Class 7 Social Science Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন

পাঠ-৩

পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন

১। তলত দিয়াবোৰৰ উত্তৰ লিখা— (৩০টা মান শব্দৰ ভিতৰত)

(ক) বায়ুমণ্ডল বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগক যি বায়ুৰ আৱৰণে আৱৰি আছে, তাক সাধাৰণতে বায়ুমণ্ডল বুলি জনা যায়। বায়ুত অক্সিজেন, নাইট্ৰজেন, কাৰ্বন-ডাই-অক্সাইড, হিলিয়াম, আৰ্গন, অ’জন আৰু হাইড্ৰজেন গেছ আদিসকল থাকে। ইয়াৰ উপৰিও, বায়ুত ধূলিকণা আৰু ধোঁৱা মিহলি হৈ থাকে।

(খ) ফলকবোৰ এক বছৰত কিমান লৰচৰ কৰে?

উত্তৰঃ ফলকবোৰ এক বছৰত ১-১.৫ ছে. মি. পৰ্যন্ত গতি কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে।

(গ) সাময়িক বতাহৰ বিষয়ে লিখা।

উত্তৰঃ বছৰৰ বিভিন্ন ঋতুত ভিন্ন বতাহ দেখা যায়, যাৰ কাৰণ হৈছে বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য। এই তাৰতম্যৰ ফলত বায়ুৰ চাপতো তাৰতম্য ঘটে। উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ পৰিসৰিত হয়, তাক সাময়িক বতাহ বুলি কোৱা হয়। জলবতাহ, স্থলবতাহ আৰু মৌচুমী বতাহ আদিৰ উদাহৰণ সাময়িক বতাহৰ ভিতৰতে অন্তর্ভুক্ত।

(ঘ) বালিস্তূপ কি?

উত্তৰঃ বালিস্তূপ হ’ল- মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিস্তূপ সৃষ্টি হয়।

২। শুদ্ধ উত্তৰটোত ☑ চিন দিয়া।

(i) তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে一

(ক) কার্বন-ডাই-অক্সাইড (খ) নাইট্র’জেন (গ) অ’জন

উত্তৰঃ (গ) অ’জন

(ii) হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ’ল一

(ক) প্লাৱনভুমি (খ) কাঠফুলা (গ) গ্রাৱ

উত্তৰঃ (গ) গ্রাৱ

(iii) পানীৰ ৰূপত পৃথিৱীত পৰা অধোক্ষেপণৰ নাম一

(ক) বৰষুণ (খ) মেঘ (গ) বৰফ

উত্তৰঃ (ক) বৰষুণ।

(iv) কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই一

(ক) মৰুভূমি (খ) নদী উপত্যকা (গ) প্লাবন ভূমি

উত্তৰঃ (ক) মৰুভূমি।

(v) মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ’ল一

(ক) মেছ’স্ফিয়েৰ (খ) ষ্ট্ৰেট’স্ফিয়েৰ (গ) ট্ৰপস্ফিয়েৰ

উত্তৰঃ (গ) ট্ৰপ’স্ফিয়েৰ।

(vi) অশ্বখুৰাকৃতিৰ হ্রদ সৃষ্টি হোৱা ঠাই一

(ক) হিমবাহ অঞ্চল (খ) নদী উপত্যকা (গ) মৰুভূমি

উত্তৰঃ (খ) নদী উপত্যকা।

৪। কাৰণ দৰ্শোৱা (৫০টা মান শব্দৰ ভিতৰত)

(ক) সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়।

উত্তৰঃ সেমেকা বতৰত বায়ুমণ্ডলত অত্যাধিক জলীয়ভাপ থাকে আৰু সেয়েহে এনে অৱস্থাত বায়ুৰ অধিক জলীয় বাষ্প ধাৰণ ক্ষমতা নাথাকে। এনে বতৰত তিতা কাপোৰ বতাহত মেলি দিলে সোকাবলৈ সময় লয়।

(খ) প্লাৱনভূমিবোৰ বৰ সাৰুৱা।

উত্তৰঃ প্লাৱনভূমিবোৰ নদীয়ে কঢ়িয়াই অনা বোকা আৰু বালিৰ গেদৰ উপৰিও শিলৰ টুকুৰা, গছ-গছনিৰ ডাল-পাত অৱশিষ্ট, জাৱৰ-জোঁথৰৰ দ্বাৰা গঠিত হয় বাবে সেইবোৰ সাৰুৱা বা উৰ্বৰা শক্তি অধিক।

(গ) মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ।

উত্তৰঃ মৰুভূমিত বতাহে অতি পাতল ধূলিকণাবোৰ দূৰলৈ উৰুৱাই নিয়ে। কিন্তু বালিৰ কণিকাবোৰ বা সেই আকাৰৰ পদার্থবোৰ অধিক হাৰ্ড হলে সেয়া দূৰলৈ উৰুৱাই নিব পৰা নাই। এটা নিৰ্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়াৰ ক্ষেত্ৰত বালিৰ কণিকাবোৰৰ খনন ক্ষমতা অধিক থাকে। সেইবাবে, মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবোৰৰ এক বিশেষ উচ্চতাত ক্ষয়ৰ ফলত কাঠফুলাৰ আকৃতিৰ শিলাৰ সৃষ্টি হয়।

(ঘ) বিষুবীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল।

উত্তৰঃ সূৰ্যৰ ৰশ্মি বিষুৱীয় অঞ্চলত পোনপটীয়াকৈ পৰে আৰু মেৰু অঞ্চলত হেলনীয়াকৈ পৰে। সেইবাবে বিষুবীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল।

Leave a Reply

Your email address will not be published. Required fields are marked *