Class 7 Social Science Chapter 1 ভূ-পৃষ্ঠত সময় গণনা

অধ্যায় ১

ভূ-পৃষ্ঠত সময় গণনা

১। চমু উত্তৰ দিয়া-

(ক) দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান?

উত্তৰঃ দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্য়া হ’ল- ৩৬০ ডাল।

(খ) ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান?

উত্তৰঃ ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হ’ল- ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি যোৱা ৮২°৩০′ পূব দ্ৰাঘিমাৰেখা।

(গ) পৃথিৱীক নিজ মেৰুদণ্ডত একপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন?

উত্তৰঃ পৃথিৱীৰ নিজ মেৰুদণ্ডত একপাক ঘূৰিবলৈ ২৪ ঘন্টা সময়ৰ প্ৰয়োজন।

(ঘ) গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে?

উত্তৰঃ গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক গ্ৰীনিজ মান সময় বোলে।

(ঙ) কৌণিক দূৰত্বৰ জোখৰ একক কি?

উত্তৰঃ কৌণিক দূৰত্ৱৰ জোখৰ একক হ’ল ডিগ্ৰী।

২। খালী ঠাই পূৰ কৰা।

(ক) পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০॰ কোণ কৰি থাকে।

(খ) দ্ৰাঘিমাৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে।

(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ কৌণিক দূৰত্ব ডিগ্ৰী দ্ৰাঘিমাংশ।

(ঘ) মধ্যাহ্ন সূৰ্যৰ পৰা পূৱফালে ১৫॰ আঁতৰত থকা ঠাইখনত ১ টা বাজিব।

৩। সঁচা-মিছা নিৰ্ণয় কৰা一

(ক) পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয়।

উত্তৰঃ মিছা।

(খ) ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা ১৮০॰ অতিক্ৰম কৰাৰ সময়ত ১ দিন যোগ দিব লাগে ।

উত্তৰঃ মিছা।

(গ) কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়।

উত্তৰঃ সঁচা।

(ঘ) ১৮০॰ দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘণ্টা।

উত্তৰঃ সঁচা।

(ঙ) গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত।

উত্তৰঃ সঁচা।

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

(ক) ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিমে গ’লে সময় লাভ/লোকচান হোৱা বুলি অনুভৱ কৰে।

উত্তৰঃ ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিমে গ’লে সময় লাভ হোৱা বুলি অনুভৱ কৰে।

(খ) গ্ৰীনিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয়। গতিকে মুম্বাই পূব / পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত।

উত্তৰঃ গ্ৰীনিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয়। গতিকে মুম্বাইত পূব দ্ৰাঘিমাংশত অৱস্থিত।

(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া / পিছপৰা।

উত্তৰঃ প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া।

(ঙ) আমি পিন্ধাসাধাৰণ হাতঘড়ীবোৰ স্থানীয় সময় /গ্ৰীনিজ মান সময় /ভাৰতীয় মান সময় মতে চলে।

উত্তৰঃ আমি পিন্ধা সাধাৰণ হাত ঘড়ীবোৰ ভাৰতীয় মান সময় মতে চলে।

৫) পাৰ্থক্য় লিখা।

(ক) অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা।

উত্তৰঃ বিষুৱৰেখাক ভিত্তি কৰি দুয়ো মেৰুৰ পিনে কৌণিক দূৰত্ব গণনা কৰি অক্ষাংশসমূহ নিৰ্ণয় কৰা হয়। বিষুৱৰ সমান্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহক অক্ষৰেখা বোলা হয়। প্ৰাথমিক দ্ৰাঘিমাৰ পূবে আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰক দ্ৰাঘিমাৰেখা বুলি জনা যায়।

(খ) স্থানীয় সময় আৰু মান সময়।

উত্তৰঃ কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি যি সময় গণনা কৰা হয়, তাক ঠাইখনৰ স্থানীয় সময় বোলা হয়। সময় গণনাৰ অসুবিধা দূৰ কৰিবলৈ প্ৰত্যেক দেশে এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰেখাৰ স্থানীয় সময় ব্যৱহাৰ কৰে। কোনো এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰ ওপৰত ভিত্তি কৰি সমগ্ৰ দেশৰ বাবে যি সময় গণনাৰ ব্যৱস্থা কৰা হয়, তাক দেশখনৰ মান সময় বুলি জনা যায়।

অতিৰিক্ত প্ৰশ্নঃ-

১। অক্ষাংশ আৰু দ্ৰাঘিমাংশ কাক বোলে?

উত্তৰঃ অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ আৰু দ্ৰাঘিমাৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে।

২। কোনো দুখন ঠাই মাজৰ কৌণিক দূৰত্ব কাক বুলি কোৱা হয়?

উত্তৰঃ কোনো গোলাকাৰ অৱয়বৰ উপৰিভাগৰ দুখন ঠাই অৱয়বটোৰ কেন্দ্ৰত সৃষ্টি কৰা কোণৰ মান ঠাই দুখনৰ কৌণিক দূৰত্ব বোলে।

৩। অক্ষৰেখা কাক বুলি কোৱা হয়?

উত্তৰঃ বিষুবৰ সমান্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহে হ’ল অক্ষৰেখা।

৪। সমতল পৃষ্ঠত কোনো দুখন ঠাই অৱস্থান নিৰ্ণয় বাবে কি জোখৰ একক ব্যৱহাৰ কৰা হয়?

উত্তৰঃ সমতল পৃষ্ঠত কোনো দুখন ঠাই অৱস্থান নিৰ্ণয় বাবে মিটাৰ- ছেণ্টিমিটাৰ জোখৰ একক ব্যৱহাৰ কৰা হয়।

৫। পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰে?

উত্তৰঃ পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০॰ কোণ কৰে।

৬। প্ৰাথমিক বা মুখ্য দ্ৰাঘিমাৰেখাৰ মান কিমান?

উত্তৰঃ প্ৰথামিক দ্ৰাঘিমাৰেখাৰ মান হৈছে- ডিগ্ৰী।

৭। দ্ৰাঘিমাৰেখাৰ কাক বোলে?

উত্তৰঃ প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূব আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰেই হৈছে দ্ৰাঘিমাৰেখাৰ।

৮। কোন যন্ত্ৰৰ সহায়ত জাহাজ উপনীত হোৱা ঠাইখনৰ স্থানীয় সময় নিৰ্ণয় কৰিব পাৰি?

উত্তৰঃ- চেক্সটাণ্ট যন্ত্ৰৰ সহায়ত জাহাজ উপনীত হোৱা ঠাইখনৰ স্থানীয় সময় নিৰ্ণয় কৰিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *