধুৰ ব্যায়ামৰ সময়ত আমাৰ ভৰিত জমা হোৱা __ৰ বাবে সিৰামূৰি ধৰে ।

(i) কাৰ্বন-ডাই-অক্সাইড (ii) লেক্ টিক এছিড

(iii) বায়ু ছিদ্ৰ (iv) পানী

উত্তৰঃ লেকটিক এছিডৰ বাবে।

গ) এজন প্ৰাপ্ত বয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতি মিনিটত স্বাভাৱিক উশাহ-নিশাহৰ হাৰৰ গড় বিস্তৃতি

i) ৯-১২ ii) ১৫-১৮

iii) ২১-২৮ iv) ৩০-৩৩

উত্তৰঃ ii) ১৫-১৮।

ঘ) নিশাহৰ সময়ত কামিহাড়বোৰ

i) বাহিৰলৈ গতি কৰে ii) তললৈ গতি কৰে

iii) ওপৰলৈ গতি কৰে iv) কোনো ধৰণৰ লৰচৰ নকৰে

উত্তৰঃ ii) তললৈ গতি কৰে।

৬) স্তম্ভ ১ৰ লগত স্তম্ভ ২ বিষয়সমূহ মিলোৱা

স্তম্ভ ১ ———————————–স্তম্ভ ২

ক) ইষ্ট ———————————-i) কেঁচু

খ) মধ্যচ্ছদা —————————-ii) ফুল

গ) ছাল ——————————–iii) এলক’হল

ঘ) পাত ——————————-iv) বক্ষ গহ্বৰ

ঙ) মাছ ——————————-v) পত্ৰৰন্ধ্ৰ

চ) ভেকুলী —————————-vi) হাঁওফাওঁ আৰু ছাল

উত্তৰঃ

(ক) ইষ্ট ————————————–iii) এলক’হল

(খ) মধ্য়চ্ছদা----------------------iv) বক্ষ গহ্বৰ

(গ) ছাল-------------------------i) কেঁচু

(ঘ) পাত-------------------------v) পত্ৰৰন্ধ্ৰ

(ঙ) মাছ-------------------------ii)ফুল

(চ) ভেকুলী-----------------------vi) হাঁওফাওঁ আৰু ছাল              

৭) উক্তিবোৰ শুদ্ধ হ’লে “শু” আৰু অশুদ্ধ হ’লে “অ” লিখা ঃ

i) ব্যায়ামৰ সময়ত ব্যক্তি এজনৰ উশাহ-নিশাহৰ হাৰ কমি যায় । (শু\অ)

উত্তৰঃ

ii) উদ্ভিদে দিনৰ ভাগত কেৱল সালোক সংশ্লেষণ আৰু নিশাৰ ভাগত কেৱল শ্বসন কৰে । (শু \ অ)

উত্তৰঃ শু

iii) ভেকুলীয়ে সিহঁতৰ ছাল আৰু হাঁওফাওঁৰ জৰিয়তে শ্বসন কাৰ্য সমাধা কৰে । ( শু\অ)

উত্তৰঃ শু

iv) মাছৰ শ্বসনৰ বাবে হাঁওফাওঁ আছে । ( শু\অ)

উত্তৰঃ

v) বক্ষগহ্বৰৰ আকাৰ উশাহৰ সময়ত বৃদ্ধি হয় । ( শু\অ)

উত্তৰঃ শু

৮) জীৱৰ শ্বসনৰ লগত সম্পৰ্ক থকা বিভিন্ন শব্দৰ বানানসমূহ তলত দিয়া বৰ্গবোৰত লুকাই আছে এই শব্দবোৰ যিকোনো দিশতে ওপৰৰ পৰা তললৈ, পথালিকৈ, বেঁকাকৈ থাকিব পাৰে । শ্বসন তন্ত্ৰৰ শব্দবোৰ বিচৰা। শব্দবোৰৰ ইংগিত বৰ্গটোৰ তলত হৈছে ।

Class 7 General Science,

i) পতংগৰ বায়ুনলী ।

উত্তৰঃ শ্বাসনলীকা।

ii) বক্ষ গহ্বৰক আৱৰি থকা হাড়ৰ সাজোন ।

উত্তৰঃ কামিহাড়।

iii) বক্ষ গহ্বৰৰ মাংসপেশীযুক্ত তল ।

উত্তৰঃ মধ্য়চ্ছদা।

iv) পাতৰ পৃষ্ঠ ভাগত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ ।

উত্তৰঃ পত্ৰৰন্ধ্ৰ।

v) পতংগৰ দেহৰ কাষৰ বা পাৰ্শ্বফালে থকা সৰু বিন্ধা।

উত্তৰঃ বায়ুছিদ্ৰ।

vi) মানুহৰ শ্বাস-প্ৰশ্বাস অংগ ।

উত্তৰঃ হাঁওফাওঁ

vii) যি বিন্ধাৰে আমি উশাহ-নিশাহ লওঁ ।

উত্তৰঃ নসিকা গহ্বৰ।

viii)শ্বাসনলীকা থকা এবিধ পতংগ

উত্তৰঃ পঁইতাচোৰা

ix) এবিধ অবাত জীৱ

উত্তৰঃ ইষ্ট

৯) পৰ্বতাৰোহণকাৰীয়ে অক্সিজেন তেওঁলোকৰ লগত কঢ়িয়াই নিয়ে কাৰণ,

ক) ৫ কি.মি তকৈ অধিক উচ্চতাত বায়ু নেথাকে ।

খ) এজন ব্যক্তিৰ প্ৰয়োজনীয় বায়ু ভূ-পূষ্ঠতকৈ কম হোৱাৰ বাবে ।

গ) বায়ুৰ উষ্ণতা ভু-পৃষ্ঠতকৈ বেছি ।

ঘ) বায়ুৰ চাপ ভূ-পৃষ্ঠতকৈ বেছি ।

উত্তৰঃ (খ) এজন ব্য়ক্তিৰ প্ৰয়োজনীয় বায়ু ভূ-পৃষ্ঠতকৈ কম হোৱাৰ বাবে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects