Class 7 Social Science Chapter 6 মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ

পাঠ ঃ ৬

মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ

১। কেৱল উওৰ লিখা-

(ক) পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ দুটা ভাগত।

(খ) মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে?

উত্তৰঃ সম্পদ বোলে।

(গ) ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে।

উত্তৰঃ দেশৰ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা মন্ত্ৰাণালয়’য়ে চোৱা-চিতা কৰে।

(ঘ) ভুপ্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে?

উত্তৰঃ দুটা ভাগত।

(ঙ) উওৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান কি নামেৰে জনা যায়?

উত্তৰঃ ডিমা হাছাও।

২। খালী ঠাই পূৰ কৰা-

(ক) শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক _ সম্পদ বোলে।

উত্তৰঃ মানৱ সম্পদ।

(খ) আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ _ সম্পদ।

উত্তৰঃ শ্ৰেষ্ঠ সম্পদ।

(গ) অসম দক্ষিণ _ মৌচুমী জলবায়ুৰ গতি পথত অৱস্থিত।

উত্তৰঃ পশ্চিম।

(ঘ) অসম কৃষি উৎপাদিত শস্যক _ প্ৰধান ভাগত ভাগ কৰিব পাৰি।

উত্তৰঃ তিনিটা ।

৩। শুদ্ধ উওৰটো বাছি লিখা–

(ক) মানৱসৃষ্ট পৰিৱেশৰ উপাদান এটা হ’ল গছ-গছনি \ বাসগৃহ।

উত্তৰঃ বাসগৃহ।

(খ) জাপান পৃথিৱীৰ ভিতৰতে এখন উল্লেখযোগ্য উদ্যোগ প্ৰধান \ কৃষি প্ৰধান দেশ।

উত্তৰঃ উদ্য়োগ প্ৰধান দেশ।

(গ) অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা চাকৰি \ কৃষি।

উত্তৰঃ কৃষি।

(ঘ) পাহাৰীয়া অঞ্চলত জনবসতি ঘন \ সেৰেঙা।

উত্তৰঃ সেৰাঙা।

(ঙ) কাৰ্বি আংলং \ উওৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা-হাছাও।

উত্তৰঃ উত্তৰ কাছাৰ পাৰ্বত্য় জিলা।

৪। শুদ্ধ – অশুদ্ধ লিখা-

(ক) মানৱসৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়।

উত্তৰঃ শুদ্ধ।

(খ) প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰা হয়।

উত্তৰঃ শুদ্ধ।

(গ) মানৱসৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল।

উত্তৰঃ শুদ্ধ।

(ঘ) শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকল মানৱ সম্পদ।

উত্তৰঃ শুদ্ধ।

(ঙ) ভূপ্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূখণ্ডত বিভক্ত কৰিব পাৰি।

উত্তৰঃ শুদ্ধ।

৫। চমু উওৰ লিখা_(৪০টা মান শব্দৰ ভিতৰত)

(ক) সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা।

উত্তৰঃ মানুহৰ বিভিন্ন কাম-কাজে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে। উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীয়ে আমাৰ জীৱন-ধাৰণৰ মান উন্নত কৰি তুলিছে। তোমালোকে নিজৰ ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছ, বিজুলী, টিভি, ম’বাইলফোন, ছপাযন্ত্ৰ, কম্পিউটাৰ, আৰু কৃ্ত্ৰিম উপগ্ৰহৰ উদ্ভাৱনে আমাৰ সভ্যতাক দ্ৰুতগতিত আগবঢ়াইছে। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে গোটেই পৃথিৱীখনক এখন বিশাল গোলকীয় গাঁৱলৈ পৰিৱৰ্তন কৰিছে। মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত। উদাহৰণ হিচাপে জাপানৰ কথাকে ক’ব পাৰি। প্ৰাকৃতিক সম্পদত জাপানৰ অভাৱ থাকিলেও, তাৰ কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। এই লোকসকল সেই দেশৰ মূল্যবান মানৱ সম্পদ।

(খ) অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ।

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী আৰু ইয়াৰ উপনৈৰে গঠিত উপত্য়কা অঞ্চলৰ ভূ-প্ৰকৃতি প্ৰায় সমান । এই দুয়োটা মুখ্য় জীৱিকা কৃষি। এই অঞ্চলত পৰিবহণ ব্য়ৱস্থা উন্নত। ঠায়ে ঠায়ে কিছুসংখ্য়ক শিল্প-উদ্য়োগ গঢ়ি উঠিছে। পৰিবহণৰ সুবিধাৰ কাৰণে ব্য়ৱসায় বাণিজ্য়ৰো প্ৰসাৰ ঘটিছে। এই অঞ্চলত ৰাজ্য়ৰ নগৰ, মহানগৰসমূহো অৱস্থিত। ইয়াত মানুহৰ জীৱন-ধাৰণাৰ প্ৰণালী সুবিধাজনক হোৱা কাৰণে জনবসতি অতি ঘন।

৬। বহলাই লিখা– (৮০ টা মান শব্দৰ ভিতৰত)

(ক) মানৱসৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ উপাদান সমূহ কি কি ? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা সম্পৰ্কে লিখা।

উত্তৰঃ মানুহে জ্ঞান, বুদ্ধি, আৰু কৌশল ব্যৱহাৰ কৰি প্ৰাকৃতিক উপাদানসমূহক নিজৰ প্ৰয়োজনীয় কামত ব্য়ৱহাৰ কৰে। এনে কাম-কাজৰ ফলত, কোনো এখন ঠাইত মানুহৰ অনুকুল যি সুকীয়া পৰিস্থিতি সৃষ্টি হয়, তাক সেই ঠাইখনৰ মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয়। ইয়াৰ উপাদান হিচাপে মাটি, পানী, গছ-গছনি আদিৰে প্ৰাকৃতিক পৰিৱেশ এক বিশেষ ৰূপ লাভ কৰে।

মানৱসৃষ্ট পৰিৱেশো প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা উপাদানসমূহ ব্য়ৱহাৰ কৰি সৃষ্টি কৰা পৰিৱেশ, যাৰ চাৰিওফালৰ ৰাস্তা-ঘাট, দলং, বাসগৃহ, উদ্য়োগ, পৰিয়াল, সামাজিক ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা ব্যৱস্থা, আৰু ৰাজনৈতিক কাম-কাজবোৰো অন্তৰ্ভুক্ত।

মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰিবলৈ, মানুহে প্ৰাকৃতিক উপাদানসমূহ সংগ্ৰহ কৰিবলৈ বাধ্য হয়। মানুহৰ এই কাৰ্যৰ ফলত একপৰ্যায়ে মানৱসৃষ্ট পৰিৱেশৰ উন্নয়ন ঘটিলেও, প্ৰাকৃতিক উপাদানসমূহৰ অত্য়াধিক আহৰণে প্ৰকৃতিৰ স্বাভাবিক অৱস্থাৰ ক্ষতি কৰে। এনেকৈয়ে পৰিৱেশ প্ৰদূষিত হ’বলৈ আৰম্ভ কৰে, যি মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে।

(খ) কি কি কাৰণত অসমত বানপানী হয় ? বানপানীৰ সৈতে সহাৱস্থান কৰাৰ বাস্তৱসন্মত যুক্তি দি দুটা ব্য়ৱস্থাৰ কথা উল্লেখ কৰা।

উত্তৰঃ অসমত বানপানী হোৱাৰ কাৰণ হ’ল一

১। অসমৰ নদীসমূহে পাহাৰীয়া অঞ্চলৰপৰা খনন কৰি অনা মাটি, শিল, বালিবোৰ কঢ়িয়াই আনি সমভূমি অঞ্চলত কৰে। ইয়াৰ ফলত নদীৰ বহন ক্ষমতা হ্ৰাস পায় বাবে বানপানীৰ সৃষ্টি হয়।

২। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰি হিমালয়ৰ বৰফ গলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়ো পাৰ উপচি পৰি বানপানীৰ সৃষ্টি হয়।

বানপানীৰ সৈতে সহাৱস্থান কৰাৰ বাস্তৱসন্মত যুক্তি দুটা হ’ল一

১। বানাক্ৰান্ত অঞ্চলত বানপানী নোহোৱা সময়ত কৰিব পৰা কৃষিৰ ওপৰত গুৰত্ব দিয়া।

২। বানপানীৰ সময়ত ব্য়ৱহাৰ কৰিবৰ কাৰণে পৰিষ্কাৰ পানীৰ সু-ব্য়ৱস্থা ৰখা।

Leave a Reply

Your email address will not be published. Required fields are marked *