পাঠ ২৪
গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
১। চমু উত্তৰ লিখা-
(ক) প্ৰচাৰ মানে কি?
উত্তৰঃ প্ৰচাৰ বুলিলে যিকোনাে খবৰ, আদেশ, অনুদেশ, উপদেশ আদি এজনৰ পৰা আনজনলৈ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্রসাৰিত হােৱাকে বুজায়।
(খ) প্রচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি?
উত্তৰঃ প্ৰচাৰ মাধ্যম দুই প্রকাৰৰ – মুদ্রিত আৰু ইলেকট্রনিক।
(গ) গণমাধ্যম কাক কয়? উদাহৰণ দিয়া।
উত্তৰঃ প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমানৰ পৰিসৰ ব্যাপক, যিবোৰ অতি কম সময়ৰ ভিতৰত বহুলোকৰ মাজত খবৰ আৰু বাতৰিসমূহ সম্প্রচাৰ কৰিব পাৰে। এইবিলাকক গণমাধ্যম বুলি কোৱা হয়। উদাহৰণস্বৰূপে, চলচ্চিত্ৰ, বাটৰ নাট, পুতলা নাচ, নাটক, আৰু গীত-মাত আদি গণমাধ্যমৰ অন্তৰ্গত।
(ঘ) প্রাচীন কালত ব্যৱহৃত দুই প্রকাৰৰ প্ৰচাৰ মাধ্যম কি কি?
উত্তৰঃ প্ৰাচীন কালত ঢোল পিটি, কাহ – ঘণ্টা বজাই প্ৰচাৰ কাৰ্য চলাইছিল।
(ঙ) ছপাশাল পােন প্রথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ ১৬ শ শতিকাত জার্মানীৰ জোহান গুটেনবার্গে ছপাশাল আৱিষ্কাৰ কৰিছিল।
২। উত্তৰ লিখা-
(ক) প্রচাৰ মাধ্যমসমূহ কেইপ্ৰকাৰ আৰু কি কি? সেই মাধ্যমসমূহে জনসাধাৰণক কেনেধৰণে সহায় কৰে?
উত্তৰঃ প্ৰচাৰ মাধ্যম দুটা প্ৰকাৰৰ হৈছে—মুদ্রিত আৰু ইলেকট্রনিক।
মুদ্রিত প্ৰচাৰ মাধ্যমসমূহ অন্তৰ্গত হৈছে বাতৰিকাকত, আলােচনী, কিতাপ আদি।
ইলেকট্রনিক মাধ্যমসমূহ অন্তৰ্গত হৈছে ৰেডিঅ’, টেলিফোন, ম’বাইলফোন, দূৰদৰ্শন, কম্পিউটাৰ, আৰু কৃত্রিম উপগ্ৰহ।
মুদ্ৰিত প্ৰচাৰ মাধ্যমৰ দ্বাৰা মানুহে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, আৰু সাংস্কৃতিক দিশত যথেষ্ট জ্ঞান লাভ কৰিছে। এই মাধ্যমসমূহে শিল্প আৰু সাহিত্য চর্চাৰ সুযোগো প্ৰদান কৰিছে। মানুহৰ মাজত অন্তর্নিহিত প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখযোগ্য।
প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমানৰ পৰিসৰ ব্যাপক, যিবোৰ অতি কম সময়ৰ ভিতৰত বহুলোকৰ মাজত খবৰ আৰু বাতৰিসমূহ সম্প্রচাৰ কৰিবলৈ সক্ষম। এই মাধ্যমসমূহক গণমাধ্যম বুলি কোৱা হয়। সেয়া মানুহৰ মাজত সচেতনতা, জাগৰণ, কৌতুহল, আৰু উদ্বিগ্নতাৰ সৃষ্টি কৰে।
মুদ্ৰিত আৰু ইলেকট্রনিক মাধ্যমৰ বাহিৰেও, চলচ্চিত্ৰ, নাটক, বাটৰ নাট, পুতলা নাচ, গীত-মাত, কবিতা আদিও গণমাধ্যম হিচাপে গণ্য হয়, যিবোৰ মানুহক সহজে আকর্ষিত আৰু অনুপ্ৰাণিত কৰে।
আমাৰ দেশৰ স্বাধীনতা আন্দোলনত এই গণমাধ্যমসমূহে ব্রিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবাসীক একত্রিত কৰাত যথেষ্ট অৰিহণা যোগাইছিল।
(খ) গণতন্ত্র সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেধৰণে প্ৰভাৱ পেলায়?
উত্তৰঃ গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ যোগাযোগৰ এক গুৰুত্বপূর্ণ মাধ্যম হৈছে প্ৰচাৰ মাধ্যম। জনমত গণতান্ত্রিক শাসন ব্যৱস্থাৰ মূল ভিত্তি। জনমত প্রকাশত সদায় আগভাগ লয় প্ৰচাৰ মাধ্যম, যিয়ে সংবাদপত্র, ৰাজহুৱা সভা, ৰাইজ মেল, নাটক, কথাছবি, সাহিত্য-আলচনা, শিক্ষানুষ্ঠান আদিকে অন্তর্ভুক্ত কৰে। লগতে, বিধানমণ্ডল আৰু ৰাজনৈতিক দলসমূহও জনমত গঠনৰ মঞ্চ হিচাপে কাৰ্য্য কৰে।
চৰকাৰ গঠন, ভংগ, আৰু চৰকাৰী কাম-কাজত পৰামৰ্শ, অভিযোগ, মতামত, আৰু সমালোচনা আগবঢ়োৱা প্ৰচাৰ মাধ্যমৰ দ্বাৰা সম্ভব হয়। সমাজত গঢ় লৈ উঠা বিভিন্ন গণমুখী আন্দোলন আৰু জন জাগৰণৰ সপক্ষে জনসাধাৰণক সচেতন কৰাতো প্ৰচাৰ মাধ্যমেই আগভাগ লয়।
সততা আৰু নিষ্ঠা গণতন্ত্রৰ মূল ভিত্তি। এই ভিত্তি সুদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমৰ ভূমিকা মুখ্য। নির্বাচনত জনসাধাৰণৰ অংশগ্ৰহণ, ভোটাধিকাৰ প্ৰতিষ্ঠা, আৰু দায়িত্বশীল প্রতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূর্ণ।
ইয়াৰ উপৰিও, সময়ে সময়ে গণতন্ত্রৰ ভাবুকিস্বরূপে থিয় দিয়া অপশক্তিসমূহ—যেনে সন্ত্রাসবাদ, দূর্নীতি, আৰু ভ্রষ্টাচাৰ—বিৰুদ্ধত জনসাধাৰণক সজাগ কৰাটোও প্ৰচাৰ মাধ্যমসমূহৰ এক মুখ্য দায়িত্ব।৩। খালী ঠাই পূৰ কৰা
(ক) ব্যৱস্থাৰ লগত জড়িত সকলাে উপাদানেই প্রচাৰৰ একোটা একোটা মাধ্যম।
উত্তৰঃ যোগাযোগ ব্য়ৱস্থাৰ লগত জড়িত সকলো উপাদানেই প্ৰচাৰৰ একোটা একোটা মাধ্য়ম।
(খ) মানুহৰ মাজত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়।
উত্তৰঃ মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্য়মৰ অৱদান উল্লেখনীয়।
(গ) ছপাশাল আৱিষ্কাৰ কৰিছিল।
উত্তৰঃ জোহান গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰিছিল।
(ঘ) কম্পিউটাৰক অসমীয়াত যন্ত্ৰ বুলি কোৱা হয়।
উত্তৰঃ কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলি কোৱা হয়।
(ঙ) গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ, হৈছে প্ৰচাৰ মাধ্যম।
উত্তৰঃ গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ, যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্য়ম।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ / সৈনিক শিল্পী বুলি কোৱা হয়।
উত্তৰঃ জ্য়োতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ বুলি কোৱা হয়।
(খ) অতীজত ৰজাই প্রজাক বাতৰি দিবৰ বাবে মাইক / ঢােলৰ সহায় লৈছিল।
উত্তৰঃ অতীজত ৰজাই প্ৰজাক বাতৰি দিবৰ বাবে ঢােলৰ সহায় লৈছিল।
(গ) মুদ্রিত মাধ্যমসমূহ হ’ল ৰেডিঅ’/ কিতাপ।
উত্তৰঃ মুদ্ৰিত মাধ্য়মসূহ হ’ল কিতাপ।
(ঘ) অনাতাঁৰ ৰ যন্ত্ৰৰ আৱিষ্কাৰক আর্কিমিডিছ / মার্কনি।
উত্তৰঃ অনাতাঁৰ ৰ যন্ত্ৰৰ আৱিষ্কাৰক মার্কনি।
(ঙ) ইলেকট্রনিক মাধ্যম হ’ল বাতৰিকাকত / কম্পিউটাৰ।
উত্তৰঃ ইলেকট্ৰনিক মাধ্য়ম হ’ল কম্পিউটাৰ।