Class 7 Social Science Chapter 22 নাগৰিক আৰু নাগৰিকত্ব

পাঠঃ ২২

নাগৰিক আৰু নাগৰিকত্ব

অনুশীলনীঃ

১। চমু উত্তৰ লিখা –

(ক) নাগৰিক শব্দৰ অৰ্থ কি ?

উত্তৰঃ যি ব্য়ক্তিয়ে এখন দেশত স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ লৰে তেনে ব্য়ক্তিক নাগৰিক বোলে।

(খ) বিদেশী মানে কি ?

উত্তৰঃ যেতিয়া কোনো ব্য়ক্তিয়ে আন কোনো ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্ৰৰ পৌৰ অধিকাৰ লাভ কৰে তেনে ব্য়ক্তিক বিদেশী বোলে।

(গ) নাগৰীকে দেশৰ কি কি অধিকাৰ ভোগ কৰিব পাৰি ?

উত্তৰঃ নাগৰীকে দেশৰ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে।

(ঘ) কোন চনত চিকিম ভাৰতৰ লগত চামিল হয় ?

উত্তৰঃ ১৯৭৫ চনত চিকিম ভাৰতৰ লগত চামিল হয়।

২। উত্তৰ লিখা –

(ক) এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰি ?

উত্তৰঃ এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব দেশীয়কৰণ পদ্ধতিৰে লাভ কৰিব পাৰি।

(খ) পৌৰ অধিকাৰসমূহ কি কি ?

উত্তৰঃ পৌৰ অধিকাৰসমূহ হ’ল- জীৱনৰক্ষাৰ অধিকাৰ, মতামত প্ৰকাশৰ অধিকাৰ, ব্য়ক্তিগত স্বাধীনতা অধিকাৰ, শিক্ষাৰ অধিকাৰ আদি।

(গ) এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ’ব পাৰে ?

উত্তৰঃ ৰাষ্ট্ৰবিৰোধ কৰিলে এজন নাগৰিক নাগৰিকত্বৰ পৰা বঞ্চিত হ’ব পাৰে।

৩। খালী ঠাই পূৰ কৰা –

(ক) বিদেশীসকলে অধিকাৰ ভোগ কৰিব নোৱাৰে।

উত্তৰঃ ৰাজনৈতিক।

(খ) আমাৰ দেশ ভাৰতত এজন ব্য়ক্তিয়ে বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে।

উত্তৰঃ ১৮ বছৰ।

(গ) চিকিমৰ জনসাধাৰণে ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে।

উত্তৰঃ ৰাজ্য়ক্ষেত্ৰ চামিলকৰণ।

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা –

(ক) এজন বিদেশীয়ে পৌৰ অধিকাৰ/ৰাজনৈতিক অধিকাৰ লাভ কৰে।

উত্তৰঃ পৌৰ অধিকাৰ।

(খ) এজন নাগৰীকে দেশৰ হকে কাম কৰিলে/ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বেলোপ হ’ব পাৰে।

উত্তৰঃ ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে।

(গ) দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি আনুগত্য় প্ৰকাশ নকৰে/আনুগত্য় প্ৰকাশ কৰে।

উত্তৰঃ আনুগত্য় প্ৰকাশ কৰে।

(ঘ) কোনো এজন ব্য়ক্তিৰ নিজৰ দেশৰ পৰা অন্য় দেশলৈ গুচি গলে তেওঁক তাত নাগৰিক/বিদেশী বোলা হয়।

উত্তৰঃ বিদেশী বোলা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top