Might Learn Logo Might Learn Shop Might Learn

Class 7 Social Science Chapter 13 প্ৰাক্ ঐতিহাসিক অসম

পাঠ-১৩

প্ৰাক্ ঐতিহাসিক অসম

অনুশীলনীঃ

১। উত্তৰ লিখাঃ-

ক) নৱগ্ৰহ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থাত।

খ) বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?

উত্তৰঃ পুষ্য়বৰ্মণে বৰ্মণ বংশৰ প্ৰতিষ্ঠা কৰিছিল।

গ) হিউচেন চাঙে কোন বিশ্ৱবিদ্য়ালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল ?

উত্তৰঃ হিউচেন চাঙে নালন্দা বিশ্ববিদ্য়ালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল।

ঘ) বৰ্তমান কামৰূপ জিলাক কি কি ভাগত ভাগ কৰা হৈছিল ?

উত্তৰঃ বৰ্তমান কামৰূপক চাৰিতা ভাগত ভাগ কৰা হৈছে- ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, আৰু সৌমাৰপীঠ।

ঙ) দানৱ বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ মহাৰঙ্গী দানৱে দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিল।

চ) ডুবি আৰু নিধানপুৰ তাম্ৰলিপি কাৰ ৰাজত্ৱ কালত খোদিত কৰা হৈছিল ?

উত্তৰঃ ডুবি আৰু নিধানপুৰ তাম্ৰলিপি ভাস্কৰ বৰ্মণৰ ৰাজত্ব কালত খোদিত কৰা হৈছিল।

২) শুদ্ধ / অশুদ্ধ বিচাৰ কৰা।

(ক) ৰামায়ণ, মহাভাৰত হ’ল হিন্দু ধৰ্মৰ মহাকাব্য় ।

উত্তৰঃ শুদ্ধ।

(খ) নৰকাসুৰৰ বংশটোৰ নাম দানৱ বা অসুৰ বংশ ।

উত্তৰঃ অশুদ্ধ।

(গ) বৰ্মণ বংশৰ আদি ৰজা হ’ল পুষ্য় বৰ্মণ ।

উত্তৰঃ শুদ্ধ।

(ঘ) বাণ ৰজাৰ জীয়ৰীৰ নাম আছিল ঊষা ।

উত্তৰঃ শুদ্ধ।

(ঙ) ইৎচিঙে চি-উ-কি পুথিখন ৰচনা কৰিছিল।

উত্তৰঃ অশুদ্ধ।

৩) ক্ৰমানুসাৰে সজোৱা-

বৰ্মণবংশ, দানৱ বংশ, পাল বংশ, শালস্তম্ভ বংশ, ভৌম বংশ।

উত্তৰঃ

৪) খালী ঠাই পূৰ কৰা-
ক) দানৱ ৰাজ্য়ৰ ৰাজধানী আছিল_

উত্তৰঃ মইৰাংশ

খ)সমুদ্ৰগুপ্তৰ _ ত কামৰূপৰ উল্লেখ পোৱা যায়।

উত্তৰঃ এলাহাবাদ প্ৰশস্তি।

গ) _ কুমাৰ ভাস্কৰ বৰ্মণৰ সমসাময়িক ৰজা আছিল।

উত্তৰঃ কামৰূপৰ

ঘ) মদন কামদেব মন্দিৰ _ ৰজাসকলৰ স্থাপত্য় কীৰ্তি।

উত্তৰঃ ভগ্নাৱশেষ পালবংশী

ঙ) _ হ’ল শালস্তম্ভ বংশৰ প্ৰতিস্থাপক ।

উত্তৰঃ শালস্তম্ভই।

৫। চমু টোকা লিখাঃ

(ক) শালস্তম্ভ বংশ (খ) পালবংশ (গ) কুণ্ডিল ৰাজ্য় (ঘ) কামৰূপৰ আৰ্থ-সামাজিক অৱস্থা

উত্তৰঃ

(ক) শালস্তম্ভ বংশঃ বৰ্মণ বংশৰ পাছত শালস্তম্ভসকলে কামৰূপৰ সিংহাসন দখল কৰিছিল। এই বংশৰ ২১ জন ৰজাই কামৰূপত প্ৰায় ৩০ বছৰকাল ৰাজত্ব কৰিছিল। শালস্তম্ভৰ প্ৰতিষ্ঠাতা, শালস্তম্ভই কামৰূপৰ ৰাজধানী তেজপুৰলৈ স্থানান্তৰ কৰি ঠাইখনৰ নাম “হাৰুপেশ্বৰ” ৰাখিছিল।

শালস্তম্ভসকলৰ শাসনকালত ‘ইৎচিং’ নামৰ এজন চীনা পৰিব্ৰাজক ভাৰতলৈ আহিছিল। তেওঁৰ লিখনিত উল্লেখ আছে যে, সেই সময়ত কামৰূপৰ সীমা পশ্চিমত নালন্দ অঞ্চললৈ বিস্তৃত আছিল।

(খ) পালবংশঃ শালস্তম্ভসকলৰ পাছত পাল নামৰ ৰাজবংশই কামৰূপৰ ৰাজপাট দখল কৰে। ব্ৰহ্মপাল এই ৰাজবংশৰ প্ৰতিষ্ঠাতা হিচাপে জনা যায়। তেওঁলোকৰ ৰাজধানী আছিল দূৰ্জ্জয়নগৰ।

ৰজা ৰত্নপালে প্ৰাগযোতিষপুৰত ৰাজত্ব কৰাৰ সময়ত কামৰূপৰ পশ্চিম সীমাই উত্তৰ বংগক ছুইছিল, যাৰ বিষয়ে বিভিন্ন উৎসৰ পৰা জানিবলৈ পোৱা যায়।

(গ) কুণ্ডিল ৰাজ্য়ঃ অখ্য়ানমতে, প্ৰাক্ঐতিহাসিক যুগত কামৰূপৰ পূব দিশত কুণ্ডিল নামেৰে এখন ৰাজ্য আছিল। বৰ্তমানৰ শদিয়া অঞ্চলক এই ৰাজ্যৰ ৰাজধানী কুণ্ডিল নগৰ হিচাপে চিনাক্ত কৰা হয়।

এই ৰাজ্যত ভিষ্মক নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁৰ কন্য়া ৰুক্মিণীক শ্ৰীকৃষ্ণে বিবাহ কৰিছিল। শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহৰ ঘটনাক লৈ মহাপুৰুষ শংকৰদেৱে পাছত “ৰুক্মিণী হৰণ” নাটক ৰচনা কৰিছিল।

(ঘ) কামৰূপৰ আৰ্থ-সামাজিক অৱস্থাঃ কামৰূপৰ অৰ্থনীতি মূলতঃ কৃষিভিত্তিক আছিল। হিউৱেন চাঙৰ চি-ইউ-কি ত এই ৰাজ্যত জলসিঞ্চনৰ জৰিয়তে খেতি কৰাৰ উল্লেখ আছে। ইয়াৰ উপৰি, বিভিন্ন ধৰণৰ ফল-মূল, যেনে কঠাঁল, নাৰিকল, আৰু তামুল-পাণৰ খেতি কৰাৰ কথাও উল্লেখ পোৱা যায়।

আজিৰ দৰে প্ৰাচীন কামৰূপতো পাট, মুগা আদিৰ কাপোৰ তৈয়াৰ হৈছিল। মহাভাৰতত ভগদও ৰজাৰ পাট কাপোৰৰ কথা উল্লেখ আছে। কুমাৰ ভাস্কৰ বৰ্মণে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ পাটৰ কাপোৰ পঠিয়াইছিল বুলি বিভিন্ন উৎসৰ পৰা জানিব পৰা যায়।

মাছ ধৰা, নৈৰ পৰা সোণ উলিওৱা, আৰু কাপোৰ বোৱা আদি কাৰ্য্যসমূহ প্ৰাচীন কামৰূপৰ লোকসকলৰ কেইটামান উল্লেখযোগ্য বৃত্তি আছিল।

৬। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা ।

(ক) আখ্য়ান, কিংবন্দিত আৰু ইতিহাসৰ মাজত পাৰ্থক্য় ।

উত্তৰঃ আখ্যান, কিংবদন্তি আৰু ইতিহাসৰ মাজত কেইটামান গুৰুত্বপূর্ণ পাৰ্থক্য আছে:

  1. আখ্যান: আখ্যান মূলত কোনো কাহিনী বা গল্পৰূপে থাকে, য’ত দেৱতা, দৈত্য, মানৱ বা অন্য সুপাৰন্ন চৰিত্ৰসমূহৰ বৰ্ণনা থাকে। এই কাহিনীবোৰ সাধাৰণতে কাল্পনিক আৰু মজাদাৰ ৰূপত প্ৰস্তুত কৰা হয়।
  2. কিংবদন্তি: কিংবদন্তি হৈছে কিছু সুনামী কাহিনী, যি এতিয়া সুনামী গুণমূলক আত্মাৰ বিষয়বস্তু হিচাপে ধৰা হয়। কিংবদন্তিবোৰে সত্যতা আৰু অসত্যতাৰ পৰিচয় দিয়া হয়, আৰু সেইসাথে সামাজিক বা সাংস্কৃতিক মূল্যবোৰো প্ৰতিফলিত কৰে।
  3. ইতিহাস: ইতিহাস হৈছে ঘটনাসমূহৰ বিষয়ে সত্য তথ্যৰ ওপৰত নিৰ্মিত কাহিনী। ইতিহাসৰ উদ্দেশ্য হৈছে আদালতৰ দ্বাৰা বিচাৰ কৰা প্ৰমাণসমূহৰ বিশ্লেষণ দিয়া। ইতিহাসে কাহিনী আৰু কিংবদন্তিৰ পৰা প্ৰমাণসমূহ বুজিবলৈ সহায় কৰে, যিয়ে বাস্তৱ আৰু অস্বীকাৰ্য সন্দেহৰ মাজত বিতৰ্ক সৃষ্টি কৰে।

সংক্ষেপে, আখ্যান আৰু কিংবদন্তি মূলত কাহিনীবোৰ আৰু মজুৰিৰ এক ধৰণ, আৰু ইতিহাস হৈছে ঘটনাসমূহৰ সত্য বিষয়বস্তু প্ৰকাশ কৰাৰ এক মাধ্যম।

(খ) ভাস্কৰ বৰ্মণ আৰু হৰ্ষবৰ্ধনৰ সম্পৰ্ক।

উত্তৰঃ থানেশ্বৰ ৰাজ্যৰ ৰজা হর্ষবর্ধনৰ লগত ভাস্কৰ বৰ্মনৰ সু-সম্পক আছিল। ভাস্কৰ বৰ্মন হর্ষবর্ধনৰ সমসাময়িক আছিল। ফলত কামৰূপৰ সৈতে কনৌজৰ সু-সম্পর্ক গঢ়ি উঠিছিল। ভাস্কৰ বর্মনে হংসবেগ নামৰ এজন কটকীৰ হাতত নান তৰহৰ উপহাৰ পঠিয়াই হর্ষবর্ধনৰ সৈতে মিত্রতা স্থাপন কৰিছিল।

(গ) হিউৱেন চাঙৰ টোকাত বৰ্ণিত কামৰূপ ৰাজ্য়।

উত্তৰঃ চীনা পৰিব্রাজক হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধর্ম সম্বন্ধে অধ্যয়ন কৰিছিল। সেই সময়ত ভাস্কৰ বৰ্মণে তেওঁক কামৰূপলৈ আমন্ত্রণ জনায়। ভাস্কৰ বৰ্মণৰ আমন্ত্ৰণ গ্ৰহণ কৰি হিউৱেন চাঙে কামৰূপলৈ আহিছিল আৰু প্ৰায় এটা মাহ কাল কামৰূপত আছিল।

তেওঁৰ ভাৰত সম্বন্ধে লিখা ‘চি-ইউ-কি’ নামৰ গ্ৰন্থত কামৰূপৰ বিষয়ে বহুতো তথ্য উল্লেখ আছে। এই লিখনীৰ পৰা আমি সেই সময়ৰ কামৰূপৰ বিষয়ে যথেষ্ট জ্ঞান লাভ কৰিব পাৰো।

হিউৱেন চাঙৰ উল্লেখ অনুসাৰে, কামৰূপৰ পৰিধি প্ৰায় সোতৰশ মাইল আছিল। ইয়াৰ লোকসকল সহজ-সৰল আৰু চহকী আছিল। কামৰূপৰ লোকসকলৰ স্মৃতি-শক্তি প্ৰখৰ আৰু অধ্যয়নৰ প্ৰতি আগ্ৰহী আছিল। মধ্য ভাৰতৰ ভাষাৰ সৈতে তুলনা কৰিলে, কামৰূপৰ ভাষা অলপ বেলেগ আছিল। ইয়াৰ জলবায়ু সেমেকা আৰু চেঁচা।

এই ৰাজ্যত কোনো ডাঙৰ নগৰ নাছিল, কিন্তু উত্তৰ ভাৰতৰ পৰা কামৰূপ হৈ চিনদেশলৈ যোৱাৰ বাবে এক বাণিজ্যিক পথ আছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects